Class 10 Assamese Lesson 4 মই অসমীয়া Question Answer
পাঠভিত্তিক প্রশ্নোত্তৰ
প্রশ্ন১ । চমু উত্তৰ দিয়া—
(ক) চৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা।
উত্তৰঃ বেদুইন।
(খ) মোগলসকলে অসমৰ ক’ত ভৰি দিছিল ?
উত্তৰ : অসমৰ সেউজীয়া দুবৰি বনত।
(গ) অসমৰ হেংদাং ক’ত জিলিকিছিল ?
উত্তৰ : দুপৰৰ পূৰ্ণ আলোকত।
(ঘ) অসমীয়া সকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল ?
উত্তৰ: ম’হৰ শিঙেৰে তৈয়াৰী পেঁপা।
(ঙ) অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল ?
উত্তৰ : হাঁহ-কণী, চাউলেৰে।
প্রশ্ন২। ‘অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত’— কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা। [HSLC. 22 |
উত্তৰ : মোগলসকলে অসম বিজয়ৰ অৰ্থে মহাপৰাক্ৰম আৰু মনোবলেৰে আহি সসৈন্যে এদিন অসমত ভৰি দিলেহি৷ তেওঁলোকে ভাবিছিল অসমক তেওঁলোকৰ পৰাক্ৰম দেখুৱাব, অসম তেওঁলোকৰ অধীন হ’ব। কায়মনো বাক্যে কামনা কৰিছিল কামৰূপত তেওঁলোকৰ শাসন চলিব,— তেওঁলোকে সহজেই অসমত মুছলিম সাম্রাজ্য থাপিত কৰিব।
কিন্তু তেওঁলোকে অসমৰ সমৰ্থলীত ভৰি দিয়াৰ লগে লগেই দুপৰৰ পূৰ্ণ আলোকত অসমৰ অপৰাজেয় হেংদাং তেওঁলোকৰ সমুখত তিবিৰাই উঠিল। স্বাধীন অসমৰ পুৰুষ- নাৰীয়ে আহি স্বদেশ ৰক্ষাৰ হকে ৰণক্ষেত্ৰত বুকুপাতি বীৰত্বৰে থিয় হ’লহি। মোগলে তাজ্জ্যব মানিলে।
প্রশ্ন ৩। অসমৰ পুৰুষ-নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা।
উত্তৰ: মোগলসকলে অসম আক্ৰমণ কৰাৰ সময়ত অসম এখন স্বাধীন ৰাজ্য আছিল । ইয়াৰ পুৰুষ-নাৰী সকলোৱেই একো একোগৰাকী স্বাধীনমনা সাহসী বীৰ-বীৰাংগনা। মোগলসকলে মর্দমত্ত হৈ ভাবি আহিছিল অসম তথা কামৰূপ ৰাজ্য মোগলৰ অধীন কৰি মুছলিম ৰাজ্য প্রতিষ্ঠা কৰিব।
কিন্তু যেতিয়া মোগল আহি অসমৰ ৰণথলীত উপস্থিত হ’লহি— অসমৰ স্বাধীনচিতিয়া সকলো পুৰুষ-নাৰীয়ে হাতত হেংদাং লৈ প্ৰবল প্রতাপী বুলি অহংকাৰ কৰা মোগল সেনাৰ সমুখত বীৰত্বৰে বুকুপাতি থিয় হ’লহি৷ ৰাজপুত বিজয়ী মোগলৰ সাহস-বল পৰাক্ৰম নিমিষতে নাইকিয়া হ’ল। অসমৰ পুৰুষ-নাৰীৰ বীৰত্ব দেখি মোগল সেনা পিছুৱাই গুচি গ’ল।
প্রশ্ন ৪। “ক’ত অত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আঁজলিত।” কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা। [HSLC.’20]
উত্তৰ: অসম আক্ৰমণ কৰিবলৈ প্ৰবল প্রতাপী মোগলসকল আহি বীৰদৰ্পে অসমত উপস্থিত হ’লহি । তেওঁলোকে ভাবিছিল অসমীয়াসকল বলহীন, বীর্যহীন, সহজেই অসম জয় কৰি অসমত মুছলিম সাম্রাজ্য স্থাপন কৰিব, অসম তথা কামৰূপ ৰাজ্য মোগলৰ অধীন হ’ব।
তেওঁলোক যেতিয়া অসমৰ মাটিত সমৰ্থলীত আহি উপস্থিত হ’লহি, তেতিয়া স্বাধীন অসমৰ স্বাধীনচিতিয়া সকলো পুৰুষ-নাৰীয়ে ৰণচণ্ডী মূৰ্তি ধৰি হাতে হাতে হেংদাং লৈ মোগল সেনাৰ সমুখত বীৰত্বৰে বুকুপাতি থিয় হ’ল আৰু প্ৰবল বিক্ৰমেৰে যুঁজি মোগলক পৰাভূত কৰি অসমৰ মাটিৰ পৰা খেদি পঠিয়ালে।
মোগলে তাজ্জ্যব মানিলে অসমীয়া সেনাৰ সাহস, বল-বিক্ৰম দেখি। তেওঁলোকে আচৰিত ভাবিলে প্ৰায়ে শুকান সান্দহ আৰু পানী খাই থকা অসমীয়া সেনাই কেনেকৈ ক’ৰ পৰা ইমান বল-শক্তি আৰু সাহস পালে। অসমীয়া সেনাৰ এনে বল-শক্তি আৰু স্বদেশ প্রেম দেখি অসমক সেৱা জনাই মোগল সেনা চিৰদিনৰ কাৰণে অসমৰ পৰা গুচি গ’ল।
প্রশ্ন ৫। ‘মই অসমীয়া’ কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা।
উত্তৰ : ‘মই অসমীয়া’ কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ সুন্দৰভাৱে প্ৰকাশ কৰিছে। চৌদিশে ধূসৰ পাহাৰে আগুৰি থকা অসমৰ বনৰ পাতত নিয়ৰৰ কণিকাবোৰ জাংফাই, মিনাকৰাৰ দৰে জিলিকি থাকে। দুবৰিৰ পাততো মুকুতাৰ থোপাৰ দৰে নিয়ৰৰ টোপালবোৰ তিৰবিৰাই থাকে। অসমৰ ধূলিয়ে বালিয়ে সিঁচৰতি হৈ থাকে মহামূল্যৱানমৰকত মণি, নৈ জান-জুৰিৰ বালিত থকা সোণৰ চেকুৰাই চকুত তিৰবিৰণি তোলে।
নৈ, বিল খালত থকা সেন্দুৰৰ ফোট লোৱা নানান জাতৰ পুঠিমাছ আৰু ভেকুলীবোৰে, গছ-গছনিৰ সেউজীয়া ৰূপে প্ৰকৃতিক বিনন্দীয়া ৰূপত চমক সৃষ্টি কৰিছে। অসমৰ এই বিনন্দীয়া ৰূপত মোহ গৈ মোগল সৈন্যৰ ভালেসংখ্যক লোক অসমকে নিজৰ মাতৃভূমি বুলি আঁকোৱালি লৈ চিৰদিনৰ কাৰণে ইয়াত থাকি গ’ল।
প্রশ্ন ৬। কবি চৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া।
উত্তৰ :
প্রশ্ন ৭। অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা।
উত্তৰ: অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ মনোমোহা ৰূপ দেখি বৰ মুগ্ধ হৈছিল। মোগলসকলে অসমীয়া সেনাৰ হাতত পৰাজিত হৈ নিজ দেশলৈ যোৱাৰ সময়ত অসমলৈ উভতি চাই অসমৰ ৰূপ এনেদৰে বৰ্ণনা কৰিছে— অসম চৌদিশে ধূসৰ পাহাৰে আগুৰা হ’লেও ইয়াৰ প্ৰাকৃতিক সৌন্দর্য অতি মনোমোহা।
গছ-গছনিৰ পাতবোৰ জাংফাই মিনাকৰা বস্তুৰ দৰে ৰ’দৰ পোহৰত জাতিষ্কাৰ হৈ আছে। দুবৰি বনৰ পাতৰ আগত থূপ খোৱা নিয়ৰৰ টোপালবোৰ মুকুতাৰ দৰে তিৰবিৰাই থাকে। খৰমৰ চুলাও হাতী দাঁতেৰে নিৰ্মাণ কৰে। অসমৰ ধূলি-বালিত মুকুতা, মৰকত আদি মিহলি হৈ থাকে, গচকত সেইবোৰ ভাঙে।
বাঘনখৰ খাৰু পিন্ধে, ভৰিৰ আঙঠি সজাই লয়, ম’হৰ শিঙৰ পেঁপা বজায়, হাঁহ কণী, চাউলেৰে ৰজাই দেউল নিৰ্মাণ কৰে। অসমৰ অসংখ্য নদ-নদীৰ বালিত সোণৰ চেকুৰ পোৱা যায়। সাগৰ সদৃশ বৃহৎ পুখুৰী, খাল-বিলত সোণবৰণীয়া ৰংলোৱা পুঠি মাছ, মূৰত সেন্দুৰী ফোঁট লোৱা ভেকুলী।
নিষ্কর্মা ধোদ সকলেও স্বৰ্গদেউৰ আদেশত ৰাজ আলি বান্ধে, পিঠা গুড়ি ঢালি দ’ল সাজে। ৰংঘৰ, কাৰেং ঘৰৰ সৌন্দৰ্যই অসমক, স্বৰ্গদেউৰ ৰাজধানীক স্বৰ্গপুৰী কৰি তোলে। অসম দেশত মানুহৰ মুখত মৌ বৰয়ে। অসমৰ এনে মোহনীয় অপৰূপ ৰূপত মোহ গৈ বহুতো মোগল সেনা নিজ দেশলৈ ওভতি নগৈ অসমকে নিজ মাতৃভূমি বুলি আঁকোৱালি লৈ চিৰদিনৰ কাৰণে অসমত থাকি গ’ল।
প্রশ্ন ৮। ব্যাখ্যা কৰা—
(ক) “মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়
দেশপ্রাণ, মুক্তপ্রাণ, অসমৰ স্বদেশ ভকতি।”
উত্তৰ : উদ্ধৃত কবিতাফাকি সুপ্রসিদ্ধ গল্পকাৰ ঔপন্যাসিক তথা কবি চৈয়দ আব্দুল মালিক ৰচিত ‘মই অসমীয়া’ কবিতাটিৰ অন্তৰ্গত। কবিতাফাকিৰ জৰিয়তে মোগলসকলে অসম আক্ৰমণ কৰাৰ সময়ত দেখুওৱা অসমীয়া সেনাৰ বল-বিক্ৰম আৰু দেশপ্ৰেমৰ কথা প্ৰকাশ কৰিছে।
মোগলসকলে অসম আক্ৰমণ কৰিবলৈ আহোতে ভাবি আহিছিল অসমীয়াসকলক সহজেই পৰাভূত কৰি অসম দখল কৰিব আৰু অসমত মুছলিম সাম্ৰাজ্য প্রতিষ্ঠা কৰিব। অসমীয়া সেনা তথা পুৰুষ-নাৰীৰ দেশপ্রেম, স্বদেশ ভকতি আৰু শক্তিৰ কথা তেওঁলোকে অনুমানেই কৰিব নোৱাৰিছিল।
অসম আক্ৰমণৰ সময়ত যেতিয়া দেখিলে যে নিজ মাতৃভূমি ৰক্ষাৰ কাৰণে মৰিবলৈ কোনো অসমীয়া পুৰুষ-নাৰীয়ে ভয় নকৰে, অসীম বীৰত্ব সাহসৰ সমুখত তেওঁলোক তিস্তিব নোৱাৰি অহা বাটে ওভতি যাবলগীয়া হ’ল— তেতিয়া অসমীয়া মানুহৰ দেশ-প্ৰাণ, মুক্তপ্ৰাণ আৰু স্বদেশৰ ভকতি, শক্তিৰ নৱ পৰিচয় পালে।
(খ) দুৱৰিৰ পাতে পাতে মুকুতাৰ থোপা গচকত ভাগে মৰকত
হাতীৰ দাঁতেৰে কৰে খৰমৰ চুলা
ভৰি ধোৱে পোৱালৰ ভৰা দলঙত।
উত্তৰ : উদ্ধৃত কবিতাফাকি সুপ্রসিদ্ধ গল্পকাৰ, ঔপন্যাসিক তথা কবি চৈয়দ আব্দুল মালিক ৰচিত ‘মই অসমীয়া’ কবিতাটিৰ অন্তর্গত। অসমখন প্রাকৃতিক সম্পদেৰে যে অতি চহকী এই কথা কৈ কবিতাফাকিৰ জৰিয়তে কবিয়ে প্ৰকাশ কৰিছে।
অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু প্ৰাকৃতিক সম্পদবোৰ দেখি অসম আক্ৰমণ কৰিবলৈ তাহা মোগলসকল আচৰিত হোৱাৰ লগতে মোহিত হৈ পৰিছিল। ৰাতিপুৱা সূৰ্যৰ পোহৰত পৰি বনত পৰি থকা নিয়ৰৰ টোপালবোৰ মুকুতাৰ থোপাৰ দৰে জিলিকি উঠে। মূল্যৱান
সম্পদেৰে ভৰা অসমৰ ধূলি-বালিত মৰকত বাখৰৰ দৰে মূল্যৱান বস্তু পৰি থাকে। গচকত সেইবোৰ প্ৰায়ে ভাঙি যায়। হাতীৰ বহুমূলীয়া দাঁতৰ পৰা খৰমৰ চুলা সাজে। আনকি পোৱালেৰে নিৰ্মিত দলঙত বহি অসমীয়া মানুহে ভৰি ধোৱে। অসমৰ এনে চহকী অৱস্থা দেখি মোগলসকল মোহিত হৈছিল।
(গ) মোহ গ’ল দূৰণিৰ বিদেশী মোগল
অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া,
অসমত বন্দী হ’ল, অসমৰ ৰূপ-মুগ্ধ
দূৰৰ মোগল আহি হ’ল অসমীয়া।
উত্তৰ : উদ্ধৃত কবিতাফাকি সুপ্রসিদ্ধ গল্পকাৰ, ঔপন্যাসিক তথা কবি চৈয়দ আব্দুল মালিক ৰচিত ‘মই অসমীয়া’ কবিতাটোৰ অন্তৰ্গত।
অসমৰ সম্পদ আৰু বিনন্দীয়া ৰূপত মুগ্ধ হৈ কেনেদৰে অসম আক্ৰমণ কৰিবলৈ আহি পৰাজিত হৈ নিজ দেশলৈ ওভতি যাবলগীয়া কিছুসংখ্যক মোগল অসমত থাকি গ’ল তাৰেই কথা কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে প্ৰকাশ কৰিছে।
অসম আক্ৰমণ কৰিবলৈ আহি বিদেশী মোগল সেনাই অসমৰ প্ৰাকৃতিক সম্পদ আৰু প্রাকৃতিক সৌন্দৰ্যৰ বিনন্দীয়া ৰূপ দেখি মুগ্ধ হৈ পৰিছিল। স্বদেশ প্ৰাণ, অসমীয়াৰ বীৰত্বৰ আগত তিষ্ঠিব নোৱাৰি পৰাজয় বৰণ কৰি মোগল সেনা চিৰদিনৰ কাৰণে কোনোদিন অসম আক্ৰমণ কৰাৰ সাহস নকৰি ওভতি যাবলগীয়া হ’ল যদিও একাংশ মোগল সেনাঅসমত সৰগৰ বিনন্দীয়া ৰূপত মুগ্ধ হৈ সেই ৰূপত বন্দী হৈ বিদেশী আৰু দূৰৰ হ’লেও অসমতে থাকি অসমকে নিজ মাতৃভূমি হিচাপে আঁকোৱালি অসমীয়া হৈ পৰিল। অসমৰ বিনন্দীয়া অপৰূপ ৰূপ আৰু প্ৰাকৃতিক সম্পদে তেওঁলোকক নিজ জন্মভূমিৰ কথা পাহৰাই অসমীয়া হ’বলৈ বাধ্য কৰালে।
(ঘ) জীৱনে মৰণে মই চিৰদিন অসমীয়া
অসমীয়া দেহ-প্ৰাণ মন;
জীয়াই থাকোতে মই অসমৰে অসমীয়া,
মৰিলেও বৰি ল’ম অসমৰ অমিয়া মৰণ।
উত্তৰ : উদ্ধৃত কবিতাফাকি সুপ্রসিদ্ধ গল্পকাৰ, ঔপন্যাসিক তথা কবি চৈয়দ আব্দুল মালিক ৰচিত ‘মই অসমীয়া’ কবিতাটিৰ অন্তৰ্গত। মোগলসকলৰ অসম আক্ৰমণৰ সময়ত পৰাজিত মোগল সৈন্যৰ একাংশ অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু সম্পদ তথা অসমৰ মানুহৰ মাত-কথাত মোহিত হৈ স্বদেশলৈ ঘূৰি নগৈ অসমকে নিজ মাতৃভূমি হিচাপে মনে-প্রাণে গ্ৰহণ কৰি অসমীয়া হৈ থাকি গ’ল ৷
সেইসকলৰ বংশধৰে এতিয়া অসমৰে অসমীয়া হৈ নিজ মাতৃভূমি আৰু জন্মভূমি বুলি সেৱা কৰি আহিছে। সেইসকলৰে বংশধৰ কবিয়েও নিজকে খাটি অসমীয়া বুলি গৌৰৱ কৰে, মাতৃভূমি অসমত তেওঁ চিৰদিন অসমীয়া হৈ থাকি আৰু মৰিলে এই অসমতে অমিয়া মৰণ বৰণ কৰিবলৈ মনে প্রাণে ইচ্ছা কৰিছে। অসমীয়া দেহ-প্ৰাণ, মন লৈ জীৱনে- মৰণে তেওঁ চিৰদিন অসমীয়া বুলি হিয়াত অফুৰন্ত আনন্দ পায়।
প্রশ্ন ৯। ‘মই অসমীয়া’ কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্রশংসা কৰিছে,— তোমাৰ কথাৰে বুজাই লিখা।
উত্তৰ : সমগ্ৰ ভাৰতবৰ্ষতে আকণ্টকা সাম্রাজ্য স্থাপন কৰা প্ৰবল প্রতাপী মোগলে সেই সময়ৰ স্বাধীন অসমতো মুছলিম ৰাজ্য স্থাপন কৰাৰ আশাৰে অসম আক্ৰমণ কৰিছিলহি । মোগলে ভাবিছিল মোগলৰ দৰে বীৰত্ব আৰু পৰাক্ৰম ভাৰতত ক’তো নাই, স্বাধীন অসমতো নাই। অসমক তেওঁলোকে হেলাৰঙে পৰাভূত কৰি অসম মোগল সাম্ৰাজ্যৰ তলতীয়া কৰিব।
বিশ্ববিজয়ী মোগলৰ অনিৰুদ্ধ গতিক কোনেও বাধা দিব নোৱাৰে, — বাধা দিবলৈ সাহস নকৰে। কিন্তু এই দুর্দান্ত পৰাক্ৰমী মোগল যেতিয়া এই মনোবলেৰে অসমৰ মাটিত সমৰ সজ্জাৰে ভৰি থ’লেহি তেতিয়া কাৰো আক্ৰমণ সহ্য কৰিব নোৱাৰা, কাৰো ওচৰত শিৰ নত নকৰা, দেশৰ স্বাধীনতা ৰক্ষাৰ কাৰণে প্ৰাণ ত্যাগ কৰিবলৈ অকণো ভয় নকৰা অসমীয়া পুৰুষ-তিৰোতাই হাতত হেংদাং লৈ ৰণচণ্ডী মূৰ্তি ধৰি মোগল সেনাৰ সমুখত থিয় হ’লহি।
প্রবল প্রতাপী মোগল সেনাৰ বুকু কঁপি উঠিল। অসমৰ এই পৰিও নপৰা, মৰিও নমৰা পুৰুষ-নাৰীৰ সমুখত মোগল সেনাই পৰাজয় বৰণ কৰি পিছ হুহকি যাবলৈ বাধ্য হ’ল। এই কাৰণেই অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কবিয়ে প্রশংসা কৰিছে।
প্রশ্ন ১০। কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জনম লম বুলি ভাবিছে, বুজাই লিখা।
উত্তৰ : মোগলসকলে অসম আক্ৰমণ কৰিবলৈ আহি অসমীয়া মানুহৰ বীৰত্ব দেখি বিস্মিত হৈছে। অসমীয়া পুৰুষ-তিৰোতাৰ মাজত থকা স্বদেশ প্ৰেমে মোগলৰ অন্তৰ চুই গৈছে৷ পৰাজিত মোগলৰ কিছু অংশই অসমৰ সৌন্দৰ্য আৰু প্ৰাকৃতিক সম্পদ আদিত মুগ্ধ হৈ অসমত থাকি পাছলৈ হাড়ে-হিমজুৱে অসমীয়া হৈ পৰিল ।
তেওঁলোক অসমীয়া সংস্কৃতিৰ লগত একাকাৰ হৈ পৰিল ৷ অসমীয়া জাতিৰ বীৰত্বৰ সেই বিজয়গাঁথা আজিও যেন অক্ষুণ্ণ হৈ আছে। কবিয়ে সেয়ে অসমৰ বাবে যুঁজিব খুজিছে আৰু অসমৰ বাবে মৰিবও খুজিছে। মৰিলেও এনে গৌৰৱপূৰ্ণ ইতিহাস বিজড়িত অসমতে পুনৰ অসমীয়া হৈ জনম লম বুলি ভাবিছে।
প্রশ্ন ১১। ‘মই অসমীয়া’ কবিতাটোৰ সাৰাংশ লিখা [HSLC.’20]
উত্তৰ : ভাৰতবৰ্ষত মোগল সাম্রাজ্য প্রতিষ্ঠা কৰা বিশ্ববিজয়ী মোগলসকলে স্বাধীন অসম আক্ৰমণ কৰি অসমতো মুছলিম ৰাজ্য স্থাপনৰ আশাৰে অসমত সসৈন্যে পদার্পণ কৰিছিলহি। মোগলসকল অসমভূমিৰ সমৰ্থলীত উপস্থিত হোৱাত স্বাধীন অসমৰ স্বাধীনচিতিয়া অসমীয়াই পুৰুষ-নাৰী সমন্বিতে হাতত হেংদাং লৈ অতি বীৰত্ব আৰু সাহসেৰে নিজ মাতৃভূমিৰ স্বাধীনতা তথা স্বতন্ত্রতা ৰক্ষা কৰিবলৈ মোগলৰ সমুখত বুকুপাতি থিয় হ’লহি।
অসমীয়া সেনাৰ সাহস, বল-বিক্ৰমৰ আগত মোগল সেনা তিষ্ঠিব নোৱাৰি পৰাজয়বৰণ কৰি পিছ হুহকি গ’ল। মোগল সেনাই অসমীয়া মানুহৰ বল, বিক্ৰম, সাহস আৰু দেশপ্ৰেমৰ পৰিচয় পাই আচৰিত হ’ল। আনহাতে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু সম্পদসমূহ দেখিও বিস্ময়াভূত হোৱাৰ উপৰিও অতিকে মুগ্ধ হৈ পৰিল ।
পৰাজয় বৰণ কৰি স্বদেশলৈ ওভতি যোৱা মোগলে দেখিলে অসমত চৌদিশে ধূসৰ পাহাৰ, ইয়াৰ সেউজীয়া গছ-গছনি, চৰাই-চিৰিকতিয়ে মনোমোহা ৰূপ ধাৰণ কৰিছে। দুবৰি বনত নিয়ৰৰ টোপালবোৰে সূৰ্যৰ পোহৰত মুকুতাৰ দৰে তিবিৰাই আছে। গছৰ পাতবোৰ জাংফাই, মিনাকৰাৰ দৰে জিলিকিছে।
ইয়াৰ ধূলি-বালিত মৰকত বাখৰৰ দৰে মূল্যৱান বস্তু মিহলি হৈ থাকে, ভৰিৰ গচক পৰিলেই সিবোৰ ভাগি যায়। নদীৰ বালিত সোণৰ চেকুৰা পায়, হাতীদাঁতেৰে খৰমৰ চুলা সাজে, স্বৰ্গদেৱে হাঁহ কণী-চাউলেৰে দেউল নিৰ্মাণ কৰে, বাঘনখৰ খাৰু, আঙঠি গঢ়াই পিন্ধে, ম’হৰ শিঙৰ পেঁপা বজায়, সাগৰ সদৃশ খাল বিলত সোণবৰণীয়া পুঠি মাছে জঁপিয়ায়, ভেকুলীয়ে সেন্দুৰৰ ফেঁাট লৈ জঁপিয়ায়।
মাটিৰ চৰুত জুখিহে সোণ ৰূপ দিয়ে। অসমৰ এই বিনন্দীয়া ৰূপ দেখি মুগ্ধ হৈ অসমীয়া মানুহৰ মৌ-সনা মাত-কথাত বন্দী হৈ একাংশ মোগল সেনাই অসমকে নিজ মাতৃভূমি বুলি স্বীকাৰ কৰি, ইয়াৰ কলা-সংস্কৃতিত একাকাৰ হৈ অসমতে থাকি গ’ল। কবিয়েও অসমৰ কোনো কালে নজহা নপমা এই ঐতিহ্যক সুঁৱৰি, মৰিও তেওঁ অসমীয়া হৈ পুনৰ জনম ল’বলৈ মনে প্রাণে কামনা কৰিছে। অসমীয়াৰ পৰিচয়ৰে তেওঁ চিৰকাল অসমতে থাকিব।
প্রশ্ন ১২। ‘মই অসমীয়া’ কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা।[HSLC.22]
উত্তৰ : অসম অতীততে এখন স্বাধীন ৰাজ্য আছিল। ভাৰতৰ বাকী ৰাজ্য মোগল সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল যদিও সেই সময়ত অসম স্বাধীন আছিল। মোগলে একাধিকবাৰ অসম আক্ৰমণ কৰিছিল যদিও অসমীয়া মানুহৰ সাহস, বল বিক্ৰমৰ সমুখত তিষ্ঠিব নোৱাৰি অসম জয়ৰ আশা চিৰকালৰ কাৰণে পৰিহাৰ কৰিলে। অসমীয়া মানুহৰ সেইসাহস আৰু বীৰত্ব গৌৰৱৰ বিষয়।
অসম প্রাকৃতিক সম্পদত চহকী। এসময়ত ইয়াৰ মাটি বালিত বিভিন্ন মূল্যৱান বাখৰ আৰু সোণৰ চেকুৰ পোৱা গৈছিল। মানুহে বাঘনখৰ খাৰু আৰু ভৰিত আঙঠি গঢ়াই লৈছিল, হাতীৰ দাঁতৰ খৰমৰ চুলা তৈয়াৰ কৰি লৈছিল। হাঁহকণী, চাউলৰ গুড়ি আদিৰে সজাই লোৱা অতীতৰ মঠ-মন্দিৰসমূহেও, ৰংঘৰ, কাৰেংঘৰ আদিয়ে তেতিয়াই খন্দোৱা সাগৰসদৃশ পুখুৰীসমূহে অসমৰ অতীত গৌৰৱ ঘোষণা কৰি আছে। অসম এটা সময়ত ইমানেই চহকী আছিল যে চৰুত জুখিহে সোণ-ৰূপ আদান-প্রদান কৰিছিল ।
প্রশ্ন ১৩। ভাষা বিষয়ক
(ক) বিপৰীত শব্দ লিখা-
গৌৰৱ- | দুৰ্যশ। |
আলোক- | এন্ধাৰ। |
স্বাধীনতা- | পৰাধীনতা। |
পৰাজিত- | অপৰাজিত, বিজিত। |
সপোন- | দিঠক। |
মৰণ- | জনম। |
অতিৰিক্ত প্রশ্নোত্তৰ
চমু উত্তৰ দিয়া
(১) ‘মই অসমীয়া’ কবিতাটিৰ কবি কোন?
উত্তৰ : চৈয়দ আব্দুল মালিক।
(২) চৈয়দ আব্দুল মালিকৰ জন্ম ক’ত আৰু কোন চনত হৈছিল?
উত্তৰ: ১৯১৯ চনত গোলাঘাট জিলাৰ নাহৰণিত।
(৩) চৈয়দ আব্দুল মালিকৰ মৃত্যু চনটো লিখা।
উত্তৰ : ২০০০ চন।
(৪) চৈয়দ আব্দুল মালিকৰ এখনি উপন্যাসৰ নাম লিখা।
উত্তৰ : ‘অঘৰী আত্মাৰ কাহিনী’।
(৫) চৈয়দ আব্দুল মালিকৰ এখনি গল্পপুথিৰ নাম লিখা।
উত্তৰ : পৰশমণি।
(৬) চৈয়দ আব্দুল মালিকে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা পাইছিল?
উত্তৰ : ‘অঘৰী আত্মাৰ কাহিনী’ৰ বাবে।
(৭) কোন চনত অসম সাহিত্য সভাৰ অধিৱেশনত চৈয়দ আব্দুল মালিকে সভাপতিত্ব কৰিছিল?
উত্তৰ : ১৯৭৭ চনৰ অভয়াপুৰী অধিৱেশনত।
(৮) চৈয়দ আব্দুল মালিকৰ গল্প-উপন্যাসৰ পৰা কি চলচ্চিত্ৰ নিৰ্মিত হৈছে?
উত্তৰ : ‘জেতুকা পাতৰ দৰে’ আৰু ‘মমতাজ’।
(৯) সুদূৰ পশ্চিম এৰি বিজয় সপোন দেখি অসমলৈ কোন আহিছিল?
উত্তৰ: মোগলসকল।
(১০) “লুইতৰ পাৰত গালোঁ দৃপ্ত উচ্ছ্বাসত আপোনাৰ বিজয়ৰ গান।”- কোনে বিজয়ৰ গান গাইছিল ?
উত্তৰ: মোগলসকলে।
(১১) অসমৰ হেংদাং কোন সময়ত জিলিকিছিল ?
উত্তৰ : আক্ৰমণকাৰী মোগলৰ বিপক্ষে দুপৰৰ পূৰ্ণ আলোকত।
(১২) “বুকু পাতিল নামিল ৰণত”— কোনে?
উত্তৰ : অসমৰ স্বাধীন পুৰুষ-নাৰীয়ে।
(১৩) “বিজয়ৰ গৌৰৱ আৰতি” কোনে কৰিছিল ?
উত্তৰ : বিজয়ী অসমে।
(১৪) স্বৰ্গদেৱে দেউল কিহেৰে সজাইছিল?
উত্তৰ : হাঁহ কণী, চাউলেৰে।
(১৫) পুঠিয়ে কাণত কি পিন্ধে বুলি কৈছে?
উত্তৰ: সোণৰ থুৰীয়া।
(১৬) ৰাজআলি কোনে বান্ধিছিল?
উত্তৰ: নিষ্কর্মা ধোদৰ দলে।
(১৭) সোণচৰু, ৰূপচৰু ঘৰে ঘৰে কিহেৰে জুখি দিছিল ?
উত্তৰ : মাটিৰ চৰুৰে৷
(১৮) “গীত শুনি শিল পমি যায়”— তাৰ মানে কি?
উত্তৰ : অসমৰ মানুহৰ মৌসনা কণ্ঠৰ গীত শুনি কঠিন হৃদয়ৰ মানুহৰে অন্তৰ পমি যায়।
(১৯) অসমত খৰগৰ ৰূপ বিনন্দীয়া দেখি কোন মুগ্ধ আৰু বন্দী হৈছিল?
উত্তৰ : অসম জয় কৰিবলৈ অহা মোগলসকলে।
(২০) “অসমৰ হকে যুঁজি, অসমৰ হকে মৰোঁ— বুলি কোনে কৈছিল ?
উত্তৰ: কবিয়ে।
(২১) “সেইদিন ধৰি মই অসমৰ অসমীয়া”— বুলি কোনে কৈছিল ?
উত্তৰ : কবিয়ে ।
(২২) মৰাৰ পিছতো কবিয়ে ক’লৈ ঘূৰি আহিব খুজিছে?
উত্তৰ : প্ৰাণৰ মাতৃ তথা জন্মভূমি অসমলৈ।
(২৩) জনমৰ লগে লগে কবিয়ে ‘আই’ বুলি কাক চিঞৰিছিল ?
উত্তৰ : জন্মভূমি অসমীক।
(২৪) কবিয়ে ‘চিনি পাম, বুজি পাম’ বুলি কিহৰ কথা কৈছে?
উত্তৰ : কবিৰ এই অসমীয়া ভাষা।
(২৫) কবিয়ে দুকাণপাতি কি শুনিব বুলি কৈছে?
উত্তৰ : অসমৰ সুৰীয়া গীতটি।
1 thought on “Class 10 Assamese Lesson 4 |মই অসমীয়া| Question Answer”