Class 10 Assamese Chapter 10 |অৰুণিমা সিনহা | Question Answer

Class 10 Assamese Lesson 10 |অৰুণিমা সিনহা | Question Answer: আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক দশম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।

দশম শ্ৰেণী শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ কিয়নো তেওঁলোকে আগন্তুক ব’ৰ্ড পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে, যি তেওঁলোকৰ শৈক্ষিক সফলতা নিৰ্ধাৰণ কৰিব।

আজি, এই প্ৰবন্ধটোত মই আপোনাৰ দশম শ্ৰেণীৰ “অৰুণিমা সিনহা” দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন Solution প্ৰদান কৰিছোঁ।

আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।

ভাৱ বিষয়ক প্রশ্নোত্তৰ

প্রশ্ন ১। চমু উত্তৰ দিয়া—

(ক) অৰুণিমা সিন্হাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? [HSLC. 2011]

উত্তৰ : ভলীবল খেলত।

(খ) অৰুণিমা সিন্‌হাৰ ঘৰ ক’ত?

উত্তৰ : উত্তৰ প্ৰদেশত।

(গ) হস্পিতালত থাকোতে অৰুণিমাৰ মনত কি সপোনে তীব্র ৰূপ লৈছিল?

উত্তৰ : হিমালয় শৃংগলৈ উঠাৰ সপোনে।

(ঘ) চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল?

উত্তৰ : এভাৰেষ্ট বিজয়ী বাচেন্দ্রি পালক লগ ধৰিছিল, এভাৰেষ্ট শৃংগ আৰোহণৰ প্ৰশিক্ষণ ল’বৰ বাবে।

(ঙ) মাউন্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় আছিল ?

উত্তৰ : ২০১৩ চনৰ ২১মে’ তাৰিখে আৰু তাত তেওঁ ডেৰঘণ্টা কাল আছিল।

প্রশ্ন ২। অৰুণিমা সিন্হাই ৰে’লযাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ’বলগীয়া হৈছিল ? এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল ?

উত্তৰ : অৰুণিমা সিন্হাই ৰে’লযাত্ৰাৰ সময়ত ৰে’লৰ ডবাৰ ভিতৰত এদল ডকাইতৰ মুখামুখি হ’বলগীয়া হৈছিল। ডকাইতৰ দলে ডবাটোৰ আন যাত্ৰীসকলৰ পৰা ভয় দেখুৱাই, ডাবি দি টকা-পইচা, সোণৰ আ-অলংকাৰ আদি লুট কৰিছিল। যাত্ৰীসকলেও প্ৰাণৰ ভয়ত সিহঁতক বিনা বাক্যে এই সকলো ডকাইতৰ হাতত অৰ্পণ কৰিছিল। কিন্তু সেই ডবাটোতে যাত্ৰীৰূপে যোৱা অৰুণিমা সিন্হাই ডকাইতৰ ডারি ধমকনি আৰু দেখুৱা ভীষণ ভয়কো কেৰেপ নকৰি সিহঁতে বাৰে বাৰে খোজা সত্ত্বেও নিজৰ গলৰ চেইনডাল নিদিলে।

তেওঁ মাকৰ মৰমৰ উপহাৰ এই চেইনডাল সিহঁতক নিদিওঁ বুলি কোৱাত তেওঁক সিহঁতে দাঙি নি বস্তা দলিওৱাদি ট্ৰেইনৰ বাহিৰলৈ দলিয়াই দিলে। সেই সময় আন এখন ট্ৰেইন কাষৰ লাইনেৰে আহি আছিল আৰু সেই ট্ৰেইনখনে তেওঁক ভীষণভাৱে আঘাত কৰি গুচি গ’ল ৷ ৰে’ল যাত্ৰাৰ সময়ত এই দুৰ্ঘটনাৰ তেওঁ মুখামুখি হৈছিল। এই দুৰ্ঘটনাত তেওঁ চিৰদিনৰ কাৰণে এখন ভৰি হেৰুৱালে আৰু ইখন ভৰিও চিৰদিনৰ কাৰণে ঘুণীয়া হ’ল।

প্রশ্ন ৩। অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্রি পালে কেনেদৰে সহায় কৰিছিল?

উত্তৰ : কৰুণভাৱে আঘাতপ্রাপ্ত হৈ হস্পিতালৰ বিছনাত শুই থাকোঁতে অৰুণিমা সিন্‌হাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোন জাগি উঠিছিল। তেওঁ দুৰ্ঘটনাত এখন ভৰি চিৰদিনৰ কাৰণে হেৰুৱাই কৃত্রিম ভৰি ল’বলগীয়া হৈছে আৰু আনখন ভৰিত লোৰ ৰড সুমুৱাই তাৰ সহায়ত চলা-ফিৰা কৰাৰ ব্যৱস্থা কৰা হৈছে। তথাপি এনে অৱস্থাতো অৰুণিমাই নিজৰ সপোন পূৰাবলৈ হস্পিতালৰ পৰা ওলাই ঘৰলৈ নগৈ এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালৰ ওচৰ পালেগৈ।

বাচেন্দ্ৰি পালে তেওঁৰ সকলো কথা সহমর্মিতাৰে শুনিলে। ছোৱালীজনীৰ দুচকুৰ সপোন, প্ৰত্যাহ্বান আৰু আত্মপ্রত্যয়ৰ ভাবে তেওঁৰ মনতো বিশ্বাসজগালে যে সঠিক প্রশিক্ষণ আৰু সাহস পালে এইগৰাকী ছোৱালীয়ে নিশ্চয় এদিন তাইৰ সপোন পূৰণ কৰিব পাৰিব । তেওঁৰ আকাংক্ষা দেখি বহুজনে এনে কৃত্রিম ভৰিৰে এই দুৰুহ কাম নকৰিবলৈ পৰামৰ্শ দিছিল যদিও তেওঁ দমি নগ’ল। তেওঁ দুচকুত হেজাৰ সপোন লৈ বাচেন্দ্ৰি পালৰ পৰামৰ্শক্রমে উত্তৰ কাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিচন গ্রুপত যোগদান কৰিলেগৈ।

টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়িনী বাচেন্দ্ৰি পালৰ তত্ত্বাৱধানত অনুশীলন চলিল। প্রায় এবছৰকাল একেলেথাৰিয়ে বাচেন্দ্ৰি পালৰ তত্ত্বাৱধানত উৎসাহ-উদ্যমেৰে অহৰহ চেষ্টা অব্যাহত ৰাখি অৰুণিমাই অনুশীলনত আত্মসমর্পণ কৰিছিল।

প্রশ্ন ৪। এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল ?

উত্তৰ : এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই হস্পিতালৰ ওলাই ঘৰলৈ নগৈ এভাৰেষ্ট বিজয়িনী বাচেন্দ্ৰি পালৰ ওচৰ পালেগৈ। অৰুণিমাৰ মনোবল, সাহস আৰু আত্মপ্রত্যয়ৰ কথা জানি এখন ভৰিত কৃত্ৰিমভাৱে লগোৱা আৰু আনখন লোৰ ৰড লগোৱা ভৰিৰে এই মানুহজনীক বাচেন্দ্ৰি পালে সহায় কৰিবলৈ গাত ল’লে৷ তেওঁৰ পৰামৰ্শমতেই অৰুণিমাই উত্তৰ কাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিচন গ্ৰুপত যোগদান কৰিলেগৈ। তাত বাচেন্দ্ৰি পালৰ তত্ত্বাৱধানত তেওঁ অনুশীলন আৰম্ভ কৰিলে।

শাৰীৰিক, মানসিক দুয়ো দিশতে দৃঢ়তা আৰু অধ্যাৱসায়ৰ জোৰত ভৰিখন হেৰুৱাৰ দুৰ্ভাগ্যক অৰুণিমাই সৌভাগ্য বুলি লৈ ৰূপান্তৰিত কৰিবলৈ উঠি-পৰি লাগিছিল। তেওঁ প্ৰায় এবছৰ কাল একেলেথাৰিয়ে উৎসাহ-উদ্যমেৰে অহৰহ চেষ্টা অব্যাহত ৰাখি অনুশীলনত আত্মসমৰ্পণ কৰিছিল। কেতিয়াবা এনেকুৱাও হৈছিল যে আন স্বাভাৱিক মানুহে যিটো খোজ দিওঁতে দুই মিনিটতে শিকিব পাৰে, তেওঁৰ ক্ষেত্ৰত সেয়া তিনি ঘণ্টাও লাগিছিল। তথাপি আশা এৰা দিয়া নাছিল অৰুণিমাই ।

প্রশ্ন ৫। অৰুণিমা সিন্হাই কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাংৰিৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে ?

উত্তৰ : লাডাখত থকা মাউণ্ট চামছেৰ কাংৰিৰ উচ্চতম শিখৰৰ উচ্চতা আছিল ২১,৭৯৮ফুট। অৰুণিমাক এই অভিযানত সহায় কৰা শ্বেৰপাজনে তেওঁৰ তেজেৰে লুতুৰি পুতুৰি হোৱা ভৰি দুখনৰ অৱস্থা দেখি নিজৰ প্ৰাণ বচাবলৈ উভতি যাবলৈ পৰামৰ্শ দিছিলযদিও অৰুণিমাই কোনো কথা নামানি চেষ্টা অব্যাহত ৰাখিলে ।

বহু কষ্টৰ মূৰত অৱশেষত অৰুণিমাই লাডাখত থকা মাউণ্ট চামছেৰ কাংৰিৰ ২১,১০৮ ফুট উচ্চতালৈহে মাত্ৰ আৰোহণ কৰিবলৈ সক্ষম হ’ল। সেই সময়ত বতৰ অত্যন্তভাৱে প্ৰতিকূল অৱস্থাত আছিল ৷ বতৰৰ এনে প্রতিকূল অৱস্থাৰ কাৰণেই লাডাখত থকা এই মাউণ্ট চামছেৰ কাংৰিৰ অভিযান অৰুণিমাই সম্পূৰ্ণ কৰিব নোৱাৰিলে।

প্রশ্ন ৬। অৰুণিমা সিন্হাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া।

উত্তৰ : এভাৰেষ্ট অভিযানৰ আগতে লাডাখত থকা মাউণ্ট চামছেৰ কাংৰি অভিযানত ব্যৰ্থ হ’লেও অৰুণিমাৰ এভাৰেষ্ট বিজয়ৰ সপোন ভাগি যোৱা নাছিল। এইবাৰ নতুন উদ্যম আৰু মনোবলেৰে মাউন্ট এভাৰেষ্ট বগাবলৈ সাজু হ’ল অৰুণিমা। মাউন্ট এভাৰেষ্টৰ শৃংগত থিয় হৈ ফটো তোলাৰ, ভিডিঅ’ৰ জৰিয়তে বিশ্ববাসীক নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জনোৱাৰ অভিপ্রায়েৰে দুটাকৈ কেমেৰা লগত লৈ গৈছিল। লৈছিল পানী আৰু অক্সিজেন। চাৰি নং কেম্প পাওঁতে দুয়োখন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ অৱস্থা হৈছিল।

লগত, নিয়া অক্সিজেনো প্রায় শেষ হওঁ হওঁ হৈছিলগৈ। লগত যোৱা শ্বেৰপাজনে অৰুণিমাক বাৰে বাৰে সকীয়াই দিছিল যে যিকোনো মুহূর্ততে লগত নিয়া অক্সিজেন শেষ হৈ যাব পাৰে। তেতিয়া মৃত্যু নিশ্চিত। পিছে কোনো সকীয়নিকে মন নকৰি তেওঁ আগুৱাই গৈ থাকিল। বাটত যাওঁতে তেওঁ আঁঠু দুটাৰ পৰা নিগৰি অহা তেজবোৰ ৰুমালেৰে মচি গৈ থাকোঁতে বহুতে অভিযাত্ৰীৰ মৃতদেহ দেখা পাইছিল। কিন্তু একোৱে তেওঁক নিৰস্ত কৰিব পৰা নাছিল । প্রচণ্ড পৰিশ্ৰম, অদম্য মনোবল আৰু কষ্ট সহিষ্ণুতাৰ ফল অৱশেষত ফলিল। যাত্ৰা কৰাৰ

দিনৰ অন্তত নিশা প্রায় ৮ বজাত অৰুণিমাই ৮৮৪৮ মিটাৰ উচ্চতাত অৱস্থিত মাউণ্ট এভাৰেষ্ট শৃংগত পদাৰ্পণ কৰিবলৈ সমৰ্থ হ’ল। তেওঁৰ অক্সিজেন শেষ হ’বলগীয়া হৈছিল। লগত যোৱা শ্বেৰপাজনক মাউণ্ট এভাৰেষ্টৰ শিখৰত থিয় হৈ থকা অৱস্থাত তেওঁৰ ফটো আৰু ভিডিঅ’ ল’বলৈ অনুৰোধ কৰিলে। সপোন পূৰ হোৱাৰ আনন্দত তেওঁ সেই শিখৰত প্ৰায় ডেৰঘণ্টা সময় আছিল। তাৰিখটো আছিল ২০১৩ চনৰ ২১ মে’।

প্রশ্ন ৭। “একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।” [HSLC.’20] কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিন্‌হাৰ জীৱনৰ আধাৰত বুজাই লিখা।

উত্তৰ : ভিন ভিন সময় আৰু ভিন ভিন পৰিৱেশত একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে; এই কথা অসীম সাহস, ধৈর্য, কষ্ট সহিষ্ণু, প্রত্যাহ্বান আৰু আত্মপ্রত্যয়ৰ প্রতীক অৰুণিমাৰ বিস্ময়কৰ কৰ্মজীৱনে সঁচা প্রমাণিত কৰিছে।

ইতিমধ্যে নিজৰ কঠোৰ শ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে ভলীবলৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ খেলুৱৈ হিচাপে সুনাম অৰ্জন কৰি ভাৰতৰ লক্ষগৰাকী নাৰীৰ অন্তৰত প্ৰেৰণা যোগাইছে যে নাৰীয়ে সকলো খেলতে চেষ্টা কৰিলে একোটা আদৰ্শ হৈ পৰিব পাৰে। পিছত এটা ৰে’লযাত্ৰাত এক ভয়ংকৰ পৰিস্থিতিত পৰি দুৰ্ঘটনাত এইগৰাকী প্ৰতিভাবান নাৰীয়ে নিজৰ এখন ভৰি চিৰকালৰ কাৰণে হেৰুৱাবলগীয়া হয়।

আনখন ভৰিতো লোৰ ৰড লগোৱা হৈছিল। এখন ভৰিত কৃত্রিম ভৰি লগোৱা আনখনো বাৰুকৈয়ে ঘুণীয়া হোৱা অৱস্থাতে অৰুণিমা সিন্‌হাই এক অবিশ্বাস্য সপোন দেখিছিল— হিমালয়ৰ মাউণ্ট এভাৰেষ্ট শৃংগ জয় কৰাৰ। বহুতৰ হাক বচন আৰু এনে ভৰিৰে পৰ্বত বগোৱাটো অসম্ভৱ বুলি কৰা মন্তব্যই অৰুণিমাৰ মন দমাব নোৱাৰিলে। আনকি এভাৰেষ্ট বিজয়িনী বাচেন্দ্রি পালেও এভাৰেষ্ট অভিযান কিমান দুৰুহ অভিযান এই কথা তেওঁক বুজায়ো অৰুণিমাক টলাব নোৱাৰিলে।

অৱশেষত তেওঁৰ সাহস, আত্মপ্রত্যয় আৰু মনোবল দেখি বাচেন্দ্রি পালে অনুশীলনত সহযোগ কৰিলে— প্রশিক্ষণ দিলে আৰু অৱশেষত এভাৰেষ্ট যাত্ৰাত হোৱা নানান কষ্ট, অসুবিধা, দুয়োখন ভৰিৰে তেজ নিগৰি ওলোৱা অৱস্থাতে বাৱন্ন দিনৰ অন্তত অৰুণিমাই এভাৰেষ্টৰ শিখৰত মূৰ দাঙি থিয় দি বিজয় নিচান উৰুৱাত গোটেই বিশ্ববাসী আচৰিত হোৱাৰ লগতে অসীম প্ৰেৰণা লাভ কৰিলে।

পংগু হৈয়ো যে মনোবল, সাহস, আত্মপ্রত্যয়, কঠোৰ শ্ৰম কৰাৰ মানসিকতা থাকিলে পৃথিৱীত কৰিব নোৱাৰা কোনো কাম নাথাকে— এই কথা অৰুণিমাই প্ৰমাণ কৰিলে— যিদৰে বিশেষ সক্ষম ব্যক্তি হৈয়ো ষ্টিফেন হকিঙে এগৰাকী বিখ্যাত বিজ্ঞানী হিচাপে পৃথিৱীবাসীক চমৎকৃত কৰিছে। অৰুণিমা সিন্হা, ষ্টিফেন হকিং আদিৰ দৰে ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে যুগে যুগে সকলোকে এনেদৰে প্ৰেৰণা দি আহিছে।

প্রশ্ন ৮। ক্রিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্রাণিত কৰিছিল ?

উত্তৰ : পংগু অৱস্থাতো অৰুণিমা সিন্‌হাৰ এভাৰেষ্ট জয় কৰাৰ আকাংক্ষা তীব্ৰতৰ হৈ উঠা কালছোৱাত তেওঁৰ মনোবল বঢ়াই লক্ষ্যত উপনীত হোৱাৰ বাবে আগবাঢ়ি যোৱাত প্রখ্যাত ক্রিকেটাৰ যুৱৰাজ সিঙেও অৰুণিমাক অনুপ্রাণিত কৰিছিল । কৰ্কট ৰোগত আক্ৰান্ত যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰি নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হোৱাটো অৰুণিমাই দেখিবলৈ পাইছিল ৷

যুৱৰাজে দেখুৱাই দিছিল— মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনো প্ৰতিৰোধৰসৃষ্টি কৰিব নোৱাৰে আৰু জীৱনৰ উত্তৰণৰ বাটতো ই হেঙাৰ হ’ব নোৱাৰে। ক্রিকেটাৰ যুৱৰাজ সিঙৰ এই কথাই অৰুণিমাক ভীষণভাৱে অনুপ্রাণিত কৰিছিল।

প্রশ্ন ৯। চমু টোকা লিখা :

বাচেন্দ্ৰি পাল: ভাৰতৰ নকুৰী নামৰ ঠাইত ১৯৫৪ চনৰ ২৪ মে’ তাৰিখে বাচেন্দ্ৰি পালৰ জন্ম হৈছিল। এওঁ হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা মাউণ্ট এভাৰেষ্ট বিজয়িনী। ১৯৮৪ চনত এওঁ মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰিছিল। বর্তমান এওঁ টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত পৰ্বত আৰোহণ অনুশীলন কেম্পৰ এগৰাকীপ্রশিক্ষক তথা নির্দেশক।

টেনজিং নৰগে: এইজন ভাৰতীয় নেপালী লোকৰ জন্ম হয় ১৯১৪ চনৰ ২৯ মে’ তাৰিখে। তেওঁ সাধাৰণতে চেৰপা টেনজিং নামেৰেই জনাজাত আছিল। ইংৰাজ পর্বতাৰোহণকাৰী এডমাণ্ড হিলাৰীৰ সৈতে তেওঁ ১৯৫৩ চনৰ ২৯ মে’ তাৰিখে হিমালয়ৰ মাউন্ট এভাৰেষ্ট শৃংগ জয় কৰে। তেৱেঁই প্ৰথমগৰাকী ভাৰতীয় মাউন্ট এভাৰেষ্ট শৃংগ আৰোহণকাৰী। ইয়াৰ বাবে তেওঁ ভাৰত চৰকাৰ আৰু বিশ্ববাসীৰ পৰা বহুতো আদৰ সন্মান পায়। ১৯৮৬ চনৰ ৯ মে’ তাৰিখে দাৰ্জিলিঙত টেনজিং নৰগেৰ দেহাৱসান ঘটে।

ভাষা বিষয়ক প্রশ্নোত্তৰ

প্রশ্ন ১০। সন্ধি ভাঙা

সংশয় = সম + শয়।

হিমালয় = হিম + আলয়।

বিপদাপন্ন = বিপদ + আপন্ন।

প্রশ্ন১১। উপসর্গ ভাঙি দেখুওৱা

অনুৰাগ = অনু + ৰাগ।

অভিনয় = অভি + নয়।

পর্বতাৰোহণ = পৰ্বত + আৰোহণ।

প্রত্যাহ্বান = প্রতি + আহ্বান।

অনুভৱ = অনু + ভৱ।

প্রতিফল = প্রতি + ফল।

অতিৰিক্ত প্রশ্নোত্তৰ,

১। চমু প্ৰশ্নৰ উত্তৰ দিয়া

(i) ‘অৰুণিমা সিন্‌হা’ প্রবন্ধটিৰ লেখক কোন?

উত্তৰ : ড° জয়শ্রী গোস্বামী মহন্ত।

(ii) ড° জয়শ্রী গোস্বামী মহন্তৰ এখনি উপন্যাসৰ নাম লিখা।

উত্তৰ : ‘চাণক্য’।

(iii) ড° জয়শ্রী গোস্বামী মহন্তৰ এখনি গল্প সংকলনৰ নাম লিখা।

উত্তৰ : ‘অন্য এক ৰত্নাকৰ’।

(iv) ড° জয়শ্রী গোস্বামী মহন্তৰ এখনি শিশু গ্ৰন্থৰ নাম লিখা।

উত্তৰ : ‘বিশ্বৰ শ্ৰেষ্ঠ সাধু’।

(v) ড° জয়শ্রী গোস্বামী মহন্তৰ এখনি প্ৰবন্ধ সংকলনৰ নাম লিখা।

উত্তৰ: ‘অসম আন্দোলন: যুগমীয়া চিন্তাৰ প্ৰতিফলন’।

(vi) ড° জয়শ্রী গোস্বামী মহন্তই কোনখন বাতৰি কাকতৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে?

উত্তৰ : ‘এদিনৰ সংবাদ’ কাকতৰ।

(vii) কোন চনত ভাৰত চৰকাৰে ড° জয়শ্রী গোস্বামী মহন্তক পদ্মশ্রী উপাধিৰে সন্মানিত কৰিছিল ?

উত্তৰ : ২০১৮ চনত।

(viii) অৰুণিমা সিন্‌হা দুৰ্ঘটনাত পতিত হোৱা ৰেলগাড়ীখন ক’ৰ পৰাক লৈ গৈ আছিল?

উত্তৰ : লক্ষ্ণৌৰ পৰা দিল্লীলৈ গৈ আছিল।

(ix) ৰে’লযাত্ৰাত ডকাইতে অৰুণিমাক বাৰে বাৰে কি দিবলৈ কৈ আছিল?

উত্তৰ: অৰুণিমাই পিন্ধি থকা সোণৰ চেইনডাল।

(x) “এয়া মায়ে মোক মৰমেৰে দিয়া আশীৰ্বাদ।”— অৰুণিমাই কিহৰ কথা কৈছে?

উত্তৰ : অৰুণিমাই গলত পিন্ধি থকা সোণৰ চেইনডালৰ কথা কৈছে।

(xi) অৰুণিমাই ইতিমধ্যে কিহত ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম আর্জি থৈছে?

উত্তৰ : ভলীবল খেলত।

(xii) কোন চনত অৰুণিমাৰ ৰে’লযাত্ৰাত দুৰ্ঘটনাটো ঘটিছিল ?

উত্তৰ : ২০১১ চনত।

(xiii) ৰে’ল গাড়ীখনত একেটা ডবাত থকা আন যাত্রীয়ে কি দিবলৈ অৰুণিমাক ইংগিত দি আছিল ?

উত্তৰ: ডকাইতক চেইনডাল দিবলৈ ৷

(xiv) ডকাইতে বাৰে বাৰে ধমক দি চেইনডাল সিহঁতক দিবলৈ কোৱাৰ পিছতো অৰুণিমাক সিহঁতে কি কৰিলে?

উত্তৰ : দুজন ডকাইতে অৰুণিমাক দাঙি নি চলন্ত গাড়ীৰ পৰা দুৱাৰ মুখেৰে বাহিৰৰ এন্ধাৰলৈ দলিয়াই দিলে।

(xv) অৰুণিমা কিমান সময় ৰে’ল আলিৰ কাষত আঘাতপ্ৰাপ্ত হৈ পৰি আছিল?

উত্তৰ : প্রায় সাতঘণ্টা।

(xvi) আঘাতপ্রাপ্ত হৈ ৰে’ল আলিৰ কাষত অৰুণিমা পৰি থাকোতে তেওঁৰ কাষেৰে কিমানখন ৰে’লগাড়ী পাৰ হৈছিল?

উত্তৰ : ঊনচল্লিশখন।

(xvii) অৰুণিমাক প্রথমে কোন হস্পিতালত ভৰ্তি কৰোৱা হৈছিল?

উত্তৰ: বেৰিলী হস্পিতালত।

(xviii) দুৰ্ঘটনাটোত অৰুণিমাই চিৰদিনৰ কাৰণে কি হেৰুৱালে?

উত্তৰ : এখন ভৰি।

(xix) হস্পিতালৰ বিছনাত পৰি থাকোতে অৰুণিমাৰ মনত কি সপোন তীব্ৰ হ’বলৈ ধৰিছিল?

উত্তৰ : হিমালয়ৰ শৃংগলৈ উঠাৰ সপোন।

(xx) বাচেন্দ্রি পাল কোন?

উত্তৰ : ভাৰতৰ প্ৰথমগৰাকী মহিলা এভাৰেষ্ট বিজয়ী।

(xxi) হস্পিতালৰ পৰা ওলাই ঘৰলৈ নগৈ অৰুণিমা কাৰ ওচৰ পালেগৈ?

উত্তৰঃ এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালৰ ওচৰ।

(xxii) নতুন ভৰিখন লগাবলৈ অৰুণিমাক কিমান টকাৰ প্ৰয়োজন হৈছিল?

উত্তৰ: প্ৰায় ষাঠি-সত্তৰ হেজাৰ টকাৰ

(xxiii) অৰুণিমাই অনুশীলন কৰিবৰ কাৰণে ক’ত যোগদান কৰিছিল ?

উত্তৰ : উত্তৰ কাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিচন গ্রুপত।

(xxiv) অনুশীলন কেম্পটো কোনে চলাইছিল ?

উত্তৰ : টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনে।

(xxv) কাৰ তত্ত্বাৱধানত অৰুণিমাই অনুশীলন চলাইছিল ?

উত্তৰ : এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালৰ তত্ত্বাৱধানত

(xxvi) পর্বতাৰোহণত প্ৰাণ বচাবলৈ অৰুণিমাক উভতি যাবলৈ কোনে পৰামৰ্শ দিছিল ?

উত্তৰ : অভিযানত সহায় কৰা শ্বেৰপাজনে।

(xxvii) মাউণ্ট চামছেৰ কাংৰি শিখৰ ক’ত আছিল?

উত্তৰ : লাড়াখত ।

(xxviii) চামছেৰ কাংৰিৰ উচ্চতম শিখৰৰ উচ্চতা কিমান?

উত্তৰ: ২১,৭৯৮ ফুট।

(xxix) অৰুণিমাই মাউণ্ট চামছেৰ কাংৰিৰ কিমান উচ্চতালৈ উঠিবলৈ সক্ষম হৈছিল ?

উত্তৰ: ২১,১০৮ ফুট উচ্চতালৈ।

(xxx) অৰুণিমাই চামছেৰ কাংৰিৰ সম্পূৰ্ণ উচ্চতালৈ কিহৰ কাৰণে উঠিব নোৱাৰিলে?

উত্তৰ : অত্যন্ত প্রতিকূল বতৰৰ কাৰণে।

(xxxi) যুৱৰাজ সিং কোন?

উত্তৰ : এগৰাকী প্ৰখ্যাত ক্রিকেটাৰ।

(xxxii) কোনজন প্রখ্যাত ক্রিকেটাৰৰ পৰা অৰুণিমাই প্ৰেৰণা পাইছিল?

উত্তৰ : প্রখ্যাত ক্রিকেটাৰ যুৱৰাজ সিঙৰ পৰা।

(xxxiii) ক্রিকেটাৰ যুৱৰাজ সিঙে কি ৰোগত ভুগিছিল ?

উত্তৰ : কৰ্কট ৰোগত ।

(xxxiv) কষ্টকৰ সময়ছোৱাত আগবাঢ়ি যোৱাত অৰুণিমাক কোনে সহায় কৰিছিল ?

উত্তৰ : তেওঁৰ ভাতৃ আৰু বাচেন্দ্ৰি পালে।

(xxxv) অভিযানৰ সময়ত বাটত অৰুণিমাই কাৰ মৃতদেহ দেখা পাইছিল ?

উত্তৰ : বহুতো অভিযাত্ৰীৰ মৃতদেহ।

(xxxvi) অভিযানৰ বাবে অৰুণিমাহঁতে ক’ৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল?

উত্তৰ : কাঠমাণ্ডুৰ পৰা ।

(xxxvii) মাউন্ট এভাৰেষ্ট শৃংগৰ উচ্চতা কিমান?

উত্তৰ : ৮৮৪৮ মিটাৰ।

(Xxxxviii) কিমানদিনৰ মূৰত অৰুণিমাই মাউন্ট এভাৰেষ্ট শৃংগত উপস্থিত হৈছিলগৈ?

উত্তৰ : যাত্ৰা আৰম্ভ কৰাৰ পৰা বাৱন্ন দিনৰ অন্ত নিশা ৮ বজাত।

(xxxix) অৰুণিমাৰ এভাৰেষ্ট বিজয়ৰ তাৰিখটো কি আছিল ?

উত্তৰ : ২০১৩ চনৰ ২১ মে’।

(XL) এভাৰেষ্ট শৃংগত আৰোহণ কৰি তাত অৰুণিমা কিমান সময় আছিল?

উত্তৰ : প্ৰায় ডেৰঘণ্টা সময়।

(XLI) ভাৰত চৰকাৰে অৰুণিমাক কিমান চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল?

উত্তৰ : ২০১৫ চনত।

(XLII) ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা অৰুণিমাই ২০১৫ চনত আৰু কি সন্মান লাভ কৰিছিল?

উত্তৰ : টেনজিং নৰগে সন্মান।

(XLIII) অৰুণিমাই “এমেজিং ইণ্ডিয়ান এৱাৰ্ড” কাৰ পৰা লাভ কৰিছিল?

উত্তৰ : ভূতপূৰ্ব ৰাষ্ট্ৰপতি ড’ এ.পি.জে. আব্দুল কালামৰ পৰা ।

(XLIV) অৰুণিমাই লিখা কিতাপখন কোনে উন্মোচন কৰিছিল ?

উত্তৰ : ভৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোড়ীয়ে।

(XLV) কোনে শব্দভেদী শৰ মাৰিবলৈ শিকিবলৈ গোটেই নিশা ঘিটমিটীয়া এন্ধাৰৰ মাজত অৰণ্যৰ ভিতৰলৈ গৈ কাড় মাৰিবলৈ অভ্যাস কৰিছিল ?

উত্তৰঃ অর্জুনে।

(XLVI) কোন বিশেষভাৱে সক্ষম ‘বিজ্ঞানীয়ে সমগ্র বিশ্ববাসীৰ হৃদয় জয় কৰিব পাৰিছিল?

উত্তৰ : বিশ্ববিখ্যাত বিজ্ঞানী ষ্টিফেন হকিঙে।

প্রশ্ন ২। ৰে’ল যাত্ৰাত ডকাইতে চেইনডাল দিবলৈ বাৰে বাৰে অৰুণিমা সিন্হাক ধমক দিয়াত তেওঁ ডকাইতক কি বুলি কৈছিল ?

উত্তৰঃ ‘মই দিব নোৱাৰোঁ। মোৰ ডিঙিৰ চেইনডাল কেৱল এডাল চেইন নহয়, এয়া মায়ে মোক মৰমেৰে দিয়া আশীৰ্বাদ৷ ইয়াৰ মাৰ হাতৰ পৰশ লাগি আছে, সেয়ে এইডাল মই কোনোমতে তোমালোকক দিব নোৱাৰো’—বুলি অৰুণিমা সিন্‌হাই দঢ়তাৰে কৈছিল।

প্রশ্ন ৩। ডকাইতে অৰুণিমাক পিন্ধি থকা চেইনডাল বাৰে বাৰে দিবলৈ কোৱাতো নিদিয়াত ডকাইতহঁতে কি কৰিলে?

উত্তৰ : ডকাইতহঁতে বাৰে বাৰে চেইনডাল দিবলৈ কোৱাত অৰুণিমাই নিদিয়াত সিহঁতৰ ভীষণ খং উঠিল৷ মুহূর্ততে দুজন ডকাইত আগবাঢ়ি আহিল আৰু কোনেও একো তলকিব পৰাৰ আগতেই অৰুণিমাক ডাং কোলাকৈ তুলি নি চলন্ত ৰে’লগাড়ীৰ পৰা দুৱাৰেৰে বাহিৰৰ আন্ধাৰলৈ দলিয়াই দিলে।

প্রশ্ন ৪। ডকাইতে অৰুণিমাক দাঙি নি চলন্ত ৰে’লৰ পৰা দুৱাৰেৰে বাহিৰৰ আন্ধাৰলৈ দলিয়াই দিয়াত অৰুণিমাৰ কি হৈছিল ?

উত্তৰ : ডকাইত দুজনে অৰুণিমাক চলন্ত ৰে’লৰ পৰা বাহিৰৰ আন্ধাৰলৈ দলিয়াই দিয়াৰ সময়ত ওচৰেৰে আন এখন ৰে’লগাড়ী আহি আছিল। অৰুণিমাৰ শৰীৰটো সেই গাড়ীখনত খুন্দা খাই বস্তা এটাৰ দৰে তললৈ পৰি গ’ল। অৰুণিমাই প্ৰাণপণে চিঞৰিলে যদিও ৰে’লৰ ইঞ্জিন আৰু চকাৰ শব্দত তেওঁৰ মাত তল পৰি গ’ল। প্রায় সাতঘণ্টা সময় তেওঁ ৰে’লৰ আলিৰ কাষত পৰি ৰ’ল। নিশাৰ এন্ধাৰত তেওঁক কোনেও দেখা নাপালে।

দেখিলে যদিও ভয়তে কোনো আগবাঢ়ি নাহিল। তেওঁ তাত পৰি থকা অৱস্থাত তেওঁৰ কাষেৰে ঊনচল্লিছখন ৰেলগাড়ী পাৰ হৈ গৈছিল। এই দুৰ্ঘটনাত তেওঁ এখন ভৰি চিৰদিনৰ কাৰণে হেৰুৱালে আৰু বাকীখনতো ডাক্তৰে লোৰ ৰড লগাই দি পিছত খোজ কঢ়াৰ সুবিধা কৰি দিছিল ৷ তেওঁক প্ৰথমে বেৰিলী হস্পিতালত আৰু পিছত দিলীৰ ‘অল ইণ্ডিয়া ইনষ্টিটিউট অব মেডিকেল ছায়েন্স’ত চিকিৎসা কৰা হৈছিল।

প্রশ্ন ৫। অৰুণিমা দুৰ্ঘটনাত পতিত হৈ ৰে’ল আলিৰ কাষত পৰি থকাত মানুহে কোনেধৰণৰ মন্তব্য কৰিছিল?

উত্তৰ : ৰে’ল পথৰ কাষত গুৰুতৰভাৱে আহত অৱস্থাত অৰুণিমা পৰি থকা দেখি কোনো কোনোৱে ক’লে টিকেট নোহোৱাকৈ ভ্ৰমণ কৰা অৰুণিমাই কণ্ডাক্টৰে টিকেট বিচৰাত ৰে’লগাড়ীৰ পৰা জাঁপ মাৰি দিছিল, কোনোৱে আকৌ আন কিবা কাৰণত অৰুণিমাই আত্মহত্যা কৰিবলৈ ৰে’ল আলিলৈ গৈছিল বুলি মন্তব্য কৰিছিল।

প্রশ্ন ৬। অৰুণিমাৰ আকাংক্ষা দেখি বহুজনে তেওঁক কি পৰামৰ্শ দিছিল ?

উত্তৰ : অৰুণিমাৰ আকাংক্ষা দেখি বহুজনে এইবুলি পৰামৰ্শ দিছিল যে তেওঁৰ কৃত্ৰিম ভৰি, আনখন থাকিও নথকাৰ দৰে, — এই অৱস্থাৰে পৰ্বতাৰোহণত যিবিলাক অতি কৌশল আৰু পৰিশ্ৰম, তাত সাফল্য লাভ কৰা তেওঁৰ বাবে সম্ভৱ নহ’বগৈ। তাতোকৈ সাধাৰণভাৱে জীৱনটো পাৰ কৰক,— এনেবিলাক কামলৈ আগবাঢ়ি জীৱনটো,বিপদাপন্ন কৰিব নালাগে।

প্রশ্ন ৭। অৰুণিমা সিন্হাই নিজৰ পংগু অৱস্থাৰেও এভাৰেষ্ট জয় কৰাৰ পিছত সকলোৰে প্ৰতি কি কৈছিল?

উত্তৰ : “মই মাত্ৰ এজনী অৰুণিমা নহয়, মোৰ দৰে হাজাৰ-বিজাৰ অৰুণিমা আছে, আপোনালোকে সেইসকলক চিনাক্ত কৰি জীৱনৰ বাটত আগবাঢ়ি যাবলৈ, লক্ষ্যভেদ কৰিবলৈ প্ৰেৰণা যোগালে সঁচা অৰ্থত দেশৰ কাম কৰা হ’ব,”— এনেদৰে অৰুণিমাই সকলোৱে প্ৰতি কৈছিল৷

প্রশ্ন ৮ ৷ এভাৰেষ্টৰ বুকুত ভৰি থৈয়ে অৰুণিমাহঁতে খৰখেদাকৈ কিয় নামি আহিবলৈ বাধ্য হৈছিল ? [HSLC.20]

উত্তৰ: লগত নিয়া অক্সিজেন প্রায় শেষ হওঁ হওঁ অৱস্থা হোৱাৰ কাৰণে অৰুণিমাহঁতে খৰখেদাকৈ নামি আহিবলৈ বাধ্য হৈছিল।

Conclusion:

আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।

আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।

Leave a Comment

error: Content is protected !!