Class 9 Assamese Chapter-1|শিশুলীলা | Question Answer: শ্রীমন্তশংকৰদেৱ [১৪৪৯-১৫৬৮] : আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক নৱম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।
নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ কিয়নো তেওঁলোকে আগন্তুক ব’ৰ্ড পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে, যি তেওঁলোকৰ শৈক্ষিক সফলতা নিৰ্ধাৰণ কৰিব।
আজি, এই প্ৰবন্ধটোত মই আপোনাৰ দশম শ্ৰেণীৰ “শিশুলীলা” দীঘলয়া আৰু চুটি প্ৰশ্ন আলোচনা কৰিম| আমি প্ৰায় সকলো দীঘলয়া আৰু চুটি প্ৰশ্ন Solution প্ৰদান কৰিছোঁ।
আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো সন্দেহ আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।
ভাব বিষয়ক পাঠভিত্তিক প্রশ্নোত্তৰ
প্রশ্ন ১। অতি চমু প্রশ্নৰ উত্তৰ দিয়া –
(ক) “কৃষ্ণগীত গাৱন্ত সুন্দৰী” কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী কোন?
উত্তৰ : যশোদা।
(খ) “ৰুণঝুণ কেয়ূৰ কঙ্কণ।” কাৰ কেয়ূৰ কঙ্কণৰ ৰুণঝুণ শব্দৰ কথা ইয়াত কোৱা হৈছে?
উত্তৰ : যশোদাৰ ।
(গ) ‘মথনি’ শব্দৰ অৰ্থ কি ?
উত্তৰ : গাখীৰ ঘাটিবলৈ ব্যৱহাৰ কৰা মাৰি ।
(ঘ) শ্ৰীকৃষ্ণই শিকিয়াৰ পৰা লৱণু চুৰি কৰি আনি কাক দিছিল ?
উত্তৰ : বান্দৰক দিছিল।
প্রশ্ন ২। ‘শিশুলীলা’ পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা।
অথবা,
‘শিশুলীলা’ পাঠটিত শ্ৰীকৃষ্ণ চৰিত্ৰটি এটি সাধাৰণ মানৱ শিশু হিচাপে অঙ্কিত হৈছে।”— কথাষাৰৰ সত্যাসত্য নিৰ্ণয় কৰা।
উত্তৰ : ভগৱান শ্ৰীকৃষ্ণই সাধাৰণ মানৱ শিশুৰূপত দৈবকীৰ গৰ্ভত জনম লৈ যশোদাৰ পুত্ৰৰূপে লালিত-পালিত হৈছে। মাজে মাজে প্রয়োজনবোধে নিজত ঐশ্বৰিক মাহাত্ম্য প্ৰকাশৰ বাহিৰে শিশু কালত প্ৰায়বোৰ কামতে এজনসাধাৰণ মানৱ শিশুৰ আচৰণ তথা চৰিত্ৰ প্ৰকাশ পাইছে। ‘শিশুলীলা’ পাঠটিত যশোদাই দধি মথি থাকোঁতে সৰ্বসাধাৰণ শিশুৱে মাকে কাম কৰি থকা অৱস্থাত আহি স্তন পিবলৈ মাকক আমনি কৰাৰ দৰে, কামত বাধা দিয়াৰ দৰে শিশু শ্ৰীকৃষ্ণয়ো আহি মাক যশোদাৰ মথনি বাৰিত ধৰি স্তন পিবলৈ আমনি কৰিছে।
মাক যশোদাই দধি মথিবলৈ এৰি কৃষ্ণক স্তন পিয়াইছে। কিন্তু এনেতে চৌকাত বহাই থোৱা গাখীৰ উতলি অহাত স্তন পিওৱা আধাতে এৰি গাখীৰ নমাবলৈ গ’ল। সম্পূৰ্ণ হোৱা নোহোৱাকৈ কেচুৱাক মাকে এৰি দিলে -সকলো কেচুৱাৰে ঝাই উঠে; – খঙত কন্দা কটা কৰাৰ উপৰিও হাতত যাকে পায় তাকে দলিয়াই কেতিয়াবা কোনো বস্তুৰ অনিষ্ট কৰে। শিশু শ্ৰীকৃষ্ণৰ ক্ষেত্ৰটো সেয়াই হৈছিল। সাধাৰণ মানৱ শিশুৰ দৰে মাক যশোদা তেনেকৈ গুচি যোৱাত বৰ খং উঠিল আৰু শিল মাৰি গাখীৰ ভাণ্ড ভাঙি পেলালে।
লৱণু মনে মনে খাই বান্দৰকো খাবলৈ দিলে। যশোদাই ঘূৰি আহি শ্ৰীকৃষ্ণৰ এই কাণ্ড দেখি তেওঁৰো খং উঠিল আৰু হাত মাৰি এডাল লৈ মাৰিবলৈ খেদি গ’ল। সাধাৰণ মানৱ শিশুৰ দৰে ভয়তে শ্ৰীকৃষ্ণয়ো ইফালে সিফালে দৌৰিবলৈ ধৰিলে। অৱশেষত মাকৰ দুখ দেখি ভয়ে ভয়ে কন্দনামুৱা হৈ এঠাইত থিয় হৈ থাকিল। মাকে নামাৰি আৰু যাতে আহি তেওঁক দিগদাৰী দিব নোৱাৰে তাৰে ব্যৱস্থা কৰিবলৈ তেওঁক উড়লত বান্ধি থবৰ কাৰণে ৰচিৰে মেৰাই মেৰাই বান্ধিলে যদিও মাত্ৰ দুআঙুল ৰচিয়ে তেওঁক বান্ধিবলৈ নাটিলে।
এইবোৰ কার্য সাধারণ মানব শিশু আৰু মাকৰ আচৰণ আৰু কাৰ্য-কলাপত সচৰাচৰ দেখা যায়, যিবোৰ শিশু শ্ৰীকৃষ্ণ আৰু মাক যশোদাৰ ক্ষেত্ৰত দেখা গৈছে। শ্ৰীকৃষ্ণক বান্ধিবলৈ জৰি ফেৰা লগায়ো দুআঙুল জবিয়ে নাটা কথাত এক ঐশ্বৰিক মাহাত্মা দেখুৱালেও সমস্ত কার্যকলাপ তেওঁ সাধাৰণ মানৱ শিশুৰ দৰেই প্ৰকাশ পাইছে।
প্রশ্ন ৩। শংকৰদেৱ ৰচিত ‘কীৰ্ত্তন’ পুথিখনৰ বিষয়ে পঁচিশটামান শব্দৰ ভিতৰত এটি টোকা লিখাঁ।
উত্তৰ : ‘কীৰ্ত্তন’ আৰু ‘দশম’ স্কন্ধ ভাগৱত’ এই দুখনি গ্রন্থ শংকৰদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ। ‘কীৰ্ত্তন’ পুথিখনিত ঊনত্রিশটা আখ্যান আছে যদিও সাতাইশটা মাত্র তেওঁৰ ৰচিত, আৰু বাকী দুটা শিষ্যসকলে ৰচনা কৰি তাত সংযোগ কৰিছে। শংকৰদেৱে বিভিন্ন ঠাইত থাকোঁতে বিভিন্ন ভক্তিমূলক আখ্যান ৰচনা কৰিছিল। তেওঁ শিষ্য-প্রশিষ্যসকলে পিছত তাৰে এই আখ্যানসমূহ সংগ্ৰহ কৰি কীৰ্ত্তন’নামেৰে প্ৰকাশ কৰে। অসমীয়া মানুহৰ ই এখন বৰ আদৰৰ গ্ৰন্থ
প্রশ্ন ৪। ‘শিশুলীলা’ অন্তর্নিহিত তত্ত্বপূর্ণ কথাখিনি তোমাৰ নিজৰ কথাৰে লিখাঁ। অথবা, ‘শিশুলীলা’ পাঠটিৰ অন্তৰ্নিহিত তাৎপর্য বুজাই লিখা ৷
উত্তৰ : আমাৰ পাঠ্যপুথিত থকা ‘শিশুলীলা’ কাব্যাংশত ভগৱান শ্ৰীকৃষ্ণক সাধাৰণ মানৱ শিশু হিচাপেই অংকন কৰা হৈছে। মাজে মাজে কেতিয়াবা শিশু কৃষ্ণৰ কিছুমান অদ্ভূত কার্য দেখি এক আচৰিত বালক, স্বয়ং ঈশ্বৰ আদি ভাৱ যশোদাৰ মনলৈ আহে যদিও পুত্ৰ স্নেহত অন্ধ, মায়া পাশত আবদ্ধ যশোদাই নিজৰ প্ৰাণত সন্তান বুলিয়েই তেওঁক সাধাৰণ মাতৃয়ে পুত্ৰৰ প্ৰতি কৰা আচৰণকেই কৰি আহিছে।
‘শিশুলীলা’ কাব্যাংশত দধি মথনৰ এটি বৰ্ণনাৰে শিশু কৃষ্ণৰ মানবীয় শিশুৰ ওফোন্দ, দুষ্টালি আৰু অতপালি প্ৰকাশ কৰিছে। মাক যশোদাই পুত্ৰ কৃষ্ণৰ গুণানুকীৰ্তন কৰি গুণ গুণকৈ গীত গাই দধি মথি আছে। এনেতে কৃষ্ণৰ পিয়াহ লাগিল। স্তন পিবলৈ আহি মাকক মথনিত ধৰি বাধা দিছে। স্তন পিয়াই আঁতৰাই পঠোৱাৰ উদ্দেশ্যে দধি মথনৰ কাম অকণমান সময় বন্ধ ৰাখি শিশু কৃষ্ণক স্তন পিয়াইছে।
এনেতে বহাই থোৱা গাখীৰ উতলি পৰাত স্তন পিয়াবলৈ এৰি যশোদা গাখীৰ নমাবলৈ গ’ল। তাতে কৃষ্ণই খং কৰি দধিৰ ভাণ্ড এটা শিল মাৰি ভাঙিলে আৰু লবণু আনি নিজেও খালে বান্দৰকো খাবলৈ দিলে৷ মাক যশোদা ঘূৰি আহি কৃষ্ণৰ কাণ্ড দেখি মাৰি এডাল লৈ খেদি গ’ল।
ভয়ত কৃষ্ণই ইফালে সিফালে দৌৰিবলৈ ধৰিলে। মাক ভাগৰি গল তথাপি কৃষ্ণক ধৰিব নোৱাৰে। মাকৰ দুখ দেখি শেষত দুআঙুল কন্দনামুৱা হৈ ভয়ে ভয়ে একে ঠাইতে কৃষ্ণ থিয় হৈ থাকিল। কৃষ্ণই বৰ ভয় খোঁৱা দেখি যশোদাই মাৰিডাল পেলাই দি কৃষ্ণই যাতে দধি মথনৰ সময়ত আৰু দিগদাৰী দিব নোৱাৰে, তাৰ বাবে উড়লত বান্ধি থবৰ কাৰণে ৰচি বিচাৰি আনি বান্ধিব খুজিলে; কিন্তু জৰিয়ে নাটে। কেবাডাল জৰি যোৰা দিয়াতো সেই একেই কথা হ’ল। এয়া কৃষ্ণই ঐশ্বৰিক মাহাত্ম্য দেখুওৱাৰ ফলতেই জৰিয়ে নটা হৈছিল।
ভগবানে পৃথিৱীত বিভিন্ন অৱতাৰ ধৰি মানুহৰ মাজত জন্ম গ্ৰহণ কৰে বা আবির্ভাব হয়। শ্ৰীকৃষ্ণও ভগবানৰ এক আবিৰ্ভাৱ। নৰৰূপে জন্ম গ্রহণ কৰি মানুহৰ দৰে আচৰণ কৰি তাৰ মাজতে ঐশ্বৰিক মাহাত্ম্য প্ৰকাশ কৰাই আৰু তাৰ দ্বাৰা মানুহক ভগবানৰ প্ৰতি আসক্তি কৰোঁৱাই – একমাত্র উদ্দেশ্য। ‘শিশুলীলা’ কাব্যাংশৰো শিশু কৃষ্ণৰ বিভিন্ন লীলা বৰ্ণনা কৰাৰো একে উদ্দেশ্য।
“নাহি আদি অন্ত পূৰ্বাপৰ।
পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ।।”
– এই পদ ফাকিতেও এই উদ্দেশ্য পৰিষ্কাৰভাবে প্রকাশ পাইছে।
প্রশ্ন ৫। “নাহি আদি অন্ত পূৰ্বাপৰ।
পূৰ্ণ-ব্ৰহ্ম জগত ঈশ্বৰ।।”
-ইয়াত কবিয়ে কি প্ৰসংঙ্গত, কাৰ বিষয়ে কিয় এইদৰে কৈছে চমুকৈ লিখাঁ।
উত্তৰ : শিশু কৃষ্ণৰ গুণ গাই গাই মাক যশোদাই দধি মথি আছিল। এনেতে কৃষ্ণ আহি স্তন পিবলৈ খুজি দধি মথনিত ধৰি বাধা দিলে। যশোদাই দধি মথিবলৈ এৰি কৃষ্ণ স্তন পান কৰালে। ঠিক সেই সময়তে চৌকাত বহাই থোৱা গাখীৰ উতলি পৰাত তাৰাতাৰি কৃষ্ণক কোলাৰ পৰা নমাই থৈ যশোদা গাখীৰৰ ওচৰলৈ দৌৰি গ’ল । ইয়াতে শিশু কৃষ্ণই খং কৰি দধিৰ ভাণ্ড শিল মাৰি ভাঙি পেলালে আৰু চাপে চুপে গৈ লৱণু নিজেও খালে আৰু বান্দৰকো দিলে। মাক ঘূৰি আহি কৃষ্ণৰ কাণ্ড দেখি চেকনি এডাল লৈ খেদি গ’ল। মাৰৰ ভয়ত কৃষ্ণ ইফালে-সিফালে দৌৰা-দৌৰি কৰি থাকিল৷ মাক যশোদাই কৃষ্ণক খেদি খেদি ভাগৰি পৰিল ৷
মাকৰ দুখ দেখি কৃষ্ণই কন্দনামুৱাকৈ ভয়ে ভয়ে এঠাইত ৰৈ থাকি মাকক ধৰা দিলে। কৃষ্ণই বৰ ভয় খোৱা দেখি মাকে চেকনি ডাল পেলাই দি কৃষ্ণক উড়লত বান্ধি থোৱাৰ যো-জা কৰিলে। তাকে দেখি কবিয়ে কৈছে যে যিজনৰ আদি-অন্ত পূৰ্বাপৰ নাই; পূৰ্ণ-ব্ৰহ্ম জগত ঈশ্বৰ, – মানৱৰূপে আবিৰ্ভাৱ হৈ নানা মানবীয় লীলা খেলাৰে জগত বাসীক ঈশ্বৰ ভক্ত কৰিবলৈ চেষ্টা কৰিছে। যশোদাই মায়াপাশত আবদ্ধ হৈ, পুত্ৰ স্নেহত অন্ধ হৈ স্বয়ং ‘পূৰ্ণ-ব্ৰহ্ম জগত ঈশ্বৰ’ৰ প্ৰতি এনে আচৰণ কৰিছে।
প্রশ্ন ৮। “মহাকোপে কোঠা পশিলন্ত।
সিঞ্চিৰাই লৱণু ভুঞ্জন্ত৷৷
-কোন অতি খঙত কোঠাত সোমাইছিলহি ? তেওঁ কিয় লৱণুবোৰ চাৰিওফালে ছটিয়াই খাইছিল, বুজাই লিখাঁ ।
উত্তৰ : অতি খঙত কোঠাত সোমোৱাজন আছিল শিশু কৃষ্ণ। মাক যশোদাই দধিমতি থাকোঁতে স্তনপান কৰাৰ আশাত দধি মথনিত ধৰি শিশু কৃষ্ণই দিগদাৰী দিবলৈ ধৰিলে। দধি মথা কাম বন্ধ কৰি মাকে তেওঁক কোলাত লৈ স্তন পান কৰাবলৈ ধৰিলে৷ এনেতে গাখীৰ উতলি বাগৰি পৰাত গাখীৰৰ পাত্ৰ নমাবলৈ বুলি কৃষ্ণক স্তন পান কৰাবলৈ আশা এৰি যশোদা লৰ মাৰিলে। এই কথাত শিশু কৃষ্ণৰ অতি খং উঠিল। তেওঁ খঙৰ কোবত শিলমাৰি দধিৰ ভাণ্ড ভাঙাৰ উপৰিও কোঠাত সোমাই লৱণু খাই,— বান্দৰকো খাবলৈ দি চাৰিওফালে লৱণু সিঁচৰতি কৰি পেলালে ।
ভাষা বিষয়ক :
প্রশ্ন ১০। তলৰ শব্দবোৰৰ এটা বা দুটাকৈ সমার্থক শব্দ লিখা
কৰ্ণ, অৰুণ, দধি, বস্ত্ৰ, বদন, লৱণু, কোপ, দশন, দুগ্ধ, ঈশ্বৰ।
উত্তৰ :
কর্ণ – কাণ।
অৰুণ – সূর্য, ৰবি, ভাস্কৰ।
দধি – এৱা গাখীৰ, ক্ষীৰ।
বস্ত্ৰ – কাপোৰ, পোচাক।
বদন – মুখ, বয়ন।
লৱণু – মাখন, ননী, নৱনীত।
কোপ – খং, ৰাগ, ক্রোধ।
দশন – দাঁত, দন্ত।
দুগ্ধ – দৈ, গাখীৰ।
ঈশ্বৰ — ভগৱান, পৰমাত্মা, পৰমপুৰুষ।
প্রশ্ন ১১। তলৰ পুৰণি শব্দবোৰৰ আধুনিক ৰূপ দিয়া :
তাহাঙ্ক, নোজোৰে, খসি, ৰহিল, আসি, ভৈল, আসন্ত, শিলায়ে, কাম্পে, মাৱক।
উত্তৰ : তাহাঙ্ক – তাক!
ভৈল – হল।
নোজোৰে – নাটে!
খসি – খহি।
ৰহিল – ৰ’ল।
আসি – আহি।
আসন্ত – আহিল।
শিলায়ে – শিলেৰে।
কাম্পে – কঁপে।
মাৱক – মাকক।
প্রশ্ন ১২। তলৰ শব্দকেইটাত কি কি কাৰণত মূৰ্দ্ধণ্য ‘ণ’ আৰু মূৰ্দ্ধণ্য ‘ঘ’ হৈছে বুজাই লিখাঁ।
অৰুণ, কঙ্কণ, কৰ্ণ, ভাণ্ড, নিষেধি।
উত্তৰ : অৰুণ = ‘ৰ’ ৰ পিছত স্বৰবৰ্ণৰ ব্যৱধান থাকিলেও মূৰ্দ্ধণ্য ‘ণ’ হয় কাৰণে ‘অৰুণ’ শব্দত মূৰ্দ্ধণ্য ‘ণ’ হৈছে।
কঙ্কণ = স্বাভাৱিকতে এই শব্দত মূৰ্দ্ধণ্য ‘ণ’ হৈছে।
কৰ্ণ = ‘ৰ’ৰ পিছত ন মূৰ্দ্ধণ্য ‘ণ’ হয় কাৰণে এই শব্দত মূৰ্দ্ধণ্য ‘ণ’ হৈছে।
ভাণ্ড = ‘ট’ বৰ্গৰ আখৰৰ লগত যুক্ত হোৱাৰ কাৰণে এই শব্দত মূৰ্দ্ধণ্য ‘ণ’ হৈছে।
নিষেধি = স্বাভাৱিকতে এই শব্দত মূৰ্দ্ধণ্য ‘ষ’ হৈছে।
প্রশ্ন ১৩। পাঠটোত থকা অসমাপিকা ক্রিয়া শব্দ পাঁচোটা বাছি উলিওৱা ৷
উত্তৰ: পাঠটোত থকা অসমাপিকা ক্রিয়া শব্দৰ ভিতৰত পাঁচোটা হ’ল—
আসি (আহি), দেখন্তে (দেখি), পশি (সোমাই), বসি (বহি), দেখিয়া (দেখি)।
শব্দাৰ্থ আৰু টোকা
দিনেক – এদিন।
গাৱন্ত — গায়।
ক্ষৌম বস্ত্ৰ — পাট কাপোৰ।
কটিত — ককাঁলত।
স্ৰৱে — নিগৰি ওলোৱা।
আজোড়ন্তে — আজুৰি থাকোতে।
কঙ্কণ — খাৰু।
বদন — মুখ।
প্রয়াসি — যত্ন কৰি।
খসি — খহি।
শিলায়ে — শিলেৰে৷
পশিলন্ত – সোমালহি।
সিঞ্চিৰাই — চটিয়াই দি; সিঁচি দি।
আসি — আহি।
নিষেধি — বাধা দি; নিষেধ কৰি।
আউৰ — আৰু।
হাসি — হাঁহি।
লৱড়ে — দৌৰি।
কাম্পে — কঁপে।
অধৰ — ওঁঠ।
অৰুণ — সূর্য; ৰবি।
দশন — দাঁত।
চাণ্ড — জোৰকৈ।
মহাকোপে — অতি খঙেৰে।
ক্ষীৰ — এৱা গাখীৰ৷
বসি — বহি।
পশি — সোমাই, প্ৰৱেশ কৰি।
উড়ল — ঢেঁকী।
দেন্ত — দিলে।
ডৰে — ভয়তে।
খেদন্ত — খেদিলে।
যাক যোগী নপাৱে ধ্যানত — যাক যোগীসকলে যোগ ধ্যানত নাপায়।
হেন হৰি পলান্ত ভয়ত — তেনেজন হৰিও ভয়ত পলায়।
কোথা — ক’লৈ ৷
কেয়ূৰ — কান্ধত পিন্ধা অলংকাৰ বিশেষ I
তনয় — পুত্র।
নোজোৰে — নাটে; নুকুলায় ।
মথন্ত — মথে।
ভুজন্ত — খাইছে।
অতিৰিক্ত প্রশ্নোত্তৰ
১ । চমু উত্তৰ দিয়া :
(ঘ) শিশু কৃষ্ণই দধি ভাণ্ড ভাঙাত আৰু লৱণু খাই নষ্ট কৰাত মাক যশোদাই কি কৰিলে?
উত্তৰ: শিশু কৃষ্ণই স্তন পিবলৈ নাপাই দধিভাণ্ড শিলেৰে ভাঙি পেলাই ঘৰৰ ভিতৰত সোমাই লৱণু খাই সিঁচৰতি কৰি পেলোৱাত যশোদাৰ বৰ খং উঠিল আৰু হাতত এডাল এচাৰি লৈ কৃষ্ণক মাৰিবলৈ খেদি ফুৰিলে। কৃষ্ণই লগ নিদি দৌৰি ফুৰিলে । পিছত মাক ভাগৰি পৰা দেখি ধৰা দিয়াত কৃষ্ণক উড়লত বান্ধি থবলৈ যশোদাই যো-জা কৰিলে।
(চ) মহাপুৰুষ শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ স্বৰূপ কি?
উত্তৰ : ‘কীৰ্ত্তন’ আৰু ‘দশম স্কন্ধ ভাগৱত’।
(ছ) মহাপুৰুষ শংকৰদেৱৰ প্ৰধান শিষ্য কোন আছিল?
উত্তৰ : মহাপুৰুষ মাধৱদেৱ।
(জ) মহাপুৰুষ শংকৰদেৱৰ এখনি কাব্য গ্রন্থৰ নাম লিখা।
উত্তৰ : ‘ৰুক্মিণী হৰণ’।
(ঝ) মহাপুৰুষ শংকৰদেৱৰ এখনি নাটকৰ নাম লিখা।
উত্তৰঃ ‘ৰাম-বিজয়’।
(ঞ) মহাপুৰুষ শংকৰদেৱৰ নাটবোৰক কি নাট বোলা হয়?
উত্তৰ : অংকীয়া নাট।
(ট) মহাপুৰুষ শংকৰদেৱৰ নাটসমূহক কিয় অংকীয়া নাট বোলা হয় ?
উত্তৰ : নাটত এটা মাত্ৰ অংক থকাৰ কাৰণে।
(ঠ) মহাপুৰুষ শংকৰদেৱৰ গীত সমূহক কি গীত বোলা হয়?
উত্তৰ : ‘বৰগীত’।
(ড) মহাপুৰুষ শংকৰদেৱৰ সাহিত্য ৰচনাৰ উদ্দেশ্য কি আছিল?
উত্তৰ : ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য।
(ঢ) ‘নন্দজায়া’ কোন?
উত্তৰঃ যশোদা।
(ধ) শিশু কৃষ্ণই কাক লৱণু খাবলৈ দিছিল?
উত্তৰ : বান্দৰক।
Conclusion:
আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।
আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।
Sl. No. | Contents |
Chapter 1 | শিশুলীলা |
Chapter 2 | মানৱ বন্ধনা |
Chapter 3 | গীত আৰু ছবি |
Chapter 4 | প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক |
Chapter 5 | মোৰ দেশ |
Chapter 6 | অন্যৰ প্ৰতি ব্যৱহাৰ |
Chapter 7 | সময় |
Chapter 8 | অন্ধবিশ্বাস আৰু কু-সংস্কাৰ. |
Chapter 9 | ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য |
Chapter 10 | পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন |
Chapter 11 | যুঁজ |
Chapter 12 | লোক সংস্কৃতি |
Chapter 13 | হনুমন্তৰ লংকা দৰ্শন |
Chapter 14 | সুখ |
Chapter 15 | চোৰধৰা |
Chapter 16 | সন্মান |
Chapter 17 | ঋজু ভাৰতী |
Chapter 18 | বৈচিত্র্যময় অসম |
1 thought on “Class 9 Assamese Chapter-1|শিশুলীলা | Question Answer”