Class 12 Chapter 1 Political Science short question Answer | শীতল যুদ্ধৰ যুগ

Politics is an important part of our lives and it affects us in many ways. It shapes the laws, policies and decisions that we make as a society. Understanding political science helps us to understand how politics works and why certain issues are so controversial.

This article provides answers to some of the short questions from Chapter 1 of Class 12 Political Science syllabus, which will help students gain insight into this fascinating subject.

The answers given here provide a comprehensive overview on various topics like power dynamics, constitutionalism, democracy etc., giving readers an understanding on how these concepts intertwine with each other.

অতি চমু উত্তৰৰ প্ৰশ্ন (১ নম্বৰৰ) | শীতল যুদ্ধৰ যুগ

১। শীতল যুদ্ধই কি বুজায় ?

উত্তৰ : কোনো ধৰনৰ অস্ত্ৰ প্ৰয়োগ নকৰাকৈ , যেতিয়া বিভিন্ন শক্তিগোষ্ঠীৰ মাজত অৰ্থনৈতিক ,সামৰিক বা কুটনৈতিক সহায় তথা সামৰিক হস্তক্ষেপ বা চুক্তি সম্পাদন আদিৰ দ্বাৰা মতভেদৰ সৃষ্টি হয় , সেই অৱস্থাকে শীতল যুদ্ধ বুলি কোৱা হয় । দ্বিতীয় বিশ্ৱযুদ্ধৰ পাছত আমেৰিকা আৰু চোভিয়েট নেতৃত্ৱাধীন দুই শক্তিগোষ্ঠীৰ মাজত শীতল যুদ্ধ চলিছিল ।

২। শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল ?

উত্তৰ :শীতল যুদ্ধ আৰম্ভ হৈছিল১৯৪৫ চনৰ পিছত, অর্থাৎ দ্বিতীয় বিশ্ৱযুদ্ধৰ পাছত আৰম্ভ হৈছিল

৩। NATO-ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰ :North Atlantic Treaty Organization [NATO]

৪। ৱাৰ্শ্ব চুক্তি কি?

উত্তৰ :চোভিয়েট ৰাছিয়াৰ নেতৃত্ৱত পোল্যান্ড ,পূৱ জাৰ্মানী ,হাংগেৰী আৰু চেকশ্লোভিয়াকে ধৰি ৮ খন ৰাষ্ট্ৰ লগ হৈ NATO- ক প্ৰত্য়াহ্বান জনাবলৈ যি সামৰিক চুক্তি সম্পাদন কৰা হয় সেয়ে হ’ল ৱাৰ্শ্ব চুক্তি।

৫। ৱাৰ্শ্ব চুক্তিৰ প্ৰধান কাৰ্য কি আছিল?

Answer: ৱাৰ্শ্ব চুক্তিৰ মুখ্য় উদ্দেশ্য় আছিল NATO শক্তি প্ৰতিৰোধ কৰা।

৬। বাক্যটো শুদ্ধকৈ কৰা
মার্কিন যুক্তৰাষ্ট্ৰ সমাজবাদী আদৰ্শৰ প্ৰতি দায়বদ্ধ আছিল।

Answer: মার্কিন যুক্তৰাষ্ট্ৰই পুঁজিবাদী আদৰ্শক অনুসৰণ কৰিছিল ।

৭। খালী ঠাই পূৰ কৰা? দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তি আছিল_________ ৰ আৰম্ভণি।

উত্তৰ :দ্বিতীয় বিশ্বযুদ্ধ অন্ত পৰাৰ লগে লগে শীতল যুদ্ধৰ আৰম্ভ হয়

৮। শীতল যুদ্ধৰ কালছোৱা উল্লেখ কৰা ।

উত্তৰ : ১৯৪৫ চনৰ পৰা ১৯৯১ চনলৈ।

৯। হয় নে নহয় লিখা ।
শীতল যুদ্ধ মার্কিন যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন আৰু তেওঁলোকৰ মিত্র বাহিনীৰ মাজৰ এক প্ৰতিযোগিতা ।

উত্তৰ : হয়।

১০। NIEO ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰ : New International Economic Order.

১১। CENTO বুলিলে কি বুজা ?

উত্তৰ: চেণ্টো হ’ল এছিয়াৰ এটা চুক্তি সংগঠন। ইয়াৰ সম্পূৰ্ণ নাম হ’ল Central Treaty Organisation.

১২। ‘ৰোধকৰণ’ বুলিলে কি বুজা

উত্তৰ : প্ৰতিহত কৰা বা নিৰুৎসাহিত কৰা ।

১৩। LOCS কি?

উত্তৰ : Line of Control

১৪। NAMৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰ : Non-Aligned Movement

১৫। কিউবাৰ সংকট কি আছিল ?

উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰই ছোভিয়েট ৰাছিয়াক কিউবালৈ পাৰমাণৱিক ক্ষেপণাস্ত্ৰ কঢ়িয়াই নিয়াত বাধা দিয়াৰ ফলস্বৰূপে যি মতানৈক্য সৃষ্টি হৈছিল তাকে কিউবা সংকট বোলে।

১৬। UNETAD কি?

উত্তৰ : United Nations Conference or Trade and Development

১৭। দুটা মহাশক্তিৰ নাম লিখা ।

উত্তৰ : দুই মহাশক্তি হ’ল পুঁজিবাদী ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সাম্যবাদী ৰাষ্ট্ৰ ছোভিয়েট ৰাছিয়া ।

১৮। NAM ৰ উদ্দেশ্য পৃথকীকৰণ নে?

উত্তৰ : NAM ৰ উদ্দেশ্য পৃথকীকৰণ নহয়। NAM ৰ উদ্দেশ্য হ’ল, স্বাধীন বৈদেশিক নীতি গ্ৰহণ কৰা আৰু শান্তিপূর্ণভাৱে সহাৱস্থান কৰা ৷

১৯| কোন বছৰত মার্কিন যুক্তৰাষ্ট্ৰই জাপানৰ মহানগৰ নাগাছাকি আৰু হিৰোছিমাত দুটা আণৱিক বোমা নিক্ষেপ কৰিছিল ?

উত্তৰ : ১৯৪৫ চনত ।

২০। LDCs কি?

উত্তৰ : LDCৰ সম্পূৰ্ণ ৰূপ হ’ল Least Developed Countries.

চমু উত্তৰৰ প্ৰশ্ন: (২ নম্বৰৰ)

১। দ্বিতীয় বিশ্বযুদ্ধৰ মিত্ৰ শক্তি আৰু বিৰোধী শক্তি বুলিলে কি বুজা ?

উত্তৰ: আমেৰিকা যুক্তৰাষ্ট্ৰ, ছোভিয়েট ৰাছিয়া, ইংলেণ্ড আৰু ফ্ৰান্স আছিল দ্বিতীয় বিশ্বযুদ্ধৰু মিত্র শক্তিগোষ্ঠী। আনহাতে, মেরা জার্মানী, ইটালী আৰু জাপান আছিল কেন্দ্ৰীয় শক্তি।

২। দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তি কিদৰে ঘটিছিল ?

উত্তৰ : ১৯৪৫ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ হিৰোচিমা আৰু নাগাচাকি নামৰ দুখন ঠাইত আণবিক বোমা নিক্ষেপ কৰাৰ পাছতে জাপানে আত্মসমৰ্পন কৰিবলৈ বাধ্য হয়। তাৰ লগে লগে দ্বিতীয় বিশ্বযুদ্ধৰো অন্ত পৰে।

৩। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত মূৰ দাঙি উঠা দুই মহাশক্তিৰ নাম লিখা?

উত্তৰ : দ্বিতীয় বিশ্বযুদ্ধৰ পিছত উত্থান হোৱা দুই মহাশক্তি হ’ল পুঁজিবাদী ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সাম্যবাদী ৰাই ছোভিয়েট ৰাছিয়া ৷

৪। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আণৱিক বোমা নিক্ষেপ কৰা ঠাই দুখনৰ নাম লিখা।

উত্তৰ : জাপানৰ হিৰোছিমা আৰু নাগাচাকি নামৰ দুখন চহৰত আণৱিক বোমা নিক্ষেপ কৰা হৈছিল।

৫। দুই মহাশক্তিক সৰু সৰু সহযোগীৰ প্ৰয়োজন কিয় হৈছিল ?

উত্তৰ : বৃহৎ শক্তিসম্পন্ন ৰাষ্ট্ৰবোৰক সৰু মিত্ৰ ৰাষ্ট্ৰসমূহৰ প্ৰয়োজন হোৱাৰ অন্যতম মূল কাৰণ হ’ল :
(ক) সৰু মিত্ৰ ৰাষ্ট্ৰসমূহৰ পৰা বৃহৎ শক্তিসম্পন্ন ৰাষ্ট্ৰসমূহে নিজৰ অস্ত্ৰ আৰু সৈন্য বাহিনীক ব্যৱহাৰ কৰিব পাৰে।
(খ) খাৰুৱা তেল আৰু খনিজ সম্পদত চহকী সৰু ৰাষ্ট্ৰবোৰে এই সম্পদবোৰেৰে বৃহৎ ৰাষ্ট্ৰক সহায় কৰিব পাৰে।

৬। পশ্চিমীয়া মিত্র শক্তি আৰু প্ৰাচ্যৰ মিত্ৰ শক্তি মানে কি?

উত্তৰ : পাশ্চাত্য ইউৰোপৰ সকলো ৰাষ্ট্ৰই আমেৰিকাৰ জোটত যোগদান কৰাৰ বাবে এই ৰাষ্ট্ৰবোৰক পশ্চিমীয়া জেটি আৰু প্ৰাচ্য ইউৰোপৰ ৰাষ্ট্ৰসমূহক প্রাচ্য জোঁট ৰাষ্ট্ৰ বোলে।

৭। দুই মহাশক্তিৰ দ্বাৰা স্বাক্ষৰিত অস্ত্ৰ নিয়ন্ত্ৰণৰ চুক্তি দুখনৰ নাম লিখা ।

উত্তৰ :
(ক) পৰিকল্পিত অস্ত্ৰ সংবৰণ চুক্তি অথবা সীমিতভাৱে আণৱিক অস্ত্ৰৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি (Limited Test Ban Treaty)। এই চুক্তিখন ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি মিখাইল গর্বাচেভ আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জর্জ বুশ্ব (জ্যেষ্ঠ)ৰ মাজত সম্পাদিত হৈছিল।

(খ) পৰিকল্পিত অস্ত্ৰ সংবৰণ চুক্তি অথবা আণৱিক অস্ত্ৰৰ সম্প্ৰসাৰণ ৰোধকাৰী চুক্তি (Nuclear Non-Proliferation Treaty)। এই চুক্তিখন ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি বৰিছ ইয়েল্টছিন আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জর্জ বু (জ্যেষ্ঠ)ৰ মাজত সম্পাদিত হৈছিল।

৮। প্ৰথমখন গোষ্ঠী নিৰপেক্ষ শীর্ষ সম্মিলন ক’ত অনুষ্ঠিত হৈছিল ?

উত্তৰ : প্ৰথম গোষ্ঠী নিৰপেক্ষ সম্মিলন বেলগ্রেডত ১৯৬১ চনৰ ১ৰ পৰা ৬ ছেপ্টেম্বৰলৈকে অনুষ্ঠিত হৈছিল।

৯। NATO ৰাষ্ট্ৰসমূহৰ ঘোষণা-পত্ৰ কি ?

উত্তৰ : নাটোৰ সদস্য ৰাষ্ট্ৰসমূহে এইদৰে অংগীকারবদ্ধ হৈছিল যে তেওঁলোকৰ কোনো সদস্যক আন ৰাষ্ট্ৰ বা ৰাষ্ট্ৰগোষ্ঠীয়ে আক্ৰমণ কৰিলে তেওঁলোকে সামুহিকভাৱে পাৰস্পৰিক প্ৰতিৰক্ষা আগবঢ়াব।

১০। NIEO মাথো এটা ধাৰণাই আছিলনে, যি কেতিয়াও শৃংখলা নহয় ?

উত্তৰ : নব্য অর্থনৈতিক শৃংখলা এটা মাত্ৰ ধাৰণাই নহয়, ই এক বাস্তৱ শৃংখলা।

Leave a Comment

error: Content is protected !!