খণ্ডবাক্য | জতুৱা ঠাঁচ(Jatuwa Thas) | বাক্য ৰচনা- Assamese Grammar: বাক্য গঠন ভাষাৰ এক অতি মৌলিক আৰু গুৰুত্বপূৰ্ণ অংশ। যেতিয়া আমাৰ মনোযোগ ভাষা নিৰ্মাণৰ ওপৰত থাকে, তেতিয়া আমাৰ শব্দবোৰ বাক্যত বিশ্লেষণ কৰা হয়। খণ্ডিত বাক্য বা খণ্ডিত বাক্য হ’ল এনে এটা চুটি বাক্য য’ত গোটেই ভাষাটোৰ বিষয়বস্তু নাথাকে, বৰঞ্চ ইয়াক অতি কম বিষয়বস্তুৰ প্ৰচেষ্টাৰে প্ৰতিনিধিত্ব কৰা হয়।
অনুচ্ছেদবোৰ সহজে বুজিব পাৰি আৰু বিষয়বস্তুৰ মূল মূল্যবোধৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰি। প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিকলৈকে সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে বাক্য খণ্ড শিকিব পৰাটো অতি গুৰুত্বপূৰ্ণ বিষয়।
এই পোষ্টটোত মই আপোনলোকলাই খাণ্ডবাক্য বা জাতুৱা থাচৰ বিষয়ে ক’ম আৰু ইয়াত কিছুমান উদাহৰণ দিয়া হ’ব যিবোৰ সহজ আৰু সহজ ভাষাৰ বাবে প্ৰয়োজনীয় হ’ব। এতিয়া মই আপোনালোকক ক’ব পাৰো যে বাক্য গঠন বা বাক্য গঠনৰ সন্দৰ্ভত সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে পদটো গুৰুত্বপূৰ্ণ হ’ব।
জতুৱা ঠাঁচ কাক বোলে?
মনৰ ভাৱ প্ৰকাশ কৰিবলৈ, প্রত্যেক ভাষাৰে একোটা সুকীয়া ধৰণ আছে। ভাষাৰ সেই ধৰণ নিশিকিলে, সেই ভাষা শিকা নহয়। ভাষাৰ এই ধৰণটোকে জতুৱা ঠাঁচ বোলে ।
অসমীয়া ভাষাৰ জতুৱা ঠাচত কি কি সংজ্ঞ৷ শব্দৰ লগত কি কি ক্রিয়া ব্যৱহৃত হয়, তলত তাৰ কিছুমান উদাহৰণ দিয়া হ’ল। ভিন ভিন সংজ্ঞ৷ শব্দৰ লগত জতুৱা ঠাচৰ ক্ৰিয়া।
জাৰ পলায় বা গুচে, পানী উতলায়, গাখীৰ পগায়, জহ গুচে, ভোক, পিয়াহ গুচে বা পলায়, ধান কাটে বা দায় ঘুমতি মাৰে হুমুনিয়াহ কাঢ়ে বা পেলায়, | হাঁহি মাৰে, চুৰ কৰে, চাকি লগায়, ধিকাৰ ছাৰে বা লাগে, মাত মাতে, মেঘ দিয়ে, কথা কয়, বজাৰ কৰে, দোকান দিয়ে, বৰষুণ আনে, | মাগন মাগে, খং কৰে বা উঠে, আঠু কাঢ়ে বা লয়, ভোজপাতে বা দিয়ে, ধেন দিয়ে, লৰা ওপজে বা পায়, ব্যাধি, পানী জাৰে, সান্দহ খুন্দে, সৈলয় বা কাঢ়ে, | দন্ধ কৰে বা ভাগে, ভয় কৰে বা লাগে, লাজ ভাগে বা গুচে পোৱালি জগে ছানা ফুকায়, গুণ কৰে, ছল কৰে, আসৈ মাতে ফুল ফুলে |
ডকা দিয়ে, সখি বান্ধে, দাবি হুকি দিয়ে বা খায় ফুল, তুলসী তোলে, ফল পাৰে মন মেলে বা যায়, থিয় দিয়ে বা হয়, | কাপোৰ বয়, পিচ হুহুকে, কঠিয়া পাৰে বা সিঁচে, আঞ্জ৷ কাঢ়ে, উষোৱা ধান কাঢ়ে, ঘৰ মছে, চুমা খায়, চাউল চৰে, | নাম লয়, গালি পাৰে বা খায়, গুটি ধৰে, ফল ধৰে, গুটি ছিঙে, কৰ ধৰে, গাই দুৱে বা খীৰায়, চাউল চালে, | গুৰ৷ খুন্দে হুলে, কটাই বিন্ধে, ৰাতি পুৱায়, ভাত বাঢ়ে, তামোল, নাৰিকল দবিয়ায় ধান বানে ধান জাৰে |
খণ্ডবাক্য কাক বোলে?
বাক্যৰ এক এক ভাগক খণ্ডবাক্য বা বাক্যাংশ বোলে ৷ একোটা বাক্যত কেবাটাও খণ্ডবাক্য থাকিব পাৰে। ভিন ভিন খণ্ডবাক্যৰ ভিন ভিন অর্থ। সেই এটাইবোৰ অৰ্থ গোট খাই পূর্ণ বাক্যটোৰ অৰ্থ হয়।
খণ্ডবাক্য ছবিধ—সাধাৰণ খণ্ডবাক্য আৰু জতুৱা খণ্ডবাক্য ।।
(১) মই মৰিলে, তহঁতৰ অৱস্থা কি হব।
(২) মই চকু মুদিলে, তহঁতৰ অৱস্থা কি হব।
(১) বাক্যত ‘মই মৰিলে’ আৰু ‘তহঁতৰ অৱস্থা কি হব
এই দুটা খণ্ডবাক্য আছে। এই খণ্ডবাক্য দুটাত যিবোৰ শব্দ ব্যৱহৃত হৈছে ; ইয়াত সিহঁতৰ সাধাৰণ চলিত অর্থ আছে। এই কাৰণে ইহঁত সাধাৰণ খণ্ডবাক্য ।
আকৌ (২) বাক্যতো ‘মই চকু মুদিলে’ আৰু ‘তহঁতৰ অৱস্থা কি হব’ এই দুটা খণ্ডবাক্য আছে। এই খণ্ডবাক্য দুটাত যিবোৰ শব্দ ব্যবহৃত হৈছে ; তাৰ ভিতৰত ‘মই চকু মুদিলে’ কথা শাৰীৰ সাধাৰণ চলিত অর্থ ‘মই চকু জপালে।
কিন্তু, সেই অর্থ ইয়াত প্ৰকাশ পোৱ৷ নাই । ইয়াত ‘মই চকু মুদিলে’ কথা শাৰীৰ অৰ্থ—‘মই মৰিলে’ এইটে৷ ‘মই চকু মুদিলে’ কথাৰ সাধাৰণ চলিত অৰ্থ নহয়। এই কাৰণে ‘মই চকু মুদিলে’ এইটো বিশেষ বা জতুৱা খণ্ডবাক্য ৷
এতেকে, যি খণ্ডবাক্যৰ পদবোৰে, সিহঁতৰ সাধাৰণ চলিত অর্থ প্রকাশ কৰে, তাকে সাধাৰণ খণ্ডবাক্য বোলে।
যি খণ্ডবাক্যৰ পদবোৰে, সিহঁতৰ সাধাৰণ চলিত অৰ্থ প্রকাশ নকৰি অইন অর্থ প্রকাশ কৰে, তাক জতুৱা খণ্ডবাক্য বোলে।
জতুৱা ঠাঁচ বাক্য ৰচনা
কিছুমান জতুৱা ঠাঁচৰদ্বাৰা বাক্য ৰচনা
১ | আই ধৰ বাই ধৰ (নিৰুপায় হোৱা অৱস্থা)—বিপদত পৰিলে আই ধৰ বাই ধৰ নকৰি ধৈর্য ধৰা উচিত৷
২। আউলী-বাউলী (বলিয়াৰ নিচিনা হোৱা)- পুতেকৰ শোকত মাকজনী আউলী-বাউলী হৈছিল।
৩। আঁজোৰ-পিঁজোৰ (টনা-আঁজোৰা)—সিহঁতৰ আঁজোৰ-পিঁজোৰত মূৰকত কাপোৰখনহে ফাটিল গৈ।
৪। আটোম টোকাৰি (পৰিপাটি)—সিহঁতে ঘৰখন বৰ আটোম টোকাৰিকৈ ৰাখিছে।
৫। আঁৰ-বেৰ (আবুৰ)—অসমীয়া তিৰোতাই আঁৰ-বেৰৰ মাজত থাকি ভাল পায় ।
৬৷ আকালৰ ভাত (মহা বিপদৰ সময়ত পোৱা সহায়)—আকালৰ ভাত দিওঁতাজনেই প্রকৃত বন্ধু।
৭। আদব-কায়দা (কৌশল)—হাবিত হাতী ধৰাৰ কিছুমান বিশেষ আদব-কায়দা আছে।
৮| আৰণি পুৰণি (অতি-প্ৰাচীন)—যাদুঘৰত আৰণি পুৰণি বস্তুবোৰ সমতলে ৰখা হয়।
৯।আলিমূলি (আউল লগা)—আলিমূলি লগা তাঁতখন ববলৈ টান।
১০। আলৈ-বিলৈ (দুখ-দুৰ্গতি)—মাউৰা ল’ৰা-ছোৱালীৰ আলৈ-বিলৈ হয়।
১১। আথে-বেথে (অতি আদৰ কৰি)—পাহাৰীয়া মানুহে ভৈয়ামৰ মানুহ পালে বৰ আথে-বেথে আদৰে।
১২। উগুল-থুগুল (অস্থিৰ)—পৰীক্ষাৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ মন বৰ উগুল-থুগুল লাগে।
১৩। উচ-পিচনি (উচ-পিচ কৰা কাৰ্য)—মেলত ভালেমান পলম হোৱাত ঘৰলৈ যাবলৈ তেওঁৰ উচ-পিচনি লাগিল।
১৪। উটি-বুৰি ফুৰ (থান-থিত নোহোৱা)—মাউৰত মাক-বাপেক ঢুকালত ল’ৰা ছোৱালী হালে উটি বুৰি ফুৰিব ধৰিলে।
১৫। উহোৱা-জৱৰা (শুদা পানীত সিজোৱা শাক-পাচলি)—পেট-বেমাৰী মানুহে উহোৱা জৱৰা খোৱা ভাল।
১৬। কলা ঘুমটি (চিলমিলীয়া টোপনি)—কলা-ঘুমটিত থকা মানুহে চোৰ অহা গম পায়
১৭। কলপ-জলপকৈ (বৰ কষ্টেৰে)—দুখীয়া মানুহে কলপ-জলপকৈ দিন নিয়াৰ লগ হয়।
১৮। কাণে-কাণ মাৰি (টনাটনি)—শিক্ষান্ত পৰীক্ষাবোৰত কাণে কাণ মাৰি উত্তীর্ণ হতে ওপৰ মহলাত ভৰ্তি হোৱা মস্কিল।
১৯। কান-সমনীয়া (সমান ওখ)—কান-সমনীয়া বৰপোৰ মৃত্যুত মানুহজন বলিয়া যেন হ’ল।
২০। কাণসাৰ দে (মনোযোগ দে)—সজ কথাৰ প্ৰতি সকলোৱে কাণসাৰ দিয়া উচিত
২১। খোলা-খুলি (স্পষ্ট)—খোলা-খুলিকৈ কথা কোৱা মানুহক সকলোৱে ভাল পায়।
২২। গঢ়ে-পিটে (আকাৰে-প্ৰকাৰে)—তেওঁ গঢ়ে-পিটে নেহৰুৰ দৰে।
২৩। গা ঘেলা (কাম-বন নকৰি ধুন মাৰি ফুৰা)—–গা ঘেলাই ফুৰা মানুহে উন্নতি কৰিব নোৱাৰে।
২৪। গাই-বাই চা (কোনো কাম কৰিবলৈ যত্ন কৰা)—ল’ৰাটোৰ স্বভাৱ ভাল কৰিবলৈ বাপেকে তাক গাই-বাই চালে, কিন্তু কোনো ফল নধৰিলে ।
২৫৷ গছত তুলি গুৰি কটা (আগেয়ে উৎসাহ দি পিছত ঠগোৱা)—কাকো গছত তুলি গুৰি কটা উচিত নহয় ৷
২৬।চুকৰ ভেঁকুলী (আও-ভাও নোপোৱা মানুহ)—আজিৰ যুগৰ গাঁৱলীয়া মানুহ চুকৰ ভেঁকুলী হৈ থকা নাই।
২৭। ঘুপঘুপীয়া (একোকে নেদেখা)—ৰান্ধনি-ঘৰবোৰ ঘুপঘুপীয়া আন্ধাৰ হ’ব নালাগে।
২৮। ঘোপা চকুৱা (দকৈ বহা চকু)—ঘোপা চকুৱা মানুহ দেখিবলৈ বৰ অশুৱনি।
২৯। চকু মুদা কুলি (ফাকি দি খোৱা মানুহ)—চকু মুদা কুলিয়ে জীৱনত উন্নতি কৰিব নোৱাৰে।
৩০ । চৰাচৰ গুৰু (জগতৰ গুৰু)—ভগৱান চৰাচৰ গুৰু৷
৩১। চাব দি ধৰ (এনেয়ে দোষী সাব্যস্ত কৰ)—পুলিচে কেতিয়াবা মানুহক চাব দি ধৰি আচল চোৰক উলিয়াই লয়।
৩২। জল্জল্-পট্পট্ (স্পষ্ট)—অংকটোৰ উত্তৰ জজ-পট্পটকৈ ওলাই আছে।
৩৩ ৷ চুচুক-চামাক (আশংকা)—চোৰে পুলিচৰ ওচৰত সদায় চুচুক-চামাক কৰে।
৩৪। চুপতা-চুপতি (এজনে আনজনক ইতিকিং কৰা)—শ্ৰেণীত ছাত্ৰই চুপতা-চুপতি কৰিব নাপায়।
৩৫। ছেদেলি-ভেদেলি (ছেৰেলি-বেৰেলি)—শৰাইঘাটৰ যুদ্ধত মোগল সৈন্য ছেদেলি- ভেদেলি হৈছিল।
৩৬| জাত চাই কঠীয়া (বাপেক-মাক চাই ল’ৰা)—লাচিত বৰফুকন জাত চাই কঠীয়া আছিল।
৩৭। জাৰি-জোকাৰি: জাৰি-জোকাৰি (ভালদৰে চ জোকাৰি চাব লাগে।
৩৭। টুপাই বুৰ মাৰ (একেবাৰে মিছা কোৱা)—টুপাই বুৰ মৰা মানুহ সমাজত অপ্রিয় হয়।
৩৮।ডোম চোৰ (অঘাইতং চোৰ)—ডোম চোৰৰ ওপৰত পুলিচৰ সদায় চকু।
Conclusion:
এই পোষ্টটোত মই সহজ ভাষাত খাণ্ডৱক্য বা জতুৱা থাচন সংগ্ৰহৰ প্ৰাসংগিক উদাহৰণ দিছো। বাক্য বাক্য বাক্য তৈয়াৰ কৰাৰ সময়ত আমাৰ মনত থকা ভাষাৰ মূল অংশ। ছাত্ৰ-ছাত্ৰীসকলে এই চুটি উদাহৰণসমূহ ব্যৱহাৰ কৰি বাক্যৰ খণ্ডসমূহ পঢ়িব পাৰে |
আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।
আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।