Class 10 Assamese Chapter 8 |অসমৰ জনগোষ্ঠীয় গাঁথনি আৰু সংস্কৃতি| Question Answer

Class 10 Assamese Lesson 8 |অসমৰ জনগোষ্ঠীয় গাঁথনি আৰু সংস্কৃতি| Question Answer: আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক দশম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।

দশম শ্ৰেণী শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ কিয়নো তেওঁলোকে আগন্তুক ব’ৰ্ড পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে, যি তেওঁলোকৰ শৈক্ষিক সফলতা নিৰ্ধাৰণ কৰিব।

আজি, এই প্ৰবন্ধটোত মই আপোনাৰ দশম শ্ৰেণীৰ “অসমৰ জনগোষ্ঠীয় গাঁথনি আৰু সংস্কৃতি” দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন প্ৰদান কৰিছোঁ।

আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। অতি চমু উত্তৰ লিখা।

(ক) ত্রয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো? [HSLC.’17]

উত্তৰ : আহোম আৰু মুছলমান গোষ্ঠীৰ লোকসকলে ত্রয়োদশ শতিকাত অসমত প্রবেশ কৰে।

(খ) প্রাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল? [HSLC.’18]

উত্তৰ : প্রাচীন কালৰে পৰা হিন্দুৰ তান্ত্রিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম প্ৰচালিত আছিল আহোমসকলে অসমত দীৰ্ঘদিন ধৰি থকাৰ পাছত হিন্দুধৰ্ম গ্ৰহণ কৰি নিজস্ব কৃষ্টি-সংস্কৃতি প্ৰায় পৰিত্যাগ কৰে। সমগ্র অসম দেশখনেই যাদুবিদ্যা আৰু মন্ত্ৰ তথা ইন্দ্ৰজালিক বিদ্যাৰ কাৰণে প্ৰাচীন কালৰে পৰা প্ৰসিদ্ধ আছিল।

(গ) কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে?

উত্তৰ : ভাষিক সংমিশ্রণে অসমীয়া জাতি আৰু সংস্কৃতিক বেছি কটকটীয়া কৰিলে।

(ঘ) সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল?

উত্তৰ: সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। এই ভাষাৰ এনাজৰীয়ে মেঘালয়, নগালেণ্ড আৰু অৰুণাচলকো বান্ধি ৰাখিছিল।

(ঙ) অসমৰ মঙ্গোলীয় গোষ্ঠীৰ লোক কোনবিলাক?

উত্তৰ: আহোমসকল আৰু তেওঁলোকৰ বিভিন্ন ফৈদ যেনে তাই-ফাকে, তাই-আইতন, তাই খামেয়াং ইত্যাদি।

প্রশ্ন ২। চমু উত্তৰ লিখা।

(ক) অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায় ? [HSLC.19]

উত্তৰ : ঘাইকৈ কছাৰী, চুটীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি, প্রভৃতিয়েই আছিল মূলতে অসমীয়া জনগোষ্ঠীৰ ধাৰক আৰু বাহক। মংগোলীয় জনগোষ্ঠীৰ আগমনৰ আগতে এওঁলোকেই আছিল অসমৰ স্থায়ী বাসিন্দা।

(খ) কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙালী ভাষা চলিছিল?

উত্তৰ : ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে অসমত অসমীয়াৰ ঠাইত বঙলা ভাষা চলিছিল।

(গ) চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক’ৰপৰা অসমলৈ আহিছিল ?

উত্তৰ : চাওতাল, কুৰ্মী, মোছহৰ, মুণ্ডা, টেলেঙা, হো, ভূমিজ, ওরা, তাঁতী,,লোহাৰ আদি লোকসকল আছিল অসমৰ চাহ উদ্যোগৰ কৰ্মী। এওঁলোক বিহাৰ, উৰিষ্যা, মধ্যপ্রদেশ, উত্তৰপ্ৰদেশ প্রভৃতি ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা অসমলৈ আহিছিল।

(ঘ) পাঠটিত থকা খাদ্যবস্তুৰ এখনি তালিকা প্রস্তুত কৰা।

উত্তৰ : পৰাথা, পোলাও, কোর্মা, কোপ্তাৰ, কে’ক-বিস্কুট, ৰুটি, ৰসগোল্লা, লালমোহন, চিঙ্গাৰা আদি নানা মিঠাই প্ৰচলনৰ কথা পাঠটিত আছে। লুচি-পুৰী, ভজা, চাম্বাৰ, ইড্‌লি আদিও আছে।

প্রশ্ন ৩। অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? [HSLC.’16]

উত্তৰ : অসমৰ পুৰণি সাহিত্যৰ সমল হৈছে – অলিখিত গৰখীয়া নাম, নিচুকণি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন আদি।

প্রশ্ন ৪। ‘অসমৰ বৈচিত্র্যপূর্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে।’ — কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বর্ণনা কৰা । [M.Q.2015, HSLC 17]

উত্তৰ: অসম ৰাজ্য বিভিন্ন জাতি-উপজাতি আৰু জনজাতিৰ মিলনভূমি। সেইবাবেই অসমীয়া সংস্কৃতিও বৈচিত্র্যপূর্ণ। আদিতে অসম আৰ্য জনগোষ্ঠীৰ বসবাসৰ প্ৰধান কেন্দ্ৰ আছিল। এই ঠাইত ঘাইকৈ কছাৰী, চুটীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদিৰ বসতি স্থান। গতিকে মূলতে অসমীয়া জনসংস্কৃতিৰ ধাৰক এইবোৰ জাতি-গোষ্ঠীয়েই আছিল। অতীতত অসম বা কামৰূপ বুলি কওঁতে এটা সময়ত অসমৰ অৰুণাচলৰ অন্তৰ্গত অকা, ডফলা, আবৰ, মিচিমি আদি জনগোষ্ঠীও পৰে।

অতীতৰ অসমৰ বিভিন্ন জনগোষ্ঠীৰ গাঁথনিলৈ লক্ষ্য কৰিলে দেখা যায় যে আর্য, মঙ্গোলীয়, দ্রাবিড়, অষ্ট্রিক প্রভৃতি বিভিন্ন জনগোষ্ঠীৰ মাজত সাংস্কৃতিক আদান-প্রদান আৰু বিনিময় ঘটিছিল। অসমলৈ অহা আহোমসকলে নিজৰ পূৰ্বৰ কৃষ্টি-সংস্কৃতি পৰিহাৰ কৰি হিন্দুধৰ্ম আৰু নতুন সংস্কৃতি গ্ৰহণ কৰিলে। তেনেদৰে চাহ জনজাতি আৰু মুছলমান সকলেও থলুৱা ৰীতি-নীতি গ্ৰহণ কৰি পূৰ্বৰ ৰীতি-নীতিৰ সৈতে সমিলমিলেৰে অসমীয়া সংস্কৃতিৰ বিকাশত অৰিহণা যোগালে।

এটা সময়ত আৰ্য সংস্কৃতিতকৈ অনার্য সংস্কৃতিহে বেছি গুৰুত্বপূৰ্ণ আছিল। এই দেশলৈ আহোম, মুছলমানকে ধৰি বিভিন্ন জনগোষ্ঠীৰ মানুহ আহিল— কোনোবাই দেশ জয় কৰিবলৈ আহিল আৰু কোনোবাই যুদ্ধবন্দী হিচাপে ৰ’ল৷ কোনোবাই বেপাৰ-বাণিজ্য কৰিবলৈ আহি নিগাজীকৈ বহি ল’লে। কোনোবা আকৌ পূজা-পার্বণ অথবা তীর্থ সংক্রান্তত অসমলৈ আহিল৷

বহুতে আকৌ ৰজাঘৰীয়া পৃষ্ঠপোষকতাত অসম দেশত নিগাজীকৈ বহিল। পুৰণি কালত অসমৰ থলুৱা বাসিন্দাসকলৰ ভিতৰত কছাৰী, চুটীয়া, কোচ, বড়ো, আদিয়ে নির্বিবাদে সকলোকে গ্ৰহণ কৰিলে। সকলোৱে নিজ নিজ ধর্ম আচৰণ কৰি নিজ নিজ সংস্কৃতি ৰক্ষা কৰিবলৈ ল’লে। একে ভৌগোলিক পৰিবেষ্টনীত থাকি ওচৰা-উচৰিকৈ

এটা সম্প্রদায় আনটো সম্প্ৰদায়ৰ দ্বাৰা প্ৰভাৱান্বিত হ’ল। সেই সময়ত বাহিৰৰ পৰা অহা মানুহবোৰে যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি এই দেশৰ ভাষা-সংস্কৃতি ক্রমান্বয়ে গ্ৰহণ কৰিবলৈ ধৰিলে। এইয়া হ’ল এটা সংস্কৃতিসম্পন্ন জাতি আন এটা সংস্কৃতিসম্পন্ন জাতিৰ লগত জাহ যোৱাৰ ব্যৱস্থা।

এনেদৰে বাহিৰৰ পৰা বিভিন্ন উদ্দেশ্য লৈ অহা লোকসকলে অসমকেই নিজৰ দেশ বুলি গ্ৰহণ কৰি থলুৱা সংস্কৃতি গ্রহণ কৰি বৃহৎ অসমীয়া জাতি গঠনত অৰিহণা যোগালে। এনেদৰে বৈচিত্র্যপূর্ণ জনগাঁথনিয়ে বৈচিত্র্যপূর্ণ অসমীয়া জাতি গঠনত অৰিহণা যোগালে।

অসমীয়া সংস্কৃতিত আহোম, মুছলমান আৰু উত্তৰ ভাৰতীয় ব্ৰাহ্মণ-ক্ষত্ৰিয়সকলৰ সংস্কৃতিগত উপাদানৰ লগতে থাইলেণ্ড দিল্লী আৰু কনৌজৰ পৰা অহা লোকসকলে মূল ঠাইৰ সৈতে সম্পৰ্ক ছিন্ন কৰি এই দেশৰ ভাষা-সংস্কৃতি গ্ৰহণ কৰি বৃহত্তৰ অসমীয়া জাতি গঠনত সহায় কৰিলে।

অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্যই হৈছে সমন্বয় আৰু এনে সমন্বয় ভাষা, সাহিত্য, স্থাপত্য, ভাস্কর্য, চিত্রকলা, সাজপাৰ, অলংকাৰ প্ৰভৃতি সকলো দিশতে পৰিলক্ষিত হয় ।

প্রশ্ন ৫। বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল।’ ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে— পাঠৰ আলমত বিচাৰ কৰা।

উত্তৰ : ইয়াত চাহ উদ্যোগ আৰু তাৰ সৈতে জড়িত চাহ জনগোষ্ঠীৰ লোকৰ কথা কোৱা হৈছে। অসমত চাহ উদ্যোগ প্রতিষ্ঠা হোৱাৰ লগে লগে এদল বৃত্তিয়াল শ্ৰেণীৰ খাটি খোৱা মানুহ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আহি অসমত বসবাস কৰিবলৈ ধৰিলে।

বিহাৰ, উৰিষ্যা, মধ্যপ্রদেশ, উত্তৰ প্ৰদেশ প্রভৃতি ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা চাওতাল, কুর্মি, মুণ্ডা, মোছহৰ, ভূমিজ, ওৰা, তাঁতী, লোহাৰ আদি বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকল আহি অসমত নিগাজীকৈ বসতি কৰিবলৈ ধৰিলেহি।

কালক্ৰমত এইসকলেই নিজৰ কৃষ্টি-সংস্কৃতি কিছু সংৰক্ষণ কৰি হ’লেও অসমীয়া মাত-কথা গ্ৰহণ কৰি থলুৱা লোকৰ আচাৰ-নীতি, সাজ-পাৰ গ্ৰহণ কৰি কালৰ সোঁতত অসমীয়া জাতিৰ অবিচ্ছেদ্য অঙ্গ হৈ পৰিল৷ কিন্তু, দেশীয় চৰকাৰে তেওঁলোকৰ শিক্ষা-দীক্ষাৰ কাৰণে কোনো সুকীয়া উদ্যোগ নোলোৱাত তেওঁলোক অনগ্ৰসৰ হৈয়ে ৰ’ল।

অসমৰ থলুৱা সংস্কৃতিৰ সৈতে খাপ খোৱাত তেওঁলোকৰ যথেষ্ট পলম হ’ল। বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও এওঁলোক থলুৱা সংস্কৃতিৰ পৰাও আঁতৰি পৰিল।

প্রশ্ন ৬। “এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই।”—ইয়াত লিখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে? ‘নুই কৰাৰ কোনো যুক্তিতর্কৰ অবকাশ নাই।’ বোলা কথাষাৰৰ সত্যাসত্যতা বিচাৰ কৰা। [HSLC.’19,’20]

উত্তৰ : অসমীয়া সংস্কৃতিৰ সমন্বয় প্ৰক্ৰিয়াৰ বিষয়ে ক’বলৈ গৈ লেখকে উক্ত মন্তব্য কৰিছে। অসমত ব্যৱসায় বাণিজ্য, ধৰ্ম প্ৰচাৰ, দেশজয়, তীৰ্থভ্রমণ, পূজা-পার্বণ প্রভৃতি বিভিন্ন উদ্দেশ্য সিদ্ধি কৰিবৰ কাৰণে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লগতে থাইলেণ্ড, চীন, পাকিস্তান, পাৰস্য, ইণ্ডোনেচিয়া প্রভৃতি বিভিন্ন ঠাইৰ পৰাও মানুহ অসমলৈ আহিছে। সেই সময়ত অসমত বসবাস কৰা থলুৱা জনজাতীয় লোকসকলে সকলোকে উদাৰচিত্তে আঁকোৱালি লৈছে।

সকলোৱে আন্তৰিকতাৰে এই দেশৰ ভাষা-সংস্কৃতি গ্ৰহণ কৰি অসমকেই নিজৰ দেশ বুলি গ্ৰহণ কৰি বৃহৎ অসমীয়া জাতি গঢ়ি তোলাত অৰিহণা যোগাইছে। ভাষিক সংমিশ্রণে অসমীয়া জাতি আৰু সংস্কৃতিক অধিক কট্‌কটীয়া কৰিছে। অসমত পূৰ্বতে বসবাস কৰা থলুৱা জনগোষ্ঠীৰ সৈতে পৰবৰ্তী কালত প্ৰব্ৰজিত হোৱা আহোম, মুছলমান উত্তৰ ভাৰতীয় ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়সকলে পূৰ্বৰ ঠাইৰ সৈতে সম্বন্ধ ছেদ কৰি অসমীয়া ভাষা আৰু সংস্কৃতিক আঁকোৱালি ল’লে। গতিকে অসমীয়া জাতি যে এটা সংমিশ্ৰিত জাতি, সেই সম্পর্কে কোনোধৰণৰ যুক্তিতর্কৰ অবকাশ থাকিব নোৱাৰে।

অসমত জনজাতীয় ভাষা কোৱা লোকসকলে অসমীয়া ভাষা ভালদৰে বুজি পায় ‘আৰু সলসলীয়াকৈ ক’ব পাৰে। তেওঁলোকে নিজৰ ভাষাৰ লগতে অন্য মানুহৰ সৈতে যোগাযোগৰ কাৰণে অসমীয়া ভাষা ব্যৱহাৰ কৰে। আনহাতে অসমৰ দাঁতিকাষৰীয়া ৰাজ্য অৰুণাচল, নগালেণ্ড, মেঘালয় প্রভৃতি ৰাজ্যৰ বাসিন্দাসকলৰো সামূহিক ভাষা অসমীয়া ।

অসমলৈ পৰবৰ্তী কালত প্ৰব্ৰজিত হোৱা সকলোবোৰ লোকেই নিজ নিজ ভাষা-সংস্কৃতি ত্যাগ কৰি অসমীয়া ভাষা আৰু সংস্কৃতি গ্ৰহণ কৰি অসম ‘দেশকে নিজৰ জন্মভূমি বুলি গণ্য কৰিবলৈ ধৰিলে । গতিকে অসমীয়া জাতি যে এটা সংমিশ্রিত, সংস্কৃতিসম্পন্ন জাতি, সেই সম্পর্কে কোনো দ্বিমত থাকিব নোৱাৰে। যুগ যুগ ধৰি আদান-প্রদান, বিনিময় আৰু সংস্কৃতি গ্ৰহণৰ মাধ্যমেদি অসমীয়া সংস্কৃতিয়ে বৰ্তমানৰ ৰূপ পৰিগ্ৰহ কৰিছে।

প্রশ্ন ৭। লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।’ কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল ? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা। [HSLC.15,18]

উত্তৰ: অসমলৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে ভাৰতৰ বাহিৰৰ পাৰস্য, চীন, পাকিস্তান, নেপাল, বাংলাদেশ, তিব্বত, প্রভৃতি বহিঃৰাষ্ট্ৰৰ পৰাও বিভিন্ন সময়ত মানুহ আহিছিল আৰু ইয়াত নিগাজীকৈ বসতি স্থাপন কৰিছিল। ইতিহাসৰ বিভিন্ন সময়ত অহা মঙ্গোলীয়, চীন- তিবৃতীয়, তিবৃতবর্মীয়, দ্রাবিড়, অষ্ট্রিক প্রভৃতি বিভিন্ন জনগোষ্ঠীৰ লোকৰ আদান-প্রদান, বিনিময় আৰু সংস্কৃতি গ্ৰহণৰ যোগেদি বৃহৎ অসমীয়া জাতি আৰু সংস্কৃতি গঢ় লৈ উঠিছে।

অসমৰ থলুৱা বাসিন্দাসকলে বিভিন্ন সময়ত এই দেশলৈ অহা লোকসকলক আদৰি ল’লৈ ৷ এনেদৰে নতুনকৈ অহা লোকসকলে একে ভৌগোলিক আবেষ্টনীত ওচৰা-উচৰিকৈ থকাৰ বাবে এটা জনগোষ্ঠী আন এটাৰ দ্বাৰা প্ৰভাৱিত হ’ল। সেই সময়ত বাহিৰৰ পৰা অহা মানুহবোৰে মূল ঠাইৰ সৈতে সম্বন্ধ ছেদ কৰি ক্ৰমান্বয়ে এই দেশৰ সংস্কৃতি গ্ৰহণ কৰিবলৈ ধৰিলে ৷

এইয়া হৈছে এটা সংস্কৃতিসম্পন্ন জাতি আন এটা সংস্কৃতিসম্পন্ন জাতিৰ লগত জাহ যোৱাৰ ব্যৱস্থা। বাহিৰৰ পৰা অহা সকলোৱেই এই দেশখনক নিজৰ দেশ বুলি গ্ৰহণ কৰিলে আৰু লগতে পূৰ্বৰ ভাষা ত্যাগ কৰি অসমীয়া ভাষা গ্ৰহণ কৰিলে । গতিকে আহোম, মুছলমান, ব্রাহ্মণ, ক্ষত্রিয়, নেপালী, চাহ-জনজাতি, প্রভৃতি বিভিন্ন জনগোষ্ঠীৰ সন্মিলিত ৰূপত অসমীয়া ভাষা-সংস্কৃতিয়ে নতুন ৰূপ লাভ কৰিলে। এনেদৰেই বৃহত্তৰ অসমীয়া জাতি গঠন প্রক্রিয়া সম্ভৱ হৈ উঠিল। অসমীয়া সংস্কৃতিৰ ৰূপান্তৰো এনেদৰেই সম্ভৱ হৈ উঠিল।

এটা সম্প্ৰদায়ৰ ভাল লগা কিছুমান ৰীতি-নীতি, আচাৰ ব্যৱহাৰ আন এটা সম্প্ৰদায়ে গ্ৰহণ কৰিলে । খোৱা বস্তু আৰু ৰন্ধন প্ৰকৰণৰো সালসলনি হ’ল। সাজপাৰ, অলংকাৰ, দৈনন্দিন ব্যৱহাৰ্য আচবাব, বাচন- বৰ্তন সকলোতেই পৰিবৰ্তন ঘটিল। এনেদৰেই অসমীয়া সংস্কৃতিয়ে সময়ৰ লগে লগে গ্রহণ- বৰ্জনৰ যোগেদি পৰিবৰ্তন লাভ কৰি ন-ৰূপ লাভ কৰিলে। এয়া আছিল এক স্বতঃস্ফূর্ত প্রক্রিয়া অনুকৰণ, অনুসৰণৰ যোগেদি, আদান-প্রদান আৰু বিনিময়ৰ যোগেদি হোৱা প্ৰক্ৰিয়া |

প্রশ্ন ৮। তাৎপর্য ব্যাখ্যা করা :

(ক) দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল অসমীয়া ভাষা।

উত্তৰ : উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আব্দুছ ছাত্ৰাৰে লিখা ‘অসমৰ জনগোষ্ঠীয় গাঁথনি আৰু সংস্কৃতি’ শীর্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে। ভাষিক সংমিশ্রণে অসমীয়া জাতি আৰু সংস্কৃতিৰ বান্ধোন অধিক কটকটীয়া কৰিলে।

অসমত বাহিৰৰ পৰা আহি বসবাস কৰা লোকসকলে অসমক নিজৰ দেশ হিচাপে গ্রহণ কৰাৰ লগতে অসমীয়া ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰিলে। আহোমসকলে তাই ভাষা, মুছলমান সকলে আৰবী-ফাটী ভাষা, ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়সকলে সংস্কৃত ভাষা ত্যাগ কৰি থলুৱা অসমীয়া ভাষা গ্ৰহণ কৰি উদাৰতাৰ পৰিচয় দিলে। অসমৰ থলুৱা জনজাতিসকলে নিজ নিজ জনগোষ্ঠীয় ভাষা জীয়াই ৰখাৰ লগতে বৃহৎ সমাজখনৰ সৈতে যোগাযোগৰ কাৰণে অসমীয়া ভাষাকে ব্যৱহাৰ কৰিছিল।

আনহাতে বিহাৰ, ৰাজস্থান, হাৰিয়ানা, দিল্লী, উত্তৰ প্ৰদেশ প্রভৃতি ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা লোকসকলেও হিন্দী, ৰাজস্থানী, ভোজপুৰী, প্রভৃতি ভাষা বাদ দি অসমীয়া ভাষা গ্ৰহণ কৰিছিল। অসমৰ দাঁতি-কাষৰীয়া ৰাজ্যসমূহৰ সৈতে যোগাযোগৰ প্ৰধান ভাষাটো আছিল অসমীয়া ।

গতিকে অসমীয়া ভাষাই থলুৱা অসমৰ জনজাতি অজনজাতি সকলৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা আহি অসমত বসবাস কৰা লোকসকল আৰু ভাৰতৰ বাহিৰৰ পৰা আহি ইয়াত স্থায়ীভাৱে বসবাস কৰা লোকসকলৰ মাজত যোগাযোগৰ একমাত্র মাধ্যম আছিল অসমীয়া ভাষা।

এনেদৰেই অসমীয়া ভাষাই ভাষিক সংমিশ্ৰণৰ মাজেদি বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকলক ঐক্য আৰু সম্প্ৰীতিৰ এনাজৰীৰে বান্ধি ৰাখিছিল।

(খ) এই গোটেইবোৰ হ’ল স্বতঃপ্রণোদিতভাৱে হোৱা প্ৰক্ৰিয়া। [HSLC. 20]

উত্তৰ : উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ৰ অন্তৰ্গত বিশিষ্ট প্ৰৱন্ধকাৰ, শিক্ষাবিদ আব্দুছ ছাত্তাৰ বিৰচিত ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’ শীৰ্ষক পাঠটোৰ পৰা তুলি দিয়া হৈছে। অসমত এটা সময়ত সামাজিক বাধা-নিষেধৰ কাৰণে হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ মাজত মুকলিভাৱে, বিশেষকৈ কোনো সামাজিক অনুষ্ঠানত সামাজিকভাৱে খোৱা-বোৱা নচলিছিল ।

পৰৱৰ্তী কালত হোটেল ব্যৱস্থাৰ সম্প্ৰসাৰণৰ ফলত আগতে লুঢাককৈ চলা খোৱা বোৱাৰ ব্যৱস্থা লাহে লাহে মুকলিমূৰীয়াভাৱে হ’বলৈ ধৰিলে। পৰাথা, কোর্মা, পোলাও আদিৰ লগতে কেক, বিস্কুট, ৰুটি আদিৰ মুকলিকৈ প্ৰচলন হ’ল। বঙ্গদেশৰ ৰসগোল্লা, লালমোহন, চিঙ্গৰা আদি বিভিন্ন মিঠাইৰ প্ৰচলন হ’ল। লাহে লাহে লুচি পুৰীও সোমাই পৰিল । মাদ্ৰাজী ডোচা-চাম্বাৰ আৰু ইড্‌লী হোটেলৰ যোগেদি অসমীয়াই চিনি পোৱা হ’ল ।

এনেদৰেই জাতকুলৰ পৰম্পৰাগত প্ৰাচীৰ ভাঙি বিয়া-সবাহ, মৰা-সকাম আদিত হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ লোক একেলগে বহি খাব পৰা হ’ল। ভ্রাতৃত্বৰ বান্ধোন কটকটীয়া হ’ল। সামাজিক অন্ধবিশ্বাস আৰু কু-সংস্কাৰসমূহ লাহে লাহে দূৰ হোৱাত মানুহৰ মনবোৰ ফৰকাল হ’ল। এনেদৰেই সময়ৰ পৰিবৰ্তনৰ লগে লগে সংস্কৃতিৰ পৰিবৰ্তন সূচিত হ’ল আৰু স্বতঃপ্রণোদিতভাৱে মানুহৰ মনৰ পৰা ধৰ্মীয় গোড়ামি আৰু সাম্প্রদায়িক ভেদভাব নোহোৱা হ’বলৈ ধৰিলে ।

অসমীয়া সংস্কৃতিৰ সমন্বয় আৰু গতিশীলতাৰ কাৰণে এইটো আছিল এক স্বাভাৱিক প্রক্রিয়া। এনেদৰেই সময়ৰ পৰিবৰ্তনৰ লগে লগে আধুনিক শিক্ষা, যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণ, সাংস্কৃতিক মূল্যবোধৰ পৰিবৰ্তন প্রভৃতি বিবিধ কাৰকে সাম্প্রদায়িক সম্প্রীতি, ঐক্য আৰু সংহতিৰ বান্ধোন কটকটীয়া কৰি অসমীয়া জাতীয় জীৱন সমৃদ্ধ কৰিছে।

(গ) এইয়া আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা।

উত্তৰ : উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য-সুবাস’ৰ অন্তৰ্গত আব্দুছ ছাত্তাৰ ভোজপুৰী, প্রভৃতি ভাষা বাদ দি অসমীয়া ভাষা গ্ৰহণ কৰিছিল। অসমৰ দাঁতি-কাষৰীয়া ৰাজ্যসমূহৰ সৈতে যোগাযোগৰ প্ৰধান ভাষাটো আছিল অসম গতিকে অসমীয়া ভাষাই থলুৱা অসমৰ জনজাতি অজনজাতি সকলৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা আহি অসমত বসবাস কৰা লোকসকল আৰু ভাৰতৰ বাহিৰৰ পৰা আহি ইয়াত স্থায়ীভাৱে বসবাস কৰা লোকসকলৰ মাজত ‘যোগাযোগৰ একমাত্র মাধ্যম আছিল অসমীয়া ভাষা।

এনেদৰেই অসমীয়া ভাষাই ভাষিক সংমিশ্ৰণৰ মাজেদি বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকলক ঐক্য আৰু সম্প্ৰীতিৰ এনাজৰীৰে বান্ধি ৰাখিছিল।

(খ) এই গোটেইবোৰ হ’ল স্বতঃপ্রণোদিতভাৱে হোৱা প্ৰক্ৰিয়া। [HSLC. 20]

উত্তৰ : উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ৰ অন্তৰ্গত বিশিষ্ট প্ৰৱন্ধকাৰ, শিক্ষাবিদ আব্দুছ ছাত্তাৰ বিৰচিত ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’ শীৰ্ষক পাঠটোৰ পৰা তুলি দিয়া হৈছে। অসমত এটা সময়ত সামাজিক বাধা-নিষেধৰ কাৰণে হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ মাজত মুকলিভাৱে, বিশেষকৈ কোনো সামাজিক অনুষ্ঠানত সামাজিকভাৱে খোৱা-বোৱা নচলিছিল । পৰৱৰ্তী কালত হোটেল ব্যৱস্থাৰ সম্প্ৰসাৰণৰ ফলত আগতে লুকঢাককৈ চলা খোৱা বোৱাৰ ব্যৱস্থা লাহে লাহে মুকলিমূৰীয়াভাৱে হ’বলৈ ধৰিলে ৷

পৰাথা, কোর্মা, পোলাও আদিৰ লগতে কেক, বিস্কুট, ৰুটি আদিৰ মুকলিকৈ প্ৰচলন হ’ল। বঙ্গদেশৰ ৰসগোল্লা, লালমোহন, চিঙ্গৰা আদি বিভিন্ন মিঠাইৰ প্ৰচলন হ’ল। লাহে লাহে লুচি পুৰীও সোমাই পৰিল । মাদ্ৰাজী ডোচা-চাম্বাৰ আৰু ইড্‌লী হোটেলৰ যোগেদি অসমীয়াই চিনি পোৱা হ’ল ।

এনেদৰেই জাতকুলৰ পৰম্পৰাগত প্ৰাচীৰ ভাঙি বিয়া-সবাহ, মৰা-সকাম আদিত হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ লোক একেলগে বহি খাব পৰা হ’ল। ভ্ৰাতৃত্বৰ বান্ধোন কটকটীয়া হ’ল। সামাজিক অন্ধবিশ্বাস আৰু কু-সংস্কাৰসমূহ লাহে লাহে দূৰ হোৱাত মানুহৰ মনবোৰ ফৰকাল হ’ল। এনেদৰেই সময়ৰ পৰিবৰ্তনৰ লগে লগে সংস্কৃতিৰ পৰিবৰ্তন সূচিত হ’ল আৰু স্বতঃপ্রণোদিতভাৱে মানুহৰ মনৰ পৰা ধৰ্মীয় গোড়ামি আৰু সাম্প্রদায়িক ভেদভাব নোহোৱা হ’বলৈ ধৰিলে ৷

অসমীয়া সংস্কৃতিৰ সমন্বয় আৰু গতিশীলতাৰ কাৰণে এইটো আছিল এক স্বাভাৱিক প্ৰক্ৰিয়া। এনেদৰেই সময়ৰ পৰিবৰ্তনৰ লগে লগে আধুনিক শিক্ষা, যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণ, সাংস্কৃতিক মূল্যবোধৰ পৰিবৰ্তন প্রভৃতি বিবিধ কাৰকে সাম্প্রদায়িক সম্প্রীতি, ঐক্য আৰু সংহতিৰ বান্ধোন কটকটীয়া কৰি অসমীয়া জাতীয় জীৱন সমৃদ্ধ কৰিছে।

(গ) এইয়া আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা।

উত্তৰ : উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য-সুবাস’ৰ অন্তৰ্গত আব্দুছ ছাত্তাৰ বিৰচিত ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’ শীৰ্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে। অসমীয়া সংস্কৃতিৰ মূলতে হৈছে সমন্বয়। এই দেশলৈ বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ লোক আহিছে যদিও তেওঁলোকে নিজৰ মাতৃভূমিৰ ভাষা-সংস্কৃতি পৰিহাৰ কৰি অসমীয়া সংস্কৃতি আৰু ভাষা নিজৰ বুলি আদৰি লৈছে।

তেনে কৰিবলৈ যাওঁতে তেওঁলোকে পুৰুষানুক্রমে লাভ কৰি অহা বিভিন্ন ৰীতি-নীতি, আচাৰ ব্যৱহাৰ অসমীয়া সংস্কৃতিত সোমাই পৰিছে। এনেদৰে আদান-প্রদান, বিনিময় আৰু গ্ৰহণ-বৰ্জনৰ মাজেদি অসমীয়া সংস্কৃতিয়ে বৰ্ণাঢ্য আৰু বৈচিত্র্যময় ৰূপ লাভ কৰিছে।

অসমলৈ ব্যৱসায় সূত্ৰে অহা শিখ, পঞ্জাৱী, মাৰোৱাৰী, বিহাৰী, ৰাজস্থানী প্রভৃতি ভাৰতৰ অন্যান্য প্ৰদেশৰ পৰা অহা লোকসকলেও মূল পৰিচয় ৰক্ষা কৰিও বহুতেই অসমীয়া হৈ পৰিল। বাহিৰৰ পৰা অহা সকলোৱেই এই দেশখনক নিজৰ বুলি ল’লে— ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰিলে । গতিকে এই সকলো লগ লাগি বৃহৎ অসমীয়া জাতি গঢ়ি উঠিল।

প্রশ্ন ৯। সন্ধি ভাঙা :

উত্তৰ :

সংস্কৃতি: সম + কৃতি।

জলাঞ্জলি: জল + অঞ্জলি।

ভৌগোলিক: ভৌগোল + ইক।

উচ্ছৃঙ্খল: উৎ + শৃঙ্খল।

জগজ্জননী: জগৎ + জননী।

সম + কৃতি = সংস্কৃতি।

বৃহৎ + পতি = বৃহস্পতি।

নিঃ + চয় = নিশ্চয়।

প্রশ্ন ১০। ‘প্র’ উপসর্গ লগলগাই তিনিটা শব্দ গঠন কৰা।

উত্তৰ : ‘প্র’ উপসর্গটি আৰম্ভ, খ্যাতি, ভাল বেছি প্ৰভৃতি অৰ্থ বুজাবৰ কাৰণে ব্যৱহৃত হয়।

উদাহৰণ স্বৰূপে:

দুঃ+ চৰিত্ৰ = দুশ্চৰিত্ৰ

দুঃ+ অৱস্থা = দুৰৱস্থা।

নিঃ+ আকাৰ = নিৰাকাৰ।

প্ৰখৰ, প্ৰগতি, প্ৰচলন, প্রণাম, প্রবাহ, প্রশংসা, প্ৰভাৱ, প্ৰয়োগ, প্রমোদ, প্রস্থান, ইত্যাদি ।

প্রশ্ন ১১। বাক্য ৰচনা কৰা—

ভাষা-সংস্কৃতি, পূজা-পার্বণ, বেপাৰ-বাণিজ্য, সহজ-সৰল, দিয়া-লোৱা

উত্তৰ :

ভাষা-সংস্কৃতি : ভাষা-সংস্কৃতিয়ে এটা জাতিৰ শ্ৰেষ্ঠত্ব সুচায়।
পূজা-পার্বণ:পূজা-পার্বণ হিন্দুধৰ্মত পুৰণি কালৰে পৰা প্ৰচলিত হৈ আছে।
বেপাৰ-বাণিজ্য : বেপাৰ-বাণিজ্যই অর্থনৈতিক উন্নতিৰ পৰিচায়ক।
সহজ-সৰল: গাঁৱলীয়া মানুহ দৰাচলতে সহজ-সৰল।
দিয়া-লোৱা : সমন্বয় প্ৰক্ৰিয়াৰ বাবে দিয়া-লোৱা অতি জৰুৰী।
এৰা ধৰা : এৰা-ধৰাৰ মনোভাৱে সম্প্ৰীতিত ইন্ধন যোগায়।

প্রশ্ন ১। অতীতৰ কামৰূপৰ ভিতৰত কোন কোন জনগোষ্ঠী পৰে?

উত্তৰ : অতীতত অসম বা কামৰূপ বুলি কওঁতে এটা সময়ত বৰ্তমান অৰুণাচলৰ অন্তর্গত অকা, ডফলা, আবৰ, মিছিমি আদি জনগোষ্ঠীও পৰে।

প্রশ্ন ২। অসমৰ পুৰণি সাহিত্যৰ সমল কি কি ?

উত্তৰ : অসমৰ পুৰণি সাহিত্যৰ সমল হৈছে— অলিখিত গৰখীয়া নাম, নিচুকণি গীত, নাওখেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুনাম, দেহবিচাৰৰ গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন ইত্যাদি।

প্রশ্ন ৩। জাহ যোৱাৰ ব্যৱস্থা কি? এই প্ৰক্ৰিয়া কেনেদৰে ঘটে?

উত্তৰ: সেই সময়ত বাহিৰৰ পৰা অহা মানুহবোৰ যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি এই দেশৰ ভাষা-সংস্কৃতি ক্রমান্বয়ে গ্ৰহণ কৰিবলৈ ধৰিলে। এইয়া হ’ল এটা সংস্কৃতিসম্পন্ন জাতি আন এটা সংস্কৃতিসম্পন্ন জাতিৰ লগত জাহ যোৱাৰ ব্যৱস্থা।

প্রশ্ন ৪। অসমীয়া সংস্কৃতিৰ ৰূপান্তৰ কেনেদৰে ঘটিছিল?

উত্তৰ : বাহিৰৰ পৰা অহা সকলোৱেই এই দেশখনক নিজৰ দেশ বুলি ল’লে ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰিলে । গতিকে এই সকলো লগলাগি বৃহৎ অসমীয়া জাতি গঢ়ি উঠিল । লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।

প্রশ্ন ৫। ভাষিক সংমিশ্রণে অসমীয়া জাতিক কেনেদৰে কটকটীয়া কৰিলে ?

উত্তৰ : থলুৱা অসমীয়া ভাষাতো নানা ভাষাৰ শব্দমালাই ঠাই পালে। ভাষিক সংমিশ্রণে অসমীয়া জাতি আৰু সংস্কৃতিক বেছি কটকটীয়া কৰিলে৷

প্রশ্ন ৬। অসম ৰাজ্যত ধৰ্মনিৰপেক্ষতাৰ নীতি কেতিয়াৰে পৰা চলি আহিছিল ?

উত্তৰ : ভাৰতীয় সংবিধানৰ স্বীকৃত ধৰ্ম-নিৰপেক্ষ নীতি— অঘোষিতভাৱে কোনোবা কালৰ পৰা অসম ৰাজ্যত বৰ্তি আছিল।

প্রশ্ন ৭। অসমৰ থলুৱা জনগোষ্ঠীসমূহে কেনেদৰে নিজৰ ভাষাটোৰ লগতে অসমীয়া ভাষাটো জীয়াই ৰখাত সহায় কৰিছে?

উত্তৰ : মিচিং, কছাৰী, তিৱা, কাৰ্বি, দেউৰী আদি সম্প্রদায়ে নিজ নিজ ভাষা জীয়াই ৰখাৰ উপৰি অসমৰ অসমীয়া ভাষাটো বুজে আৰু কয়। বাহিৰৰ পৰা অহা সকলোৱেই এই অসমীয়া ভাষাৰেই এইসকল মূলৰ ভাষাগোষ্ঠীৰ লগত ভাবৰ আদান-প্রদান কৰে।

প্রশ্ন ৮। ভাষিক সংমিশ্ৰণৰ সুফল কেনেদৰে অসমে লাভ কৰিছে?

উত্তৰ : ভাষিক সংমিশ্ৰণৰ কাৰণেই অসম ৰাজ্যত আহোমে আহোম ভাষাৰে, ব্ৰাহ্মণ- ক্ষত্ৰিয়ই সংস্কৃতেৰে আৰু মুছলমানে আৰবী-ফাৰ্ছীৰে কথা নাপাতে। এই সকলোবোৰৰ মাতৃভাষা হৈছে অসমীয়া। এইয়া হৈছে জাহ যোৱাৰ নীতি।

প্রশ্ন ৯। অসমৰ স্বাধীনতা সূর্য কেতিয়া অস্ত গ’ল ?

উত্তৰ : ইয়াণ্ডাবু সন্ধিৰ পাছতেই অসমৰ স্বাধীনতা সূর্য অস্ত গ’ল।

প্রশ্ন ১০। চাহ বনুৱাসকল ভাৰতবৰ্ষৰ কোন কোন ঠাইৰ পৰা আহিছিল ?

উত্তৰ : চাহ বনুৱাসকল ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চল, বিশেষকৈ, বিহাৰ, উৰিষ্যা, মধ্যপ্রদেশ, আৰু উত্তৰপ্ৰদেশৰ পৰা আহিছিল।

প্রশ্ন ১১। চাহ জনজাতিসকল কেনেদৰে অসমীয়া জাতীয় সংস্কৃতিৰ সৈতে মিলি গ’ল ?

উত্তৰ : চাহ-জনজাতিসকলৰ মাজত চাওতাল, কুর্মি, মোছহৰ, মুণ্ডা, তেলেঙা, হো, ভূমিজ, ওৰা, তাঁতী, লোহাৰ আদি অসমৰ চাহ-উদ্যোগৰ অপৰিহাৰ্য কৰ্মীৰূপে এইসকল অসমত বৰ্তি থাকিল। কালক্ৰমত এইসকলেই নিজৰ কৃষ্টি-সংস্কৃতি কিছু সংৰক্ষণ কৰি হ’লেও অসমীয়া মাত-কথা গ্ৰহণ কৰি থলুৱা লোকৰ আচাৰ-নীতি, সাজপাৰ গ্ৰহণ কৰি কালৰ সোঁতত অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ আৰ্থিক জীৱনত অৰিহণা যোগালে।

প্রশ্ন ১২। ইছলামধর্মী লোকসকল মূলতঃ ক’ৰ পৰা প্ৰব্ৰজিত হৈছিল ?

উত্তৰ : কুৰি শতিকাৰ চতুৰ্থ দশকত মৈমনসিংহ আৰু পূৰ্ববংগৰ পৰা ভালেমান ইছলামধৰ্মী লোক চৰকাৰী পৃষ্ঠপোষকতাতে আহি অসমত বসতি স্থাপন কৰেহি। এওঁলোকে নগাওঁ, কামৰূপ, দৰং আৰু গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত মাটি ভাঙি খেতি কৰিবলৈ আৰম্ভ কৰে। চৰ অঞ্চল আৰু বাকৰি আবাদ কৰে।

প্রশ্ন ১৩। অসমৰ ন-অসমীয়া লোকসকল কোন?

উত্তৰ: মৈমনসিংহ আৰু পূর্ববঙ্গৰ পৰা অহা লোকসকলে নিজৰ মাতৃভাষা জলাঞ্জলি দি অসমীয়া ভাষাকে গ্রহণ কৰি থলুৱা মানুহৰ লগত মিলি যোৱাৰ প্ৰয়াস কৰিলে। এওঁলোকেই ন-অসমীয়া ৰূপে পৰিচিত হ’ল ।

প্রশ্ন ১৪। ব্যৱসায় সূত্রে কোনসকল লোক আহি অসমত বসতি বিস্তাৰ কৰিছেহি ?

উত্তৰঃ অসমত যাতায়াত আৰু যোগাযোগৰ সুবিধা হোৱাত বেপাৰ-বাণিজ্যৰ কাৰণে পঞ্জাবী, শিখ, মাৰোৱাৰী, বিহাৰী, ৰাজস্থানী আদি ভালেমান লোক আহি অসমত বসতি স্থাপন কৰিলেহি।

প্রশ্ন ১৫। জাহ যোৱাৰ এটা প্ৰধান উপায় কি ?

উত্তৰ: জাহ যোৱাৰ এটাপ্রধান উপায় হৈছে ভাষা গ্রহণ। বাণিজ্য সূত্রে বিভিন্ন ঠাইৰ পৰা আহি অসমত বসবাস কৰা লোকসকলে নিজৰ মূল ৰক্ষা কৰিও বহুতেই অসমীয়া হৈ পৰিল।

প্রশ্ন ১৬। সংস্কৃতিগতভাৱে স্বকীয়তা কেনেদৰে বৰ্তাই ৰাখিব পাৰি?

উত্তৰ : যেতিয়া বাহিৰৰ পৰা অহাসকলে থাইলেণ্ড, দিল্লী আৰু কনৌজ আদি ঠাইৰ লগত সম্বন্ধ বিচ্ছিন্ন কৰি অসমীয়াৰূপে নিজকে গণ্য কৰি এইদেশীয় সংস্কৃতি গ্ৰহণ কৰি থাকিবলৈ ল’লে তেতিয়া আৰু সেইসকল অসমত বিদেশী হৈ নাথাকিল। একমাত্র নিজ নিজ ধর্ম পালন কৰি সংস্কৃতিগতভাৱে থকাটোতহে স্বকীয়তা পৰিলক্ষিত হ’ল।

প্রশ্ন ১৬। মুছলমানৰ যোগেদি অহা খাদ্যসম্ভাৰ কি কি?

উত্তৰ : পৰাথা, পোলাও, কোর্মা-কোপ্তা, কে’ক-বিস্কুট, ৰুটি ইত্যাদি খাদ্য সামাজিকভাৱে হোটেলৰ যোগেদি পৰিবেশিত হ’ল।

প্রশ্ন ১৭। বঙ্গদেশৰ পৰা কি কি খাদ্যসম্ভাৰ অসমত প্ৰবেশ কৰে?

উত্তৰ : ধঁসগোল্লা, লালমোহন, চিঙ্গাৰা, আদি বংগদেশৰ যোগেদি অসমীয়া খাদ্যসম্ভাৰৰ অন্তৰ্গত হ’ল ।

প্রশ্ন ১৮। কি কি মাদ্রাজী খাদ্যসম্ভাৰ অসমত প্ৰবেশ কৰে?

উত্তৰ : মাদ্রাজী ড’চা, চাম্বাৰ আৰু ইডলি হোটেলৰ যোগেদি অসমীয়া খাদ্য সম্ভাৰৰ অন্তর্ভুক্ত হ’ল।

প্রশ্ন ১৯। কোনবোৰ প্ৰক্ৰিয়া স্বতঃপ্রণোদিতভাৱে সংঘটিত হয়?

উত্তৰ : কালক্ৰমত বিয়া-বাৰুত হিন্দু-মুছলমান সকলো লোকে যোগ দিয়া হ’ল। মৰা জীয়াৰ খবৰ কৰা হ’ল । মৰাশ সৎকাৰতো ভাগ লোৱা হ’ল। সকলো উৎসৱতে সকলোৱে যোগ দিয়া হ’ল ৷ এই গোটেইবোৰ হ’ল স্বতঃপ্রণোদিতভাৱে হোৱা প্ৰক্ৰিয়া ।

প্রশ্ন ২০। অসমীয়া সংস্কৃতিৰ সাৰ্থকতা কিহৰ ওপৰত নিৰ্ভৰশীল ?

উত্তৰ : জাতীয় সম্প্ৰীতি আৰু সংহতি ৰক্ষাৰ কাৰণে সুসংহত সংস্কৃতিক বৈচিত্র্যময় ৰূপত গঢ়ি তোলাৰ ওপৰতেই অসমীয়া সংস্কৃতিৰ সাৰ্থকতা নিৰ্ভৰ কৰিছে।

প্রশ্ন ২১। বৃটিছ অহাৰ লগে লগে কি কি দিশত পৰিবৰ্তন সূচিত হ’ল? নাইবা, “ব্ৰিটিছ আহিল— চাহ উদ্যোগ প্রতিষ্ঠাঁ হ’ল”— লিখকে চাহ উদ্যোগ প্রতিষ্ঠা হোৱাৰ লগত আমাৰ দেশৰ কি পৰিৱৰ্তন লক্ষ্য কৰিছে বুজাই লিখা। [HSLC.’16]

উত্তৰ: বৃটিছসকল অহাৰ লগে লগে ৰেলগাড়ী যেনেকৈ আহিল, কোট-পেণ্টো আহিল, কেক-বিস্কুটো আহিল, বিমান আৰু মটৰ পৰিবহনো চালু হ’ল। হোটেল প্রতিষ্ঠা হ’ল। বিভিন্ন খাদ্য-সামগ্ৰী পৰিবেশন কৰিবলৈ ল’লে। বৃটিছসকল অহাৰ লগে লগে যাতায়াত ব্যৱস্থা সুচল হ’ল। জলপথ, স্থলপথ আৰু আকাশীপথেৰে ইঠাইৰ সৈতে সিঠাইৰ যোগাযোগ স্থাপন হ’ল। চাহবাগিছা প্ৰতিষ্ঠা কৰি বৃটিছসকলে চাহ উদ্যোগৰ সম্প্ৰসাৰণ ঘটালে। লিডু, মাৰ্ঘেৰিটা প্রভৃতি ঠাইত কয়লাৰ খনিৰ যোগেদি কয়লাৰ ব্যৱসায় আৰম্ভ কৰিলে। ডিগবৈত তেল শোধনাগাৰ স্থাপন কৰা হ’ল।

দুলিয়াজান, ডিগবৈ, নাহৰকটীয়া, মৰাণ, শিৱসাগৰ প্রভৃতি বিভিন্ন ঠাইত খাৰুৱা তেলৰ পুং খন্দা হ’ল। অসমত খাৰুৱা তেলৰ উদ্যোগ গঢ়ি উঠিল। ঊনবিংশ শতিকাৰ চতুৰ্থ দশকত ইংৰাজী স্কুল প্রতিষ্ঠা হ’ল। কুৰি শতিকাৰ প্ৰথম দশকত কলেজ প্রতিষ্ঠা হ’ল। গতিকে বৃটিছৰ আগমনে অসমৰ শিক্ষা, যাতায়াত, কৃষি, যোগাযোগ, ব্যৱসায়- বাণিজ্য প্রভৃতি বিভিন্ন দিশত পৰিবৰ্তনৰ সূচনা কৰিলে।

প্রশ্ন ২২। ‘এইবিলাকক এতিয়া আহঁফলা বিচাৰেৰে ভাগ কৰিব নালাগে।’ তাৎপর্য লিখা।

উত্তৰ : উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য-সুবাস’ৰ অন্তৰ্গত আব্দুছ ছাত্তার বিৰচিত ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’ শীৰ্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে। অসমত এসময়ত জাতকুলৰ বিচাৰ অতি প্ৰবল আছিল। সমাজৰ কিছুমান ধর্মীয় বাধ্যবাধকতাৰ বাবে হিন্দু মুছলমানৰ মাজত সামাজিকভাৱে খোৱা-বোৱা নচলিছিল।

বৃটিছসকল অহাৰ পিছত উদ্যোগৰ সম্প্ৰসাৰণৰ ফলস্বৰূপে বিভিন্ন খাদ্যসম্ভাৰ মুকলিকৈ পৰিবেশনৰ ব্যৱস্থা হোৱাত পৰাথা, পোলাও, কোর্মা, কেক, বিস্কুট, ৰসগোল্লা, লালমোহন, চিঙ্গাৰা, লুচি-পুৰী, ডো’’চা চাম্বাৰ ইডলি প্রভৃতি বিবিধ খাদ্যসম্ভাৰত কোনো বাধ্যবাধকতা নোহোৱা হ’ল।

লাহে লাহে জাত-কুলৰ বান্ধোন শিথিল হৈ পৰিল আৰু মানুহে বিবিধ খাদ্য গ্রহণক মুকলিমূৰীয়া ভাব প্ৰকাশ কৰিলে। বিয়া-বাৰু আদিত হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ মানুহ একেলগে বহি খাব পৰা হ’ল। তেনেদৰে মৰাশ সৎকাৰতো সকলোৱে একেলগে ভাগ লবলৈ ধৰিলে।

বিহু, পূজা, ঈদ আদিত জাতি-ধর্ম নির্বিশেষে সকলো মানুহে মুকলিমূৰীয়াকৈ কৰা অংশগ্রহণে জাতি ভেদৰ প্ৰাচীৰ ক্ৰমান্বয়ে নোহোৱা কৰিলে । মানুহৰ মাজত সদ্ভাৱ-সম্প্রীতি বৃদ্ধি পালে। মানুহৰ মনবোৰ মুকলি হ’ল। আগৰ দৰে ধৰ্ম আৰু জাতিভেদৰ নিৰৰ্থক তৰ্ক-যুদ্ধ কৰাৰ সময় উকলি যোৱা কথাটো সকলোৱে মানি ল’লে।

প্রশ্ন ২৩। লগে লগে নতুন এদল বৃত্তিয়াল আহি অসম দেশত বসবাস কৰিবলৈ ল’লে।

উত্তৰ : ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি অসম দেশ বৃটিছৰ অধীনলৈ যায়। ৰবাৰ্ট ব্ৰুছে উজনি অসমত চাহ আবিষ্কাৰ কৰি প্ৰথমে চাবুৱাত চাহ খেতি আৰম্ভ কৰে। চাহ খেতিত কাম কৰিবৰ বাবে প্রয়োজনীয় বনুৱাসমূহ ভাৰতৰ বিভিন্ন ৰাজ্য—বিশেষকৈ বিহাৰ, উৰিষ্যা, মধ্যপ্রদেশ আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন ঠাইৰ পৰা অনা হয়। এই বৃত্তিয়াল লোকসকল অতি পৰিশ্ৰমী আৰু অতি দৰিদ্ৰ হোৱা বাবে বৃটিছে তেওঁলোকক কম মজুৰিতে কামত খটুৱাব পাৰিছিল।

তাৰ যোগেদি তেওঁলোকে চাহ শিল্পৰ মাধ্যমেদি যথেষ্ট উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। চাহ-জনগোষ্ঠীৰ ভিতৰত চাওতাল, ভূমিজ, মোছহৰ, তেলেঙা, হো, ওৰা, তাঁতী, লোহাৰ প্ৰভৃতি বিভিন্ন জনগোষ্ঠীৰ লোক আছিল। তেওঁলোক আহি অসমত স্থায়ীভাৱে বসবাস কৰিবলৈ ল’লে আৰু তেওঁলোকৰ সতি-সন্ততিবোৰেই বৰ্তমানৰ চাহ জনগোষ্ঠীৰ লোকসকল।

তেওঁলোক ঊনবিংশ শতিকাৰ তৃতীয় চতুৰ্থ-দশকৰ পৰা বিভিন্ন সময়ত অসমলৈ আহিছিল আৰু অসমৰ চাহ শিল্পৰ সম্প্ৰসাৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁলোক অশিক্ষিত আছিল বাবেই বৃটিছে তেওঁলোকক অর্থনৈতিকভাৱে শোষণ কৰাৰ বাবে সুবিধা পাইছিল। বিভিন্ন স্থানৰ পৰা অহাৰ বাবে বনুৱাসকল প্ৰথম অৱস্থাত সংগঠিত হ’ব পৰা নাছিল।

প্রশ্ন ২৪। জনজাতীয় গোষ্ঠীক অন্য এটা কি নামেৰে জনা যায়? [HSLC.19]

উত্তৰ : ‘জনজাতি’ নামেৰে।

প্রশ্ন ২৫। আব্দুছ ছাত্তাৰ অসম সাহিত্য সভাৰ কি পদত অধিষ্ঠিত হৈছিল? [HSLC, 20]

উত্তৰ : সম্পাদক পদত অধিষ্ঠিত হৈছিল।

Conclusion:

আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।

আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।

Leave a Comment

error: Content is protected !!