Class 10 General Science Q&A | Chapter 1

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰন (Chemical Reaction and Equation):

১) এটা পৰীক্ষানলত লেড নাইট্রেট দ্ৰৰ লৈ তাত পটেছিয়াম আয়ডাইড দ্রব যোগ কৰা ।

(a) তুমি কি দেখিবা?

উত্তৰ: পৰীক্ষানলত এটা হালধীয়া বৰণৰ অধঃক্ষেপৰ সৃষ্টি হোৱা দেখা যাব। এই অধঃক্ষেপ লেড

আয়ডাইডৰ। ইয়াৰ উপৰিও এই বিক্রিয়াত দ্রবীভূত অৱস্থাত পটেছিয়াম নাইট্রেট উৎপন্ন হ’ব।

(b) বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখা।

উত্তৰ: Pb (NO3)2+2KI→ PbI2 + 2KNO3
(অধঃক্ষেপ)
(c) বিক্ৰিয়াৰ প্ৰকাৰ কি ?


উত্তৰ: বিক্ৰিয়াৰ প্ৰকাৰ: দ্বিঅপসাৰণ ৷
২) এটা পৰীক্ষানলত যিংকৰ কেইটামান দানা লৈ তাত লঘু ছালফিউৰিক এচিড যোগ কৰা।
(a) তুমি কি দেখিবা ?

উত্তৰ : পৰীক্ষানলত বুৰবুৰণিৰ সৃষ্টি হ’ব। এই বুৰবুৰণি উৎপন্ন হোৱা হাইড্ৰ’জেন গেছৰ ৷ ইয়াৰ উপৰি এই

বিক্ৰিয়াত যিংক ছালফেট লৱণ উৎপন্ন হয়।

(b) বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখা ।

উত্তৰ : Zn + H2SO4 → ZnSO4 + H2

(c) পৰীক্ষানলৰ উষ্ণতাৰ কিবা পৰিৱৰ্তন হ’বনে?

উত্তৰ : (c) পৰীক্ষানলৰ উষ্ণতা বৃদ্ধি হ’ব ।
৩)এটা বিকাৰত অলপমান কেলছিয়াম অক্সাইড লৈ তাত লাহে লাহে পানী যোগ কৰা ।

(a) উষ্ণতাৰ কেনেদৰে পৰিৱৰ্তন ঘটিব ?

উত্তৰ : (a) উষ্ণতাৰ বৃদ্ধি ঘটিব।

(b) ওপৰৰ কথাখিনিৰ এটা সন্তুলিত সমীকৰণ লিখা । [HSLC 2017]

উত্তৰ : CaO+H2O → Ca(OH)2 + তাপ
৪)এটা শুষ্ক উতলন নলীত 2g ফেৰাছ ছালফেটৰ স্ফটিক লোৱা। এটা বাৰ্নাৰৰ শিখাৰ ওপৰত নলীটো

তপত কৰা ।

(a) তপতোৱাৰ পিছত স্ফটিকবোৰৰ বৰণ কেনেদৰে সলনি হ’ব?

উত্তৰ : সেউজীয়া বৰণৰ ফেৰাছ ছালফেট স্ফটিকবোৰে পানীৰ অণু হেৰুৱাই বগা বৰণৰ অনাৰ্দ্ৰ ফেৰাছ

ছালফেটলৈ পৰিৱৰ্তিত হ’ব। পিছত অনাৰ্দ্ৰ ফেৰাছ ছালফেট বিযোজন ঘটি মুগা ৰঙৰ ফেৰিক অক্সাইড, ছালফাৰ

ডাই-অক্সাইড আৰু ছালফাৰ ট্ৰাইঅক্সাইড গেছ উৎপন্ন হ’ব।

(b) বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখা ।

উত্তৰ :
2FeSO4 তাপ→Fe2O3 + SO2 + SO3
(বগা) (মুগা )
(c) বিক্ৰিয়াৰ প্ৰকাৰ উল্লেখ কৰা ।

উত্তৰ : বিযোজন বিক্রিয়া।
৫) 2g লেড নাইট্রেট পাউদাৰ এটা উতলন নলীত লৈ এটা শিখাৰ ওপৰত গৰম কৰা ।

(a) তুমি কি দেখিবা?

উত্তৰ : উতলন নলীত মুগা বৰণৰ ধোঁৱা উদ্ভৱ হোৱা দেখা যাব। এই ধোঁৱা নাইট্ৰ’জেন ডাই অক্সাইডৰ ।

(b) বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখা।

উত্তৰ : 2Pb (NO3)2 তাপ→ 2PbO + 4NO2 + O2
৬) এখন চীনামাটিৰ থালত 2g ছিলভাৰ ক্ল’ৰাইড লোৱা আৰু ইয়াক সূৰ্যৰ পোহৰত ৰাখা ।

(a) ছিলভাৰ ক্ল’ৰাইডৰ ৰং কি হ’ব ?

উত্তৰ : বগা ছিলভাৰ ক্ল’ৰাইড সূৰ্যৰ পোহৰত মটীয়া বৰণৰ হ’ব।

(b) কি প্ৰকাৰৰ বিক্রিয়া সংঘটিত হ’ব?

উত্তৰ : বিযোজন ।

(c) ওপৰৰ পৰ্যবেক্ষণৰ ৰাসায়নিক বিক্ৰিয়াটো লিখা। [HSLC 2015]

উত্তৰ : 2AgCl সূৰ্যৰ পোহৰ→ 2Ag + Cl2
৭) কপাৰ ছালফেটৰ দ্রৱত আইৰণৰ গজাল ডুবালে আইৰণৰ গজালটো কিয় মুগা বৰণৰ হয় আৰু

কপাৰ ছালফেটৰ দ্ৰৱৰ নীলা বৰণ কিয় নাইকিয়া হয় ?

উত্তৰ : কপাৰ ছালফেটৰ দ্রৱত আইৰণৰ গজাল ডুৱালে আইৰণে কপাৰ ছালফেট লগত অপসাৰণ বিক্রিয়া

সংঘটিত কৰে। কপাৰতকৈ আইৰণ অধিক সক্ৰিয় হোৱা বাবে ই কপাৰ ছালফেটৰ পৰা কপাৰক অপসাৰিত কৰি

ফেৰাছ ছালফেট উৎপন্ন কৰে। সেয়েহে কপাৰ ছালফেটৰ নীলা বৰণ লাহে লাহে নাইকিয়া হয়। আনহাতে

অপসাৰিত হোৱা কপাৰ আইৰণৰ গজালত অৱক্ষেপিত হোৱাৰ ফলত গজালটো মুগা বৰণৰ হয়। এই পৰিঘটনাৰ

লগত জড়িত বিক্ৰিয়াটো হ’ল—
Fe + CuSO4→ FeSO4 + Cu
৮) এটা পৰীক্ষানলত 3mL, মান ছ’ডিয়াম ছালফেটৰ দ্রৱ লোৱা। আন এটা পৰীক্ষানলত 3ml, মান

বেৰিয়াম ক্ল’ৰাইডৰ দ্ৰৰ লোৱা। দুয়োটা জৰ মিহলোৱা আৰুতলত দিয়াবোৰৰ উত্তৰ লিখা ।

(a) ওপৰৰ পৰীক্ষাটোৰ পৰ্যবেক্ষণ লিখা ।

উত্তৰ : এটা বগা অধঃক্ষেপ উৎপন্ন হোৱা দেখা যাব ।

(b) ওপৰৰ পৰ্যবেক্ষণটোৰ ৰাসায়নিক সমীকৰণ লিখা আৰু বিক্ৰিয়াটোৰ প্ৰকাৰ

উল্লেখ কৰা । [HSLC 2019, 2022]

উত্তৰ : Na2SO4 + BaCl2 → BaSO4 + 2NaCl
(বগা অধঃক্ষেপ)

বিক্ৰিয়াৰ প্ৰকাৰ : দ্বিঅপসাৰণ বিক্রিয়া
৯) চীনামাটিৰ থাল এখনত 1g ক’পাৰ পাউদাৰ লৈ গৰম কৰা।

(a) কপাৰ পাউদাৰৰ বৰণ কেনে হ’ব?

উত্তৰ : ক’লা
(b) ওপৰৰ পৰ্যবেক্ষণটোৰ এটা সন্তুলিত সমীকৰণ লিখা।

উত্তৰ : 2Cu + O2 তাপ→ 2CuO
১০) ক্ষয়ীভৱন কাক বোলে ? ক্ষয়ীভৱনৰ উদাহৰণ দিয়া। [HSLC 2016]

উত্তৰ : যেতিয়া ধাতু এটা ইয়াৰ চৌপাশৰ বিভিন্ন পদার্থ যেনে এচিড, জলীয় বাষ্প . আদিৰ দ্বাৰা আক্ৰান্ত হয়,

তেতিয়া ইয়াৰ ক্ষয় ঘটে। এই প্ৰক্ৰিয়াক ক্ষয়ীভৱন বোলে।

ক্ষয়ীভৱনৰ কেইটামান উদাহৰণ হ’ল—

(i) লোৰ সামগ্ৰীত মামৰে ধৰা ৷

(ii) ছিলভাৰৰ সামগ্ৰীত ক’লা বৰণৰ চামনি পৰা ৷

(iii) কপাৰৰ সামগ্ৰীত সেউজীয়া বৰণৰ চামনি পৰা ৷
১১) ৰেণচিডিটি কি? ইয়াক কেনেদৰে ৰোধ কৰিব পাৰি?

উত্তৰ : যেতিয়া চৰী আৰু তেল জাৰিত হয়, তেতিয়া ইহঁতৰ গোন্ধ আৰু সোৱাদ সলনি হয়। ইয়াক ৰেণচিডিটি

বোলে।

ৰেণচিডিটি ৰোধ কৰাৰ উপায়—

(i) তেল আৰু চৰ্বীযুক্ত খাদ্য নাইট্ৰ’জেনৰ দৰে প্ৰতিজাৰক পদাৰ্থৰ উপস্থিতিত সঞ্চয় কৰা উচিত ।

(ii) তেল আৰু চৰ্বীযুক্ত খাদ্য বায়ুৰুদ্ধ পাত্ৰত সঞ্চয় কৰিব লাগে।
১২)  চূণশিল উত্তপ্ত কৰিলে কি পোৱা যায় ? বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখা আৰু বিক্ৰিয়াৰ প্ৰকাৰ

উল্লেখ কৰা।

উত্তৰ : চূণশিল উত্তপ্ত কৰিলে পোৰা চূণ আৰু কাৰ্বন-ডাইঅক্সাইড পোরা যায়।

CaCO3 তাপ → CaO + CO2

বিক্ৰিয়াৰ প্ৰকাৰ : তাপীয় বিযোজন।
১৩) তলৰ বিক্ৰিয়াটো এটা ৰেডক্স বিক্ৰিয়া বুলি দেখুওৱা।

H2S+CI2 → S + 2HCI

উত্তৰঃ এইটো এটা ৰেডক্স বিক্রিয়া । কাৰণ ইয়াত H2S য়ে হাইড্ৰ’জেন হেৰুৱাই লৈ S পৰিণত হৈছে। অর্থাৎ H2S

জাৰিত হৈছে। আনহাতে CI2 য়ে হাইড্ৰ’জেন লাভ কৰি HCl উৎপন্ন কৰিছে।অর্থাৎ CI2 বিজাৰিত হৈছে। গতিকে

দেখা গ’ল যে এই বিক্ৰিয়াত এটা পদার্থ জাতি হওঁতে আনটো পদার্থ একে সময়তে বিজাৰিত হৈছে। গতিকে এই

বিক্ৰিয়াটো এটা জাৰণ-বিজাৰণ বা ৰেডক্স বিক্রিয়া।

১৪) তলৰ বিক্ৰিয়াটোৰ পৰা

(i) জাৰিত পদার্থ

(ii) বিজাৰিত পদার্থ

(iii) জাৰক পদাৰ্থ আৰু

(iv) বিজাৰক পদাৰ্থবোৰ চিনাক্ত কৰা ।

(a) 2H2S + SO2→ 3S+2H2O

উত্তৰ:
জাতি পদাৰ্থ – H2S,

বিজাৰিত পদার্থ – SO2,

বিজাৰক পদার্থ— H2S,

জাৰক পদার্থ—SO2,

(b) MnO2 +4HCI → MnCl2 + 2H2O + Cl2

উত্তৰ: জাৰিত পদার্থ – HCI,

জাৰক পদার্থ—MnO2,

বিজাৰক পদার্থ— HCl,

বিজাৰিত পদার্থ — PbO,

(c) 2PbO + C → 2Pb + CO2

উত্তৰ: জাৰিত পদার্থ – C,

জাৰক পদার্থ—PbO,

বিজাতি পদাৰ্থ — MnO,

বিজাৰক পদার্থ— C
১৫) জাৰক পদাৰ্থ আৰু বিজাৰক পদাৰ্থ কি উদাহৰণৰ সৈতে ব্যাখ্যা কৰা।

উত্তৰ: ৰেডক্স বিক্ৰিয়া এটাত যিটো পদার্থই আন এটা পদাৰ্থক অক্সিজেন দান কৰে বা পদাৰ্থটোৰ পৰা

হাইড্ৰ’জেন অপসাৰিত কৰে আৰু এনেদৰে পদাৰ্থটোক জাৰিত হোৱাত সহায় কৰে, তাক জাৰক পদাৰ্থ বোলে।

আনহাতে, ৰেডক্স বিক্ৰিয়া এটাত যিটো পদাৰ্থই আন এটা পদাৰ্থক হাইড্ৰ’জেন দান কৰে বা পদাৰ্থটোৰ

পৰা অক্সিজেন অপসাৰিত কৰে আৰু এনেদৰে পদাৰ্থটোক বিজাতি হোৱাত সহায় কৰে, তাক বিজাৰক পদার্থ

বোলে। উদাহৰণস্বৰূপে, তলৰ ৰেডক্স বিক্ৰিয়াটোত ZnO ক বিজাৰিত হোৱাত C য়ে সহায় কৰিছে, সেয়েহে C

বিজাৰক পদাৰ্থ আৰু C জাৰিত হোৱাত ZnO য়ে সহায় কৰিছে, সেয়ে ZnO জাৰক পদাৰ্থ ।

ZnO + C → Zn + CO
জাৰক পদাৰ্থ বিজাৰক পদাৰ্থ
উল্লেখনীয় যে ৰেডক্স বিক্ৰিয়া এটাত সদায় জাৰক পদাৰ্থটো নিজে বিজাৰিত হয় আৰু বিজাৰক পদাৰ্থটো

নিজে জাৰিত হয় ৷
১৬)এটা ৰাসায়নিক বিক্ৰিয়াৰ কেইটামান উল্লেখযোগ্য বৈশিষ্ট্য লিখা ।

উত্তৰ : (i) অৱস্থাৰ পৰিৱৰ্তন,

(ii) ৰঙৰ পৰিৱৰ্তন,

(iii) গেছৰ উৎপত্তি,

(iv) উষ্ণতাৰ পৰিৱৰ্তন।
১৭)  ৰাসায়নিক সমীকৰণ এটাক কেনেদৰে বেছি তথ্যসমৃদ্ধ কৰিব পাৰি বুজাই লিখা ।

উত্তৰ : (i) বিক্ৰিয়াত অংশগ্ৰহণ কৰা বিভিন্ন পদাৰ্থৰ ভৌতিক অৱস্থাবোৰৰ উল্লেখ কৰি। ইয়াৰ বাবে বিভিন্ন

অৱস্থা-চিহ্ন যেনে— গোটাৰ বাবে s, জুলীয়াৰ বাবে ।, গেছীয়ৰ বাবে g আৰু জলীয় দ্রৱণৰ বাবে aq (aqueous)

ব্যৱহাৰ কৰা হয়।

(ii) বিক্ৰিয়াত তাপশক্তিৰ উদ্ভৱ হোৱা বা শোষণ হোৱাটো উল্লেখ কৰি । যাৰ দ্বাৰা বিক্ৰিয়াটো তাপবর্জী নে

তাপগ্রাহী তাক জানিব পাৰি ।

(iii) বিক্রিয়া সংঘটিত হ’বলৈ প্ৰয়োজনীয় বিভিন্ন চৰ্ত যেনে পোহৰৰ উপস্থিতি, অনুঘটকৰ উপস্থিতি, নিৰ্দিষ্ট উষ্ণতা

আদিৰ বিষয়ে উল্লেখ কৰি ।

(iv) বিক্ৰিয়াত উদ্ভৱ হোৱা কোনো গেছৰ চিহ্নৰ কাষত ওপৰমুৱা হৈ থকা এডাল কাঁড় চিনেৰে (1) তাক গেছ

বুলিও দেখুওৱা হয় ।

(v) বিক্রিয়াত অধঃক্ষেপ উৎপন্ন হ’লে সাধাৰণতে তাৰ সংকেতৰ কাষত এডাল তলমুৱা হৈ থকা কাঁড় চিনেৰে (4)

তাক অধঃক্ষেপ বুলি দেখুওৱা হয়।
১৮)  প্রাকৃতিক গেছৰ দহনৰ ফলত কি উৎপন্ন হয়? জড়িত বিক্ৰিয়াৰ সন্তুলিত ৰাসায়নিক সমীকৰণ

লিখা । এই বিক্ৰিয়াৰ প্ৰকাৰ কি ?

উত্তৰ : প্ৰাকৃতিক গেছৰ দহনৰ ফলত কাৰ্বন-ডাইক্সাইড, পানী (বাষ্প) আৰু প্ৰচুৰ পৰিমাণে তাপ আৰু পোহৰ

শক্তি উৎপন্ন হয় ।
CH4 +202 → CO2 + 2H2O + তাপ আৰু পোহৰ

বিক্ৰিয়াৰ প্ৰকাৰ: তাপবর্জী।

IMPORTANT

১)  বায়ুত দহন কৰাৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল’ৰ লাগে কিয় ? [HSLC 2019]

উত্তৰ : সাধাৰণ উষ্ণতাত মেগনেছিয়ামে বায়ুৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইডৰ এখন

পাতল আৱৰণীৰ সৃষ্টি কৰে। অক্সাইডৰ এই প্ৰতিৰোধী আৱৰণীখনে মেগনেছিয়ামক পুনৰাই বায়ুত জাৰিত হোৱাৰ

পৰা ৰক্ষা কৰে। সেয়েহে বায়ুত দহন কৰাৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল’ব লাগে ।
২) তলৰ বিক্ৰিয়াবোৰৰ সমতুলিত সমীকৰণ লিখা ।

(i) হাইড্ৰ’জেন + ক্ল’ৰিণ → হাইড্ৰ’জেন ক্ল’ৰাইড [HSLC 2022]

উত্তৰ : H2 + Cl2 → 2HCI

(ii) বেৰিয়াম ক্ল’ৰাইড + এলুমিনিয়াম ছালফেট → বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল’ৰাইড।

উত্তৰ : 3BaCI2 + Al2(SO4)3→ 3BaSO4 + 2AICI3

(iii) ছ’ডিয়াম + পানী → ছ’ডিয়াম হাইড্ৰ’ক্সাইড + হাইড্ৰ’জেন।

উত্তৰ : 2Na+ 2H2O → 2NaOH + H2
৩) তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্নসহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা ৷ [HSLC 2017]

(i) বেৰিয়াম ক্ল’ৰাইড আৰু ছ’ডিয়াম ছালফেটৰ জলীয় দ্রবই বিক্ৰিয়া কৰি অদ্রাব্য বেৰিয়াম ছালফেট

আৰু ছ’ডিয়াম ক্ল’ৰাইডৰ দ্রৱ প্ৰস্তুত কৰে।

উত্তৰ : BaCl2 (aq) + Na2SO4 (aq). → BaSO4 (s) + 2NaCl (aq)

(ii) ছ’ডিয়াম হাইড্রক্সাইডৰ দ্ৰৱ (পানীত) হাইড্ৰ’ক্লৰিক এচিডৰ দ্ৰৱ (পানীত) ৰে সৈতে বিক্ৰিয়া কৰি

ছ’ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে।

উত্তৰ : NaOH(aq) + HCl(aq) → NaCl (aq) + H2O(l)
৪) এটা পদাৰ্থ X ৰ দ্রৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়।

(i) পদাৰ্থ ‘X’ অৰ নাম লিখা আৰু সংকেত লিখা ।

উত্তৰ : কেলছিয়াম অক্সাইড, CaO

(ii) পনীৰ সৈতে পদাৰ্থ ‘X’এ কৰা ৰাসায়নিক বিক্ৰিয়াটো লিখা। [HSLC. 20]
উত্তৰ : CaO + H2O → Ca(OH)2
৫) তলৰ বিক্রিয়াকেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উলিওৱা। [HSLC 2017, 2020]

(i) 4Na (s) + O2(g) → 2Na2O (s)

উত্তৰ: জাৰিত পদার্থ – Na বিজাৰিত পদার্থ – 02

(ii) CuO(s) + H2(g) → Cu(s) + H2O(l).

উত্তৰ: (ii) জাৰিত পদাৰ্থ — H বিজাৰিত পদার্থ – CuO

Leave a Comment

error: Content is protected !!