Class 10 Assamese Chapter 9 |ইণ্টাৰনেটৰ তিতা-মিঠা| Question Answer

Class 10 Assamese Chapter 9 |ইণ্টাৰনেটৰ তিতা-মিঠা| Question Answer: আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক দশম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।

দশম শ্ৰেণী শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ কিয়নো তেওঁলোকে আগন্তুক ব’ৰ্ড পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে, যি তেওঁলোকৰ শৈক্ষিক সফলতা নিৰ্ধাৰণ কৰিব।

আজি, এই প্ৰবন্ধটোত মই আপোনাৰ দশম শ্ৰেণীৰ “ইণ্টাৰনেটৰ তিতা-মিঠা” দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন প্ৰদান কৰিছোঁ।

আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।

পাঠভিত্তিক প্রশ্নাৱলী

ভাব বিষয়ক :

প্রশ্ন ১। চমু উত্তৰ লিখা।

(ক) দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল ?

উত্তৰ: নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱা বাবে ।

(খ) ইণ্টাৰনেট কি?

উত্তৰ: কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপি এক ব্যৱস্থা । ইয়াক চমুকৈ net (নেট) বুলিও কোৱা হয়।

(গ) কুঁৱলীয়ে প্ৰথমে কালৈ ই-মেইল কৰিছিল ?

উত্তৰ : তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ।

(ঘ) পূজাৰ বন্ধত কুঁৱলীহঁতে ক’লৈ যোৱাৰ সিদ্ধান্ত লৈছিল ? [HSLC.’22]

উত্তৰ : দক্ষিণ ভাৰতলৈ ফুৰিবলৈ।

(ঙ) ভাইৰাছ কি ?

উত্তৰ : ই এক ধ্বংসাত্মক অভিপ্রায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰেম।

প্রশ্নঃ ২। www বা ৱেব কি? [HSLC.’22]

উত্তৰ : পৃথিৱী জুৰি সিঁচৰতি হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্যপাতিৰ সামূহিক ভাণ্ডাৰ হৈছে ৱেব। ইয়াক www অর্থাৎ সম্পূৰ্ণ ৰূপ world wide web বোলে। www বা ৱেবত তথ্যবোৰ পাঠ, গ্রাফিকছ, ভিডিঅ’ আৰু অডিঅ’ৰ মাধ্যমত থাকে আৰু সেইবোৰ সহজে ৱেবৰ পৰা আহৰণ কৰিব পাৰি।

প্রশ্নঃ ৩। কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে ?

উত্তৰঃ কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বন্ধু-বান্ধৱীসকলৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুষ অভিজ্ঞতা তথা দৃষ্টিভংগীৰ এক ৰোমাঞ্চকৰ সোৱাদ লাভৰ কথা জানিব পাৰিলে । তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও জানিব পাৰিলে।

প্রশ্ন : ৪। ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে? [HSLC.’22]

উত্তৰ : ইণ্টাৰনেটে কুঁৱলীৰ মন-মগজু সম্পূৰ্ণৰূপে অধিকাৰ কৰি ৰাখিবলৈ ধৰিলে। কুঁৱলীয়ে নানান নতুন অভিজ্ঞতা ইণ্টাৰনেটৰ সহায়ত লাভ কৰিলে। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও শিকি ল’লে।

মনোৰঞ্জনৰ কাৰণে নীতিকথা থকা পুৰণি চিনেমা, সুগায়ক-গায়িকাৰ মন-প্রাণ পুলকিত কৰা চিযুগমীয়া গীতসমূহৰ লগতে খেলা-ধূলাও উপভোগ কৰি তাই মনটো প্ৰফুল্ল কৰি ৰাখিব পাৰিলে ।

আনহাতে ইণ্টাৰনেটত অনবৰতে ব্যস্ত থকাৰ কাৰণে ল’ৰা-ছোৱালী, ছাত্ৰ-ছাত্ৰীৰ পঢ়া- শুনা, আন খেলা-ধূলা আৰু ঘৰুৱা কামৰ প্ৰতিও একেদৰে অনিহা আহি পৰে,— তাৰ অনবৰতে ফলত সেইবোৰে ভীষণ ক্ষতি কৰাৰ উপৰি শাৰীৰিক-মানসিক অনিষ্ট কৰে, মূৰ আদি বিষাই থাকে— এই অতি প্রয়োজনীয় অভিজ্ঞতা কুঁৱলীয়ে আহৰণ কৰিলে।

সেই কাৰণেই তাইৰ মনটো বিষাদগ্ৰস্ত হৈ পৰিছিল আৰু ইয়াৰ পৰা উদ্ধাৰ পাবলৈ তাই শ্বানা বাইদেৱকৰ কাষলৈ ঢাপলি মেলিছিল ।

প্রশ্নঃ ৫। ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে?[HSLC. 20]

উত্তৰ : ভাইৰাছ (virus)ৰ সম্পূৰ্ণ ৰূপ হ’ল “Vital information resources under seize” ই নিজকে কম্পিউটাৰত থকা সুস্থ গ্ৰগ্ৰেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে, তাকে আকৌ মূল ব্যৱহাৰকাৰী দলৰ অজ্ঞাতে বা অনুমতি নোলোৱাকৈ ৷

প্রশ্নঃ ৬। ‘“ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে।”—কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা। [HSLC.’20]

উত্তৰ : কথাষাৰৰ বক্তা আছিল বিশ্ববিদ্যালয়ত পদার্থবিজ্ঞানত গৱেষণা কৰি থকা গৱেষক শ্বাবনা বাইদেউ। ইণ্টাৰনেটৰ সুবিধাখিনিক মিঠা সুবিধা আৰু অসুবিধাখিনিক তিতা অসুবিধা বোলা হৈছে। ইণ্টাৰনেটত সুবিধাসমূহে মানৱ সভ্যতাক উন্নতিৰ জখলাত ত্বড়িৎ গতিৰে আগবঢ়াই নি উন্নতিৰ সপোন ৰচিব পাৰে। অৱশ্যে সীমাহীন সুবিধাসমূহৰ তুলনাত বেয়া দিশবোৰ নিষ্প্রভ কৰি তুলিব লাগিব।

এইক্ষেত্ৰত পূর্ণমাত্রাই সফলতা তেতিয়াহে লাভ কৰিব পাৰি যেতিয়া সেই বেয়া দিশ তথা কু-ব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ সকলোৱে দৃঢ় প্রতিজ্ঞ হ’ব। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইসমূহৰ জৰিয়তে বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও শিকিব পাৰি। দেশ-বিদেশৰ চাক্ষুস অভিজ্ঞতাৰ ৰোমাঞ্চকৰ সোৱাদ ল’ব পাৰি। যিকোনো বিষয়ৰে তথ্য লাভ কৰিব পাৰি।

মনোৰঞ্জনৰ কাৰণে নীতিশিক্ষা থকা পুৰণি চিনেমা, সু-গায়ক-গায়িকাৰ মন-প্রাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা-ধূলাত উপভোগ কৰিব পাৰি। মুঠতে সমগ্র বিশ্ব ব্রহ্মাণ্ডখনেই যেন ইণ্টাৰনেটত পঞ্জীভূত হৈ আছে।

ইণ্টাৰনেটৰ অসুবিধা হ’ল, ইয়ে নতুন প্ৰজন্মক কিতাপৰ জগতখনৰ পৰা, খেল জগতৰ পৰা আনকি সমাজৰ পৰাও আঁতৰি থাকিবলৈ বাধ্য কৰায়। তেওঁলোকে সকলোফালেই পিঠি দিয়ে। ইণ্টাৰনেটৰ জৰিয়তে বহুতো মিছা বাতৰিও প্ৰচাৰ হয়। এই মিছা বা ভুৱা বাতৰিয়ে সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰাৰ উদাহৰণ আছে।

গতিকে ইণ্টাৰনেটৰ পৰা যাতে এনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে সীমিত আৰু নিৰ্ধাৰিত সময়তহে আৰু নির্দিষ্ট বিষয়সমূহহে অতি সচেতনাৰে ব্যৱহাৰ কৰিব লাগে।

প্রশ্নঃ ৭। ইণ্টাৰনেটৰ তিতা-মিঠা’ গল্পটোৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা।

উত্তৰ: ‘ইণ্টাৰনেটৰ তিতা-মিঠা’ গল্পটোত ইণ্টাৰনেট কি এই সম্পর্কে ছাত্র-ছাত্ৰীসকলক সাধাৰণভাৱে এটি ধাৰণা দিবলৈ যাওঁতে লেখিকা ড° প্রণয়ী দত্তই ইয়াৰ লগত সম্পর্কিত অন্যান্য ভালেবোৰ কথাৰো সম্যক জ্ঞান দিব বিচাৰিছে।ইণ্টাৰনেট ব্যৱহাৰত কিছুমান সুবিধা আৰু কিছুমান অসুবিধা আছে। সুবিধাবোৰ হ’ল— ইয়ে মানৱ সভ্যতাক উন্নতিৰ জখলাত ত্বড়িৎ গতিৰে আগবঢ়াই নি উন্নতিৰ সোপান ৰচিব পাৰে৷

অৱশ্যে সীমাহীন সুবিধাসমূহৰ তুলনাত বেয়া দিশবোৰ নিষ্প্রভ কৰি তুলিব লাগিব। এই ক্ষেত্ৰত পুৰামাত্ৰাই সফলতা তেতিয়াহে লাভ কৰিব পাৰি যেতিয়া সেই বেয়া দিশবোৰ তথা কু-ব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ সকলোৱে দৃঢ় প্রতিজ্ঞ হ’ব। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ জৰিয়তে বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও শিকিব পাৰি।

দেশ- বিদেশৰ চাক্ষুস অভিজ্ঞতাৰ ৰোমাঞ্চকৰ সোৱাদ ল’ব পাৰি। যিকোনো বিষয়ৰে তথ্য লাভ কৰিব পাৰি ৷ মনোৰঞ্জনৰ কাৰণে নীতি শিক্ষা থকা পুৰণি চিনেমা, সু-গায়ক-গায়িকাৰ মণ- প্রাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা-ধূলাও উপভোগ কৰিব পাৰি।

মুঠতে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ জ্ঞান আৰু খা-খবৰ ইণ্টাৰনেটৰ জৰিয়তে পাব পাৰি বুলি বিশেষ উদাহৰণেৰে লেখিকাই উল্লেখ কৰিছে। ইণ্টাৰনেটক এই সুবিধাসমূহক মিঠা সুবিধা বোলা হৈছে। আনহাতে ইণ্টাৰনেটত কিছুমান মাৰাত্মক অসুবিধাও আছে।ইণ্টাৰনেট এনে আকর্ষণীয় আৰু মোহনীয় বস্তু যে ইয়ে নতুন প্রজন্মক কিতাপৰ জগতখনৰ পৰা, সাহিত্য-সংস্কৃতি, খেল জগতৰ পৰা আনকি সমাজৰ পৰাও বিচ্ছিন্ন কৰি ৰাখে।

ইণ্টাৰনেটৰ জৰিয়তে কিছুমান মিছা তথা ভুৱা বাতৰি প্ৰচাৰ হয়। এইবোৰ নতুন প্রজন্ম তথা ছাত্ৰ-ছাত্ৰী আৰু সমাজৰ ভয়ানক ক্ষতিসাধন কৰে। ইণ্টাৰনেটৰ এনে ক্ষতিৰো একাধিক উদাহৰণ দি লেখিকাই প্ৰকৃত চিত্ৰ দাঙি ধৰিছে। ইণ্টাৰনেটৰ এনে অসুবিধা বা ক্ষতিবোৰকেই ইয়াত তিতা অসুবিধা বোলা হৈছে। ইণ্টাৰনেটৰ এই ভাল-বেয়া তথা তিতা-মিঠা সকলো দিশ গল্পটোত বর্ণিত হৈছে কাৰণে গল্পটোক ‘ইণ্টাৰনেটৰ তিতা-মিঠা’ নামকৰণ সাৰ্থক হৈছে।

প্রশ্ন ৮ । ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে— পাঠৰ আধাৰত বুজাই লিখা। [HSLC.’22]

উত্তৰ : ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত অতি বেয়াকৈ প্ৰভাৱ পেলাব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে সাধাৰণতে ইণ্টাৰনেটত গেম খেলি বৰ আমোদ পায়। ইয়াৰ ফলত সিহঁতৰ পঢ়া-শুনাৰ প্ৰতি মনোযোগ একেবাৰে কমি আহে। পঢ়াত অতি চোকা ছাত্ৰ-ছাত্ৰীয়ে দিনটো ইণ্টাৰনেটত গেম খেলাত ব্যস্ত হৈ থাকে। কেতিয়াবা ইয়াত ব্যস্ত হৈ থাকি স্কুললৈ যাবলৈও অনিচ্ছা প্রকাশ কৰে, ফলত এইসকল চোকা ছাত্র-ছাত্রীয়েও পৰীক্ষাত বেয়া ফল দেখুৱাবলগীয়া হয়।

ইণ্টাৰনেটত ব্যস্ত থাকোঁতে পৰিয়াল, আপোনজন, ওচৰ-চুবুৰীয়া মানুহ সকলোৰে পৰা ক্ৰমাৎ আঁতৰি আহে। আপোনজনকো মাত এষাৰ দিবলৈ, প্ৰয়োজনীয় সৌজন্যবোধ দেখুৱাবলৈ পাহৰি যায় । অনবৰত ইণ্টাৰনেট ব্যৱহাৰ কৰি থকাৰ কাৰণে শাৰীৰিক, মানসিক যথেষ্ট ক্ষতি হোৱাৰ লগতে কল্পনাৰ ৰঙীন তথা অবাস্তৱ জগতখনতহে উটি-ভাঁহি ফুৰা হয়।

এলাহভাৱ ক্ৰমে বাঢ়ি আহে। মূৰ বিষাবলৈ ধৰে আৰু চকুৰ অভাৱনীয় ক্ষতি সাধন হয়। কিতাপ, পত্র, আলোচনী-বাতৰি কাকত আদিৰ লগত ছাত্ৰ-ছাত্ৰীৰ সম্বন্ধই নাইকিয়া হৈ পৰে।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্নঃ ১। চমু প্রশ্নোত্তৰ :

(১) ইণ্টাৰনেটৰ তিতা-মিঠা’ পাঠটোৰ ৰচক কোন?

উত্তৰ : ড° প্ৰণয়ী দত্ত।

(২) ড° প্ৰণয়ী দত্তই কি বিষয়ত গৱেষণা কৰি পিএইচডি ডিগ্রী লাভ কৰিছিল?

উত্তৰ : ‘মহাজাগতিক ৰশ্মিৰ ৰেডিঅ’ বিকিৰণ’ এই বিষয়ত।

(৩) ড° প্ৰণয়ী দত্তই অধ্যাপক হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ত কোন চনত যোগদান কৰিছিল ?

উত্তৰ: ১৯৭৭ চনত।

(৪) ইণ্টাৰনেটৰ তিতা-মিঠা’ পাঠটিৰ কেন্দ্ৰীয় চৰিত্ৰ কোন?

উত্তৰ: কুঁৱলী নামৰ দশম শ্ৰেণীৰ ছাত্ৰীগৰাকী।

(৫) কিহৰ সংযোজন ঘটি ‘Internet’ শব্দৰ সৃষ্টি হৈছে?

উত্তৰ : ‘Interconnection of Networks’ এই শব্দকেইটাৰ প্ৰথম অংশৰ সংযোজন ঘটি ‘Internet’ শব্দৰ সৃষ্টি হৈছে।

(৬) ইণ্টাৰনেটক (Internet) চমুকৈ কি বুলি কোৱা হয়?

উত্তৰ: Net (নেট) বুলি কোৱা হয়।

(৭) কিহৰ সমষ্টিয়েই ইণ্টাৰনেট হৈছে?

উত্তৰ : হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই হৈছে ইণ্টাৰনেট।

(৮) নৱম শ্রেণীৰ পৰা দশম শ্ৰেণীলৈ কোনে প্রথম হৈ উত্তীৰ্ণ হৈছিল?

উত্তৰ: কুঁৱলীয়ে।

(৯) নৱম শ্রেণীৰ পৰা দশম শ্ৰেণীলৈ কুঁৱলী প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ কাৰণে দেউতাকৰ পৰা কি উপহাৰ পাইছিল ?

উত্তৰ : এটি কম্পিউটাৰ ।

(১০) কুঁৱলীয়ে দেউতাকৰ পৰা কি কাৰণে কম্পিউটাৰ উপহাৰ পাইছিল?

উত্তৰ : নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ কাৰণে।

(১১) কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম কি আছিল?

উত্তৰ: শ্বেৰন।

(১২) কুঁৱলীৰ বান্ধৱী শ্বেৰন ক’ত পঢ়িবলৈ গৈছিল ?

উত্তৰ: দেউতাকৰ চাকৰি সূত্ৰে মস্কোলৈ পঢ়িবলৈ গৈছিল ?

(১৩) কুঁৱলীয়ে কালৈ ই-মেইলৰ শুভাৰম্ভ কৰিছিল?

উত্তৰ : তাইৰ মস্কোত পঢ়ি থকা বান্ধৱী শ্বেৰনলৈকে।

(১৪) বান্ধৱী শ্বেৰনৰ পৰা কুঁৱলীয়ে ই-মেইল কৰি কি সঁহাৰি পাইছিল?

উত্তৰ : মাক-দেউতাকৰ সৈতে ফুৰিবলৈ যোৱা ছেইণ্ট পিটাৰ্ছবাৰ্গৰ বহুতো ৰঙীন ফটোৰ সৈতে শ্বেৰনৰ অভিজ্ঞতাৰ বর্ণনা।

(১৫) কুঁৱলীয়ে কিহৰ সোৱাদ ল’বলৈ উদগ্ৰীৱ হৈ পৰিছিল?

উত্তৰ: ভিডিঅ’ কলিঙৰ সোৱাদ ল’বলৈ।

(১৬) কুঁৱলীৰ মনটো কিহে প্রফুল্লিত কৰি ৰাখিছিল ?

উত্তৰ : ইণ্টাৰনেটত নীতিশিক্ষা থকা পুৰণি চিনেমা, সুগায়ক-গায়িকাৰ মন-প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা-ধূলাই কুঁৱলীৰ মনটো প্ৰফুল্লিত কৰি ৰাখিছিল।

(১৭) নেটত পোৱা কিছুমান বিসংগতি কোনে ধৰা পেলাইছিল?

উত্তৰ: কুঁৱলীহঁতৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে।

(১৮) ইণ্টাৰনেটত পোৱা উৰাবাতৰি সম্পৰ্কে কুঁৱলীহঁতক কোনে বুজাই দিছিল?

উত্তৰ : স্কুলৰ ময়ূৰী বাইদেৱে।

(১৯) মনৰ পৰিৱৰ্তনৰ কথাবোৰ ক’বলৈ কুঁৱলী কাৰ ওচৰলৈ গৈছিল?

উত্তৰ : শ্বাবানা বাইদেউৰ ওচৰলৈ ।

(২০) ‘এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে?’— কোনে কাক কৈছিল?

উত্তৰ : শ্বাবানা বাইদেৱে কুঁৱলীক কৈছিল।

(২১) শ্বাবানা বাইদেউৰ পৰা উপদেশ পাই কুঁৱলীয়ে কালৈ ই-মেইল কৰিলে?

উত্তৰ: তাইৰ সকলো বন্ধু-বান্ধৱীলৈ ৷

(২২) কুঁৱলিৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম কি? [HSLC.’22]

উত্তৰ : শ্বেৰণ।

প্রশ্নঃ ২। কুঁৱলী কি সপোন দেখাত ব্যস্ত আছিল?

উত্তৰ: কুঁৱলীয়ে নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ কাৰণে দেউতাকে এটা কম্পিউটাৰ উপহাৰ দিব বুলি কৈছিল। এই কথা শুনাৰ পৰাই কুঁৱলীয়ে ইণ্টাৰনেট সম্বন্ধে সম্যকভাৱে পঢ়া-শুনা কৰি ইয়াৰ ব্যৱহাৰৰ নিয়ম আৰু কৌশলবোৰ শিকি ল’লে। এতিয়া মাত্ৰ ইণ্টাৰনেট সংলগ্ন কম্পিউটাৰে তাই পঢ়া কোঠালি কেতিয়া শুৱনি কৰেহি তাৰে সপোন দেখাত তাই ব্যস্ত আছিল।

প্রশ্নঃ ৩। “যথা সময়ত কুঁৱলীৰ সপোনে বাস্তৱ ৰূপ পালে।”— কুঁৱলীৰ কি সপোনে বাস্তৱ ৰূপ পালে বুজাই লিখা।

উত্তৰ : নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ কুঁৱলী উত্তীৰ্ণ হোৱাৰ কাৰণে তাইৰ দেউতাকে তাইক এটা কম্পিউটাৰ উপহাৰ দিয়াৰ কথা কোৱাত তাইৰ মনত বৰ ফূৰ্তি লাগিল । তাই কম্পিউটাৰৰ ব্যৱহাৰ আৰু কৌশলসমূহ পঢ়ি-শুনি সম্যকভাৱে শিকি ল’লে। এতিয়া মাত্র দেউতাকে দিব খোজা ইণ্টাৰনেট সংলগ্ন কম্পিউটাৰে তাইৰ পঢ়া কোঠালি কেতিয়া শুৱনি কৰেহি তাৰেই সপোন দেখাত ব্যস্ত আছিল।

তাৰ পিছত যেতিয়া দেউতাকে সঁচাকৈয়ে এটি কম্পিউটাৰ আনি তাইৰ কোঠালিত থাপিলে তেতিয়া তাই অনুভৱ কৰিলে তাইৰ সপোনে বাস্তৱ ৰূপ পালে৷

প্রশ্নঃ ৪। “তাইৰ মনটো যেন থৌকি-বাথৌ হ’ল।”— কাৰ মন কিয় তেনেদৰে থৌকি-বাথৌ হ’ল বুজাই লিখা।

উত্তৰ: কুঁৱলীয়ে দেউতাকৰ পৰা উপহাৰ হিচাপে কম্পিউটাৰটো পাই তাত ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ তাই উদগ্ৰীৱ হৈ পৰিল। তাইৰ ভাৱনা সাগৰত বহুতো নজনা কথা আছে। কম্পিউটাৰটো একান্ত নিজৰ হিচাপে পোৱাৰ পিছত তাইৰ মনটো যেন থৌকি বাথৌ হ’ল ৷ কোনটো নজনা কথা আগতে কম্পিউটাৰক সুধিব।

ঠিক যেন জোনাক নিশা আকাশৰ তৰা গণি আইতাকৰ কোলাত মূৰ থৈ শুনা সেই সাধু কথাটি— এজনী ৰাজকুমাৰীৰ যাদু থকা আইনাখনৰ কথাহে— যিখন আইনাই যিকোনো প্রশ্ন কৰিলেই নিমিষতে উত্তৰ দিয়ে। কম্পিউটাৰটো পাই কুঁৱলীৰো মনত কি সোধো কি নোসোধো এনে থৌকি বাথৌ লাগিছিল।

প্রশ্নঃ ৫। যাদু থকা আইনাখন কাৰ আছিল আৰু ইয়ে কি কৰে বুলি কৈছে?

উত্তৰ : কুঁৱলীৰ আইতাকে তাইক কোৱা এটি সাধুকথাৰ এজনী ৰাজকুমাৰীৰ এই যাদু থকা আইনাখন আছিল। যিকোনো প্রশ্ন কৰিলেই হেনো এই যাদু থকা আইনাখনৰ পৰা উত্তৰ পোৱা গৈছিল ।

প্রশ্নঃ ৬। ‘ৱৰ্ল্ড ৱাইড ৱেব’ ধাৰণাটো ক’ত অংকুৰিত হৈছিল?

উত্তৰ : ১৯৮৯ চনত ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত পদাৰ্থ কণিকাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় আৰু অতি উচ্চমানৰ পৃথিৱী বিখ্যাত গৱেষণা কেন্দ্র চার্ণ (European Organization of Nuclear Research) চমুকৈ CERN ত ‘ৱৰ্ল্ড ৱাইড ৱেব’ৰ ধাৰণাটোৰ বীজ অংকুৰিত হৈছিল।

প্রশ্নঃ ৭। ৱেব বৰ্তমান অতি জনপ্ৰিয় হোৱাৰ মূল কাৰণ কি?

উত্তৰ: ৱেব বৰ্তমান অতি জনপ্ৰিয় হোৱাৰ মূল কাৰণ হ’ল— WWW ত তথ্যবোৰ পাঠ, গ্রাফিকছ, ভিডিঅ’ আৰু অডিঅ’ৰ মাধ্যমত থাকে আৰু সেইবোৰ সহজে ৱেবৰ পৰা আহৰণ কৰিব পাৰি।

প্রশ্নঃ ৮। কুঁৱলীয়ে পলকতে ইণ্টাৰনেটৰ পৰা কি আয়ত্ত কৰিলে?

উত্তৰ: ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা কিছুমান শব্দ ৱেব পেজ (Web Page), ৱেবছাইট (website), হ’মপেজ (Home page), ব্ৰাউজাৰ (Browser) আদিৰ বিষয়ে কুঁৱলীয়ে ইণ্টাৰনেটৰ পৰা আয়ত্ত কৰিলে।

প্রশ্নঃ ৯। “সমগ্র বিশ্ব ব্রহ্মাণ্ডখনেই যেন ইণ্টাৰনেটত পুঞ্জীভূত হৈ পৰিছে।”— কথাষাৰি বুজাই লিখা।

উত্তৰ : পৃথিৱীজুৰি সিঁচৰতি হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্য-পাতিৰ সামূহিক ভাণ্ডাৰ হৈছে ৱেব। WWW ত তথ্যবোৰ পাঠ, গ্ৰাফিকছ, ভিডিঅ’ আৰু অডিঅ’ৰ মাধ্যমত থাকে আৰু সেইবোৰ সহজে ৱেবৰ পৰা আহৰণ কৰিব পাৰি। ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা কিছুমান শব্দ যেনে ৱেব পেজ (Web Page), ৱেবছাইট (website), হ’মপেজ (Home page), ব্রাউজাৰ (Browser) আদিব বিষয়েও ইণ্টাৰনেটৰ পৰা আয়ত্ত কৰিব পাৰি।

মুঠতে কলা, বিজ্ঞান বা আন যিকোনো ক্ষেত্ৰৰে যি কথা জানিব বিচৰা যায় কম্পিউটাৰত টাইপ কৰিলে— এই সকলো পোৱা যায়; ইণ্টাৰনেটৰ পৰা নিমিষতে সেই সকলো পৃষ্ঠাজুৰি থকা বিৱৰণ চকুৰ আগত আহি পৰে। সেই কাৰণেই কোৱা হৈছে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডখনেই ইণ্টাৰনেটত পুঞ্জীভূত হৈ পৰিছে।

এলাহভাৱ বেছি হৈছে, অনবৰতে মূৰটো বিষাই থকা হৈছে। বাহিৰা কিতাপ, বাতৰি কাকত, আলোচনী আদিৰ লগত তাইৰ একেবাৰে সম্বন্ধ নোহোৱা হৈছে। এইবিলাক ধাৰণা মনলৈ অহাৰ লগে লগে কুঁৱলী বৰ হতাশ হৈ পৰিছিল; মনটো একেবাৰে ভাৰাক্ৰান্ত হৈ পৰিছিল।

প্রশ্ন ২১। ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা www নো কি তাক জানিবলৈ কুঁৱলীয়ে ক’ত সন্ধান কৰিলে? [HSLC.’20]

উত্তৰ: গুগুলত সন্ধান কৰিলে।

ভাষা বিষয়ক পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্নঃ ২২ । বাক্য ৰচনা কৰাঃ চিনাকি-অচিনাকি, অলীক সপোন, নাকে-মুখে, পৰীক্ষা-

নিৰীক্ষা,

উত্তৰ :

চিনাকি-অচিনাকি : চিনাকি-অচিনাকি সকলোৰে প্ৰতি সমান মৰম-চেনেহ, আদৰ- সন্মান থাকিব লাগে।
অলীক সপোন: যিটো সম্ভৱ তাৰ কথা নাভাবি মিছাতে অলীক সপোন দেখি লাভ নাই।
নাকে-মুখে: স্কুলৰ পৰা আহিয়ে অকনো দেৰি নকৰি নাকে-মুখে ভাত গুঁজি খেলিবলৈ সি লৰ দিলে।
পৰীক্ষা-নিৰীক্ষা : গৱেষণাগাৰত পৰীক্ষা-নিৰীক্ষা কৰিহে একোটা বস্তুৰ সত্যতা উলিয়াব পাৰি।

প্রশ্নঃ ২৩। অর্থ লিখা ঃ ক্ষতি, বিজুতি, গুণা-গঁথা, উদাস।

উত্তৰ : ক্ষতি: হানি, লোকচান;

বিজুতি : অসুবিধা;

গুণা-গঁথা : ভবা-চিন্তা,

উদাস :নির্লিপ্ত, বিৰাগভাৱ;

পুঞ্জীভূত: থুপ খোৱা, একেলগ হোৱা, সঞ্চিত।

প্রশ্নঃ ১১। কি কথাত কুঁৱলীৰ মাকৰ চিন্তাৰ পাৰাপাৰ নোহোৱা হৈছিল?

উত্তৰ : পূজাৰ বন্ধত কুঁৱলীৰ মাক-দেউতাকে তাইৰ সৈতে দক্ষিণ ভাৰতলৈ ফুৰিবলৈ যোৱা সিদ্ধান্ত কৰিলে যদিও কেনেকৈ যাব, ক’ত থাকিব, কি কি স্থান দৰ্শন কৰিব তাকে গুণা-গঁথা কৰি মাকৰ চিন্তাৰ পাৰাপাৰ নোহোৱা হৈছিল। কাৰণ টিকট কটা, হোটেল ঠিক কৰা কোন কোন স্থানলৈ যাব এইবোৰ ভাবিবলৈ দেউতাকৰ অফিচত এশ এটা কামৰ হেঁচাত একেবাৰেই সময় উলিয়াব নোৱাৰিব বুলি দেউতাকে খোলাখুলিকৈ কৈছিল।

প্রশ্নঃ ১২। কুঁৱলীয়ে মাক-দেউতাকৰ সমস্যা সমাধানৰ পথ কেনেদৰে প্ৰশস্ত কৰিছিল ? বুজাই লিখা।

নাইবা, “কুঁৱলীয়ে হাঁহি হাঁহি মাক-দেউতাকৰ সমস্যাৰ নিমিষতে সমাধানৰ পথ প্রশস্ত কৰিলে।” মাক-দেউতাকৰ কি কি সমস্যা কুঁৱলীয়ে নিমিষতে সমাধান কৰিছিল? [HSLC.22]

উত্তৰ: কুঁৱলীৰ পূজাৰ বন্ধত মাক-দেউতাকে তাইৰ সৈতে দক্ষিণ ভাৰতলৈ ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত কৰিলে যদিও দেউতাকৰ অফিচৰ এশ এটা কামৰ হেঁচাত টিকট কটা, হোটেল ঠিক কৰা, কি কি ঠাই দৰ্শন কৰিব এইবোৰ ঠিক কৰাৰ একেবাৰেই সময় নোহোৱাত এক সমস্যাই দেখা দিছিল। এই সমস্যাৰ কাৰণে মাকৰো চিন্তাৰ পাৰাপাৰ নাছিল। কুঁৱলীয়ে কিন্তু ইণ্টাৰনেটৰ জৰিয়তে মাক-দেউতাকৰ এই সমস্যাৰ সমাধানৰ পথ প্ৰশস্ত কৰিলে।

ইণ্টাৰনেটতে কুঁৱলীয়ে টিকট কাটিলে, বিচাৰি বিচাৰি দামে-কামে মিলা পছন্দৰ হোটেলো বন্দবস্ত কৰিলে, আনকি থাকিবলগীয়া হোটেলৰ কোঠালি আৰু চৌপাশৰ ফটোও মাকক দেখুৱালে। এনেদৰেই কুঁৱলীয়ে মাক-দেউতাকৰ সমস্যা সমাধানৰ পথ প্রশস্ত কৰিছিল।

প্রশ্নঃ ১৩। “ভ্ৰমণৰ প্ৰস্তুতি পূর্ণ গতিত আগবাঢ়ি থাকোতেই হঠাৎ এদিন ঘটিল নহয় অঘটনটো—”— এই অঘটনটো কি আছিল? অঘটনটো কেনেকৈ নিবাৰণ কৰিলে?

উত্তৰ : ইণ্টাৰনেটেৰে ইতিমধ্যে ঠিক-ঠাক কৰা হোটেলৰ পৰা কিবা চিঠি-পত্ৰ আহিছে নেকি বুজ ল’বলৈ কুঁৱলীয়ে কম্পিউটাৰটো অন কৰিলে। পিছে কম্পিউটাৰটো কাৰ্যক্ষম কৰিব নোৱাৰিলে, তাত ভাইৰাছ সোমাইছে। এয়াই আছিল অঘটনটো। কুঁৱলীয়ে ততাতৈয়াকৈ বিশ্ববিদ্যালয়ত পদার্থ বিজ্ঞান বিভাগৰু গৱেষণা কৰি থকা শ্বাবানা বাইদেউৰ ওচৰ পালেগৈ। বাইদেৱে এণ্টিভাইৰাছ ছফ্টৱেৰ এটা কুঁৱলীৰ কম্পিউটাৰটোতে অন্তৰ্ভুক্ত কৰি এই অঘটনটো নিবাৰণ কৰিলে ।

প্রশ্নঃ ১৪। কুঁৱলীয়ে কম্পিউটাৰত কেনেদৰে ব্যস্ত হৈ পৰিছিল লিখা।

উত্তৰ: কুঁৱলীয়ে দেউতাকৰ পৰা উপহাৰ স্বৰূপে পোৱা কম্পিউটাৰটোত ব্যস্ত হৈ থাকি বৰ ভাল পালে ৷ কম্পিউটাৰত নেটৰ জৰিয়তে ধীৰে ধীৰে ৰঙীন জগতখনৰ ভিতৰলৈ সোমাই পৰিল। তাই যেন কম্পিউটাৰটোৰ লগত আঠাহে লাগি ধৰিলে। স্কুললৈ সাজু হোৱাৰ আগলৈকে আৰু স্কুলৰ পৰা আহিয়েই হাত-মুখ ধুই নাকে-মুখে কিবা অকণ গুজিয়েই ইণ্টাৰনেট খুলি লয়। মাজতে মাত্ৰ স্কুলৰ পৰা কৰিবলৈ দিয়া ‘ই’মৱৰ্ক’খিনি কৰি লৈ পুনৰ ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ আগলৈকে বা কেতিয়াবা তাৰ পিছতো তাই ইণ্টাৰনেটক লৈয়ে ব্যস্ত হৈ থাকে। মাকৰ হাক-বচনলৈ তাই কাণ-সাৰ নকৰা হ’ল। স্কুলতো বান্ধৱী এজনীৰ ম’বাইলত সংযোগ থকা ইণ্টাৰনেটৰ সুবিধা বুজি সোৱাদ ল’বলৈ চেষ্টা কৰে। বান্ধৱীৰ লগত ফেচবুক, ৱাটছএপ আদিও ব্যৱহাৰ কৰে। এনেদৰেই কুঁৱলীয়ে কম্পিউটাৰত ব্যস্ত হৈ পৰিছিল।

প্রশ্নঃ১৫। পল কোন ? পলৰ বিষয়ে বান্ধৱীজনীয়ে কি কৈছিল ?

উত্তৰ: পল’হ’ল কুঁৱলীৰ এজনী বান্ধৱীৰ ভায়েক। বান্ধৱীজনীয়ে ভায়েক পলৰ কথা এনেদৰে কৈছিল— পলে হেনো ইমানকৈ ইণ্টাৰনেটত গেম খেলিবলৈ আৰম্ভ কৰিছিল যে তাৰ পঢ়া-শুনাৰ প্ৰতি মনোযোগ একেবাৰে কমি আহিছিল। সুবিধা পালেই স্কুল খতি কৰি দিনৰ দিনটো ম’বাইলত গেম খেলাত ব্যস্ত হৈ আছিল। পঢ়া-শুনাত সৰুতে বেচ নাম কৰা পলে হেনো ছমাহিলি পৰীক্ষাত কেইবাটাও বিষয়ত বেয়া কৰিছিল।

প্রশ্নঃ ১৬। বান্ধৱীৰ পৰা পলৰ বিষয়ে কথাখিনি জানি কুঁৱলীৰ কেনে ধাৰণা হৈছিল?

উত্তৰ : বান্ধৱীৰ পৰা পলৰ বিষয়ে কথাখিনি জানি অনবৰতে কম্পিউটাৰ, ম’বাইলত ব্যস্ত থকা কুঁৱলীৰো ধাৰণা হ’ল— তায়ো যেন পৰিয়াল, আপোনজন, ওচৰ-চুবুৰীয়া মানুহ সকলোৰে পৰা ক্ৰমাৎ আঁতৰি আহিছে। সিদিনা পৰিয়ালসহ অতুল মামাক আহোঁতেও তাই ভালদৰে মাত এষাৰ দিবলৈকেও সময় নাপালে ৷ ওচৰৰ বিয়া-বাৰু, কাজ-কৰ্মলৈও যাবলৈ সময় নাপায়।

ৰাস্তাই-ঘাটে দেখোন সমনীয়া আৰু বয়োজ্যেষ্ঠজনৰ প্ৰতি সামান্য সৌজন্যবোধ দেখুৱাবলৈকেও তাই পাহৰি গৈছে। কল্পনাৰ ৰঙীন তথা অবাস্তৱ জগতখনত তাই ব্যস্ত হৈ পৰিছে। পঢ়া-শুনাৰ প্ৰতিও তাইৰ আগৰদৰে মনোযোগ নাইকিয়া হৈছে। ঘৰুৱা কাম—বন অথবা অন্যান্য দায়িত্বৰ প্ৰতিও তাই আনমনা হৈ পৰিছে। এলাহভাৱ বেছি হৈছে, অনবৰতে মূৰটো বিষাই থকা হৈছে। বাহিৰা কিতাপ, বাতৰি কাকত, আলোচনী আদিৰ লগত তাইৰ একেবাৰে সম্বন্ধ নোহোৱা হৈছে। এইবিলাক ধাৰণা মনলৈ অহাৰ লগে লগে কুঁৱলী বৰ হতাশ হৈ পৰিছিল; মনটো একেবাৰে ভাৰাক্ৰান্ত হৈ পৰিছিল।

প্রশ্নঃ ১৭। শ্বাবানা বাইদেউৰ ঘৰৰ পৰা ঘূৰি আহোঁতে কুঁৱলীয়ে বাটে বাটে কি ভাবি আহিছিল ?

উত্তৰ : ইণ্টাৰনেটৰ জৰিয়তে যে কিছুমান মিছা তথা উৰা বাতৰিও প্ৰচাৰ হৈ থাকে আৰু সেইবোৰে ব্যক্তি আৰু সমাজৰ ভয়ংকৰ ক্ষতি সাধন কৰিব পাৰে এই কথা যেতিয়া কুঁৱলীক শ্বাবানা বাইদেৱে বুজাই দিলে তেতিয়া শ্বাবানা বাইদেউৰ ঘৰৰ পৰা ঘূৰি আহোঁতে বাটে বাটে ভাবি আহিল যে তেতিয়াৰ পৰা ইণ্টাৰনেটৰ সুবিধা তাই পঢ়া-শুনা, খেলা-ধূলা তথা মাক-দেউতাকে ন্যস্ত কৰা সকলো দায়িত্ব সামৰিহে গ্ৰহণ কৰিব।

মাক-দেউতাকে অনুমতি নিদিয়া কোনো কাৰ্য ইণ্টাৰনেটত তাই উপভোগ নকৰে। তাৰোপৰি ইণ্টাৰনেটৰ ব্যৱহাৰে যাতে সমনীয়া তথা বয়োজ্যেষ্ঠজনৰ প্ৰতি থকা দায়িত্ববোধ তিলমানো হ্রাস নকৰে তাৰ প্ৰতি সচেতন হ’বলৈও তাই দৃঢ়প্রতিজ্ঞ হ’ল। এই অনাবিল অভিজ্ঞতা তাই উপলব্ধি কৰি সকলো বন্ধু-বান্ধৱীক জনাবলৈ উদগ্ৰীৱ হৈ পৰিছিল ৷

প্রশ্নঃ ১৮। কুঁৱলীয়ে সকলো বন্ধু-বান্ধৱীলৈ কি বুলি ই-মেইল কৰিছিল ?

উত্তৰ : শ্বাবানা বাইদেউৰ পৰা কুঁৱলীয়ে অত্যধিক ইণ্টাৰনেট, কম্পিউটাৰ, ম’বাইল ব্যৱহাৰে কৰা ভয়ংকৰ ক্ষতিবোৰৰ কথা জানি তাই এইবোৰ ব্যৱহাৰত ভীষণ সচেতন হ’ব বুলি দৃঢ় সংকল্প লোৱাৰ লগতে তাইৰ বন্ধু-বান্ধৱীলৈও ই-মেইল কৰি এইবোৰ কথা জনালে। তাই আশা কৰিলে ইণ্টাৰনেট ব্যৱহাৰে কাৰো ক্ষতি নকৰক। তাইৰ চিনাকি-অচিনাকি সকলোৱে এহাতে ইণ্টাৰনেটৰ শেৱালি সুকোমলেৰে মন-প্ৰাণ পুলকিত কৰক আৰু আনহাতে ইয়াৰ কু-প্ৰভাৱৰ পৰা সকলো মুক্ত হৈ থাকক— কুঁৱলীয়ে এই আশা কৰিলে ৷

প্রশ্ন ২০। “এটা কথাই কুঁৱলীৰ মনত শংকাৰ সৃষ্টি কৰিলে।” কি কথাই কুঁৱলীৰ মনত শংকাৰ সৃষ্টি কৰিছিল পাঠৰ সহায়ত বুজাই লিখা। [HSLC.’22]

উত্তৰ: কুঁৱলীৰ বান্ধৱীৰ ভায়েক পল। কুঁৱলীয়ে বান্ধৱীৰ পৰা জানিব পাৰিছিল যে পলে হেনো ইণ্টাৰনেটত ইমানকৈ গেম খেলিবলৈ আৰম্ভ কৰিছিল যে তাৰ পঢ়া-শুনাৰ প্রতি মনোযোগ একেবাৰেই কমি আহিছিল। সুবিধা পালে স্কুল খতি কৰি হ’লৈও দিনৰ দিনটো মবাইলত গেম খেলাত ব্যস্ত হৈ আছিল।

পঢ়া-শুনাত সৰুৰে পৰা বেচ নাম থকা পলে হেনো সেইবাৰ ছয়মাহিলী পৰীক্ষাত কেবাটাও বিষয়ত বেয়া কৰিছিল। এই কথা জানি কুঁৱলী শংকিত হৈ পৰিছিল। কুঁৱলীৰো আত্মোপলব্ধি হ’ল— তায়ো যেন পৰিয়াল, আপোনজন, ওচৰ-চুবুৰীয়া মানুহ সকলোৰে পৰা ক্ৰমাৎ আঁতৰি আহিছে।

সিদিনা পৰিয়ালসহ অতুল মামাক আহোঁতেও তাই ভালদৰে মাত এষাৰ দিবলৈকেও সময় নাপালে। ওচৰৰ বিয়া-বাৰু, কাজ-কৰ্মলৈও যাবলৈ সময় নাপায়। ৰাস্তাই-ঘাটে দেখোন সমনীয়া আৰু বয়োজ্যেষ্ঠজনৰ প্ৰতি সামান্য সৌজন্যবোধ দেখুৱাবলৈকো তাই পাহৰি গৈছে। কল্পনাৰ বঙীন তথা অবাস্তৱ জগতখনত তাই ব্যস্ত হৈ পৰিছে। পঢ়া-শুনাৰ প্ৰতিও তাইৰ আগৰদৰে মনোযোগ নাইকিয়া হৈছে।

ঘৰুৱা কাম-বন অথবা অন্যান্য দায়িত্বৰ প্ৰতিও তাই আনমনা হৈ পৰিছে। এলাহভাৱ বেছি হৈছে, অনবৰতে মূৰটো বিষাই থকা হৈছে। বাহিৰা কিতাপ, বাতৰি কাকত, আলোচনী আদিৰ লগত তাইৰ একেবাৰে সম্বন্ধ নোহোৱা হৈছে। এইবিলাক ধাৰণা মনলৈ অহাৰ লগে লগে কুঁৱলী বৰ হতাশ হৈ পৰিছিল; মনটো একেবাৰে ভাৰাক্ৰান্ত হৈ পৰিছিল।

প্রশ্ন ২১। ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা www নো কি তাক জানিবলৈ কুঁৱলীয়ে ক’ত সন্ধান কৰিলে?[HSLC.’20]

উত্তৰ: গুগুলত সন্ধান কৰিলে।

Conclusion:

আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।

আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।

Leave a Comment

error: Content is protected !!