Class 10 Assamese বৈচিত্র্যময় অসম | অসমীয়া দ্রুত পাঠ

Class 10 Assamese বৈচিত্র্যময় অসম | অসমীয়া দ্রুত পাঠ: আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক দশম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।

দশম শ্ৰেণী শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ কিয়নো তেওঁলোকে আগন্তুক ব’ৰ্ড পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে, যি তেওঁলোকৰ শৈক্ষিক সফলতা নিৰ্ধাৰণ কৰিব।

আজি, এই প্ৰবন্ধটোত মই আপোনাৰ দশম শ্ৰেণীৰ “বৈচিত্র্যময় অসম” অসমীয়া দ্রুতৰ পাঠ দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন প্ৰদান কৰিছোঁ।

আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।

দ্রুত পাঠ

==বৈচিত্র্যময় অসম==

(ক) তিৱাসকল(খ) দেউৰীসকল
(গ) নেপালী ভাষী গোৰ্খাসকল(ঘ) বড়োসকল
(ঙ) মটকসকল(চ) মৰাণসকল
(ছ) মিচিংসকল(জ) মণিপুৰীসকল
(ঝ) ৰাভাসকল(ঞ) সোণোৱাল কছাৰীসকল
(ট) হাজংসকল(ঠ) কলিতাসকল
(ড) নাথ-যোগীসকল(ঢ) আদিবাসীসকল

(ক) তিৱাসকল

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। ভাষিক দিশৰ পৰা তিৱাসকল কোনটো ঠালৰ লোক?

উত্তৰ : ইন্দো-চীনৰ অন্তৰ্গত তিব্বত বৰ্মীয় ভাষা-গোষ্টী পৰিয়ালৰ বৃহত্তৰ ‘বড়ো’ ঠালৰ লোক।

প্রশ্ন ২। তিৱাসকলে তেওঁলোকৰ উৎসৱ-পাৱণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰবোৰ কি কি?

উত্তৰ: তিৱাসকলে তেওঁলোকৰ উৎসৱ-পাৰ্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰবোৰ হ’ল— খ্ৰাম (ঢোল) বাৰ, থ্ৰাম খুজুৰা, থ্ৰাম পান্থাই, দুম্‌দিং, দগৰ, পাতিঢোল আদি চামৰাৰ বাদ্য); বাঁহৰ পাবেৰে তৈয়াৰী ৱাফাং খ্ৰাম, থকথৰৰক,; মুখেৰে ফু দি আঙুলি ব্যৱহাৰ কৰি বজোৱা পাংশী (বাঁহী), থোৰাং, ম’হৰ শিঙৰ পেপা, সুহুৰি আৰু খায়াং (তাল) ইত্যাদি।

প্রশ্ন ৩। তিৱা সমাজত ‘জেলা’ বুলি কাক কোৱা হয়?

উত্তৰ : তিৱা সমাজত খেলৰ প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত ‘জেলা’ বুলি কোৱা হয় । আনহাতে পাহাৰ অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ মুৰব্বীকে ‘জৈলা’ বুলি কোৱা হয় ।

প্রশ্ন ৪। তিৱা সকলৰ কেইটিমান উৎসৱৰ নাম লিখা।

উত্তৰ: জোনবিল মেলা, ৱাণছুৱা, ছগ্ৰা, য়াংলী, মুইনাৰী, কাণ্ঠি, লাংখন, মাই পথালা, মাইৰাৱা, খাপ্‌প্লাং বাৱাণে ফুজা, পাহাইচ্যৱা, বৰত, গোসাঁই উলিওৱা মেলা, বহাগ বিহু, কাতি বিহু, মাঘ বিহু ইত্যাদি।

প্রশ্ন ৫। ফুলগুৰিৰ ধেৱা কি?

উত্তৰ : ফুলগুৰিৰ ধেৱা হ’ল ফুলগুৰিত হোৱা অসমৰ প্ৰথমটো কৃষক বিদ্রোহ।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ৭। তিৱাসকলৰ বসতি স্থান সম্পর্কে উল্লেখ কৰা।

উত্তৰঃ তিৱাসকল অসমৰ নগাঁও, মৰিগাঁও, কামৰূপ, কাৰ্বি আংলং, যোৰহাট, ধেমাজি, লক্ষীমপুৰ, শদিয়া আৰু মেঘালয় ৰাজ্যৰ কিছু অংশত সিঁচৰতি হৈ আছে।

প্রশ্ন ৮। কিমান চনত গোভা ৰজাই তিনিজন বৃটিছক ধৰি আনি কালী গোসাঁনীৰ আগত বলি দিছিল?

উত্তৰ : ১৮৩৫ চনত।

প্রশ্ন ৯। তিৱাসকলৰ গাঁও সৃষ্টিৰ নমুনা কেনেকুৱা?

উত্তৰ : দুই বা ততোধিক পৰিয়াল লগ লাগি এটা মাহাৰী, কেইবাটাও মাহাৰী লগ হৈ এটা কুল বা খুটা, এক বা ততোধিক কুল লগ লাগি এখন খেল আৰু এখন বা অধিক খেল লগ লাগি এখন গাঁৱৰ সৃষ্টি হয়।

প্রশ্ন ১০। ‘নৰ’ কি?

উত্তৰ : পাহাৰত এখন পিনুঙৰ (খেলৰ সমকক্ষ) মুৰব্বীক ‘লৰ’ বোলে।

প্রশ্ন ১১। তিৱাসকলৰ মৰ্যাদাপূর্ণ পদবী কি?

উত্তৰ: “হাৰী কুঁৱৰী”।

প্রশ্ন ১২। তিৱাসকলৰ সাজ-পোচাক, আ-অলংকাৰ সম্পৰ্কে লিখা।

উত্তৰ : স্বকীয় বৈশিষ্ট্যপূর্ণ আকর্ষণীয় বিভিন্ন ফুল-চানেকি যুক্ত বস্ত্ৰ তিৱাসকলে পৰিধান কৰে। পুৰুষে থানা, তাগ্লা, থেনাচ, ফালি, ফাগা ইত্যাদি আৰু মহিলাই কাছাং, ফাহ্‌হ্কাই নাৰা ইত্যাদি পৰিধান কৰে। আ-অলংকাৰ – কেইবাবিধৰ মণি, যেনে চাপ্‌ল, চিংলি ল, কল পান্থা আদি আনহাতে কাণৰ অলংকাৰ— খাইদং, ছন্যানে খাইদং আৰু ৰূফানে খাইদং।

প্রশ্ন ৭। দেউৰীসকল কি ধৰ্মৰ বিশ্বাসী?

উত্তৰ : দেউৰীসকল বৰ ধৰ্ম বিশ্বাসী লোক। তেওঁলোক ‘কুন্দি’ ধৰ্মৰ বিশ্বাসী।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ৯। দেউৰীসকল কোন নৃ-গোষ্ঠীৰ অন্তৰ্গত?

উত্তৰ : মঙ্গোলয়ড নৃ-গোষ্ঠীৰ ৷

প্রশ্ন ১০। দেউৰীসকলৰ উপাস্য দেৱতা কি?

উত্তৰ : ‘কুন্দিমামা’ হ’ল দেউৰীসকলৰ উপাস্য দেৱতা৷

প্রশ্ন ১১। ‘কুন্দিমামা’ মানে কি?

উত্তৰ: ‘কুন্দি’ মানে পৰম পুৰুষ পৰমেশ্বৰ, আৰু ‘মামা’ মানে প্রকৃতিক বুজাইছে। এই ‘কুন্দিমামা’ই বিশ্বব্রহ্মাণ্ডৰ সৃষ্টিকৰ্তা আৰু পালনকর্তা বুলি দেউৰীসকলে বিশ্বাস কৰে ৷

(গ) নেপালী ভাষী গোর্খাসকল

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। নেপালী বা গোৰ্খা জনগোষ্ঠীৰ লোকসকল কি কি নৃ-গোষ্ঠীয় লোকৰ সংমিশ্রণ?

উত্তৰ : নেপালী বা গোৰ্খা জনগোষ্ঠীৰ লোকসকল আৰ্য-মঙ্গোল-কিৰাত নৃ-গোষ্ঠীৰ সংমিশ্রণ।

প্রশ্ন ২। ‘লাল মোহৰীয়া পাণ্ডা’ বুলি কলে কি বুজা?

উত্তৰ : নৰক ৰজাই কামাখ্যা মন্দিৰত পূজা কৰাবলৈ যি বিলাক পূজাৰী নেপালৰ পৰা আনিছিল সেই সকলক পিছলৈ কামাখ্যা মন্দিৰত ‘লাল মোহৰীয়া পাণ্ডা’ বুলি খ্যাত হৈছিল।

প্রশ্ন ৩। অসম প্রদেশ কংগ্ৰেছ কমিটীৰ প্ৰথম সভাপতি গৰাকীৰ নাম লিখা।

উত্তৰ: অসম প্রদেশ কংগ্ৰেছ কমিটীৰ প্ৰথম সভাপতি গৰাকীৰ নাম হ’ল ছবিলাল উপাধ্যায়।

প্রশ্ন ৪। ট্রাইবেল বেল্ট এণ্ড ব্রক’ত নেপালী ভাষী লোকসকলে কেতিয়া ‘সংৰক্ষিত শ্ৰেণী’ৰ মৰ্যাদা পাইছিল ?

উত্তৰ : গোপীনাথ বৰদলৈৰ মুখ্যমন্ত্ৰীত্বৰ সময়ত ১৯৪৭ চনত।

প্রশ্ন ৫। ৰতিকান্ত উপাধ্যায় কোন আছিল আৰু তেওঁক’ত ক’ত সত্ৰ স্থাপন কৰিছিল ?

উত্তৰ : ৰতিকান্ত উপাধ্যায় আছিল নেপালী ব্রাহ্মণ। তেওঁ টিয়ক আৰুনগাঁৱত ‘নেপালী সত্ৰ’ স্থাপন কৰিছিল।

প্রশ্ন ৬। গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে পালন কৰা মুখ্য উৎসৱবোৰ কি কি?

উত্তৰঃ মহিলাসকলে পালন কৰা ‘তীজ’, পাৰিবাৰিক সম্বন্ধ নিকপকপীয়া কৰা উৎসৱ ‘বড়া দশৈ’ আৰু ভাতৃ-ভগ্নীৰ প্ৰেমৰ উৎসৱ ‘তিহাৰ’ আদি মুখ্য উৎসৱ।

প্রশ্ন ৭। “জম্বুদ্বীপে, আর্যবর্তে, ভাৰতবর্ষে, অসম প্রান্তে” বোলা কথাষাৰৰ তাৎপর্য কি?

উত্তৰ : প্রায় পাঁচ হাজাৰ বছৰৰ আগৰ পৰাই অৰ্থাৎ মহাভাৰতৰ সময়ৰ পৰাই অসম আৰু নেপালৰ মাজত পাৰস্পৰিক সম্বন্ধ আৰু প্ৰব্ৰজন আছিল। তেতিরা এই সমগ্র অঞ্চলটো ‘জম্বুদ্বীপে’ বা আর্যৱৰ্ত’ নামেৰে জনাজাত আছিল। অসমৰ নেপালীভাষী লোকসকলে বছৰেকীয়া পিতৃ শ্রাদ্ধত পিণ্ড দান কৰোঁতে মন্ত্ৰৰ লগতে নিজৰ ঠিকনা উল্লেখ কৰি “জম্বুদ্বীপে, আর্যবর্তে, ভাৰতবর্ষে অসমপ্রান্তে” বুলি কয়।

প্রশ্ন ৮। সুগৌলী সন্ধি কেতিয়া হৈছিল, আৰু এই সন্ধিমতে কোনখন দেশৰ ভূ-ভাগ আৰু জন সমষ্টি ভাৰতৰ অন্তৰ্ভুক্ত হৈছিল?

উত্তৰ : বৃটিছ আৰু নেপালৰ মাজত ১৮১৫-১৬ চনত যুগৌলী সন্ধি হৈছিল। সেই সন্ধিমতে নেপালৰ জন সমষ্টিৰ সৈতে ভাৰতৰ উত্তৰৰ নেপালৰ বহু ভূ-ভাগ ভাৰতৰ অন্তর্ভূক্ত হয়।

অতিরিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১০। সাম্প্রতিক সময়ত ভাৰতৰ নেপালী ভাষী লোকক কি নামেৰে জনা যায় ?

উত্তৰ : ‘গোর্খা’ নামেৰে।

প্রশ্ন ১১। ‘ৰাজতৰংগিনী’ গ্ৰন্থখনৰ ৰচক কোন?

উত্তৰ : পণ্ডিত কলহন।

প্রশ্ন ১২। “ভাৰতীয় ইতিহাস কী মিমাংসা’ গ্ৰন্থখনৰ ৰচক কোন?

উত্তৰঃ জয়চন্দ্র বিদ্যালংকাৰ।

প্রশ্ন ১৩। প্রাচীন ধর্ম গ্ৰন্থৰ মতে প্ৰাগজ্যোতিষৰ ৰজা নৰকে ক’ত জন্ম গ্রহণ কৰিছিল?

উত্তৰ: বৰ্তমান নেপালৰ চুনচুৰী জিলাৰ বৰাহ ক্ষেত্ৰত।

প্রশ্ন ১৪। কামাখ্যা মন্দিৰত পূজা কৰাবলৈ ৰজা নৰকে ক’ৰ পৰা পূজাৰী আনিছিল?

উত্তৰ : নেপালৰ পৰা।

প্রশ্ন ১৫। কামাখ্যা মন্দিৰত পূজা কৰাবলৈ ৰজা নৰকে নেপালৰ পৰা অন পূজাৰীসকল কি বুলি খ্যাত হৈ পৰিল ?

উত্তৰ : ‘লাল মোহৰীয়া পাণ্ডা’ বুলি।

প্রশ্ন ১৬। টিয়ক আৰু নগাঁৱত কোনে ‘নেপালী সত্ৰ’ স্থাপন কৰিছিল?

উত্তৰ : ‘নেপালী ব্রাহ্মণ ৰতিকান্ত উপাধ্যায়ে।

প্রশ্ন ১৭। ইয়াণ্ডাবু সন্ধি কোন চনত হৈছিল ?

উত্তৰ : ১৮২৬ চনত।

প্রশ্ন ১৮। অসম আন্দোলনত নেপালী জনগোষ্ঠীৰ কেইগৰাকী লোক শ্বহীদ হয়?

উত্তৰ : ছয় গৰাকী।

(ঘ) বড়োসকল

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। বড়োভাষা কি ভাষা গোষ্ঠীৰ অন্তৰ্ভুক্ত?

উত্তৰ : বড়োভাষা চীনা তিব্বত-বর্মীয় ভাষাগোষ্ঠীৰ অন্তৰ্ভুক্ত।

প্রশ্ন ২। বড়োভাষা কেতিয়া প্ৰাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃত হৈছিল?

উত্তৰ : ১৯৬৩ চনত।

প্রশ্ন ৩। বড়োসকলৰ বিষয়ে লিখা দুখন গ্ৰন্থৰ নাম লিখা।

উত্তৰ : চিত্তৰঞ্জন মোছাহাৰীৰ ‘ফৈমাল মিজিংক’ আৰু ‘জুজাইনি অৰ’ ।

প্রশ্ন ৪। বড়ো ভাষাৰ প্ৰথম গ্ৰন্থখন কি ?

উত্তৰঃ চিত্তৰঞ্জন মৈাছাহাৰীৰ ‘ফৈমাল মিজিংক’।

প্রশ্ন ৫। বড়োসকলৰ পৰম্পৰাগত সাজ-পাৰত ব্যৱহাৰ কৰা কেইটিমান চানেকি নাম লিখা।

উত্তৰ: বড়োসকলৰ পৰম্পৰাগত সাজ পাৰত ব্যৱহাৰ কৰা ফুল বা চানেকি কেইটিমান হ’ল,— দাওথু আগান, ফাৰেও মেগমন, মুফুৰ আফা, দাওৰাই মীঘ্ৰেব, থাইগিৰ বিবাৰ হাজৗ আগৰ আদি।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ৭। উত্তৰ দিয়া :

(ক) ছাৰ এডৱাৰ্ড গেইটৰ মতে বড়োসকলৰ বৃহৎ ৰাজ্য ক’ত আছিল ?

উত্তৰ: অসম তথা উত্তৰ বংগত।

(খ) বড়োসকলক উত্তৰ-পূব বংগ, গোৱালপাৰা আৰু নেপালত কি হিচাপে জনা যায়?

উত্তৰ : উত্তৰ-পূব বংগ, গোৱালপাৰাত ‘মেচ’ আৰু নেপালত ‘মেচে’ হিচাপে।

(গ) কোন চনত বড়োভাষাক উচ্চ মাধ্যমিক বিদ্যালয়ত অন্তর্ভুক্ত কৰা হয় ?

উত্তৰ : ১৯৬৮ চনত।

(ঘ) কোন চনত বড়োভাষাক গুৱাহাটী বিশ্ববিদ্যালয়ে ভাৰতীয় আধুনিক ভাষা হিচাপে স্বীকৃতি প্রদান কৰে?

উত্তৰ : ১৯৭৭ চনত।

(ঙ) কোন চনত বড়োভাষাই অসমৰ অন্যতম ৰাজ্যিক ভাষা হিচাপে ৰাজপত্ৰৰ যোগেদি স্বীকৃতি লাভ কৰে?

উত্তৰ : ১৯৮৪ চনত।

(চ) কোন চনত বড়োভাষাই সাহিত্য একাডেমীৰ পৰা স্বীকৃতি লাভ কৰে?

উত্তৰ : ২০০৫ চনৰ ১৭ অক্টোবৰ তাৰিখৰ পৰা।

(ছ) কেতিয়াৰ পৰা কেন্দ্ৰীয় লোকসেৱা আয়োগে বড়োভাষাক এটা বিষয় ভাষা হিচাপে অন্তৰ্ভুক্ত কৰে?

উত্তৰ : ২০০৫ চনৰ ৩ ডিচেম্বৰ তাৰিখৰ পৰা।

(জ) বড়ো সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল?

উত্তৰ : ১৯৫২ চনৰ ১৬ নবেম্বৰ তাৰিখে

(ঝ) কিহক বড়োসকলে শ্ৰদ্ধা আৰু সন্মানৰ চিন-স্বৰূপে ব্যৱহাৰ কৰে?

উত্তৰ : আনাই খন।

(ঞ) বড়ো ভাষাৰ প্ৰথম চুটিগল্প সংকলন কি?

উত্তৰ : চিত্তৰঞ্জন মোছাহাৰীৰ ‘ফৈমাল মিজিংক” (১৯৭০)।

(ট) বড়ো ভাষাৰ প্ৰথম উপন্যাস খনৰ নাম কি?

উত্তৰ : চিত্তৰঞ্জন মোছাহাৰীৰ ‘জুজাইনি অৰ’ (১৯৭২)।

(ঠ) বড়ো সকল কি কি ধৰ্মৰ লোক?

উত্তৰ : খ্ৰীষ্টান ধৰ্ম, অনুকুল ধৰ্মৰ আৰু বৈষ্ণৱ ধৰ্মৰ লোক।

(ড) বড়ো সকলৰ প্ৰধান গীত সমূহক কেইটা ভাগত ভাগ কৰিব পাৰি নাম লিখা।

উত্তৰ : বড়োসকলৰ প্ৰধান গীত সমূহক তিনিটা ভাগত বিভক্ত কৰিব পাৰি

১। প্ৰাৰ্থনা গীত, (আৰ্জ মেথায়),

২। লোকগীত (খুগা মেথায়) আৰু

৩। আধুনিক গীত (গৗদান মেথায়)

(ঢ) বড়ো নৃত্য দুবিধ কি কি?

উত্তৰঃ

১। পুৰণি বড়ো নৃত্য

২। আধুনিক বড়ো নৃত্য

(ণ) বড়ো সকলৰ প্ৰধান বাদ্যযন্ত্ৰবোৰ কি কি?

উত্তৰ : খাম (মাদল), চিফুং (বাঁহী), জথা (তাল), চেৰজা আৰু গগণা।

(ঙ) মটকসকল

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১,২। মটক শব্দৰ অৰ্থ আৰু ইয়াৰ উৎপত্তি সম্বন্ধে লিখা।

উত্তৰ : ‘মটক’ শব্দটি টাই ভাষাৰ শব্দ। টাই ভাষাত ‘ম’ মানে শক্তিশালী, বুদ্ধিমান বা জ্ঞানী আৰু ‘টক’ মানে উপযুক্ত, জোখা, তুলাচনী পৰিক্ষিত অৰ্থাৎ ‘মটক’ মানে উপযুক্ত, জ্ঞানী, শক্তিশালী পণ্ডিত।

প্রশ্ন ৩। মটক সকল সাধাৰণতে কোন ধৰ্মৰ লোক?

উত্তৰ : ‘মটক’ সকল সাধাৰণতে ‘তাও ধৰ্মৰ লোক। পিছলৈ তেওঁলোকে মায়ামৰা বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছিল।

প্রশ্ন ৪। মটক সকলৰ লগত মোৱামৰীয়া বিদ্ৰোহৰ সম্বন্ধৰ বিষয়ে লিখা।

উত্তৰ : মোৱামৰীয়া বিদ্ৰোহৰ প্ৰধান নেতা আছিল মটকসকল। সেই কাৰণেই মটক সকলৰ ওপৰত মোৱামৰীয়া বিদ্রোহ দমাবৰ বাবে ৰজাঘৰৰ অত্যাচাৰ চলিছিল। বিদ্ৰোহৰ আচল নেতাসকলক বিচাৰি নাপাই সাধাৰণ নিৰপৰাধী মানুহকে বন্দী কৰি কাৰাগীৰত ৰাখিছিল।

প্রশ্ন ৫। মটক ৰাজ্যৰ উন্নতিৰ বাবে সৰ্বানন্দ সিংহই কৰা জনকল্যাণমূলক কাম- কাজৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।

উত্তৰ : সৰ্বানন্দ সিংহই মটক ৰাজ্যৰ উন্নতিৰ কাৰণে বিভিন্ন জনকল্যাণমূলক কাম- কাজ কৰিছিল । ৰঙাগড়া আলি, গোধা আলি, ৰাজগড় আলি, হাতী আলি আদি নিৰ্মাণ কৰি যাতায়তৰ সূচল কৰিছিল। ৰাজধানীৰ বাহিৰে ভিতৰে মুঠ চৌবিশটা পুখুৰী খন্দাইছিল। তাৰে ভিতৰত বেংমৰ পুখুৰী, তিনিকোণীয়া পুখুৰী, দেবী পুখুৰী, শেলুকীয়া পুখুৰী, বৰ পুখুৰী, চাউলখোৱা পুখুৰী আদি উল্লেখযোগ্য।

অতিৰিক্ত প্রশ্নোত্তর

প্রশ্ন ৭। উত্তৰ দিয়া :

প্রশ্ন (ক) কিমান চনত চুকাফাই অসমত প্ৰৱেশ কৰিছিল?

উত্তৰ: ১২২৮ চনত।

প্রশ্ন (খ) কাৰ সহায়ত চুকাফাই নগাসকলক পৰাস্ত কৰিছিল?

উত্তৰ : মটকৰ মুৰব্বীজনক।

প্রশ্ন (গ) ‘বেঙেনাৰ নাতি’ কাক বোলা হৈছিল?

উত্তৰ : মটকৰ মুৰব্বীজনক।

প্রশ্ন (ঘ) মটক সকলৰ উৎপত্তি কোন বংশত বুলি কোৱা হৈছে?

উত্তৰ: কৃষি পিতৃ-পুৰুষ চাওফুৰা আলঙৰ সপ্ত বংশত মটকসকলৰ উৎপত্তি বুলি কোৱা হৈছে।

প্রশ্ন (ঙ) চুকাফাই অসমত প্ৰৱেশ কৰি প্ৰথমে কাক লগ পাইছিল?

উত্তৰ: টিপাম পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চলত বাস কৰা মটকসকলক লগ পাইছিল।

প্রশ্ন (চ) তিনিচুকীয়া নাম কেনেকৈ হৈছিল?

উত্তৰ : মটকাজ সৰ্বানন্দ সিংহই বেংমৰা নগৰত খন্দোৱা তিনিকোণীয়া পুখুৰীৰ নাম অনুসাৰে পৰবৰ্তী সময়ত বেংমৰা নগৰখনিৰ নাম তিনিচুকীয়া হ’ল।

(চ) মৰাণসকল

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। মৰাণ সকলৰ নৃগোষ্ঠীয় পৰিচয় সম্পর্কে তিনিটা বাক্যত লিখা।

উত্তৰ: মৰাণ সকল বৃহৎ কিৰাত-মঙ্গোলীয় মূলৰ অন্যতম জনজাতীয় গোট।

প্রশ্ন ২। অসম আৰু অৰুণাচলৰ কোন কেইখন জিলাত মৰাণ সকলৰ বসতি বেছি?

উত্তৰ : অসমৰ তিনিচুকীয়া জিলা, ডিব্ৰুগড় জিলা আৰু অৰুণাচলৰ নামচাই আৰু চাংলাং জিলাত মৰাণসকলৰ বসতি বেছি।

প্রশ্ন ৩। বুৰঞ্জীত উল্লেখ থকা বাৰ ঘৰ কছাৰীৰ নাম লিখা।

উত্তৰ : বুৰঞ্জীত উল্লেখ থকা বাঘৰ কছাৰীৰ নাম হ’ল —দমচয় (ডিমাছা), ইনটহজয় (হোজাই), বিহদয় (বড়ো), জুহল-লুইবা (লালু বা সম্প্রতি তিৱা), বাদু সোণলয় (সোণোৱাল), ইনটু-মিমখয় (মৰাণ), দিউনয় (দেউৰী), ইনটু-মেচয় (মেছ), কুচুবয়ঁ (কোচ), ইনটু-গাৰোয় (গাৰো, ৰাভা ক্ৰিটয় (ৰাভা), বুদু হজয় (হাজং)।

প্রশ্ন ৪। মৰাণ ভাষাৰ দহোটা শব্দ লিখা।

উত্তৰ : মৰাণ ভাষাৰ দহোটা শব্দ দি (পানী), সিম (নিমখ), মাই(ধান), মাইৰুম (চাউল), মিয়াম (ভাত), মহন (মাংস), চান (সূর্য), দান (চন্দ্র), হান (চাহ), হিংকা (কাপোৰ) আৰু চেনফং (গছ)।

প্রশ্ন ৫। মৰাণসকলৰ ঐতিহাসিক যুগৰ ৰাজ্যখনৰ চাৰিসীমা উল্লেখ কৰা।

উত্তৰ : মৰাণ সকলৰ ঐতিহাসিক যুগৰ ৰাজ্যখনৰ চাৰিসীমা এনেধৰণৰ উত্তৰে বুঢ়ীদিহিং, দক্ষিণে দিচাং, পূবে চফ্ৰাই আৰু পশ্চিমে ব্রহ্মপুত্র।

প্রশ্ন ৬। মৰাণ সকলৰ ঐতিহাসিক যুগৰ অন্তিমজন ৰজাৰ নাম কি ?

উত্তৰ : মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিমজন ৰজাৰ নাম হ’ল— ‘বদৌছা’ বা ‘বড়োচা’।

প্রশ্ন ৭। মৰাণ সকলে বহাগৰ বিহু কেতিয়া কেনেকৈ পালন কৰে?

উত্তৰ : মৰাণ সকলে বহাগৰ বিহু এনেদৰে পালন কৰে— বহাগৰ প্ৰথম মঙ্গলবাৰে দেৱ-দেৱীৰ পূজা-অৰ্চনা কৰি বিহু নমায় আৰু মঙ্গলবাৰে উৰুকা, বুধবাৰে গৰু বিহু আৰু বৃহস্পতিবাৰে মানুহ বিহু ৰূপে সাতদিন সাতৰাতি বিহু মাৰি বিহু পালন কৰে।

প্রশ্ন ৮। মৰাণ সকলৰ দুটা বৃত্তিমূলক, দুটা গুণবাচক, আৰু দুটা স্থানবাচক খেলৰ নাম লিখা।

উত্তৰ : বৃত্তিমূলক খেল তেল পৰা তেলেপীয়া, নাও নিৰ্মাণ কৰা নাওশলীয়া। গুণবাচক খেল – পেটুধোৱা, হাতীমূৰীয়া।

স্থানবাচক খেল মাজুলী গঞা, হালধি বৰণীয়া |

প্রশ্ন ৯। মৰাণ সকলৰ জাতীয় খেতি কি ?

উত্তৰ : মৰাণ সকলৰ জাতীয় খেতি হ’ল সুমথিৰা বা কমলাটেঙাৰ খেতি ৷

প্রশ্ন ১০। মৰাণ সকলৰ ডেকাসকলৰ দলপতিৰ দায়িত্ব কেনেধৰণৰ ?

উত্তৰঃ মৰাণসকলৰ ডেকাসকলৰ দলপতিৰ দায়িত্ব হ’ল সমাজ পৰিচালনাত আগভাগ লোৱা ।

প্রশ্ন ১১। ক’ত ক’ত মৰাণসকলৰ দেৱ-দেৱীৰ পূজাৰ শাল আছিল?

উত্তৰঃ শদিয়াৰ কেঁচাইখাতী থান, তিনিচুকীয়া জিলাৰ মাকুমৰ যজ্ঞোখোৱা, দেওশাল, চৰাইদেউ আদিত মৰাণসকলৰ দেৱ-দেৱীৰ পূজাৰ শাল আছিল।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১৩। ‘অসমীয়া কৃষ্টি’ গ্ৰন্থখনিৰ ৰচক কোন?

উত্তৰ : বিষ্ণু ৰাভাদের।

প্রশ্ন ১৪। ‘কছাৰী’ গ্ৰন্থখনিৰ ৰচক কোন?

উত্তৰ : ড° সূর্য কুমাৰ ভূঞাদেৱে লিখা।

প্রশ্ন ১৫। অতীজতে মৰাণ সকলৰ মাজত কি বড়োমূলীয় ভাষা আছিল?

উত্তৰ : ‘বড়োৰূচী’ নামৰ ভাষা।

প্রশ্ন ১৬। মৰাণ সকলৰ প্ৰধান উৎসৱ কি?

উত্তৰ: বিহু।

প্রশ্ন ১৭। মৰাণ সকলৰ বিহুক কি বিহু বোলে?

উত্তৰ : ‘মৰাণ বিহু।

প্রশ্ন ১৮। মৰাণ সকলৰ জাতীয় পশু কি?

উত্তৰঃ হাতী।

প্রশ্ন ১৯। মৰাণ সকলৰ জাতীয় গছ কি?

উত্তৰঃ হোলুংগছ।

(ছ) মিচিংসকল

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। মিচিং জনজাতিৰ বিষয়ে এটা চমুটোকা লিখা।

উত্তৰ : মিচিং হ’ল অসমৰ দ্বিতীয় সর্ববৃহৎ জনজাতীয় জনগোষ্ঠী। মিচিং সকলক ‘মিৰি’ হিচাপেও জনা যায়। মিচিং সকলে বহল অৰ্থত নিজকে ‘তানি’ বুলি পৰিচয় দিয়ে। খিঁচিং সকলৰ পূৰ্বৰ বাসস্থান আছিল অসমৰ উত্তৰলানি পাহাৰ অঞ্চল। পিছত জীৱিকাৰ সন্ধানত তেওঁলোক অসমৰ সমতললৈ নামি আছে। মিচিং জনগোষ্ঠীৰ মাজত কেইবা প্ৰকাৰে বিবাহ সম্পাদিত হয়। বংশ বা গোত্র গণনা পুৰুষৰ ফালৰ পৰা কৰা হয়। মনে বিচৰা জীৱন-সংগী বিচৰাত ডেকা-গাভৰুৰ মাজত স্বাধীনতা আছে। বিয়া একেটা কুলৰ মাজত নহয়৷

কুল বিচৰাত উচ্চ-নীচৰ বিচাৰ বা ভাৱ নাথাকে। মিচিংসকলৰ জীৱিকাৰ সম্বল হ’ল কৃষি। ধান খেতি কৰাৰ উপৰিও তেওঁলোকে মাহ, সৰিয়হ, বিবিধ আলু, কচু, আদা, জলকীয়া আদিৰ খেতি কৰে। গাঁৱত শান্তি সম্প্ৰীতি বজাই ৰাখিবৰ বাবে একোজন গাঁওবুঢ়া থাকে।

মিচিংসকলৰ সাংস্কৃতিক পৰিচয় পোৱা যায় জাতীয় সাজ-পাৰত। পুৰুষসকলে – মিবু গালুগ, গন্ত, উগন, টঙালি, দুমৌৰ আদি পৰিধান কৰে। মহিলা সকলে ৰিহা-মেখেলা, ৰিবি গাচেং আদি পৰিধান কৰাৰ উপৰিও নানা ৰকমৰ অলংকাৰ পিন্ধে। ধর্মীয় ক্ষেত্ৰত তেওঁলোকে মহাপুৰুষীয়া, শৈৱ, শাক্ত, তান্ত্ৰিক আৰু কেৱলীয়া বা ৰাতি সেৱা ধৰ্ম পন্থা অবলম্বন কৰে। হ’লৈও তেওঁলোকৰ ‘দঞিপল’ মূলধর্ম।

মিচিং সকলৰ জাতীয় উৎসৱ আলি আঃয়ে লিগাঙৰ উপৰিও বিহু আদিও পালন কৰে, আলি-আঃয়ে লিগাং হ’ল কৃষি ভিত্তিক উৎসৱ। ভাতৰ লগত শুকান মাছ, মঙহ আৰু আপং এই উৎসৱৰ প্ৰধান খাদ্য। আপং মিচিং সকলৰ চিৰাচৰিত পানীয় দ্রব্য।

মিচিং ভাষা লোক সাহিত্যত চহকী। মিচিং ভাষী লোকৰ অসমীয়া ভাষা সাহিত্যলৈ উল্লেখনীয় অবদান আছে। সু-সাহিত্যক ভৃগুমুনি কাগয়ুং তেনে এজন বৰেণ্য সাহিত্যিক মিচিং সম্প্ৰদায়ৰ লোক।

প্রশ্ন ২। মিচিং সকলৰ তিনিবিধ সাজ-পাৰৰ নাম লিখা।

উত্তৰ : পুৰুষসকলৰ – মিবু গালুগ, মহিলাৰ – ৰিহা মেখেলা, ৰিবি গাচেং।

প্রশ্ন ৩। আলি আঃয়ে লিগাং কিয় আৰু কেতিয়া পতা হয়?

উত্তৰ : আলিঃআয়ে লিগাং মিচিংসকল কৃষিভিত্তিক উৎসৱ। বীজ গুটি ৰোপণৰ শুভাৰম্ভ হিচাপে ফাগুণ মাহৰ প্ৰথম বুধবাৰৰ দিনা এই উৎসৱ পালন কৰা হয়।

প্রশ্ন ৪। মিচিং সকলৰ ধৰ্মপন্থা সম্পৰ্কে চমুকৈ লিখা।

উত্তৰ: মিচিং সকলে মহাপুৰুষীয়া, শৈৱ, শাক্ত, তান্ত্ৰিক আৰু বিশেষকৈ কেৱলীয়া বা ৰাতি সেৱা ধৰ্ম পন্থা অৱলম্বন কৰা দেখা যায় যদিও স্বধর্ম হিচাপে তেওঁলোকৰ মূলধৰ্ম ‘দঞিপল’।

প্রশ্ন ৫। আলি আয়ে লৃগাং শব্দৰ ব্যুৎপত্তি লিখা।

উত্তৰ : আলি আয়ে লৃগাং হ’ল মিচিং সকলৰ জাতীয় উৎসৱ। এই শব্দটিৰ ব্যুৎপত্তিগত অর্থ আছে। ‘আলি’ মানে হ’ল মাটিৰ তলত হোৱা বীজ, ‘আয়ে’ হ’ল গা-গছৰ ওপৰত হোৱা ফল বা গুটি আৰু ‘লৃগাং’ শব্দৰ অৰ্থ ৰোপণ কাৰ্যৰ শুভাৰম্ভ অর্থাৎ বীজ-গুটি ৰোৱা কাৰ্যৰ শুভাৰম্ভ। সেয়ে ফাগুণ মাহৰ প্ৰথম বুধবাৰৰ দিনা এই উৎসৱ পালন কৰা হয়।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ৭। মিচিংসকলে বহল অৰ্থত নিজকে কি বুলি পৰিচয় দিয়ে?

উত্তৰ : ‘তানি’ বুলি৷

প্রশ্ন ৮। ‘তানি’ শব্দৰ অৰ্থ কি?

উত্তৰ : ‘তানি’ শব্দৰ অৰ্থ মানুহ বা মানৱ।

প্রশ্ন ৯। মিচিংসকলে কোনফালৰ পৰা বংশ বা গোত্র গণনা কৰে?

উত্তৰ : পুৰুষৰ ফালৰ পৰা ।

প্রশ্ন ১০। মিচিং সকলৰ জীৱিকাৰ সম্বন্ধ কি?

উত্তৰ : কৃষি।

প্রশ্ন ১১। মিচিংসকলৰ সামাজিক বিচাৰ ক’ত পতা হয়?

উত্তৰ : খুৰংঘৰ বা গাঁওবুঢ়াৰ চোতালত।

প্রশ্ন ১২। মিচিংসকলৰ মূল ধৰ্ম কি?

উত্তৰ: দঞিপল

প্রশ্ন ১৩। মিচিংসকলে বিপদ আপদৰ ৰক্ষা কৰচ হিচাপে কিহক বিশ্বাস কৰে?

উত্তৰঃ কুকুৰাক।

প্রশ্ন ১৪। ‘আলি আয়ে লৃগাং’ উৎসৱৰ আৰম্ভণি কেতিয়া কৰা হয়?

উত্তৰ : ফাগুণ মাহৰ প্ৰথম বুধবাৰৰ পৰা৷

প্রশ্ন ১৫। অধ্যাপক নাহেন্দ্ৰ পাদুনে মিচিং ভাষাৰ বিকাশৰ কি কি তিনিটা স্তৰ ভাগ কৰি দেখুৱাইছে?

উত্তৰ : আদি স্তৰ, মধ্যস্তৰ আৰু আধুনিক স্তৰ।

(জ) মণিপুৰীসকল

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। কেতিয়াৰ পৰা মণিপুৰীসকলে অসমত স্থায়ীভাবে বসবাস কৰিব আহিছে?

উত্তৰ: ১৮১৯চনত মানৰ আক্ৰমণত তিষ্ঠি থাকিব নোৱাৰি অনেক মণিপুৰী লোক অসমলৈ ভাগি আহে আৰু পিছত নিজৰ ঠাইলৈ ঘূৰি নগৈ অসমতে স্থায়ীভাৱে থাকিবলৈ ল’লে।

প্রশ্ন ২। ভাৰতীয় সংবিধানৰ অষ্টম অনুচ্ছেদত মণিপুৰী ভাষা কিমান চনত অন্তৰ্ভুক্ত হয় ?

উত্তৰ : ১৯৯২ চনত।

প্রশ্ন ৩। মণিপুৰী বা মীতৈ/মৈতৈ সকলৰ সমাজত সাতোটা য়েক হালাইৰ নাম কি কি?

উত্তৰ: ‘য়েক-ছালাই’ অৰ্থ হৈছে খেল বা ফৈদ। মণিপুৰী বা মীতৈ /মৈতৈ সকলৰ সমাজত থকা সাতোটা য়েক-ছালাই হ’ল—মঙাং (নিংথৌজা), লুৱাং, খুমন, মোইৰাং, অঙোম, খাবা-ঙানবা আৰু চেংলৈ ।

প্রশ্ন ৪। মণিপুৰী বা মীতৈ/মৈতৈ সকলৰ নিজা ঘৰত পূজা-অৰ্চনা কৰা দেৱ দেৱীৰ নাম কি কি?

উত্তৰ : লাইনিংথৌ ছানামহী, ইমা লৈমৰেণ শিদবী।

প্রশ্ন ৫। লাই হৰাওবা কি ? বছৰৰ কি মাহত লাইহৰাওবা উৎসৱ পালন কৰা হয় ? লাইহৰাওবা উৎসৱত ব্যৱহাৰ কৰা এবিধ বাদ্যযন্ত্ৰৰ নাম লিখা।

উত্তৰ : ‘লাইহৰাওবা’ মণিপুৰী সকলৰ কৃষিভিত্তিক আৰু লোকাচাৰ জড়িত উৎসৱ। এই উৎসৱ প্ৰতিবছৰে বহাগ মাহত পালন কৰা হয়। লাই হৰাওক উৎসৱত ব্যৱহাৰ কৰা এবিধ বাদ্যযন্ত্ৰ হ’ল ‘পেনা’।

প্রশ্ন ৬। মণিপুৰী বা মীতৈ/মৈতৈ সকলৰ কিছুমান নাচৰ নাম লিখা।

উত্তৰ : থাবল চোংবি, মাইবী জগোই (লাই হাৰাওবা নৃত্য) আদি ।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ৮। উত্তৰ দিয়া

(ক) কিমান চনত মান সেনাই মণিপুৰ আক্ৰমণ কৰিছিল ?

উত্তৰ : ১৮১৯ চনত।

(খ) মণিপুৰী ভাষী মানুহ বৰ্তমান অসমৰ কোন কোন জিলাত স্থায়ীভাৱে বাস কৰি আহিছে?

উত্তৰ: বৰ্তমানৰ হোজাই জিলা, কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী, ওদালগুৰি, কাবি আংলং, ডিমাহাচাও, উজনি অসমৰ শিৱসাগৰ, ডিব্ৰুগড়, গোলাঘাট, লক্ষীমপুৰ আদি জিলাত

(গ) অসম চৰকাৰে কেতিয়াৰ পৰা মণিপুৰী ভাষা প্রাথমিক বিদ্যালয় আৰু হাইস্কুল পৰ্যায়ত শিক্ষাৰ মাধ্যম হিচাপে প্ৰচলন কৰে?

উত্তৰ : ১৯৫৬ চনৰ পৰা প্ৰাথমিক আৰু ১৯৮৪ চনৰ পৰা হাইস্কুল পৰ্যায়ত শিক্ষাৰ মাধ্যম হিচাপে প্রচলন কৰে।

(ঘ) মণিপুৰী ভাষাৰ ‘লোন’ শব্দৰ অৰ্থ কি ?

উত্তৰ: ‘লোন’ শব্দৰ অৰ্থ ভাষা।

(ঙ) লাই হাৰাওবা’ৰ অৰ্থ কি?

উত্তৰ : নেদেখাজনৰ সন্তোষ সাধন ।

(চ) মণিপুৰী সমাজৰ মুখীয়ালজনক কি বোলে?

উত্তৰ : ‘পীবা’ বোলে।

(ঝ) ৰাভাসকল

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। ৰাভাসকলৰ আদি বাসভূমি ক’ত আছিল ?

উত্তৰ : ৰাভাসকলৰ আদি বাসভূমি গাৰোপাহাৰৰ ‘ফুলবাৰী’ৰ পৰা দক্ষিণ কামৰূপৰ ৰাণীলৈকে, গাৰো পাহাৰ খাচীয়া পাহাৰ জিলাৰ উত্তৰ সীমাবৰ্ত্তী অঞ্চল আছিল, বর্তমানেও এই অঞ্চলবোৰত এওঁলোকৰ বসতি আছে।

প্রশ্ন ২। সামাজিক ফালৰ পৰা ৰাভাসকল কি কি শাখাত বিভক্ত?

উত্তৰ : সামাজিক ফালৰ পৰা ৰাভাসকল ৰংদানী, পাতি, দাহৰী মায়ৰী, কোচ, বিতলীয়া, হাদা, মদাহী আদি শাখাত বিভক্ত।

প্রশ্ন ৩। ৰাভা সংস্কৃতিৰ প্ৰতীক কি?

উত্তৰ : ৰাভা সংস্কৃতিৰ প্ৰতীক হ’ল— ‘মান চেলেংকা’ বা ‘মাছৰোকা’ চৰাই।

প্রশ্ন ৪। ৰাভাসকলৰ প্ৰধান দেৱতা কি?

উত্তৰ : ৰাভাসকলৰ প্ৰধান দেৱতা ৰিছি বা মহাদেৱ।

প্রশ্ন ৫। ৰাভাসকলৰ প্ৰধান পূজাটোৰ নাম কি?

উত্তৰ : ৰাভাসকলৰ প্ৰধান পূজাটোৰ নাম ‘ব্যায়খো’।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ৮। উত্তৰ দিয়া

(ক) ৰাভাসকল কোন ফৈদৰ লোক?

উত্তৰ : মঙ্গোলীয় ফৈদৰ লোক।

(খ) ৰাভা, ইংৰাজী, অসমীয়া ভাষাত প্রকাশিত পূর্ণাঙ্গ পৰিভাষা খনৰ নাম কি?

উত্তৰ : ‘ছামলাযাছিনি’।

(গ) ৰাভা ভাষা কিহৰ জৰিয়তে জীৱন্ত হৈ উঠে?

উত্তৰ : ৰাভা ভাষাৰ আলোচনী ‘চাম্পায়’ৰ জৰিয়তে।

(ঘ) ৰাভা ভাষাৰ বাতৰি কাকত ‘চিৰিং খুৰাং’ কেতিয়া প্ৰকাশ পাইছিল।

উত্তৰ : ২০০৫ চনত।

(ঙ) ৰাজাবীৰ পৰশুৰাম ৰাভা কোন ৰাজ্যৰ ৰজা আছিল ?

উত্তৰ : ‘ছাম্ভোৰ’ ৰাজ্যৰ।

(চ) ৰাভা সকল কিহৰ উপাসক?

উত্তৰ : শিল, গছ-গছনি আদি জড় উপাসক।

(ছ) ৰাভা জাতিক কিয় ক্ষত্রিয় বুলি কোৱা হয়?

উত্তৰ: যুদ্ধ-বিগ্রহ ভাল পাই কাৰণে।

(জ) ৰাভাসকলৰ কোন বিলাক শাখাই ৰাভা ভাষা জানে?

উত্তৰ : ৰংদানী, নায়ৰী আৰু কোচ ৰাভা সকলেহে ৰাভা ভাষা জানে।

(ঞ) সোণোৱাল কছাৰীসকল

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। ডিমাচা ভাষাত সোণোৱাল মানে কি?

উত্তৰ : ডিমাচা ভাষাত সোণোৱাল মানে উজ্জ্বল আৰু ঐশ্বর্যশালী।

প্রশ্ন ২। সোণোৱাল কছাৰীসকল কি ধৰ্মৰ উপাসক আছিল?

উত্তৰ : সোণোৱাল কছাৰী সকল শাক্ত বা পুৰাতন ধৰ্মৰ উপাসক আছিল।

প্রশ্ন ৩। সোণোৱাল কছাৰীসকলৰ লোক-সাহিত্য সমূহৰ বিষয়ে লিখা।

উত্তৰ: মুখে মুখে বাগৰি অহা, মুখে মুখে ৰচনা কৰা পুৰণি নাম, পদ, মালিতা ফকৰা- যোজনা, সাধুকথা ইত্যাদি সোণোৱাল কছাৰীসকলৰ উল্লেখযোগ্য লোক বা চহা সাহিত্য বৰ্তমানলৈ প্ৰাপ্ত লোক-সাহিত্য সমূহৰ ভিতৰত হায়দাং গীত, হুচৰি গীত, বহুৱা নৃত্যৰ গীত, আইনাম, ধাই নাম, লখিমী নাম, অপেশ্বৰীৰ নাম, গোসাঁইৰ নাম, ফুলকোঁৱৰ মণিকোঁৱৰৰ গীত, জনাগাভৰুৰ গীত, মৰণামৰা গীত, বিহুগীত, ওৰাচিয়া গীত আদিয়েই প্রধান।

প্রশ্ন ৪। সোণোৱাল কছাৰীসকলৰ সমাজ পদ্ধতিৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।

উত্তৰ : সোণোৱাল কছাৰীসকলৰ প্ৰথম পৰিচয় সঁচ বা পৰিয়াল, বংশ, খেল আৰু কুচীয়া৷ বৰ্তমান সোণোৱাল কছাৰীৰ মাজত ১৩৫ টা সঁচ আছে। ইয়াৰে চাৰিটা ততোধিক সঁচ মিলি একোটা বংশ হয়। এওঁলোকৰ মাজত সৰ্বমুঠ ২৫ টা বংশ আছে। ইয়াৰে চৈধ্যটা বংশক নির্বাচন কৰি কছাৰীৰ ৰাষ্ট্রনায়ক মাণিকে হালালী ৰাজ্য পৰিচালনা কৰিছিল। সোণোৱাল কছাৰীৰ বিবাহৰ ক্ষেত্ৰত প্ৰথমে সঁচ আৰু বংশ বিচাৰ কৰা হয়। একেই সঁচ বা বংশৰ মানুহ একে ঘৰৰ ভাই-ককাই হিচাপে গণ্য কৰা হয় ।

প্রশ্ন ৫। সোণোৱাল কছাৰীসকলক কিয় দ্বৈত ধৰ্মৰ বুলি কোৱা হয়?

উত্তৰঃ সোণোৱাল কছাৰীসকল ৮৩০ খ্ৰীষ্টাব্দৰ পৰা শাক্ত বা পুৰাতন ধৰ্মৰ উপাসক আছিল; ১৬৮১ চনত আহোমৰ স্বৰ্গদেৱ গদাপাণিৰ ৰোষত পৰি শ্ৰীশ্ৰীকেশৱ দেৱ গোস্বামীদেৱে শদিয়াৰ সোণোৱালসকলৰ অধ্যুষিত অঞ্চল আঁঠুকঢ়া চাপৰি, বৰ্তমান কুণ্ডিল আৰু ব্ৰহ্মপুত্ৰৰ অৱবাহিকা অঞ্চলত আত্মগোপন কৰি থাকোতে অতি কৌশলেৰে সোণোৱাল কছাৰীসকলক শৰণ দিয়াই দ্বৈত ধৰ্মত বিভাজন কৰিলে। সত্ৰাধিকাৰৰ ওচৰত শৰণ লোৱা সকলক হিন্দুৰীয়া আৰু শৰণ নোলোৱাসকলক বেহাৰী বুলি নামকৰণ কৰিলে। সেই সময়ৰ পৰাই সোণোৱাল সকলৰ মাজত ‘গোসাঁই নাম’ অন্তর্ভুক্ত হয়। সত্ৰাধিকাৰে শৰণ দিয়ালেও সম্প্ৰতি সোণোৱাল কছাৰীসকল দ্বৈতধৰ্মী।

প্রশ্ন ২। সোণোৱাল কছাৰীসকল কি ধৰ্মৰ উপাসক আছিল?

উত্তৰ : সোণোৱাল কছাৰী সকল শাক্ত বা পুৰাতন ধৰ্মৰ উপাসক আছিল।

প্রশ্ন ৩। সোণোৱাল কছাৰীসকলৰ লোক-সাহিত্য সমূহৰ বিষয়ে লিখা।

উত্তৰ: মুখে মুখে বাগৰি অহা, মুখে মুখে ৰচনা কৰা পুৰণি নাম, পদ, মালিতা ফকৰা- যোজনা, সাধুকথা ইত্যাদি সোণোৱাল কছাৰীসকলৰ উল্লেখযোগ্য লোক বা চহা সাহিত্য বৰ্তমানলৈ প্ৰাপ্ত লোক-সাহিত্য সমূহৰ ভিতৰত হায়দাং গীত, হুচৰি গীত, বহুৱা নৃত্যৰ গীত, আইনাম, ধাই নাম, লখিমী নাম, অপেশ্বৰীৰ নাম, গোসাঁইৰ নাম, ফুলকোঁৱৰ মণিকোঁৱৰৰ গীত, জনাগাভৰুৰ গীত, মৰণামৰা গীত, বিহুগীত, ওৰাচিয়া গীত আদিয়েই প্রধান।

প্রশ্ন ৪। সোণোৱাল কছাৰীসকলৰ সমাজ পদ্ধতিৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।

উত্তৰ : সোণোৱাল কছাৰীসকলৰ প্ৰথম পৰিচয় সঁচ বা পৰিয়াল, বংশ, খেল আৰু কুচীয়া৷ বৰ্তমান সোণোৱাল কছাৰীৰ মাজত ১৩৫ টা সঁচ আছে। ইয়াৰে চাৰিটা ততোধিক সঁচ মিলি একোটা বংশ হয়। এওঁলোকৰ মাজত সৰ্বমুঠ ২৫ টা বংশ আছে। ইয়াৰে চৈধ্যটা বংশক নির্বাচন কৰি কছাৰীৰ ৰাষ্ট্রনায়ক মাণিকে হালালী ৰাজ্য পৰিচালনা কৰিছিল। সোণোৱাল কছাৰীৰ বিবাহৰ ক্ষেত্ৰত প্ৰথমে সঁচ আৰু বংশ বিচাৰ কৰা হয়। একেই সঁচ বা বংশৰ মানুহ একে ঘৰৰ ভাই-ককাই হিচাপে গণ্য কৰা হয় ।

প্রশ্ন ৫। সোণোৱাল কছাৰীসকলক কিয় দ্বৈত ধৰ্মৰ বুলি কোৱা হয়?

উত্তৰঃ সোণোৱাল কছাৰীসকল ৮৩০ খ্ৰীষ্টাব্দৰ পৰা শাক্ত বা পুৰাতন ধৰ্মৰ উপাসক আছিল; ১৬৮১ চনত আহোমৰ স্বৰ্গদেৱ গদাপাণিৰ ৰোষত পৰি শ্ৰীশ্ৰীকেশৱ দেৱ গোস্বামীদেৱে শদিয়াৰ সোণোৱালসকলৰ অধ্যুষিত অঞ্চল আঁঠুকঢ়া চাপৰি, বৰ্তমান কুণ্ডিল আৰু ব্ৰহ্মপুত্ৰৰ অৱবাহিকা অঞ্চলত আত্মগোপন কৰি থাকোতে অতি কৌশলেৰে সোণোৱাল কছাৰীসকলক শৰণ দিয়াই দ্বৈত ধৰ্মত বিভাজন কৰিলে।

সত্ৰাধিকাৰৰ ওচৰত শৰণ লোৱা সকলক হিন্দুৰীয়া আৰু শৰণ নোলোৱাসকলক বেহাৰী বুলি নামকৰণ কৰিলে। সেই সময়ৰ পৰাই সোণোৱাল সকলৰ মাজত ‘গোসাঁই নাম’ অন্তর্ভুক্ত হয়। সত্ৰাধিকাৰে শৰণ দিয়ালেও সম্প্ৰতি সোণোৱাল কছাৰীসকল দ্বৈতধৰ্মী।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ৭। উত্তৰ দিয়া

(ক) সোণোৱাল কছাৰীসকল পূৰ্বতে অসমত কি হিচাপে প্ৰৱেশ কৰিছিল?

উত্তৰ : মঙ্গোলীয় হিচাপে!

(খ) সোণোৱাল কছাৰীসকল প্ৰথমতে কি উপাসক আছিল?

উত্তৰ: জড়োপাসক আছিল।

(গ) সোণোৱাল কছাৰীসকলে যি যি নদীৰ পাৰত বাস কৰিছিল সেই বিলাক নদ- নদীৰ আগত ‘দি’ বা ‘টি’ আখৰযুক্ত শব্দ ব্যৱহাৰ কৰি নিজে নিজেই দিয়া নদীৰ নাম পাঁচটা লিখা।

উত্তৰ: দিচাং, দিগাৰু, দিখৌ, দৈয়াং, দিক্ৰং।

(ঘ) গাঁওখন সুশৃঙ্খলভাৱে চলিবলৈ গাঁওখনত কেনে বাবব সৃষ্টি কৰা হয় ?

উত্তৰ: বাৰীক, পাঠেক,আশীর্বদীয়া, গীতঘাই, মেধি, তামুলী, ৰান্ধনী আদি বাবৰ সৃষ্টি কৰা হয়।

(ঙ) সোণোৱাল কছাৰী সকলে অতিথিৰ বাবে সজা ঘৰটোৰ নাম কি?

উত্তৰ : মাৰলঘৰ৷

(চ) সোণোৱাল কছাৰী সকলে সাধাৰণতে হায়দাং গীতৰ মতে কেনেধৰণেৰে ঘৰবোৰ বান্ধে?

উত্তৰ: “পূবে ভঁৰাল, পশ্চিমে গৰাল, উত্তৰে চৰু, দক্ষিণে গৰু” এনেধৰণেৰে বান্ধে।

(ছ) সোনোৱাল কছাৰী সকলৰ মাজত কি ধর্ম বিৰাজমান?

উত্তৰ: দ্বৈতধর্ম।

(জ) সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগতভাৱে চলি অহা কেইটামান পূজাৰ নাম লিখা।

উত্তৰ : বাইথ’ পূজা, গভাই পূজা, সৰৰ্গদেউ পূজা, জলখাই পূজা, ক্ষত্ৰীয়শালৰ পূজা, বুঢ়া-বুঢ়ী শালৰ পূজা, বলিয়াবাবাৰ পূজা, কোঁচাই খাতী পূজা, খিনভঙা পূজা ইত্যাদি।

(ঝ) সোণোৱাল কছাৰী সকলৰ সকাম-নিকাম দুটিমানৰ নাম লিখা।

উত্তৰ : লখিমী সবাহ, আই সকাম, বাৰীচুকৰ সকাম, বুঢ়ী পোহা বা চাউল খুওৱা সকাম, গৰখীয়া সবাহ, অপেশ্বৰী সবাহ ইত্যাদি।

(ঞ) সোণোৱাল কছাৰী সকলৰ কেইটিমান নাচৰ নাম উল্লেখ কৰা।

উত্তৰ : বহুৱা নৃত্য, হগ্রা নৃত্য, লেছেৰী, কুলাবুঢ়ী নাচৰ হায়দাং নৃত্য ইত্যাদি।

(ঘ) হাজং সকল সামাজিকভাৱে পূৰ্বতে কেইটা শ্ৰেণীত বিভক্ত আছিল, – কি কি?

উত্তৰ : ছয়টা শ্ৰেণীত বিভক্ত আছিল। সেইবোৰ হ’ল—

১। হাৰাং পাহাৰীয়া ২। ভজালু পাহাৰীয়া ৩। মাণিক পাহাৰীয়া ৪। টেপৰ পাহাৰীয়া

৫। সাতিদল পাহাৰীয়া ৬। মাঞ্জি পাহাৰীয়া

(ঙ) হাজংসকল বৃহৎ আঞ্চলিক গোট হিচাপে কেইটাভাগত পোৱা যায়— আৰু কি?

উত্তৰ : পাঁচটা ভাগত পোৱা যায়, সেই কেইটা হ’ল—

১। দশ কাহালীয়া

২। ছুছঙী

৩। মছ পাহাৰীয়া

৪। কৰাই বাৰীয়া

৫। বাৰ’ হাজাৰী

(চ) হাজং সকলৰ সমাজ বান্ধোন তিনিটা কি কি?

উত্তৰ : ১। গাঁও গিয়াতি ২। পাঁচ গিয়াতি ৩। জোৱাৰ বা চাক্‌লা

(ছ) বৈষ্ণৱ পন্থী হাজং গৃহস্থৰ চোতালত কি থাকে?

উত্তৰ : হৰিঘৰ আৰু তুলসীৰ থান থাকে।

(জ) হাজং সকলৰ চাৰিপ্ৰকাৰ বিবাহ কি কি?

উত্তৰ :

১। সামাজিক বিয়া (চাই-মেলি কৰা বিয়া)

২। দায়পৰা বা ঠেংপাংৰানি (বাধ্যত পৰি ছোৱালীক স্ত্ৰীৰূপে গ্ৰহণ কৰা)

৩। মনামনি (ডেকা-গাভৰুৱে পৰস্পৰ ভাল পাই হোৱা বিয়া)

৪। হাঙা বা সাঙা (বিধবা আৰু বৰলাৰ মাজত হোৱা-বিয়া)।

(ঝ) হাজং সকলৰ কৃষি কৰ্মৰ সৈতে জড়িত কেইটিমান লোকাচাৰ উল্লেখ কৰা।

উত্তৰ: গুছি পোতা (ন গছি দিয়া), আগ অনা (প্রথম ধান কটা), নয়া খোৱা (ন ভাত খোৱা), কাতি গাছা (কঙালী বিহুত ঔ খোলেৰে ধাননি পথাৰত চাকি জ্বলোৱা, শইচ চপোৱা আৰু ‘পুষণী’ (মাঘ বিহু), চিৰা-পিঠা খোৱা, সঙৰাণি বা বিষুৱাত (ৰঙালী বিহু), গৰু গা ধুওৱা, কৃষি সঁজুলি ধুই পখালি চোতালত থুপাই বন্তি জ্বলাই সেৱা জনোৱা আদি।

(ঞ) হাজং সকল ধর্ম আচৰণৰ দিশত কি কি দুই শ্রেণীত বিভক্ত?

উত্তৰ : ১। হাজং শাক্ত আৰু ২। খাটল (বৈষ্ণৱ)

(ট) ‘চ’ৰগামা’ কি?

উত্তৰ : হাজংসকলৰ গাঁৱে গাঁৱে এসপ্তাহ জুৰি চলা এটি নৃত্য-গীতৰ উৎসৱ৷ ইয়াক চৰ খেলাও বোলে।

(ঠ) হাজং ভাষা কোন ভাষা-পৰিয়ালৰ অন্তৰ্ভুক্ত?

উত্তৰ : হাজং ভাষা তিব্বত-বর্মীয় ভাষা-পৰিয়ালৰ বড়ো শাখাৰ অন্তর্ভুক্ত।

(ড) হাজং সকলৰ ভাষাত কোন উপভাষাৰ প্ৰভাৱ লক্ষ্য করা যায় ?

উত্তৰ: কামৰূপী আৰু গোৱালপৰীয়া উপভাষাৰ প্ৰভাৱ ।

(ঠ) কলিতাসকল

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। কলিতা জনগোষ্ঠীৰ বিষয়ে কি জানা লিখা।

উত্তৰ: কলিতা জনগোষ্ঠী অসমৰ বৃহত্তম জনগোষ্ঠী। অসমৰ প্ৰায় সকলো জিলাতেই সমতলত এই জনগোষ্ঠীৰ মানুহে কাম কৰি আহিছে। বৰ্তমান ইয়াৰ জনসংখ্যা প্রায় পঞ্চাশ লাখ বুলি অনুমান কৰা হৈছে। এই জনগোষ্ঠীটোৰ পূৰ্বপুৰুষ আলপাইনসকল আদিতে অসমলৈ প্ৰব্ৰজন হৈ অসমৰ বিভিন্ন সমতল অঞ্চলত বাস কৰিছিল। কলিতাজাতি ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমতল অঞ্চলৰ প্রথম অধিবাসী আৰু ভূমিপুত্ৰ বুলি কোৱা হয়। এওঁলোকে প্রথমে অসমলৈ ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ পশ্চিম অঞ্চলত প্ৰথমখন উপনিবেশ, আৰু পিছলৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পূব- প্ৰান্তত দ্বিতীয়খন উপনিৱেশ স্থাপন কৰিছিল।

এই বৃহত্তম থলুৱা জনগোষ্ঠীটোৰ কুৰিটামান ভাগ, উপভাগ বা সম্প্রদায় আছে। এই ভাগ, উপভাগ বা সম্প্রদায়বোৰ হ’ল : সাধাৰণ শ্ৰেণীৰ অন্তৰ্ভুক্ত— বৰ কলিতা, সৰু কলিতা, কায়স্থ, হালৈ, কেওট, সাউদ, আর্যবৈশ্য; অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত শালৈ, নাপিত, নট, মালী, কুমাৰ, কমাৰ, কহাৰ আদি, আৰু অনুসূচিত জাতিভুক্ত হ’ল— ধুবী, জালৈ, হীৰা ইত্যাদি। আদিতে এই সকল একোটা ‘বৃত্তিয়াল গোট’হৈ আছিল। কলিতা জনগোষ্ঠীৰ মানুহে প্রায় ৯২ টা উপাধি ব্যৱহাৰ কৰি আহিছে। কোৱা হৈছে এতিয়া ‘অসমীয়া’ বুলি পৰিচিত ভাষাটো মূলতঃ কলিতাসকলৰ জনগোষ্ঠীয় ভাষা।

কলিতাসকলৰ ঘাই কৰ্ম কৃষি হ’লেও এৰি, মুগা, পাত-পলু পুহিও তাৰ লেটাৰ পৰা সূতা কাটি ব্যৱহাৰ্য নানা ধৰণৰ কাপোৰ আদিত বৈ লয়। শালবোৱা, তাঁত বোৱা বৃত্তিয়ালসকলক শালৈ, তাঁতী আদিৰে জনাজাত। সোণ, ৰূপ, পিতল আদিৰ নানাৰকমৰ অলংকাৰ গঢ়ি তেওঁলোকে ব্যৱহাৰ কৰে।

বিবাহিতা মহিলাই কপালত আৰু শিৰত ফোঁট লোৱাৰ বাধ্যতামূলক নিয়ম। কাণত অলংকাৰ পিন্ধাৰ কাৰণে ছোৱালীবিলাকৰ কাণফুটোৱা উৎসৱ পাতে। গৰু-ম’হ আদি তেওঁলোকে পালন কৰে আৰু ইয়াক হালবোৱা কাৰ্যটো ব্যৱহাৰ কৰে। হালবোৱাসকলক হালৈ বোৱা হৈছিল। ৰক্ত-সম্পৰ্কীয়ৰ মাজত বিয়া-বাৰু হোৱাটো এওঁলোকৰ সমাজত সম্পূর্ণ নিষিদ্ধ।

ভাতেই তেওঁলোকৰ মূল খাদ্য। তাৰোপৰি মাছ, মাংস, শাক-পাচলি, বিভিন্ন পিঠা-পণাও এওঁলোকৰ খাদ্য। বিহুকে আদি কৰি অসমীয়াৰ সকলো উৎসৱেই এওঁলোকে পালন কৰে। ধান তোলা, ন-খোৱা, আগঅনা, ধুৱেনী বিয়া আদি সৰু সৰু উৎসৱবোৰে এওঁলোকে প্রয়োজনীয় সময়ত পালন কৰে। কলিতা জনগোষ্ঠীটো ভৈয়ামৰ এটা কৃষিভিত্তিক সাংস্কৃতিক আৰু নদীমাতৃক জাতি।

প্রশ্ন ২। কলিতাসকলৰ উৎসৱ-পাৰ্বণ, আ-অলংকাৰ আৰু সাজ-পোছাকৰ বিষয়ে লিখা।

উত্তৰ : কলিতাসকলে পালন কৰা উৎসৱ-পাৰ্বণবোৰৰ ভিতৰত গৰুবিহু, শাকতি বা শাকেতি, বাঁহ পূজা, ভঠেলি, বহাগৰ সাতবিহু, মহোহো বা মহ খেদা, ঢুলীয়া, ভূঁই ৰোৱা বা গজ দিয়া উৎসৱ, ধানৰ আগঅনা উৎসৱ, পাচতি, কাতিবিহু, ধানতোলা উৎসৱ, ন-খোৱা, ভোগালী বিহু, ছোৱালী ডাঙৰ হোৱা পৰ্ব, ওজাপালি, নাগাৰা নাম আদি।

কলিতা মানে ঘাইকৈ মহিলাসকলে সোণ, ৰূপ, পিতল আদি ধাতুৰে তৈয়াৰী বিবিধ অলংকাৰ পিন্ধে। মহিলাসকলে কপালত ফোঁট লয়। বিবাহিত মহিলাই শিৰত সিন্দুৰ লোৱা বাধ্যতামূলক নিয়ম। কাণত অলংকাৰ পিন্ধিবৰ বাবে কাণ ফুটোৱা উৎসৱ পাতি ছোৱালীৰ কাণ ফুটোৱা হয়।

সাজ-পোছাকৰ ক্ষেত্ৰত কলিতাসকলে পৰম্পৰাগতভাৱে এৰি, মুগা, পাত-পলু পুহি তাৰ লেটাৰ পৰা সূতা কাটি বিভিন্ন ধৰণৰ কাপোৰ বৈ লয়। কপাহী কাপোৰো ব্যৱহাৰ কৰে। মহিলাসকলে চাদৰ-মেখেলা, আগুৰণ, তেলচ, ৰিহ৷ আৰু মতাবিলাকে ধূতি, চোলা, গামোচা আদি পৰিধান কৰে।

চমু উত্তৰ দিয়া :

প্রশ্ন ১। বৰ্তমান অসমৰ সংখ্যাগতভাৱে বৃহত্তম খিলঞ্জীয়া জনগোষ্ঠী কোনটো?

উত্তৰ : কলিতা জনগোষ্ঠী।

প্রশ্ন ২। ব্ৰিটিছ ভাৰতত কোন চনত প্ৰথমটো লোকপিয়ল হৈছিল ?

উত্তৰ : ১৮৭১-৭২ চনত।

প্রশ্ন ৩। কলিতা জনগোষ্ঠীৰ পূৰ্বপুৰুষ কোন সকল?

উত্তৰ: আলপাইনসকল।

প্রশ্ন ৪। ব্রহ্মপুত্র উপত্যকাৰ সমতল অঞ্চলৰ প্ৰথম অধিবাসী কোন?

উত্তৰ : কলিতা জনগোষ্ঠী।

প্রশ্ন ৫। অসমলৈ আহি কলিতা জনগোষ্ঠীয়ে ক’ত প্ৰথম উপনিবেশ স্থাপন কৰিছিল?

উত্তৰঃ ব্ৰহ্মপুত্ৰ উপত্যকাত।

প্রশ্ন ৬। কলিতা জনগোষ্ঠীটোৰ কিমানটা ভাগ, উপভাগ বা সম্প্রদায় আছে বুলি উল্লেখ কৰিছে?

উত্তৰ : প্রায় কুৰিটা।

প্রশ্ন ৭। কলিতাসকলে কিমানটামান উপাধি ব্যৱহাৰ কৰে?

উত্তৰ : প্রায় ৯২ টা উপাধি।

প্রশ্ন ৮। কলিতাসকলে ব্যৱহাৰ কৰা কেইটামান উপাধি উল্লেখ কৰা।

উত্তৰ : কলিতা, বৰ্মন, বৰ্মা, তালুকদাৰ, বৰা, বৰুৱা, কাকতি, তহবিলদাৰ, পাটোৱাৰী, পাটগিৰি ইত্যাদি।

প্রশ্ন ৯। গণক আৰু বহুসংখ্যক থলুৱা ইছলামধর্মী মূলগতভাৱে কোন জনগোষ্ঠীৰ?

উত্তৰ : কলিতা জনগোষ্ঠীৰ।

প্রশ্ন ১০। কলিতা জনগোষ্ঠীৰ অন্তৰ্গত অন্যান্য পিছপৰা সম্প্রদায় তিনিটাৰ নাম লিখা।

উত্তৰ : শালৈ, কমাৰ, কুমাৰ ।

প্রশ্ন ১১। কলিতা জনগোষ্ঠীৰ অন্তৰ্গত তিনিটা অনুসূচিত জাতিৰ নাম লিখা।

উত্তৰ : ধুবী, হীৰা, জালৈ।

প্রশ্ন ১২। কলিতা জনগোষ্ঠীৰ গৰু আৰু নাঙল-হালৰ গৰাকীক কি বোলা হৈছিল ?

উত্তৰঃ হালৈ।

প্রশ্ন ১৩। কলিতা জাতিক কৃষিভিত্তিক আৰু নদীমাতৃক বুলি কিয় কোৱা হয়?

উত্তৰ: কলিতা জাতিৰ লোক-সংস্কৃতিৰ বেছিভাগেই খেতি আৰু নদীৰ স’তে জড়িত কাৰণে।

প্রশ্ন ১৪। কলিতাসকলৰ কেইগৰাকীমান উল্লেখযোগ্য ব্যক্তিৰ নাম উল্লেখ কৰা।

উত্তৰ : কুমাৰ ভাস্কৰ বৰ্মা, আনন্দৰাম বৰুৱা, ছহিদ মণিৰাম দেৱান, ড° বাণীকান্ত কাকতি।

(ড) নাথ-যোগীসকল

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। অসমৰ নাথ-যোগীসকলৰ উৎপত্তি সম্পর্কে লিখা।

উত্তৰ: নাথ বা যোগী সম্প্ৰদায়টো অসমৰ তথা ভাৰতৰ এটা প্রাচীনতম জনগোষ্ঠী। ভাৰতৰ প্ৰায়বোৰ ৰাজ্যতে এই সম্প্ৰদায়টো সিঁচৰতি হৈ আছে। এওঁলোক সাধাৰণতে শৈৱ বা ব্রাত্যধর্মী। আদিনাথ বা ভগৱান শিৱই হৈছে প্ৰথমগৰকী নাথ। যোগৰ পৰাই যোগীসকলৰ উৎপত্তি হৈছিল। যোগীসকল দুটা ভাগত বিভক্ত— গৃহস্থ যোগী আৰু সন্যাসী যোগী। সন্যাসী যোগীসকলেই নামধৰ্মৰ প্ৰচাৰ কৰে।

নাথসকলৰ গুৰু গোৰক্ষনাথ হঠযোগ সাধন মাৰ্গৰ আৱিষ্কাৰক। মহাযোগী মৎস্যেন্দ্ৰ নাথ আৰু গুৰু গোৰক্ষ নাথ নাথসকলৰ প্ৰধান দুগৰাকী গুৰু। গুৰু গোৰক্ষনাথে প্ৰৱৰ্তন কৰা যোগ সাধন মাৰ্গৰ ওপৰত ৰচিত স্বাম আত্মাৰাম যোগীৰ ‘হঠযোগ প্রদীপিকা’ সমগ্র বিশ্বতে সমাদৃত যোগৰ এখন মূল্যৱান গ্রন্থ ।

প্রশ্ন ২। নাথ-যোগীসকলৰ সাহিত্য আৰু ধৰ্মৰ বিষয়ে লিখা।

উত্তৰ: নাথ-যোগীসকলৰ সাহিত্য অতি চহকী। অনেকজন নাথ সাহিত্যিকে সাহিত্য সাধনাত ব্ৰতী হৈ অসমীয়া সাহিত্যৰ লগতে ভাৰতীয় সাহিত্যকো সমৃদ্ধ কৰে। অসমৰ এগৰাকী এই সম্প্ৰদায়টোৰ সুসন্তান সাহিত্যিক, প্রত্নতত্ত্ববিদ, পণ্ডিত তত্ত্বভূষণ প্রয়াত ৰাজমোহন নাথে অসমৰ ভাষা-সাহিত্য-সংস্কৃতিলৈ অভূতপূর্ব অৱদান আগবঢ়াই থৈ গৈছে।

নাথসকলৰ অতি প্রাচীন নিজস্ব সাহিত্য আছে। তন্ত্র-মন্ত্র, যোগ, আধ্যাত্মিক দর্শন, আয়ুর্বেদ, জ্যোতিষ, ৰসায়ন আদি বিভিন্ন দিশত নাথ সিদ্ধপুৰুষসকলে ভালেমান অমূল্য সাহিত্য ৰচনাৰে ভাৰতীয় সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে। অতীতত নাথ সিদ্ধাচাৰ্যসকলে চৰ্যাপদ বা চর্যাগীতসমূহৰ অসমীয়া, বঙলা আৰু ওড়িয়া ভাষা উৎপত্তিত প্ৰভূত বৰঙণি আছে বুলি পণ্ডিতসকলে মত পোষণ কৰিছে। এই সম্প্ৰদায়ৰ অন্যতম গুণী পুৰুষ পৰম ভক্ত মথুৰা নাথ বুঢ়া আতাৰো অসমীয়া সাহিত্য-সংস্কৃতিলৈ অমূল্য অৱদান আছে।

অসমৰ নাথ-যোগীসকল অসমীয়া ভাষা-সাহিত্য সংস্কৃতিৰ অন্যতম ধাৰক আৰু বাহক হিচাপে পৰিগণিত হৈ আহিছে। হলিৰাম নাথ চহৰীয়া আৰু লম্বোদৰ বৰাৰো অৱদান কম নহয়। নাথ-যোগীসকল ঘাইকৈ শৈৱ বা ব্রাত্যধৰ্মীৰ লোক যদিও শ্ৰীমন্ত শংকৰ দেৱৰ একশৰণ নামধৰ্মত শৰণ লৈ একাংশই বৈষ্ণৱ ধৰ্মও আচৰণ কৰি আহিছে। যোগীসকল নাম-ধৰ্মত বিশ্বাসী। অতি নির্জু সম্প্রদায় হিচাপে সজ-চিন্তা সজ আচৰণেই তেওঁলোকৰ ধৰ্মৰ প্ৰকৃত নীতি।

প্রশ্ন ৩। নাথ-যোগীসকলৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ : নাথ-যোগী সম্প্রদায়টো অসম তথা ভাৰতবৰ্ষৰ এটা প্রাচীনতম জনগোষ্ঠী । আৰ্যসকল ভাৰতলৈ অহাৰ আগৰে পৰা নাথ-যোগীসকল ভাৰতত বাস কৰি আছিল অসমৰ প্ৰায় সকলো জিলা আৰু ভাৰতৰ প্ৰায় সকলো প্ৰদেশতে বর্তমানে এই সম্প্রদায়ৰ লোক সিঁচৰতি হৈ আছে। এওঁলোক মূলতে শৈৱপন্থী আৰু পালন কৰা ধৰ্মটোৰ নাম আছিল শৈৱ বা ব্রাত্য ধর্ম। আদিনাথ বা শিৱই এওঁলোকৰ প্ৰথম গৰাকী নাথ। মহাযোগী মৎস্যেন্দ্ৰ নাথ আৰু গুৰু গোৰক্ষনাথ নাথ-যোগীসকল দুগৰাকী প্ৰধান গুৰু। নাথ-যোগীসকলৰ দুটা ভাগ— গৃহস্থযোগী আৰু সন্ন্যাসযোগী।

সন্ন্যাসী যোগীসকলেই নাম-ধৰ্মৰ প্ৰচাৰ কৰে। গুৰু গোৰক্ষ নাথ হঠযোগ সাধন মাৰ্গৰ আৱিষ্কাৰক। এই মাৰ্গৰ ওপৰত ৰচিত স্বাম স্বাত্মাৰাম যোগীৰ ‘হঠযোগ প্রদীপিকা’ সমগ্র বিশ্বতে সমাদৃত যোগৰ এখনি মূল্যৱান গ্ৰন্থ । মৎস্যেন্দ্ৰনাথে কামাখ্যাৰ পৰা সুদূৰ নেপাললৈ গৈ বৌদ্ধ ধৰ্মৰ কৱলত থকা নেপালত হিন্দু ধৰ্ম প্ৰচাৰ কৰিছিল। গৃহস্থ যোগীৰ মৃত্যু হ’লে শ দাহ কৰি সৎকাৰ কৰিলেও সন্ন্যাসী যোগী এজনৰ মৃত্যু হ’লে মৃতদেহ দাহ কৰাৰ পৰিৱৰ্তে নিজস্ব ৰীতি-

নীতিৰে পদ্মাসনত বহুৱাই সমাধিস্থ কৰাৰ নিয়ম চলি আহিছে। নাথ-যোগীসকলৰ অতি প্রাচীন নিজস্ব সাহিত্য আছে। তন্ত্র-মন্ত্র, যোগ, আধ্যাত্মিক দর্শন, আয়ুর্বেদ, জ্যোতিষ, ৰসায়ণ আদি বিভিন্ন দিশৰ নাথ সিদ্ধপুৰুষসকলে ভালেমান অমূল্য সাহিত্য ৰচনাৰে ভাৰতীয় সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। অতীতত নাথ সিদ্ধাচাৰ্যসকলে ৰচনা কৰা চৰ্যাপদ বা চর্যাগীতসমূহৰ অসমীয়া, বঙলা আৰু উড়িয়া ভাষা উৎপত্তিত প্রভূত বৰঙণি আছে বুলি পণ্ডিতসকলে কৈছে।

গুৱাহাটীৰ নাম একালত ‘যোগীহাটী’ আছিল বুলি গুৱাহাটীৰ খনন কাৰ্যত পোৱা সমলৰ পৰা জানিব পৰা গৈছে। এটা সময়ত নগাঁৱৰ ওচৰত কদলী ৰাজ্য নামৰ এখনি সৰু ৰাজ্য নাথ মহিলাসকলৰ দ্বাৰা শাসিত হৈছিল বুলি জনা গৈছে। ইয়াৰ উপৰি যোগীঘোপা, যোগীজান, সূৰ্যপাহাৰ আদিৰ গুহাত সিদ্ধযোগীসকলে ধ্যান কৰিছিল বুলি জনা যায়।

নাথসকল সাধাৰণতে শৈৱ বা ব্রাত্যধর্মী হ’লেও কিছুলোকে মহাপুৰুষ শংকৰদেৱৰ ধৰ্মত দীক্ষিত হৈ বৈষ্ণৱ ধৰ্মও গ্ৰহণ কৰিছে। ভাৰতৰ স্বাধীনতা আন্দোলনত এই সম্প্ৰদায়ৰ মনবৰ, খুহুলী দেৱী, কুমলী দেৱী আদিয়ে পুলিচৰ গুলিত প্ৰাণ হেৰুৱাইছিল। তাৰোপৰি বিখ্যাত পথৰুঘাটৰ যুদ্ধত মৃত্যু হোৱা ১৪০ জন লোকৰ ভিতৰত ২৮ জন আৰু বিদেশী বহিষ্কৰণ আন্দোলনত মৃত্যুবৰণ কৰা ৮৫৫ জন শ্বহীদৰ ভিতৰত ১৪০ জন এই সম্প্ৰদায়ৰ।

অসমৰ নাথ-যোগী সম্প্রদায়ৰ প্ৰখ্যাত সাহিত্যিক, প্রত্নতত্ত্ববিদ, পণ্ডিত, তত্ত্বভূষণ প্রয়াত ৰাজামোহন নাথ, হলিৰাম নাথ চহৰীয়া, লম্বোদৰ বৰা আদি সু-সন্তানসকলৰ উপৰি বৃন্দাৱনী বস্ত্ৰৰ শিল্পী পৰম ভক্ত মথুৰা নাথ বুঢ়া আতাক লৈ এই সম্প্রদায়ে গৌৰৱ কৰে।

অসমৰ নাথ-যোগীসকল অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ অন্যতম ধাৰক আৰু বাহক। দৰং জিলাৰ প্ৰসিদ্ধ সুকনানি, ওজাপালি, দেওধানী নৃত্য- আৰু চিয়াগীতসমূহ সম্প্রদায়টোৰ প্ৰায় নিজস্ব সম্পদস্বৰূপ। ১৯১৯ চনত প্রতিষ্ঠিত অসম প্রাদেশিক যোগীসন্মিলনীয়ে এই বছৰ শত বছৰ গৰকিলে৷

অতিৰিক্তপ্রশ্নোত্তৰ

চমু উত্তৰ দিয়া :

প্রশ্ন ১। নাথ-যোগী সম্প্রদায়টো মূলত কি পন্থী?

উত্তৰ: শৈৱপন্থী।

প্রশ্ন ২। অতীতত নাথ-যোগী সম্প্রদায়ে পালন কৰা ধৰ্মটোৰ নাম কি আছিল?

উত্তৰ : শৈৱ বা ব্রাত্যধর্মী।

প্রশ্ন ৩। যোগীসকলৰ উৎপত্তি কেনেকৈ হৈছিল ?

উত্তৰঃ যোগৰ পৰা হৈছিল।

প্রশ্ন ৪। নাথ-যোগীসকলৰ কেইটা ভাগ আছে আৰু কি কি ?

উত্তৰ : দুটা ভাগ আছে

প্রশ্ন ৫। নাথসকলৰ আদিগুৰু কোন?

উত্তৰ : মহাযোগী মৎস্যেন্দ্র নাথ।

প্রশ্ন ৬। নাথসকলৰ আদিগুৰু মৎস্যেন্দ্ৰ নাথ ক’ৰ বাসিন্দা আছিল?

উত্তৰ : কামৰূপৰ বাসিন্দা আছিল।

প্রশ্ন ৭। মৎসেদ্ৰ নাথে কামাখ্যা মন্দিৰত কিহত নিমগ্ন আছিল ?

উত্তৰ : তন্ত্ৰ আৰু যোগ সাধনাত নিমগ্ন আছিল।

প্রশ্ন ৮। মৎসেন্দ্রনাথক নেপাললৈ কোনে আমন্ত্রণ জনাই নিছিল?

উত্তৰ : নেপালৰ হজা নৰেন্দ্ৰদেৱে।

প্রশ্ন ৯। নেপালত গৈ মৎস্যেন্দ্র নাথে কি কৰিছিল?

উত্তৰ : হিন্দুধৰ্ম প্ৰতিষ্ঠা কৰিছিল।

প্রশ্ন ১০। ‘হঠযোগ প্রদীপিকা’ গ্রন্থখনি কোনে ৰচনা কৰিছিল?

উত্তৰ : স্বাম স্বাত্মাৰাম যোগীয়ে।

প্রশ্ন ১১। চর্যাপদ বা চৰ্যাগীতসমূহ কোনে ৰচনা কৰিছিল ?

উত্তৰ : অতীতত নাথ সিদ্ধাচার্যসকলে।

প্রশ্ন ২৩। ৰাজামোহন নাথ কোন আছিল ?

উত্তৰ: অসমৰ এগৰাকী সু-সন্তান, সাহিত্যিক, প্রত্নতত্ত্ববিদ, পণ্ডিত, তত্ত্বভূষণ আৰু সুদক্ষ অভিযন্তা।

প্রশ্ন ২৪। মথুৰানাথ বুঢ়াআতা কোন?

উত্তৰ : নাথযোগী সম্প্ৰদায়ৰ সুযোগ্য সন্তান, মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱৰ এগৰাকী প্রিয় শিষ্য।

প্রশ্ন ২৫। মথুৰানাথ বুঢ়া আতাৰ ওপৰত মহাপুৰুষ শংকৰ গুৰুৱে কি কাম কৰিবলৈ ন্যস্ত কৰিছিল ?

উত্তৰ : বৃন্দাৱনী বস্ত্ৰ নিৰ্মাণ কৰিবলৈ।

প্রশ্ন ২৬। অসম প্রাদেশিক যোগী সন্মিলনী কোন চনত প্ৰতিষ্ঠা হৈছিল?

উত্তৰ : ১৯১৯ চনত।

প্রশ্ন ২৭। অসমৰ নাথযোগী সম্প্ৰদায়ৰ মহিলাসকল ঘাইকৈ কি কামত অতিশয় পাকৈত?

উত্তৰ : কাপোৰ বোৱা আৰু সূতা কটাত।

প্রশ্ন ২৮। বোৱা কটা অতিশয় পাকৈত নাথযোগী সম্প্রদায়টো আগতে কি উপাধিৰে পৰিচিত আছিল?

উত্তৰ : ‘কাটনী’ উপাধিৰে।

প্রশ্ন ২৯। দৰঙৰ প্ৰসিদ্ধ সাংস্কৃতিক সম্পদ তিনিবিধৰ নাম উল্লেখ কৰা।

উত্তৰ : সুকনানি ওজাপালি, দেওধানী নৃত্য আৰু চিয়াগীত।

(ঢ) আদিবাসীসকল

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। আদিবাসীসকলৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ: অসমৰ প্ৰায় ৮৮৫ খন চাহ বাগিছা আৰু গাঁও অঞ্চলত বাস কৰা প্ৰায় ৫৬ লাখ আদিবাসীসকল অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ। আদিতে আহি ইয়াত বসবাস কৰা কাৰণে তেওঁলোকক আদিবাসী বোলা হৈছে। এই গোষ্ঠীৰ লোকসকল সাধাৰণতে চুটি- চাপৰ, অতি ক’লা বৰণৰ আৰু চেপেটা নাকৰ আছিল। এওঁলোকে সাধাৰণতে পাহাৰ আৰু জংঘলত থাকি ভাল পাইছিল। কোল, ভিল, মুণ্ডা আদি জাতিৰ লোক এই গোষ্ঠীৰ লোক।

আদিবাসী বুলিলে কাঁৱাৰ, কল, ভূমিজ, চুৰিয়া, পাহাৰীয়া, মাল পাহাৰীয়া, পাহাৰীয়া, চাঁওতাল, ওৰাং, মুণ্ডা, মাহালি, লহৰা, কৰৱা, কৰা, কিচান, কন্ধ, খেৰৱাৰ, খাড়িয়া, কুড়মালি, হ্, গৰাইড, গড়, চিক বাৰাইক, চেৰ, বিৰজিয়, বিৰহড়, কিনজিয়া, বেদিয়া, বাথুড়ি, বানজাৰ, বাইশা, আচুৰ, লখা, দামদাৰি, বন্দা, নাগাচিয়া, উড়িয়া, ভিল, পৰজা, ধানৱাৰ, কয়া, প্রধান ইত্যাদি লোকক বুজায়। এই জনগোষ্ঠীটোক কিছুমানে চাহ বনুৱা, চাহ জনজাতি, কুলি আদি নামেৰে নামকৰণ কৰে যদিও প্ৰকৃততে এওঁলোক আদিবাসী।

এওঁলোক প্রকৃতিপ্ৰেমী আৰু প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি চলা, কৃষিভিত্তিক জনগোষ্ঠী। সেই কাৰণেই তেওঁলোকে কৃষিভিত্তিক কৰম পূজা, টুচু, বাহা পৰব, চহৰাই মাগে, ফাগুৱা আদি উৎসৱ বৰ ধুমধামেৰে পালন কৰে। এওঁলোকৰ ভাষাসমূহ দ্রাবিড় আৰু অষ্ট্রিক গোষ্ঠীয় ভাষা। আদিবাসীসকলে নিজৰ ভাষাসমূহৰ বিকাশৰ বাবে তেওঁলোকৰ মাজত কুড়ুষ সাহিত্য সভা, চাওতালী সাহিত্য সভা, মণ্ডাৰী সাহিত্য সভা, খাৰিয়া মহাসভা, কড়মালী সাহিত্য সভা ইত্যাদি গঢ়ি উঠিছে।

প্রশ্ন ২। আদিবাসীসকলৰ ভাষা আৰু উৎসৱ-পাৰ্বণৰ বিষয়ে লিখা।

উত্তৰ : আদিবাসী ভাষাসমূহ দ্রাবিড় আৰু অষ্ট্ৰিক গোষ্ঠীয় ভাষা। উদাহৰণ স্বৰূপে উবাংসকলৰ কুড়ুষ ভাষাটি দ্ৰাবিড় গোষ্ঠীৰ, মুণ্ডা আৰু চাওতাল ভাষা অষ্ট্রিক গোষ্ঠীৰ কোলাৰীয়ান ভাষা। আদিবাসী সকলে নিজৰ নিজৰ ভাষাৰ বিকাশৰ বাবে কুড়ুষ সাহিত্য সভা, চাওতালী সাহিত্য সভা, মণ্ডাৰী সাহিত্য সভা, খাৰিয়া সাহিত্য সভা, কডমালী সাহিত্য সভা আদি গঢ়ি তুলিছে।

এওঁলোকৰ প্ৰধান উৎসৱ কৃষিভিত্তিক কম উৎসৱ। ভাদমাহৰ একাদশীৰ দিনা কৰম গছৰ ডাল আনি প্ৰতিষ্ঠা কৰি কম দেৱতাক পূজা কৰা হয় যাতে আগম্ভক সময়ত খেতিপথাৰৰ কল্যাণ হয়, বন্ধু-বান্ধৱ, আত্মীয়-স্বজনৰ মাজত মিলাপ্রীতি, একতা অটুত থাকে, ভাল ফচল হয়, আগন্তুক বিবাহ হ’বলৈ প্ৰস্তুত হোৱা যুৱতীসকলৰ কল্যাণ হয়।

এই যুৱতীসকলে এই উদ্দেশ্যে ব্রত পালন কৰে। পূজাৰ সময়ত সকলোৱে নাচি-বাগি, গীত গাই আনন্দ কৰে। কম, ঝৰম, জমকচ, জাদুৰ, লাহচুবা আদি নাচ-গানেৰে তেওঁলোকে এই উৎসৱ উদযাপন কৰে। এনেদৰে এওঁলোকে টুচু, বাহা পৰব, চহৰাই, মাগে, ফাগুৱা আদি উৎসৱো বৰ ধুমধামেৰে পালন কৰে।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। অসমত চাহ বাগিছাৰ সংখ্যা কিমানখন?

উত্তৰ : প্রায় ৮৮৫ খন।

প্রশ্ন ২। অসমৰ চাহ বাগিছা আৰু গাঁও অঞ্চলত বসবাস কৰা আদিবাসীৰ সংখ্যা কিমান?

উত্তৰ : প্রায় ৫৬ লাখ।

প্রশ্ন ৩। আদিবাসী শব্দৰ অৰ্থ কি ?

উত্তৰ : ‘আদি’ মানে প্রথম, ‘বাসী’ মানে বাসিন্দা, অর্থাৎ দেশৰ প্ৰথম বাসিন্দা।

প্রশ্ন ৪। আদিবাসী গোষ্ঠীৰ ভিতৰত কোনবিলাক জাতি পৰে?

উত্তৰ : কোল, ভিল, মুণ্ডা আদি জাতি।

প্রশ্ন ৫। আদিবাসীসকলক বহুতে কি নামেৰে নামকৰণ কৰিব বিচাৰে?

উত্তৰ : চাহ বনুৱা, চাহ জনজাতি, কুলি, সেউজীয়া অসমীয়া আদি নামেৰে।

প্রশ্ন ৬। আদিবাসীসকলে কম উৎসৱ কেতিয়া পালন কৰে?

উত্তৰ : ভাদ মাহৰ একাদশীৰ দিনা।

প্রশ্ন ৭। কৰ্ম উৎসৱ কিহৰ উৎসৱ ?

উত্তৰ : কৃষিভিত্তিক উৎসৱ।

প্রশ্ন ৮। কম উৎসৱৰ বাহিৰে আদিবাসীসকলে আৰু কি উৎসৱ পালন কৰে?

উত্তৰ : টুচু, বাহা পৰব, চহৰাই, মাগে, ফাগুৱা ইত্যাদি।

প্রশ্ন ৯। আদিবাসীসকলৰ নাচ-গান কেইটামানৰ নাম উল্লেখ কৰা।

উত্তৰ : কম, ঝম, ডমচ, জাদুৰ, লাহচুৱা আদি।

প্রশ্ন ১০। কম উৎসৱটিত কৰ্মদেৱতাৰ ওচৰত কি বুলি প্ৰাৰ্থনা কৰা হয়?

উত্তৰ: বন্ধুত্ব, সম্প্ৰীতি, একতা, ভাল ফচল আৰু আগন্তুক বিবাহ হ’বলৈ প্ৰস্তুত হোৱা যুৱতীসকলৰ কল্যাণ, খেতি-পথাৰৰ কল্যাণৰ লগতে অধিক উৎপাদন হ’বলৈ প্ৰাৰ্থনা কৰা হয়।

প্রশ্ন ১১। আদিবাসীর ভাষাসমূহ কোন গোষ্ঠীৰ?

উত্তৰ : দ্ৰাবিড় আৰু অষ্ট্ৰিক গোষ্ঠীৰ ভাষা ।

প্রশ্ন ১২। আদিবাসীসকলে নিজৰ ভাষাসমূহৰ বিকাশৰ বাবে কি কৰিছে?

উত্তৰ : আদিবাসীসকলে তেওঁলোকৰ মাজত কুড়ুষ সাহিত্যসভা, চাওতালী সাহিত্য সবা, মণ্ডাৰী সাহিত্য সভা, খাৰিয়া সাহিত্য সভা, কডমালী সাহিত্য সভা আদি গঢ়ি তুলিছে।

প্রশ্ন ১৩। আদিবাসী সমাজৰ দুজন বিশেষ ব্যক্তিৰ নাম উল্লেখ কৰা।

উত্তৰ : খ্ৰীষ্টলে মুণ্ডা, জাষ্টিন লাক্রা।

Conclusion:

আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।

আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।

Leave a Comment

error: Content is protected !!