জিকিৰ আজান ফকিৰ |Class 10 Assamese | Lesson 2

Class 10 assamese lesson 2 জিকিৰ (আজান ফকিৰ): এই ব্লগত আমি আপোনালোকৰ সৈতে আমাৰ বিস্তৃত আৰু বিশদ ক্লাছ 10 অসম পাঠ 2 জিকিৰ টোকাসমূহ শ্বেয়াৰ কৰিম, যিবোৰ বিশেষভাৱে HSLC পৰীক্ষাত সফলতা লাভ কৰাত সহায় কৰিবলৈ ডিজাইন কৰা হৈছে।

আমাৰ টোকাবোৰত অসমীয়া সংস্কৃতি আৰু ধৰ্মৰ অবিচ্ছেদ্য অংগ জিকিৰৰ লগত জড়িত সকলো গুৰুত্বপূৰ্ণ বিষয় আৰু ধাৰণা সামৰি লোৱা হৈছে।

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১ : চমু উত্তৰ দিয়া।

(ক) জিকিৰ ৰচক কোন?

উত্তৰ : আজান ফকিৰ।

(খ) জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি?

উত্তৰ: হিন্দুধৰ্মৰ ভক্তিমূলক স্তুতিগীত বা প্ৰাৰ্থনাৰ সৈতে জিকিৰবোৰ তুলনা কৰিব পাৰি।

(গ) জিকিৰ শব্দটো কি শব্দৰ পৰা উলাইছে?

উত্তৰ: জিকিৰ শব্দটি ‘জিক্ৰ’ৰ পৰা ওলাইছে,।

প্রশ্ন ২ : তলৰ শব্দবোৰৰ অৰ্থ লিখা।

ৰছুল- দেৱদূত, আল্লাৰ দূত।

মোমিন- বিশ্বাসী মুছলমান।

ৰহম – দয়া।

প্রশ্ন ৩ : ‘মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।

যেন শালে শ’লৰ লগত দৰিকাৰ টপালি।

ওপৰত উল্লেখ কৰা কথাখিনিৰ অন্তর্নিহিত ভাবটি বিশ্লেষণ কৰা।

উত্তৰ : মানুহৰ তথা জীৱৰ একমাত্ৰ গৰাকী হৈছে আল্লা আৰু তেওঁহে মানুহক সংসাৰ সাগৰৰ পৰা পৰিত্ৰাণ কৰিব পাৰে। ইছলামধর্মী লোকসকলৰ কাৰণে মক্কা অতি পৱিত্ৰ স্থান, যাৰ সৈতে হজৰত মহম্মদৰ স্মৃতি জড়িত হৈ আছে। একমাত্র ইছলামত বিশ্বাসীসকলৰ বাবেহে ৰছুল বা দেৱদূতৰ সহযোগত সংসাৰ সাগৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰি।

ভটিয়নিৰ সময়ত মাছে বিশেষকৈ সৰু মাছবিলাকেও (দৰিকা) ইয়াৰ শত্ৰু শাল-শ’লৰ সৈতে সহাৱস্থান কৰি গভীৰ জলৰ সন্ধান কৰাৰ দৰেই ইহ জগতৰ জাগতিক দুখৰ পৰা পৰিত্ৰাণ লাভৰ কাৰণে জীৱই একমাত্র আল্লাত বিশ্বাস ৰাখি পৱিত্ৰ মক্কালৈ যোৱাৰ আশা কৰে, যদিও পাৰ্থিৱ মায়া- মোহৰ প্ৰতিবন্ধকতাই তেনে কৰাত প্ৰায়ে বাধা প্রদান কৰে।

সংসাৰৰ জটিল জীৱন যাত্ৰাত একমাত্র আল্লাৰ ওপৰত বিশ্বাস ৰাখিহে মৃত্যু ভয় নেওচি মুক্তিৰ পথত অগ্ৰসৰ হোৱাটো সম্ভৱ। সংসাৰ যাত্ৰাৰ ৰূপক স্বৰূপে শাল-শ’লৰ সৈতে দৰিকাৰ ৰিজনি দিয়া হৈছে। আল্লাৰ ওচৰত সৰু-বৰ, ধনী-দুখীয়া, পাপী-পূণ্যবান সকলো সমান। তেওঁ সকলোৰে কৰ্তা, সকলোৰ নিয়ন্তা ৷ গতিকে মক্কাৰ দুৱাৰত জীৱৰ সৰু-বৰ নাই, সকলো সমান।

প্রশ্ন ৪ : ব্যাখ্যা কৰা।

(ক) পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত ৷

খোদা ৰছুল লুকাই আছে মোমিনৰ আঁৰত।

উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকিৰ বিৰচিত ‘জিকিৰ

আৰু জাৰী’ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

উত্তৰ:

মানুহৰ তৃষ্ণা দূৰ কৰে পানীয়ে, দেহৰ শীতলতা দূৰ কৰে অগ্নিয়ে। কিন্তু, ইয়াত কবিয়ে দাঙি ধৰা বক্তব্য তাৰ সম্পূৰ্ণ বিপৰীত। যি পানীয়ে মানুহৰ তৃষ্ণা দূৰ কৰে সেই পানীয়েই নিজৰ তৃষ্ণা দূৰ কৰিব নোৱৰা আৰু অগ্নিয়ে শীতলতা দূৰ কৰিব নোৱৰা কথাটো ৰহস্যধৰ্মী।

ইয়াত কবিয়ে পাৰ্থিৱ মায়াৰ বশৱৰ্তী হ’লে যে মানুহৰ ভোগতৃষ্ণা কেতিয়াও দূৰ নহয়, বৰঞ্চ বাঢ়েহে, তাৰ ইঙ্গিত দিছে। পাৰ্থিৱ মায়াত বন্দী হৈ আল্লাৰ দূত ৰছুলৰ কথা পাহৰি থকা, আল্লাৰ স্মৰণ কৰিবলৈ পাহৰি থকাটো অন্যায়।

কাৰণ, ইছলামধৰ্মত বিশ্বাসী লোকসকলৰ মাজতেই নৰৰূপত উভয়ে অৱস্থান কৰি আছে। তেওঁলোকক বাহিৰত সন্ধান কৰাৰ প্ৰয়োজন নাই।

(খ) মক্কাৰ দুৱাৰত চাহাব ৰিবেণীৰ ঘাট।

বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।

উত্তৰ : উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকিৰ বিৰচিত ‘জিকিৰ আৰু জাৰী’ শীর্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে। মক্কা হজৰত মহম্মদৰ স্মৃতি বিজৰিত ইছলামধৰ্মীসকলৰ পৱিত্ৰ তীৰ্থস্থান। আৰৱ দেশৰ পৰাই তীৰ্থস্থানলৈ জীৱনত এবাৰ হ’লেও যোৱাৰ আগ্ৰহ প্ৰতিজন ইছলমাধৰ্মী লোকৰ থাকে। এইটো তেওঁলোকৰ কাৰণে অতি পৱিত্ৰ কৰ্তব্য ৰূপে বিবেচিত।

মক্কাৰ দুৱাৰতেই পৱিত্ৰ তীৰ্থস্থান অৱস্থিত। হিন্দুসকলৰ কাৰণে ত্ৰিবেণী— অর্থাৎ গঙ্গা, যমুনা আৰু সৰস্বতীৰ সংগমস্থলৰ লেখীয়াকৈ মক্কাৰ দুৱাৰো ইছলামধৰ্মীসকলৰ কাৰণে অতি পৱিত্ৰ । ঘাটত নাৱৰীয়াই যাত্ৰী পাৰ কৰাৰ দৰে এই ত্রিবেণী ঘাটতেই জীৱই পাৰ্থিৱ মায়া বন্ধনৰ পৰা মুক্তি লাভ কৰি মুক্তিৰ পথত অগ্ৰসৰ হোৱাৰ প্ৰয়াস কৰে।

অৱশ্যে মায়াৰ প্ৰভাৱে মানুহক সংসাৰৰ প্ৰতি অত্যধিক আকৰ্ষণ কৰি ৰখাৰ কাৰণে পাপ- পুণ্যৰ দোমোজাত পৰি মায়াধীন জীৱই পথ হেৰুৱায় আৰু পুনৰ মায়াত আবদ্ধ হয়। মুক্তিৰ দুৱাৰত উপস্থিত হৈয়ো মুক্তিলাভৰ পৰা বঞ্চিত হয়।

(গ) সজাৰ মইনাটিৰ অনেক যুগুতি।

দেও মাৰি পাৰ হ’ল এৰিলে পিৰীতি।

উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকিৰ বিৰচিত ‘জিকিৰ আৰু জাৰী’ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কাবিতাফাকিৰ মাজেদি মানৱ দেহৰ অন্তৰ্নিহিত আত্মাৰ অবিনশ্বৰতাৰ কথা ক’বলৈ প্ৰয়াস কৰা হৈছে।

সজাত পুহি ৰখা মইনা চৰাইৰ দৰেই দেহৰূপী সজাত জীৱ বা আত্মাই বিচৰণ কৰি থাকে। সজাত মইনাই নানা ধৰণৰ মাত মাতি গৃহস্থক সন্তোষ দিয়াৰ দৰেই জীৱৰ আচৰণে মানুহক সুখী কৰে যদিও জীৱৰ অনুপস্থিতিত মইনাবিহীন সজাৰ দৰেই দেহৰ কোনো গুৰুত্ব নাথাকে। দেহৰ সৈতে আত্মাৰ সম্পৰ্ক খন্তেকীয়া। জীৱৰ কৰ্মবন্ধন

দূৰ হ’লেই নিত্য বিচৰণশীল আত্মাই দেহ ত্যাগ কৰে, মানুহে জীর্ণ বস্ত্ৰ ত্যাগ কৰাৰ দৰেই আত্মাই জীর্ণ দেহ ত্যাগ কৰি আঁতৰি যায়। তেতিয়া আৰু দেহৰ সৈতে তাৰ কোনো সম্পর্ক নাথাকে, সজাত্যাগী মইনাৰ দৰেই ই তেতিয়া মুক্ত।

প্রশ্ন ৪ : সমার্থক শব্দ লিখা।

উত্তৰ :

চিন্তো- চিন্তা কৰোঁ।
ঘাট-নৈ বা সাগৰৰ পাৰ।
পিৰীতি-প্রেম।
আচমান-আকাশ।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১ : ‘জিকিৰ আৰু জাৰী’ গীতটিৰ ৰচক্ৰৰ চমু পৰিচয় দিয়া।

উত্তৰ :

প্রশ্ন ২ : ‘জিকিৰ আৰু জাৰী’ গীতটিৰ অন্তর্নিহিত উদ্দেশ্য ব্যাখ্যা কৰা।

উত্তৰ : অসমত নৱবৈষ্ণৱ ভক্তি ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে হৰিনাম শ্ৰৱণ-কীৰ্তনত অধিক গুৰুত্ব আৰোপ কৰিছিল। বৰগীত আৰু অন্যান্য আধ্যাত্মিক ভাবসম্পন্ন লোকগীত বিশেষকৈ, দেহ বিচাৰৰ গীত, টোকাৰী গীত, গোসাঁই নাম, আদিয়ে জনজীৱনৰ ওপৰত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল।

আজান ফকিৰে অসমৰ পৰম্পৰা গীত লোকগীতকেই আৰ্হি হিচাপে লৈ জিক্ৰিসমূহ ৰচনা কৰাত ধৰ্মীয় আৰু সাম্প্ৰদায়িক সম্প্ৰীতিত ই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে । ছাত্ৰ- ছাত্ৰীসকলৰ মাজত ধর্মীয় সহিষ্ণুতা, সাম্প্রদায়িক সম্প্ৰীতি আৰু সমন্বয়, উদাৰ মানৱীয় দৃষ্টিভংগী, দয়া, প্রেম, প্রভৃতি ভাবৰ সম্প্ৰসাৰণৰ প্ৰতি লক্ষ্য ৰাখি জিকিৰ পাঠটি পাঠ্যক্ৰমৰ অন্তর্ভুক্ত কৰা হৈছে।

প্রশ্ন ৩ : তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা।

উত্তৰ :

আচমান-আকাশ
আদম-আদি মানৱ, আল্লাৰ সৃষ্ট প্রথম মানুহ
কুটুব-ধ্ৰুৱ নক্ষত্ৰ
তিৰবেনী-ত্রিবেণী। গঙ্গা, যমুনা আৰু সৰস্বতীৰ সঙ্গম স্থল।
দৰিয়া-সাগৰ নদী;
মোমিন-বিশ্বাসী মুছলমান
পাৱত-চৰণত, ভৰিত।
বেহাব-বেপাৰ কৰিব।
ৰচুল-দেৱদূত, আল্লাৰ দূত |
ৰহম-দয়া |
সঞ্চাৰ- ঢলা, সিঁচা
ভেল-দেহ, শৰীৰ।
মইনা-এবিধ চৰাই| দেহৰূপী সজাত বন্দী আত্মা।

প্রশ্ন ৪ : জিকিৰ শব্দৰ অৰ্থ বিচাৰ কৰা।

উত্তৰ : জিকিৰ শব্দটো ‘জিক্ৰ’ৰ পৰা ওলাইছে। যাৰ অৰ্থ স্মৰণ কৰা, আল্লাৰ নাম আৰু গুণাৱলী পুনৰাই উচ্চাৰণ কৰা। জিকিসমূহ ভক্তিমূলক প্রার্থনা বা স্তুতি গীত, যাক ইছলাম ধৰ্মীসকলৰ ভকতীয়া গীত আখ্যা দিব পাৰি। জিকিসমূহত ইছলাম ধৰ্মৰ মূল তত্ত্বসমূহ সন্নিৱিষ্ট হৈ আছে।

অতি চমু উত্তৰ দিয়া।

(ক) জিকিৰ ৰচক কোন?

উত্তৰ : আজান ফকিৰ বা শ্বাহ মিলান।

(খ) ‘জিকিৰ’ শব্দটো ক’ৰ পৰা ওলাইছে?

উত্তৰ : জিকিৰ শব্দটি ‘জিক্ৰ’ৰ পৰা ওলাইছে, যাৰ অৰ্থ স্মৰণ কৰা ।

(গ) জিকিসমূহৰ অন্তর্নিহিত বিষয় কি ?

উত্তৰ : ইছলাম ধৰ্মীয় ৰীতি-নীতি আৰু তত্ত্বই ইয়াৰ অন্তর্নিহিত বিষয়। ভালেমান গীতত সংসাৰৰ অনিত্যতাৰ বৰ্ণনাও দাঙি ধৰা হৈছে।

(ঘ) জিক্ৰিসমূহৰ সৈতে কোনবিধ গীতৰ সাদৃশ্য দেখা যায়?

উত্তৰ : জিকিৰসমূহত প্রকাশিত সংসাৰৰ অনিত্যতা, ক্ষণভঙ্গুৰতা আদি বিষয়ৰ সৈতে দেহবিচাৰৰ গীতৰ সাদৃশ্য লক্ষ্য কৰা যায়।

(ঙ) জাৰী গীতত কিহৰ ঘটনা বৰ্ণিত হৈছে। ‘জাৰী’ শব্দৰ প্ৰকৃত অর্থ কি?

উত্তৰ : জাৰীসমূহ মূলতঃ কৰুণ ৰসাত্মক গীত। ইয়াৰ মূল অৰ্থ হৈছে বিলাপ। ইয়াত কাৰবালাত ঘটা হাছান-হোছেনৰ মৃত্যুৰ ঘটনা বৰ্ণিত হৈছে।

(চ) জিকিসমূহৰ ৰচনাকাল কিমান বুলি ধৰা হৈছে?

উত্তৰ : জিকিৰসমূহ সপ্তদশ শতিকাৰ শেষ আৰু অষ্টাদশ শতিকাৰ আদি ভাগত ৰচিত হৈছিল বুলি অনুমান কৰা হৈছে।

(ছ) জিকিসমূহৰ যোগেদি কেনেধৰণৰ শব্দ অসমীয়া ভাষাত প্ৰৱেশ কৰে?

উত্তৰ : জিক্ৰিসমূহৰ যোগেদি অসমীয়া ভাষালৈ ভালেমান আৰবী আৰু ফাচীমূলীয় শব্দৰ প্ৰৱেশ ঘটে।

(জ) আজান ফকিৰৰ আচল নাম কি?

উত্তৰঃ শ্বাহ মিলান।

(ঝ) কোনে আজান ফকিৰৰ চকু কাঢ়িছিল ?

উত্তৰঃ ৰূপাই দাধৰাই চকু কাঢ়িছিল।

(ঞ) আজান ফকিক ক’ত সংস্থাপিত কৰা হৈছিল?

উত্তৰ : স’ৰাগুৰি চাপৰিত।

(ট) স’ৰাগুৰি চাপৰি ক’ত অৱস্থিত ?

উত্তৰ : দিখৌ নৈৰ কাষৰ চাপৰিত।

চমু উত্তৰ দিয়া।

(ক) চুফীবাদ কি ?

উত্তৰ : চুফীবাদ বা ৰহস্যবাদ পৰমাৰ্থ বিষয়ক জ্ঞান আৰু আধ্যাত্মিক চিন্তাৰ এক বিশেষ ধাৰা। ইছলাম ধৰ্মত তত্ত্বজ্ঞান লাভ কৰি ঐশ্বৰিক প্ৰেমৰ মাধ্যমেদি মুক্তি লাভ সম্ভৱ বুলি বিশ্বাস কৰা হৈছে।

(খ) চুফী শব্দটোৰ উৎপত্তি সম্পর্কত কি কি মত পোৱা যায় ?

উত্তৰ : ‘চুফী’ শব্দৰ উৎপত্তি সম্পর্কে বিভিন্ন মত পোৱা যায়।

(ক) কোনো কোনোৰ মতে ‘চফচ’ শব্দৰ পৰা চুফী শব্দৰ উৎপত্তি হৈছে।

(খ) ফাৰ্চী ভাষাত বগা উলক ‘সুফ’ বোলে। গতিকে যিসকলে নিজকে পাৰ্থিৱ অপৱিত্ৰতাৰ পৰা নিজকে মুক্ত কৰিছে, তেওৱেঁই চুফী।

(গ) আন এটা মত অনুসৰি যি ভোগবিলাস পৰিহাৰ কৰি সহজ-সৰল জীৱন যাপন কৰিছে, সেয়ে চুফী।

(গ) চুফীকাব্যৰ মূল প্ৰেৰণা কি?

উত্তৰ : ভাৰতীয় প্রেমভক্তিত চুফীবাদৰ আধ্যাত্মিকতা আৰু নৈতিকতাৰ প্ৰভাৱ পৰিছে। গজল-গীতিয়ে এসময়ত ভাৰতীয় সংগীত জগতত বিশেষভাৱে প্ৰভাৱিত কৰিছিল ৷ পিছত হিন্দু আৰু মুছলমান উভয় কবিয়েই এই মতবাদৰ আধাৰত কাব্য ৰচনা কৰিবলৈ ধৰে।

(ঘ) চুফীপ্ৰেম কেনেধৰণৰ ?

উত্তৰ: চুফীসকলৰ প্ৰেম একনিষ্ঠ। তেওঁলোকে জগতৰ প্ৰতি অণু-পৰমাণুৰ মাজতে প্ৰিয়তমাৰ মুখৰ সৌন্দৰ্য উপলব্ধি কৰে।

(ঙ) চুফীসকলে কোনটো দিশৰ ওপৰত অধিক গুৰুত্ব দিয়ে?

উত্তৰ : চুফীসকলে ইছলামৰ সিদ্ধান্ত মানি চলিলেও ৰহস্যবাদী দিশটোৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰা দেখা যায়।

(চ) চুফীসকলৰ প্ৰতীক প্ৰয়োগৰ গুৰুত্ব কোনখিনিত?

উত্তৰ: চুফীসকলে পৰমাত্মাৰ সৈতে আত্মাৰ আকুল কামনাক বিবিধ উপমা প্রতীক আদিৰ জৰিয়তে সুন্দৰভাৱে ফুটাই তোলাৰ ওপৰত অধিক গুৰুত্ব দিয়া দেখা যায়।

(ছ) চুফী সাহিত্যৰ প্ৰকৃতি কেনেধৰণৰ ?

উত্তৰ: চুফী সাহিত্য প্ৰেমৰ সাহিত্য; নাৰী সৌন্দৰ্যই এনে প্ৰেমৰ ঘাই আধাৰ। চুফী সাহিত্যত সংসাৰখনক মদিৰালয় আৰু মদিৰাক প্ৰেমৰ সৈতে তুলনা কৰা হৈছে। পাৰ্থিৱ প্ৰেমৰ মাজেদি অপাৰ্থিৱ প্ৰেমৰ স্তৰত উপনীত হোৱাই এনে কাব্যৰ মূল বিষয়।

(জ) অসমত কোনে ইচলাম ধৰ্ম প্ৰচাৰ কৰে?

উত্তৰ : আজানপীৰ চাহাবেই অসমত ইছলাম ধৰ্মৰ প্ৰথম প্ৰৱৰ্তক। অৱশ্যে তেওঁৰ ধৰ্মত কোৰাণৰ প্ৰভাৱতকৈ পুৰাণৰ প্ৰভাৱ অধিক। অসমৰ পৰম্পৰাগত লোকগীতৰ আধাৰতেই তেওঁৰ জিকিসমূহ ৰচনা কৰি উলিয়াইছে।

(ঝ) জিকিৰবোৰ কি কি থলুৱা উপাদান নিহিত হৈ আছে?

উত্তৰ : আজানপীৰে শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত নৱবৈষ্ণৱ ভক্তিধৰ্মৰ প্ৰভাৱৰ পৰা মুক্ত থলুৱা লোকসকলক ইছলাম ধৰ্মত সামৰি ল’বৰ কাৰণে চেষ্টা কৰিছিল যদিও তেওঁ পাৰিপাৰ্শ্বিকতাৰ পৰা সম্পূৰ্ণ মুক্ত হ’ব পৰা নাছিল। সেয়েহে হিন্দু ধৰ্মৰ থলুৱা আচাৰ- নীতিৰ লগতে বিহুগীত, দেহবিচাৰৰ গীত, টোকাৰী গীত আদিৰ আৰ্হিত ইছলাম ধৰ্মৰ কেতবোৰ নীতি নিয়ম সন্নিৱিষ্ট কৰি জিকিৰ নামৰ এক শ্ৰেণীৰ গীত ৰচনা কৰিছিল।

(ঞ) অসমৰ সাংস্কৃতিক জীৱনত জিক্ৰিসমূহৰ গুৰুত্ব কেনেধৰণৰ ?

উত্তৰ : অসমৰ সাংস্কৃতিক জীৱনত জিকিৰ আৰু জাৰীসমূহৰ গুৰুত্ব সর্বাধিক। হিন্দু- মুছলমান উভয় সম্প্ৰদায়ৰ লোকেই এই গীতসমূহ আনন্দেৰে গায় ।

(ট) আজান পীৰৰ আচল নাম কি?

উত্তৰঃ আজান পীৰৰ আচল নাম শ্বাহ মিলন আৰু তেওঁ সুদূৰ বাগদাদৰ পৰা হাজো হৈ শিৱসাগৰলৈ আহে আৰু গদাধৰ সিংহৰ দিনত তেওঁক দিখৌ নৈৰ পাৰৰ শৰাগুৰি চাপৰিত আশ্রয় দিয়া হয়।

(ঠ) আজান পীৰৰ কোনে চকু কঢ়াইছিল আৰু কোনে তেওঁক শৰাগুৰি চাপৰিত প্ৰতিষ্ঠা কৰে?

উত্তৰ : আজান পীৰৰ প্ৰভাৱত ভীতিগ্ৰস্ত হৈ ৰূপাই দাধৰাই চক্রান্ত কৰি তেওঁৰ চকু কঢ়াইছিল যদিও তেওঁৰ মহিমাত ভয় খাই পিছত গদাধৰ সিংহই তেওঁক শৰাগুৰি চাপৰিত স্থাপন কৰে।

(ড) জিক্ৰিসমূহত কি কি গীতৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা যায় ?

উত্তৰ : জিক্ৰিসমূহৰ সৈতে বৈষ্ণৱ ধৰ্মৰ কেতবোৰ দিশত সাদৃশ্য দেখা যায়। অনেক জিকিত বৈষ্ণৱ সাহিত্যৰ লগতে লোকগীতৰ সুৰ শুনিবলৈ পোৱা যায়। দুই-এটি গীতত দেহ বিচাৰৰ গীত আৰু টোকাৰী গীতৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা যায়। উদাহৰণ স্বৰূপে-

  • দুনিয়াই এদিনৰ
  • দুনিয়াই দুদিনৰ
  • দুনিয়াই ফুলনিবাৰী
  • কত যে চলে বলে
  • কৰ তই দুনিয়াই
  • ধৰিবি খেৱালী মাৰি। ইত্যাদি।

(ণ) জিকিৰৰ ৰচনা আৰু গায়ন পদ্ধতিৰ সৈতে কি অনুষ্ঠানৰ সাদৃশ্য দেখা যায় ? ইয়াত কিহৰ মহিমা ঘোষিত হৈছে?

উত্তৰ : জিকিসমূহৰ ৰচনা আৰু তাৰ গায়ন পদ্ধতিৰ সৈতে নাম-কীৰ্তন পৰিৱেশনৰ সাদৃশ্য দেখা যায়। জিকিৰবোৰ যেনেদৰে হাত চাপৰি মাৰি গোৱা হয় তাৰ নিদৰ্শন নামকীৰ্তনৰ প্ৰভাৱৰ পৰা গ্ৰহণ কৰা যেন অনুমান হয়। জিকিতো ঠায়ে ঠায়ে কালিমা আৰু নামৰ মহিমা ঘোষিত হৈছে।

(ত) জিকিৰত নামৰ গুৰুত্ব কেনে ধৰণৰ ?

উত্তৰ : মহাপুৰুষীয়া ধৰ্মত নামৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে। জিকিৰতো নামৰ গুৰুত্ব মন কৰিবলগীয়া। জীৱৰ সাৰথি নাম ঐ আল্লা জীৱৰ সাৰথি নাম সদগুৰুক ভেটিবা আল্লাক চিনিবা তেহে পাবা ভকতিত থান। ইত্যাদি।

প্রসঙ্গ সঙ্গতি দশাই ব্যাখ্যা কৰা :

(ক) দেও মাৰি পাৰ লৈ জীৱই আছে চাই।

চোৱা চোৱা জীৱসকল ভেলৰে বিলাই ।।

উত্তৰ : উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকিৰ বিৰচিত ‘জিকিৰ আৰু জাৰী’ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে। আত্মা অবিনশ্বৰ। জীৱৰ কৰ্মবন্ধনৰ অন্ত পৰিলেই আত্মাই দেহ ত্যাগ কৰি আঁতৰি যায় ।

তেতিয়া আৰু দেহৰ সৈতে তাৰ কোনো সম্পর্ক নাথাকে। দেহ তেতিয়া নিৰ্জীৱ, ভেলত পৰিণত হয়। জীয়াই থাকোতে মানুহে যি দেহক লৈ অহংকাৰ কৰে, গৰ্ব কৰে, সেয়া যে ক্ষন্তেকীয়া, তেতিয়াহে উপলব্ধি কৰিবলৈ সক্ষম হয়। মানুহে জীর্ণ বস্ত্ৰ ত্যাগ কৰি নতুন বস্ত্ৰ পৰিধান কৰাৰ দৰেই জীৱয়ো পুৰণি দেহ ত্যাগ কৰি নতুন দেহ ধাৰণ কৰে।

এয়ে জগতৰ চিৰন্তন ৰীতি। মৃত্যুৰ পিছত দেহৰ কোনো গুৰুত্ব নাথাকে, বিলাই-বিপত্তিৰো সীমা নাথাকে। কবিয়ে জীৱসমূহৰ মৃত্যুৰ পিছত ভেলৰ বিলাই-বিপত্তি সম্পর্কে সচেতন কৰি দি মানুহক দেহৰ বিষয় লৈ অহংকাৰ নকৰিবৰ কাৰণে সতৰ্ক কৰি দিছে।

(খ) চিন্তা হেৰা মন মোৰ আল্লাৰে নামত

ভজো হেৰা মনৰোৰ গুৰুৰে পাৰত।।

উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ৰ অন্তৰ্গত ‘জিকিৰ আৰু জাৰী’ শীর্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে। আজান ফকীৰে অসমত নৱ-বৈষ্ণৱ ভক্তি ধৰ্মৰ প্ৰভাৱৰ পৰা আঁতৰি থকা লোকসকলক ইছলাম ধৰ্মৰ অধীনলৈ আনিবৰ কাৰণে হিন্দু ধৰ্মৰ থলুৱা আচাৰ নীতিৰ সৈতে ইছলাম ধৰ্মৰ কিছুমান নীতি-নিয়মৰ সংযোজন ঘটাই জিকিৰ নামৰ এক শ্ৰেণীৰ আধ্যাত্মিক নীতিৰ সূচনা কৰিছিল।

এই গীতবোৰত দেহবিচাৰৰ গীত, টোকাৰী গীত, চিয়া গীত আদিৰ দৰেই মনৰ নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। মানৱজীৱন মনৰ দ্বাৰা নিয়ন্ত্রিত। সেয়ে মনটোক আল্লাৰ চিন্তা কৰিবৰ বাবে আহ্বান জনোৱা হৈছে। ভাৰতীয় আধ্যাত্মিকতাত গুৰুৰ স্থান অতি উচ্চ।

দেহ বিচাৰৰ গীত, টোকাৰী গীত, চৰ্যাগীত প্রভৃতিত থকাৰ দৰেই জিকিৰতো গুৰুৰ পাৱত মনটো ভজিবৰ কাৰণে কোৱা হৈছে। ভাৰতীয় লোকজীৱনত গুৰুৰ প্ৰভাৱ অসীম। গুৰুৰ অবিহনে জ্ঞান, জ্ঞানৰ অবিহনে ভক্তি আৰু মুক্তি মাৰ্গত অগ্ৰসৰ হ’বলৈ ভক্তিৰ আশ্ৰয় গ্ৰহণ কৰাটো অতি প্রয়োজন।

উদ্ধৃত জিক্ৰিটিত মনৰ ওপৰত দিয়া গুৰুত্বমন কৰিবলগীয়া। মনেই মানুহৰ সুখ-দুখৰ একমাত্ৰ কৰুণ। সেয়ে সাংসাৰিক সুখৰ বাবে আল্লাৰ নাম লোৱা উচিত।

(গ) ৰহমৰ গিৰিহঁত তুমি আল্লা চাহাব ঐ

যদি কৰা দৰিয়াৰ পাৰ।

উত্তৰ : উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ৰ অন্তৰ্গত ‘জিকিৰ আৰু জাৰী’ শীর্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে। অসমৰ সাংস্কৃতিক জীৱনত জিকিৰ গীতসমূহৰ যথেষ্ট গুৰুত্ব আছে। আজান পীৰ বা শ্বাহ মিলনৰ নামত গীতসমূহ প্রচলিত।

হিন্দু আৰু ইছলাম উভয় সম্প্ৰদায়ৰ লোকৰ মাজতেই জিকিসমূহে গুৰুত্ব লাভ কৰিছে। গীতসমূহ শঙ্কৰদেৱৰ নৱ-বৈষ্ণৱ ভক্তি ধৰ্মৰ প্ৰভাৱৰ পৰা মুক্ত নহয় । ইয়াত বৈষ্ণৱ সাহিত্যৰ লগতে লোগকীতৰ বিশেষকৈ, দেহবিচাৰৰ গীত, টোকাৰী গীত, চিয়া গীত আদিৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা যায়।

আল্লা হৈছে দয়া বা কৰুণাৰ প্ৰতিমূৰ্ত্তি। তেওঁৰ প্ৰতি থকা ভক্তিৰ যোগেদিহে জীৱই সংসাৰ সাগৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰে। মানৱৰ সংসাৰ যাত্ৰা অতি কষ্টকৰ। ৰোগ, শোক, জৰা, বাৰ্দ্ধক্য, অপায়-অমঙ্গলে মানৱৰ পাৰ্থিৱ জীৱন জুৰুলা কৰি ৰাখে৷

এই জীৱনত সুখ-শান্তিৰ বাবে একমাত্র আল্লাৰ কৰুণা বা দয়াৰ প্ৰয়োজন । তাৰ বাহিৰে জীৱই কেতিয়াও মুক্তি লাভ কৰিব নোৱাৰে। জীৱৰ সংসাৰ সাগৰৰ পৰা পৰিত্ৰাণ লাভৰ একমাত্র উপায় হৈছে হৰিভক্তি, যাক ইছলাম ধৰ্মত আল্লাৰ দোৱা বুলি কোৱা হৈছে। এই জগতৰ একমাত্ৰ গৰাকী হৈছে আল্লা৷ গতিকে তেওঁৰ কৰুণা লাভৰ কাৰণে ভক্তি কৰা একান্ত বাঞ্ছনীয়৷

প্রশ্ন ৮ : আজান ফকিৰৰ কবি পৰিচয় লিখা।

উত্তৰ : ইছলামধৰ্মী আধ্যাত্মিক গীত জিকিৰৰ ৰচয়িতা আজান ফকীৰ। তেওঁৰ প্ৰকৃত নাম শ্বাহ মিলান। তেওঁ সুদূৰ বাগদাদৰ পৰা আহি অসমত ইছলামৰ বাণী প্ৰচাৰৰ উদ্দেশ্যেই জিকিসমূহ ৰচনা কৰিছিল। অসমৰ পৰম্পৰাগত দেহ বিচাৰৰ গীত, টোকাৰী গীত আদিৰ সৈতে ইছলাম ধৰ্মীয় ৰীতি-নীতিৰ সমন্বয় সাধন কৰি আজান ফকীৰে এই গীতসমূহৰচনা কৰিছিল |

যদি আপুনি এই লেখাটো সহায়ক বুলি ভাবে তেন্তে অনুগ্ৰহ কৰি আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

1 thought on “জিকিৰ আজান ফকিৰ |Class 10 Assamese | Lesson 2”

Leave a Comment

error: Content is protected !!