Class 10 Assamese Chapter 16 |প্রাচীন ভাৰতীয় শিক্ষা |Question Answer

Class 10 Assamese Lesson 15 প্রাচীন ভাৰতীয় শিক্ষা (হেমচন্দ্র গোস্বামী (১৮৭২-১৯২৮)) Question Answer:

আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক দশম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।

দশম শ্ৰেণী শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ কিয়নো তেওঁলোকে আগন্তুক ব’ৰ্ড পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে, যি তেওঁলোকৰ শৈক্ষিক সফলতা নিৰ্ধাৰণ কৰিব।

আজি, এই প্ৰবন্ধটোত মই আপোনাৰ দশম শ্ৰেণীৰ অসমীয়া পাঠ “প্রাচীন ভাৰতীয় শিক্ষা (হেমচন্দ্র গোস্বামী (১৮৭২-১৯২৮))” অসমীয়া পাঠ দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন প্ৰদান কৰিছোঁ।

আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।

পাঠভিত্তিক প্রশ্নোত্তৰ

ভাববিষয়ক প্রশ্নোত্তৰ :

প্রশ্ন ১। চমু উত্তৰ লিখা-

(ক) তক্ষশীলা বিশ্ববিদ্যালয়ৰ তিনিজন প্রখ্যাত ছাত্ৰৰ নাম লিখা?

উত্তৰ : বুদ্ধদেৱৰ চিকিৎসক জীৱক, পাণিনি আৰু চাণক্য।

(খ) তক্ষশীলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল ?

উত্তৰ : পাৰস্য, বেকট্ৰিয়া, মগধ আৰু চীন দেশ আদিৰ পৰা ।

(গ) নাগার্জুন কোন ? ক’ত আছিল আৰু কি কৰিছিল ?

উত্তৰ : নাগার্জুন শ্রীধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল।

(ঘ) নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্রক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল ? নিমন্ত্ৰণ কৰা ৰজাজন কোন?

উত্তৰ : চীনা ছাত্ৰজন আছিল য়ুয়ানচাঙ আৰু নিমন্ত্ৰণ কৰা ৰজাজন আছিল ভাস্কৰ বর্মা।

(ঙ) উদান্তপুৰী বিশ্ববিদ্যালয়ত কি সম্পদ কোনে, কেতিয়া ধ্বংস কৰিলে?

উত্তৰ : উদান্তপুৰী বিশ্ববিদ্যালয়ৰ সেই সম্পদটো হ’ল— এটা বহুমূলীয়া পুথিভঁৰাল। এই পুথিভঁৰালটো ১২০২ খ্ৰীষ্টাব্দত মুছলমানবিলাকে ধ্বংস কৰিলে ৷

(চ) কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলনক্ষেত্ৰ আছিল?

উত্তৰ : মহাজাৰ বিক্রমাদিত্যৰ ৰাজত্বৰ দিনত ভাৰতবৰ্ষৰ সকলো পণ্ডিতৰ মিলনক্ষেত্ৰ আছিল উজ্জয়িনী বিশ্ববিদ্যালয় ।

প্রশ্ন ২। ‘প্রাচীন ভাৰতীয় শিক্ষা’ পাঠটিৰ কথাখিনি চমুকৈ লিখা।

উত্তৰ: আৰ্য শিক্ষাৰ মূলমন্ত্র মোক্ষ লাভ হ’লেও তাক কৰ্ম, ভক্তি আৰু জ্ঞানৰ দ্বাৰাহে লাভ কৰাৰ বিধান আছে। প্রতি মানুহৰ পুৰুষাৰ্থক চাৰি ভাগত ভাগ কৰিছিল— ধৰ্ম, অৰ্থ, কাম, মোক্ষ। মোক্ষক পৰম পুৰুষাৰ্থ বুলি ধৰিলেও তাৰ অধিকাৰী স্বভাৱতে কম হ’ব বুলি ভাবি সৰ্বসাধাৰণ মানুহৰ বাবে বাকী তিনি বৰ্গৰ সাধনা বিধান কৰিছিল। ত্যাগ শিক্ষাৰ চৰম উদ্দেশ্য হ’লেও অনাসক্ত ভোগকহে প্রকৃত ত্যাগ বুলিছিল।

এনেবোৰ শিক্ষাৰ কাৰণে প্রাচীন ভাৰতত ছয়টা বিশ্ববিদ্যালয় আছিল। এই ছয়টা হ’ল— তক্ষশীলা, শ্রীধান্যকটক, নালন্দা, উদান্তপুৰী, দেৱবিহাৰ বা বিক্রমশীলা আৰু উজ্জয়িনী।

তক্ষশীলা বিশ্ববিদ্যালয় খ্রীষ্টপূর্ব এক শতিকালৈকে আছিল । এই বিশ্ববিদ্যালয়ৰ তলত কেইবাখনো চতুষ্পাঠী আছিল আৰু তাত ওঠৰবিধ শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰ-বিদ্যা, চিত্রাংকন, মূর্তিকটা আৰু আন আন হাতেৰে কৰা বিদ্যাৰ শিক্ষা দিয়া হৈছিল। ইয়াত অত্রেয় ঋষিয়ে আয়ুর্বেদ শিক্ষা দিছিল। এই বিশ্ববিদ্যালয়ৰ তিনিজন প্রখ্যাত ছাত্ৰ হ’ল— বুদ্ধদেৱৰ চিকিৎসক জীৱক, পাণিনি আৰু চাণক্য। এই বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ পাৰস্য, বেকত্রিয়া, মগধ, চীন আদি দেশৰ পৰাও ছাত্ৰ আহিছিল। ই হিন্দু বিশ্ববিদ্যালয় গুচি বুদ্ধবিশ্ববিদ্যালয় হ’ল।

শ্রীধান্যকটক বিশ্ববিদ্যালয়ত হিন্দু আৰু বৌদ্ধ দুয়োবিধ শিক্ষা দিয়া হৈছিল। নাগার্জুন আছিল ইয়াৰ প্ৰধান শিক্ষক। খ্রীষ্টপূর্ব এক শতিকালৈ এই বিশ্ববিদ্যালয় আছিল। নালন্দা বিশ্ববিদ্যালয়ত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। এই বিশ্ববিদ্যালয়ৰ বাহিৰে ভিতৰে দহ হাজাৰ ছাত্ৰ আছিল। দেশ-বিদেশৰ ছাত্ৰৰে বিশ্ববিদ্যালয়খন ভৰি আছিল। ইয়াত ন-তলীয়া এটা পুথিভঁৰাল আছিল।

পুথিভঁৰালটোৰ নাম আছিল ‘ৰত্নোদধি’। শিক্ষাগাৰটোত এশটা কোঠালিত এশটা শ্ৰেণী বহিব পাৰিছিল। এই বিশ্ববিদ্যালয়ত যেতিয়া চীন দেশৰ পৰিব্ৰাজক য়ুয়ানচ্যাঙে যোগশাস্ত্র পঢ়ি আছিল তেতিয়া কামৰূপৰ ৰজা ভাস্কৰ বৰ্মাই তেওঁক কামৰূপলৈ আমন্ত্ৰণ জনাইছিল। এই বিশ্ববিদ্যালয় খ্রীষ্টপূর্ব এক শতিকাৰ পৰা আঠ খ্ৰীষ্টাব্দলৈকে তিষ্ঠি আছিল। শীলভদ্র এই বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল।

উদান্তপুৰী বিশ্ববিদ্যালয় খ্ৰীষ্টীয় ৮ম শতাব্দীত বিখ্যাত হৈ পৰিছিল। এই বিশ্ববিদ্যালয়ত এটা বহুমূলীয়া পুথিভঁৰাল আছিল। পিছত ১২০২ খ্ৰীষ্টাব্দত মুছলমানবিলাকে ইয়াক নষ্ট কৰিলে। দেৱ বিহাৰ বা বিক্রমশীলা বিশ্ববিদ্যালয়ৰ তলত ছয়টা উচ্চ বিদ্যালয় আৰু ১০৮ জন অধ্যাপক আছিল। ছাত্র থাকিবৰ কাৰণে ইয়াত চাৰিখন সত্ৰ বা ছাত্রাবাস আছিল। ৪০০ বছৰৰ পাছত এই বিশ্ববিদ্যালয় নষ্ট হয়।

উজ্জয়িনী বিশ্ববিদ্যালয় বিক্রমাদিত্যৰ দিনত ভাৰতবৰ্ষত সকলো পণ্ডিতৰে মিলন ক্ষেত্ৰ আছিল। ইয়াত বিশেষকৈ জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। বুদ্ধদেৱৰ দিনত ই প্ৰখ্যাত হৈ পৰিছিল। আর্যশিক্ষা ৬৪ কলাবিদ্যাৰ শিক্ষা ১১ টা নির্দিষ্ট বিভাগত দিয়া হৈছিল। এই ১১ টা বিভাগ হ’ল– (১) সাহিত্য, (২) গৃহপাল বিদ্যা, (৩) ৰন্ধন বিদ্যা, (৪) সাজ-সজ্জা আৰু পৰিচ্ছদ বিদ্যা, (৫) হাতেৰে কাম কৰা বিদ্যা, (৬) শিল্প বিদ্যা, (৭) বিজ্ঞান, (৮) সংগীত বিদ্যা, (৯) নাট্য বিদ্যা, (১০) শিষ্টাচাৰ বিদ্যা, (১১) শাৰীৰিক ব্যায়াম বিদ্যা।

ওপৰৰ বৰ্ণনাৰ পৰা বুজা যায় আন সভ্য দেশত ছাত্ৰৰ শিক্ষাৰ কাৰণে যেনে ব্যৱস্থা আছিল, আমাৰ ভাৰতবৰ্ষতো তাতোকৈ কম ব্যৱস্থা নাছিল। আগৰ কালত এইবোৰ বিশ্ববিদ্যালয়ত ছাত্ৰই পঢ়ি-শুনি সত্য উদ্ঘাটন কৰিছিল— কিন্তু বর্তমান ভাৰতত শিক্ষা ব্যৱস্থাই তেনে ছাত্ৰ-ছাত্ৰী খুব কমেহে উৎপাদন কৰিব পাৰিছে। আজিকালিৰ শিক্ষা চাকৰিমুখ শিক্ষা হোৱাৰ কাৰণেই তেনে সত্যসন্ধানী ছাত্র বিশেষভাৱে সৃষ্টি কৰিব পৰা নাই।

প্রশ্ন ৩। প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ চমু পৰিচয় দিয়া।

উত্তৰ : প্রাচীন ভাৰতত ছয়খন বিশ্ববিদ্যালয় আছিল। এই ছয়খনৰ চমু পৰিচয় তলত দিয়া হ’ল—

(১) তক্ষশীলা বিশ্ববিদ্যালয়: এই বিশ্ববিদ্যালয় খ্রীষ্টপূর্ব এক শতিকালৈকে আছিল। এই বিশ্ববিদ্যালয়ৰ তলত কেবাখনো চতুষ্পাঠী আছিল। তাত ওঠৰ বিধ শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰ-বিদ্যা, চিত্ৰাংকন, মূৰ্তিকটা আৰু আন আন হাতেৰে কৰা বিদ্যাৰ শিক্ষা দিয়া হৈছিল। ইয়াতে অত্রেয় ঋষিয়ে আয়ুর্বেদ শিক্ষা দিছিল। এই বিশ্ববিদ্যালয়ৰ তিনিজন প্রখ্যাত ছাত্ৰ হ’ল—বুদ্ধদেৱৰ চিকিৎসক জীৱক, পাণিনি আৰু চানক্য। এই বিশ্ববিদ্যালয়লৈ পাৰস্য, বেকত্রিয়া, মগধ, চীন আদি বিভিন্ন দেশৰ পৰাও ছাত্ৰ আহিছিল। ই প্রথমে হিন্দু বিশ্ববিদ্যালয় আছিল যদিও পিছলৈ ই বুদ্ধবিশ্ববিদ্যালয় হ’ল।

(২) শ্রীধান্যকটক বিশ্ববিদ্যালয়: অম্ৰাৱতী নগৰৰ ওচৰত এই বিশ্ববিদ্যালয় আছিল। ই খ্ৰীষ্টপূর্ব এক শতিকালৈ বৰ্তি আছিল। ইয়াত হিন্দু আৰু বৌদ্ধ এই দুয়োবিধ শিক্ষাকে দিয়া হৈছিল। নাগার্জুন আছিল ইয়াৰ প্ৰধান শিক্ষক।

(৩) নালন্দা বিশ্ববিদ্যালয় : খ্রীষ্টপূর্ব এক শতিকাৰ পৰা আঠ খ্ৰীষ্টাব্দলৈকে এই বিশ্ববিদ্যালয় বৰ্তি আছিল। ইয়াত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। শীলভদ্র এসময়ত এই বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল। বিশ্বৰ বিভিন্ন দেশৰ ছাত্ৰৰে এই বিশ্ববিদ্যালয় ভৰি আছিল। ইয়াত একেলগে দহ হাজাৰ ছাত্ৰই অধ্যয়ন কৰিছিল। পাঠাগাৰটোৰ এশটা কোঠাত এশটা শ্ৰেণী বহিছিল। ভাৰতৰ বৃহৎ পুথিভঁৰালটো ইয়াতেই আছিল। ন- তলীয়া এই পুথিভঁৰালটোৰ নাম আছিল ‘ৰত্নোদধি’। চীন পৰিব্ৰাজক য়ুয়ানচ্যাঙে ইয়াত অধ্যয়ন কৰি থকা অৱস্থাত ৰজা ভাস্কৰ বৰ্মনে তেওঁক কামৰূপলৈ আমন্ত্রণ জনাইছিল। য়ুয়ানচ্যাঙে এই বিশ্ববিদ্যালয়ত যোগশাস্ত্র পঢ়িছিল। এই বিশ্ববিদ্যালয়ত ছাত্ৰক কোনো খৰচ নোলোৱাকৈ শিক্ষাদান কৰা হৈছিল।

(৪) উদান্তপুৰ বিশ্ববিদ্যালয়: পাল ৰজাসকলৰ আগৰ পৰাই এই বিশ্ববিদ্যালয় আছিল যদিও খ্ৰীষ্টীয় ৮ম শতিকাতহে ই খ্যাতি লাভ কৰে। ইয়াত থকা বহুমূলীয়া পুথিভঁৰালটো ১২০২ খ্রীষ্টাব্দত মুছলমানবিলাকে নষ্ট কৰিলে।

(৫) দেৱবিহাৰ বা বিক্রমশীলা বিশ্ববিদ্যালয় : এই বিশ্ববিদ্যালয়ৰ তলত ছয়টা উচ্চ বিদ্যালয় আৰু ১০৮ জন অধ্যাপক আছিল। ইয়াত কোনো খৰচ নোহোৱাকৈ ছাত্ৰক শিজ্ঞাদান কৰা হৈছিল আৰু খাবলৈ, থাকিবলৈ দিয়া হৈছিল। ছাত্ৰ থাকিবৰ বাবে ইয়াৰ গাতে লগাকৈ চাৰিখন সত্ৰ বা ছাত্রাবাস আছিল। ৪০০ বছৰৰ পাছত এই বিশ্ববিদ্যালয় নষ্ট হয়।

(৬) উজ্জয়িনী বিশ্ববিদ্যালয় : উজ্জয়িনীত অৱস্থিত এই বিশ্ববিদ্যালয় ৰজা বিক্রমাদিত্যৰ ৰাজত্বৰ সময়ত ভাৰতবৰ্ষৰ সকলো পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল। ইয়াত ঘাইকৈ জ্যোতিশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। বুদ্ধদেৱৰ দিনতো ই প্ৰখ্যাত হৈ পৰিছিল। ১১ টা বিভাগত আৰ্যশিক্ষাত ৬৪ কলাবিদ্যাৰ শিক্ষা ইয়াত দিয়া হৈছিল। এই ১১ টা বিভাগ হ’ল—(১) সাহিত্য, (২) গৃহপাল বিদ্যা, (৩) ৰন্ধন বিদ্যা, (৪) সাজ-সজ্জা আৰু পৰিচ্ছদ বিদ্যা, (৫) হাতেৰে কাম কৰা বিদ্যা, (৬) শিল্পবিদ্যা, (৭) বিজ্ঞান, (৮) নাট্য বিদ্যা, (৯) সংগীত বিদ্যা, (১০) শিষ্টাচাৰ বিদ্যা, (১১) শাৰীৰিক ব্যায়াম বিদ্যা।

প্রশ্ন ৪। আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটা? প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয় সমূহত আৰ্যশিক্ষাৰ কলা বিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল?

উত্তৰ : আৰ্যশিক্ষাৰ কলাবিদ্যা আছিল ৬৪ টা। সাহিত্য, গৃহপাল বিদ্যা, ৰন্ধন বিদ্যা, সাজ-সজ্জা আৰু পৰিচ্ছদ বিদ্যা, হাতেৰে কাম কৰা বিদ্যা, শিল্পবিদ্যা, বিজ্ঞান, নাট্য বিদ্যা, সংগীত বিদ্যা, শিষ্টাচাৰ বিদ্যা আৰু শাৰীৰিক ব্যায়াম বিদ্যা— এই এঘাৰটা বিভাগত এই ৬৪ টা কলাবিদ্যাৰ শিক্ষা দিয়া হৈছিল।

প্রশ্ন ৩। আজিকালিৰ শিক্ষাৰ লগত প্রাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পার্থক্যৰ কথা বহলাই আলোচনা কৰা ।

উত্তৰ : প্রাচীন কালত ভাৰতত শিক্ষা লাভ কৰি নানা বিষয়ত সিদ্ধি লাভ কৰি নতুন নতুন তত্ত্ব আৰু সত্য আৱিষ্কাৰ কৰিব পাৰিছিল। এই কাম সেই সময়ত প্ৰায়বোৰ ছাত্ৰই কৰিব পাৰিছিল। কিন্তু আজিকালিৰ সকলো ছাত্রই সেইবোৰ ছাত্ৰৰ দৰে শিক্ষা লাভ কৰি তেনেদৰে নতুন নতুন তত্ত্ব আৰু সত্য আৱিষ্কাৰ কৰিব পৰা নাই। অৱশ্যে তাৰে মাজতে নিচেই নগণ্য সংখ্যক ছাত্রকেইজনে প্রতিভা দেখুৱাব পাৰিছে। ইয়াৰ প্ৰধান কাৰণ হ’ল আগৰ দিনত আজিকালিৰ দৰে শিক্ষাৰ উদ্দেশ্য চাকৰি নাছিল।

আগৰ কালৰ শিক্ষাৰ উদ্দেশ্য আছিল মানুহ সজ বৃত্তিবোৰক ফুলাই তুলি অসৎ বৃত্তিবোৰক দমাই বা দলিয়াই পেলাই তেওঁক প্রকৃত মানুহ হিচাপে গঢ়ি তোলা আৰু তেওঁক জীৱন যুদ্ধৰ নিমিত্তে ভালকৈ সাজু কৰা ।

প্রশ্ন ৬। চমুটোকা লিখা :

তক্ষশীলা বিশ্ববিদ্যালয়, বিক্রমশীলা বিশ্ববিদ্যালয়, নালন্দা বিশ্ববিদ্যালয়

উত্তৰ :

তক্ষশীলা বিশ্ববিদ্যালয় : বিশ্ববিদ্যালয় খ্রীষ্টপূর্ব এক শতিকালৈকে বর্তি আছিল। এই বিশ্ববিদ্যালয়ৰ তলত কেবাখনো চতুষ্পাদী আছিল। তাত ওঠৰ বিধ বিষয়ৰ শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰ-বিদ্যা, চিত্রাংকন, মূৰ্তিকটা আৰু আন আন হাতেৰে কৰা বিদ্যাৰ শিক্ষা দিয়া হৈছিল। এই বিশ্ববিদ্যালয়ত অত্রেয় ঋষিয়ে আয়ুর্বেদ শিক্ষা দিছিল।

ইয়াত অধ্যয়ন কৰা প্ৰখ্যাত ছাত্ৰ কেইজনমান হ’ল— বুদ্ধদেৱৰ চিকিৎসক জীৱক, পাণিনি আৰু চাণক্য। এই বিশ্ববিদ্যালয়লৈ পাৰস্য, বেকত্রিয়া, মগধ, চীন আদি বিভিন্ন দেশৰ পৰা পঢ়িবলৈ ছাত্র আহিছিল। ই প্রথমে হিন্দু বিশ্ববিদ্যালয় আছিল যদিও পিছলৈ বুদ্ধবিশ্ববিদ্যালয় হ’ল।

বিক্রমশীলা বিশ্ববিদ্যালয় : বিক্রমশীলা বা দেৱবিহাৰ বিশ্ববিদ্যালয়ৰ তলত ছয়টা উচ্চ বিদ্যালয় আৰু ১০৮ জন অধ্যাপক আছিল। ইয়াত কোনো খৰচ নোলোৱাকৈ ছাত্ৰক পঢ়িবলৈ, খাবলৈ আৰু থাকিবলৈ দিয়া হৈছিল। ছাত্ৰ থাকিবৰ বাবে বিশ্ববিদ্যালয়ৰ গাতে লগা চাৰিখন সত্ৰ বা ছাত্রাবাস আছিল। ৪০০ বছৰৰ পাছত বিশ্ববিদ্যালয়খন নষ্ট হৈ গৈছিল।

নালন্দা বিশ্ববিদ্যালয় : খ্রীষ্টপূর্ব এক শতিকাৰ পৰা খ্ৰীষ্টাব্দ ৮ম শতিকালৈ এই বিশ্ববিদ্যালয়খনি বৰ্তি আছিল। ইয়াত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। শীলভদ্র এসময়ত এই বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল। বিশ্বৰ বিভিন্ন দেশৰ ছাত্ৰৰে এই বিশ্ববিদ্যালয় ভৰি আছিল। ছাত্ৰৰ পৰা কোনো খৰচ নোলোৱাকৈ পাঠদান কৰা হৈছিল। ইয়াত একেলগে দহহাজাৰ ছাত্ৰই অধ্যয়ন কৰিছিল। পাঠাগাৰটোৰ এশটা কোঠাত এশটা শ্ৰেণীত একে সময়তে পাঠদান হৈছিল। ভাৰতৰ আটাইতকৈ বৃহৎ পুথিভঁৰালটো ইয়াতেই আছিল। নতলীয়া এই পুথিভঁৰালটোৰ নাম আছিল ‘ৰত্নোদধি’। চীন পৰিব্ৰাজক য়ুয়ানচাঙে ইয়াত যোগশাস্ত্র পঢ়ি থকাৰ সময়ত কামৰূপৰ পৰা ভাস্কৰ বৰ্মনে তেওঁক কামৰূপলৈ আমন্ত্রণ জনাইছিল।

প্রশ্ন ৭। ‘প্রাচীন ভাৰতীয় শিক্ষা’ প্ৰবন্ধটোৰ পৰা তুমি কি কি মূল্যৱান কথা শিকিলা চমুকৈ লিখা।

উত্তৰ : ‘প্রাচীন ভাৰতীয় শিক্ষা’ প্ৰবন্ধটো পঢ়ি এই কেইটা মূল্যৱান কথা শিকি লোঁ-

(ক) আন আন উন্নত আৰু সৰ্জ দেশত শিক্ষাৰ যি সুবিধা আছিল সেই সুবিধা প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়বোৰতো আছিল।

(খ) আজিকালিৰ শিক্ষাৰ লগত প্রাচীন ভাৰতীয় শিক্ষাৰ যথেষ্ট পার্থক্য আছিল। উদ্দেশ্যও বেলেগ বেলেগ আছিল। আজিৰ শিক্ষাৰ উদ্দেশ্য ছাত্ৰক মানুহ হিচাপে গঢ়ি তোলাতকৈ চাকৰিৰ উপযুক্ত কৰি গঢ়ি তোলাহে; কিন্তু প্রাচীন শিক্ষাৰ উদ্দেশ্য চাকৰিমুখী নাছিল; উদ্দেশ্য আছিল মানুহৰ সজবৃত্তিবোৰক ফুলাই তুলি অসৎ বৃত্তিবোৰক দমাই বা দলিয়াই পেলাই ছাত্ৰক জীৱন যুদ্ধৰ নিমিত্তে ভালকৈ সাজু কৰা ।

(গ) আগৰ ছাত্ৰৰ দৰে আজিকালিৰ বেছিভাগ ছাত্র-ছাত্রীয়ে নতুন নতুন তত্ত্ব আৰু সত্য আবিষ্কাৰত ব্ৰতী নহয়। নতুন নতুন তত্ত্ব আৰু সত্য সন্ধানী হ’লেহে ছাত্ৰ-জীৱন সার্থক হয়, — এই কথাও শিকিলোঁ।

ভাব বিষয়ক প্রশ্নোত্তৰ :

প্রশ্ন ১। বাক্য ৰচনা কৰা :

(ক) স্বাধীন চিন্তা, (খ) জ্যোতিষশাস্ত্র, (গ) পোৰামাটি (ঘ) বাহিৰে-ভিতৰে

উত্তৰ : (ক) স্বাধীন চিন্তা : স্বাধীন চিন্তা কৰিব পাৰিলেহে মন মুকলি হয়।

(খ) জ্যোতিষ শাস্ত্ৰ : প্রাচীন ভাৰতৰ উজ্জয়িনী বিশ্ববিদ্যালয়ত জ্যোতিষ শাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল।

(গ) পোৰামাটিঃ অর্কিয়োলজিকেল বিভাগে খনন কাৰ্য কৰাত ভাস্কৰ বৰ্মাই য়ুয়ানচাঙলৈ দিয়া চিঠিৰ লগতে এটা পোৰামাটিৰ মোহৰ উদ্ধাৰ কৰিছিল।

(ঘ) বাহিৰে-ভিতৰে : নালন্দা বিশ্ববিদ্যালয়ত বাহিৰে-ভিতৰে দহ হাজাৰ ছাত্ৰ আছিল।

প্রশ্ন ২। তলৰ শব্দকেইটাৰ সন্ধি ভাঙা :

শিক্ষাগাৰ, বিদ্যালয়, পুৰুষাৰ্থ

উত্তৰ : শিক্ষাগাৰ: শিক্ষা + আগাৰ

বিদ্যালয়: বিদ্যা + আলয়

পুৰুষাৰ্থ: পুৰুষ + আর্থ।

শব্দাৰ্থ আৰু ভাষাচর্চা :

মোক্ষ : সংসাৰ বন্ধনৰ পৰা মুক্ত পোৱা অৱস্থা, নির্বাণ, মুক্তি।

পুৰুষাৰ্থ : ধৰ্ম, অর্থ, কাম, আৰু মোক্ষ— পুৰুষৰ প্ৰয়োজনীয় এই চাৰি বৰ্গ, চেষ্টা বা যত্ন।

চাণক্য: সংস্কৃত ভাষাৰ প্রথম ব্যাকৰণ প্রণেতা। এওঁৰ সংস্কৃত ব্যাকৰণখন আঠটা অধ্যায়ত সম্পূর্ণ বাবে নামো হৈছে ‘অষ্টাধায়ী’। আদিৰ পৰা অন্তলৈকে ব্যাকৰণখন সূত্ৰৰে বন্ধা ।

পাণিনি : : মৌযবংশীয় ৰজা চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্ৰী। ৰাষ্ট্র বিজ্ঞানৰ এগৰাকী অতি বিচক্ষণ বুদ্ধিৰ লোক। এওঁৰেই অন্য দুটি নাম হ’ল- বিষ্ণুগুপ্ত আৰু কৌটিল্য। ‘অর্থশাস্ত্র’ হ’ল এওঁৰ বিশ্ব বিখ্যাত গ্রন্থ।

অর্থ:

কাম: কামনা, বাসনা।

বিধান: উপায়, ব্যৱস্থা, বীজ, কঠিয়া, সঁচ।

বর্গ: : শ্রেণী।

চম: শেষ, অন্তিম।

অত্রেয় : এজন ঋষি বা মুনি। তেওঁ তক্ষশীলা বিশ্ববিদ্যালয়ত ছাত্ৰক আয়ুর্বেদ শিক্ষা দিছিল। বুদ্ধদেৱৰ চিকিৎসক জীৱক এওঁৰেই ছাত্ৰ আছিল।

নাগার্জুন : শ্রীধান্যকটক বিশ্ববিদ্যালয়ৰ এওঁ আছিল প্রধান শিক্ষক।

শীলভদ্র : এজন উদাসীন পণ্ডিত আছিল। নালন্দা বিশ্ববিদ্যালয়ৰ তেওঁ এটা সময়ত অক্ষ্যক্ষ আছিল।

ৰত্নোদধি : প্রাচীন ভাৰতবৰ্ষৰ সকলোতকৈ ডাঙৰ পুথিভঁৰালটোৰ নাম ‘ৰত্নোদধি’ । এই পুথিভঁৰালটো আছিল নালন্দা বিশ্ববিদ্যালয়ত। পুথিভঁৰালটো—ন-তলীয়া আছিল।

য়ুয়ানচাঙঃ নালন্দা বিশ্ববিদ্যালয়ত ‘যোগশাস্ত্র’ পঢ়িবলৈ অহা এগৰাকী চীনা ছাত্র আৰু পৰিব্ৰাজক।

অতিৰিক্ত প্রশ্নোত্তৰ

(ক) অতি চমু উত্তৰ দিয়া

প্রশ্ন ১। ‘প্রাচীন ভাৰতীয় শিক্ষা’ প্রবন্ধটিৰ লিখক কোন?

উত্তৰ: হেমচন্দ্ৰ গোস্বামী।

প্রশ্ন ২। হেমচন্দ্র গোস্বামীৰ জন্ম ক’ত হৈছিল?

উত্তৰ: গোলাঘাটৰ ওচৰত ঢেকিয়ালত।

প্রশ্ন ৩। হেমচন্দ্র গোস্বামীৰ পিতৃৰ নাম কি?

উত্তৰ: ডম্বৰুৰ্ধৰ গৈাস্বামী।

প্রশ্ন ৪। প্রথম অসমীয়া চনেট কবিতা কোনে লিখিছিল?

উত্তৰ : হেমচন্দ্ৰ গোস্বামীয়ে।

প্রশ্ন ৫। প্রথম অসমীয়া চনেট কবিতাটোৰ নাম কি?

উত্তৰ : ‘প্ৰিয়তমাৰ চিঠি’ ।

প্রশ্ন ৬। হেমচন্দ্র গোস্বামীৰ ৰচিত প্রথম অসমীয়া চনেট কবিতা ‘প্রিয়তমাৰ চিঠি’ প্রথমে ক’ত প্ৰকাশ পাইছিল?

উত্তৰ : ‘জোনাকী’ কাকতত।

প্রশ্ন ৭। হেমচন্দ্র গোস্বামীয়ে কি কাকতৰ সম্পাদকৰ দায়িত্বত আছিল ?

উত্তৰ: ‘জোনাকী’ কাকতৰ৷

প্রশ্ন ৮। ‘ফুলৰ চাকি’ কবিতা সংকলনখনৰ কবি কোন?

উত্তৰঃ হেমচন্দ্ৰ গোস্বামী।

প্রশ্ন ৯। হেমচন্দ্ৰ গোস্বামীৰ যত্নত ছপা হোৱা অভিধানখনৰ নাম কি?

উত্তৰ: ‘হেমকোষ’।

প্রশ্ন ১০। অসম সাহিত্য সভাৰ কোন অধিৱেশনত হেমচন্দ্ৰ গোস্বামীয়ে সভাপতিত্ব কৰিছিল?

উত্তৰ : ১৯২০ চনত তেজপুৰত অনুষ্ঠিত হোৱা অধিৱেশনত।

প্রশ্ন ১১। হেমচন্দ্র গোস্বামীৰ জন্ম আৰু মৃত্যু চন দুটা উল্লেখ কৰা।

উত্তৰ: জন্ম চন— ১৮৭২, মৃত্যু চন ১৯২৮।

প্রশ্ন ১২। ‘পুৰণি অসমৰ বুৰঞ্জী’ গ্ৰন্থখনিৰ লেখক কোন?

উত্তৰ: হেমচন্দ্ৰ গোস্বামী।

প্রশ্ন ১৩। আৰ্যশিক্ষাৰ মূলমন্ত্র কি?

উত্তৰ : মোক্ষলাভ ।

প্রশ্ন ১৪। মোক্ষলাভ কিহৰ ভিতৰেদি পোৱাৰ বিধান আছে?

উত্তৰ: কৰ্ম, ভক্তি আৰু জ্ঞানৰ ভিতৰেদি।

প্রশ্ন ১৫। প্রতি মানুহৰ পুৰুষাৰ্থক কেইভাগত ভাগ কৰিছিল? ভাগবোৰ কি কি?

উত্তৰ : চাৰি ভাগত ভাগ কৰিছিল। ভাগবোৰ হ’ল— ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ।

প্রশ্ন ১৬। প্রাচীন ভাৰতৰ কেইখন বিশ্ববিদ্যালয় আছিল?

উত্তৰ: ছয়খন।

প্রশ্ন ১৭। প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়কেইখনৰ নাম লিখা। [HSLC.’22]

উত্তৰ : বিশ্ববিদ্যালয়কেইখনৰ নাম হ’ল— তক্ষশীলা, শ্রীধান্যকটক, নালন্দা, উদান্তপুৰী, বিক্রমশীলা আৰু উজ্জয়িনী বিশ্ববিদ্যালয়।

প্রশ্ন ১৮। তক্ষশীলা বিশ্ববিদ্যালয়ত কিমান বিধৰ শিক্ষা দিয়া হৈছিল ?

উত্তৰ : ওঠৰ বিধ শিক্ষা।

প্রশ্ন ১৯। তক্ষশীলা বিশ্ববিদ্যালয়ত কি কি বিদ্যাৰ শিক্ষা দিয়া হৈছিল ?

উত্তৰ: ভাস্কৰবিদ্যা, চিত্রাংকণ, মূৰ্তিকটা আৰু আন আন হাতেৰে কৰা বিদ্যাৰ শিক্ষা দিয়া হৈছিল।

প্রশ্ন ২০। অত্রেয় মুনি কোন বিশ্ববিদ্যালয়ৰ শিক্ষক আছিল? তেওঁ তাত কিহৰ শিক্ষাদান কৰিছিল ?

উত্তৰ: অত্ৰেয় মুনি তক্ষশীলা বিশ্ববিদ্যালয়ৰ শিক্ষক আছিল। তেওঁ তাত আয়ুর্বেদ শিক্ষা দিছিল।

প্রশ্ন ২১। ‘জীৱক’ কাৰ ছাত্ৰ আছিল?

উত্তৰ : অত্ৰেয় মুনিৰ।

প্রশ্ন ২২। বুদ্ধদেৱৰ চিকিৎসক কোন আছিল ?

উত্তৰ : অত্ৰেয় মুনিৰ ছাত্ৰ ‘জীৱক’।

প্রশ্ন ২৩। তক্ষশীলা বিশ্ববিদ্যালয়খন প্রথমে কি বিশ্ববিদ্যাল আছিল আৰু পিছত কি বিশ্ববিদ্যালয় হ’ল?

উত্তৰঃ তক্ষশীলা বিশ্ববিদ্যালয় প্রথমে হিন্দু আৰু পিছলৈ বুদ্ধবিশ্ববিদ্যালয় হ’ল।

প্রশ্ন ২৪। তক্ষশীলা বিশ্ববিদ্যালয়ত পঢ়িবলৈ ক’ৰ ক’ৰ পৰা ছাত্ৰ আহিছিল?

উত্তৰ : তক্ষশীলা বিশ্ববিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা, পাৰস্যৰ পৰা, বেকত্রিয়া, মগধ, চীন আদি দেশৰ পৰা ছাত্ৰ আহিছিল।

প্রশ্ন ২৫। শ্রীধান্যকটক বিশ্ববিদ্যালয় ক’ত আছিল?

উত্তৰ : অম্ৰাৱতী নগৰৰ ওচৰত।

প্রশ্ন ২৬। নাগার্জুন কোন বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল?

উত্তৰ : শ্ৰীধান্যকটক বিশ্ববিদ্যালয়ৰ।

প্রশ্ন ২৭। নালন্দা বিশ্ববিদ্যালয়ত কিহৰ শিক্ষা দিয়া হৈছিল?

উত্তৰ : বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল।

প্রশ্ন ২৮। নালন্দা বিশ্ববিদ্যালয়ত ভিতৰে বাহিৰে কিমানজন ছাত্ৰ আছিল?

উত্তৰ : দহ হাজাৰ ছাত্ৰ আছিল।

প্রশ্ন ২৯। নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ কোন আছিল?

উত্তৰ : পণ্ডিত শীলভদ্র।

প্রশ্ন ৩০। নালন্দা বিশ্ববিদ্যালয়ত কি কি বিষয়ৰ শিক্ষা দিয়া হৈছিল?

উত্তৰ : নালন্দা বিশ্ববিদ্যালয়ত ব্যাকৰণ, তর্কশাস্ত্র, চিকিৎসা শাস্ত্র, দর্শনশাস্ত্ৰ আৰু আধ্যাত্মবিজ্ঞানৰ শিক্ষা দিয়া হৈছিল।

প্রশ্ন ৩১ ৷ প্রাচীন ভাৰতবৰ্ষৰ সকলোতকৈ ডাঙৰ পুথিভঁৰালটো ক’ত আছিল?

উত্তৰ : নালন্দা বিশ্ববিদ্যালয়ত।

প্রশ্ন ৩২। নালন্দা বিশ্ববিদ্যালয়ত থকা পুথিভঁৰালটোৰ নাম কি আছিল?

উত্তৰ : ‘ৰত্নোদধি’।

প্রশ্ন ৩৩। নালন্দা বিশ্ববিদ্যালয়ত থকা ‘ৰত্নোদধি’ নামৰ পুথিভঁৰালটো কিমান তলীয়া আছিল ?

উত্তৰ: ন-তলীয়া ।

প্রশ্ন ৩৪। চীন দেশৰ কোন পৰিব্ৰাজক ছাত্ৰই নালন্দা বিশ্ববিদ্যালয়ত পঢ়িছিল?

উত্তৰ : য়ুয়ানচাঙ নামৰ ছাত্ৰজনে।

প্রশ্ন ৩৫ । চীন দেশৰ পৰিব্ৰাজক ছাত্ৰ য়ুয়ানচাঙে নালন্দা বিশ্ববিদ্যালয়ত কি পঢ়িছিলহি?

উত্তৰ : যোগশাস্ত্ৰ পঢ়িছিলহি।

প্রশ্ন ৩৬। কামৰূপৰ পৰা কোন ৰজাই নালন্দা বিশ্ববিদ্যালয়ত পঢ়ি থকা কোন ছাত্ৰক কামৰূপলৈ আমন্ত্রণ জনাই চিঠি লিখিছিল?

উত্তৰ : কামৰূপৰ পৰা ভাস্কৰ বৰ্মাই চীন পৰিব্ৰাজক ছাত্ৰ য়ুয়ানচাঙক আমন্ত্রণ জনাই চিঠি লিখিছিল।

প্রশ্ন ৩৭। উদান্তপুৰ বিশ্ববিদ্যালয়ৰ বহুমূলীয়া পুথিভঁৰালটো কেতিয়া কোনে নষ্ট কৰিছিল ?

উত্তৰ : ১২০২ খ্ৰীষ্টাব্দত মুছলমানসকলে নষ্ট কৰিছিল।

প্রশ্ন ৩৮। বিক্রমশীলা বিশ্ববিদ্যালয়ৰ আন এটা নাম কি?

উত্তৰঃ দেৱবিহাৰ বিশ্ববিদ্যালয়।

সামৰণি:

আমি বিশ্বাস কৰোঁ যে এই Class 10 Assamese chapter 16 টোকাবোৰে শিক্ষাৰ্থীসকলক lesson টো বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।

আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।

Leave a Comment

error: Content is protected !!