Class 9 Assamese Chapter-6 | অন্যৰ প্ৰতি ব্যৱহাৰ |গদ্যাংশ

সত্যনাথ বৰা [১৮৬০-১৯২৫]

পাঠভিত্তিক প্রশ্নোত্তৰ

ভাব বিষয়ক :

প্রশ্ন ১। (ক) ‘সাৰথি’ পুথিখন কাৰ ৰচনা?

উত্তৰঃ ‘সাৰথি’ পুথিখন সত্যনাথ বৰাৰ ৰচনা।

(খ) কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায় ?

উত্তৰঃ যিবিলাক মানুহেৰে সৈতে সম্বন্ধ জন্মে, বা যিবিলাকেৰে সংসাৰত সমাজ পাতি থাকা, সেইবিলাক মানুহৰ ভিতৰত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ

চলিলে সুখে- সন্তোষে কাম নিয়াৰ পাৰি, সংসাৰ যাত্ৰীয়ে তাক ভালকৈ জনা উচিত। ইয়াকে নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্রব ভুগিবলৈ পায়।

(গ) কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ ?

উত্তৰঃ যি শ্ৰেণীৰ মানুহে অবাবত কেটেৰা মাত মাতি বেজাৰ দিয়ে সেই শ্রেণীর মানুহ বৰ নিৰ্বোধ আৰু খিংখিঙীয়া হয়। তেওঁলোকে ভবিষ্যত নুগুনি কেটেৰা মাৰিহে মানুহৰ লগত কথা হয়। এই শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ।

(ঘ) সজ ব্যৱহাৰৰ অনুপান কি ?

উত্তৰঃ সজ ব্যৱহাৰৰ অনুপান হ’ল নম্ৰতা।

(ঙ) মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ’লৈ মানুহক কি কৰা হয় ?

উত্তৰঃ মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ’লে মানুহক ছল কৰা হয়।

(চ) “এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল।” ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে?

উত্তৰঃ যিবিলাক মানুহে লগ-লগৰীয়াক হহুঁৱাবলৈ লোকৰ গুপ্ত কথা সদৰী কৰে, সিবিলাক মানুহৰ স্বভাৱ নিচেই পাতল। ইয়াত এই শ্ৰেণীৰ মানুহৰ কথাকেই কোৱা হৈছে।

(ছ) কাৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্রশ্রয় দিয়া হয়?

উত্তৰঃ শঠৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্রশয় দিয়া হয়।

(জ) ‘বহল ব্যাকৰণ’ পুথিখন কাৰ ৰচনা?

উত্তৰঃ ‘বহল ব্যাকৰণ’ পুথিখন সত্যনাথ বৰাৰ ৰচনা।

প্রশ্ন২। ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নোৱাৰি?

উত্তৰঃ যিবিলাক মানুহেৰে সৈতে সম্বন্ধ জন্মে বা যিবিলাকেৰে সংসাৰত সমাজ পাতি থকা যায়, সিবিলাক মানুহৰ ভিতৰত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বাকেনেকৈ চলিলে সুখে-সন্তোষে কাল নিয়াব পাৰি তাক সকলোৱে জনা উচিত। ইয়াকে নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানান কষ্ট ভুগিব লগীয়া হয়। সজ ব্যৱহাৰ যদিও সজ চৰিত্ৰৰ গুণ, — তথাপি চৰিত্ৰ সজ হ’লেই ব্যৱহাৰ সজ হ’ব বুলি ক’ব নোৱাৰি। অনেক চৰিত্ৰৱন্ত মানুহ ব্যৱহাৰৰ দোষত আনৰ হিংসা গৰিহণাৰ পাত্ৰ হয় । আকৌ অনেক কপটীয়া ছলাহী বদ চৰিত্ৰৰ মানুহে ব্যৱহাৰৰ গুণত সকলোৰে মৰম পায়৷ গতিকে ব্যৱহাৰ প্ৰণালী মানুহৰ এটা গুৰুত্বপূৰ্ণ দিশ। ইয়াক সামান্য কথা বুলি কেতিয়াও উলাই কৰিব নোৱাৰি; বৰং ইয়াক মন দি শিকাহে উচিত।

(খ) বিনয়ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে?

উত্তৰঃ দান কৰা হয় লোকৰ কল্যাণৰ অৰ্থে। এই দানৰ কথা দান গ্ৰহণ কৰোঁতেই কেতিয়াও পাহৰিব নালাগে। কিন্তু কেটেৰা মাতেৰে বা তিতা কথাৰে দান দিলে সেই দানৰ কোনো অর্থ নাই। তিতা কথাৰে মাতি উপকাৰ কৰিলেও, দান কৰিলে তেনে দান বা উপকাৰৰ কথা মানুহে একতিলে পাহৰে, অর্বুদ দানব ফল নিমিষতে লয় হয়। সেই কাৰণে জ্ঞানীসকলে দানত বিনয়ভাৱৰ বিধান কৰিছে। বিনয়ভাৱেৰে কৰা দানে কল্যাণ সাধন কৰাৰ উপৰিও দান গ্ৰহণ কৰোঁতাই সেই দানৰ কথা চিৰকাল কৃতজ্ঞতাৰে সুৰৰি থাকে। তেনে দাতা জগতৰে পূণ্যৱন্ত ব্যক্তি।

প্রশ্ন ৩। তাৎপর্য ব্যাখ্যা কৰা:

(ক) “নম্রতা সজ ব্যৱহাৰৰ অনুপান।”

উত্তৰঃ নম্ৰতা মানুহৰ এটা উৎকৃষ্ট গুণ। উচিত অনুপানের ঔষধ খালে সি বেছি গুণ দিয়ে। সেইদৰে সজ ব্যৱহাৰত নম্ৰতা মিহলালে তাৰো উপকাৰ সৰহ হয়। দম্ভালি কথাই মানুহৰ কত কাড় ফুটা দিয়ে। সেই দেখি আনৰ লগত আলাপ-আচৰণ কৰোঁতে দম্ভালি এৰি নম্ৰ হোৱা উচিত। নম্ৰতাৰে আনৰ লগত আলাপ-আচৰণ কৰিলে আনৰ কথা বাদেই অতি খঙাল আৰু শত্রুকো অন্তৰ জয় কৰিব পাৰি। নম্ৰতা এটা গুণ, মিঠা মাত তাৰ ফল। মনত নম্ৰতা ভাৱ থাকিলেহে মুখেৰে আপোনা-আপুনি মিঠামাত ওলায়। সেই কাৰণেই সজ ব্যৱহাৰক আৰু অধিক অন্তস্পৰ্শী কৰিবলৈ, আকর্ষণীয় কৰিবলৈ নম্ৰতাক অনুপান বুলি কোৱা হৈছে।

(খ) “সোণৰ জেউতি অমান্য কৰিলে নকমে।”

উত্তৰঃ সোণ স্বাভাৱিকভাৱেই অতি উজ্জ্বল ধাতু। ইয়াৰ জেউতি নাই বুলি অমান্য কৰিলে সেই উজ্জ্বলতা বা জেউতি কেতিয়াও নাইকিয়া নহয়। ঠিক সেইদৰে প্ৰকৃততে মান্যৱন্ত মানুহক কোনোৱে অমান্য কৰি পুৰুষালি কৰা যেন অনুভৱ কৰিলেও তেওঁলোকৰ সেই মান্যতা ‘নাইকিয়া নহয়, তেওঁলোকৰ মান সন্মানৰ মূল্য কমি নাযায়। বৰং অমান্য কৰি বৰ পুৰুষালি দেখুওৱা বুলি ভবা সকলহে সমাজৰ চকুত বেছি নীচ বুলি পৰিচিত হয়।

ভাষা বিষয়ক :

প্রশ্ন ৪। বিপৰীতার্থক শব্দ লিখা :

সুখ, সন্তোষ, সজ, চৰিত্ৰৱন্ত, কপটীয়া, মিঠা, বিনয়, নম্রতা, লঘু, উচ্চ, নিন্দা, গুপ্ত, দোষ, গহীন, আঢ্যৱন্ত।

উত্তৰঃ

সুখ – দুখ।

সন্তোষ – অসন্তোষ।

সজ – অসজ।

চৰিত্ৰৱন্ত – চৰিত্ৰহীন।

কপটীয়া – উদাৰ।

নিন্দা – প্রশংসা।

মিঠা – তিতা।

বিনয় – উগ্র।

নম্রতা – উগ্রতা।

লঘু – অধিক।

উচ্চ – নীচ।

গহীন – পাতল।

গুপ্ত – প্রকাশ্য।

দোষ – গুণ, নির্দোষ।

আঢ্যবস্ত – দৰিদ্ৰ।

প্রশ্ন ৫। বাক্য ৰচনা কৰা:

চকুৰ কুটা, পেটত কথা ৰাখ।

উত্তৰঃ চকুৰ কুটা – (শত্রু, দেখিব নোৱৰা) : আনৰ অপকাৰ কৰি ফুৰা মানুহ আনৰ কুৰ কুটা দাঁতৰ শাল হৈ পৰে।

পেটত কথা ৰাখ– (ক’ব নলগীয়া কথা ব্যক্ত নকৰি মনতে ৰাখা) : আনৰ গুপ্ত কথা প্ৰকাশ নকৰি পেটত কথা ৰাখিব পাৰিলে মানুহৰ শত্রুতা কমে!

শব্দাৰ্থ আৰু টোকা:

অনুপান – আনুষঙ্গিক উপাদান, লগত অনা বা দিয়া বস্তু।

আটক – বাধা।

চাটুকাৰ – ছলাহী কথাৰে আনৰ অন্তৰ জয় কৰা মানুহ।

প্রৌঢ়ী – জনাজাত, ব্যক্ত, প্ৰচাৰ।

ব্যৱহাৰ – আচৰণ।

ভাজন – পাত্র।

ছলাহী – ঠগ কথা বা আচৰণ, প্রবঞ্চনা কৰা।

উলাই – অবজ্ঞা

কেটেৰা – কঠুৱা, টান, কর্কশ।

অর্বুদ – দহ কোটি (সংখ্যা বিশেষ)

নিমিষতে – তৎক্ষণাত, খন্তেকতে।

দম্ভালি – অহংকাৰ, মই বৰ ভাৱ, নিজেই বৰ ডাঙৰ বা বৰ জানালোক এনেভাৱ।

নম্ৰ – বিনীত স্বভাৱ, শান্ত-শিষ্ট।

বখনা – প্রশংসা কৰা।

মহত্ত্ব – উচ্চতা, গৰিষ্ঠতা।

দুৰাচাৰ – বেয়া আচৰণৰ৷

সুচল – সুবিধা, সুযোগ।

সজাঁতী – বিশ্বাসী, প্রিয়ভাজন, আপোন।

লোকৰ কথা খুচুৰি ফুৰা – আনৰ ভাল-বেয়া কথা জানিবলৈ বিচাৰি ফুৰা, আনৰ ভাল-বেয়া কথা কৈ ফুৰা ৷

শ্রেয়স – শ্রেষ্ঠ, উৎকৃষ্ট, অতি ভাল।

খুঁত – দোষ, ব্যতিক্রম।

উপলুঙা – ভেঙচালি, ঠাট্টা-মস্কৰা।

শঠ – ছলনাকাৰী, বঞ্চক।

শঠতা – ছলনা, বঞ্চনা।

আঢ্যৱন্ত – ধনী, ধনবন্ত।

মান্যৱস্ত – মানী, মান-সম্মান থকা।

জেউতি – পোহৰ, উজ্জ্বলতা।

পুৰুষালি – বল, বীর্য, সাহস।

নিকৃষ্ট – নিচেই সৰু।

বিগতি – ইতিকিং।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ৬। বুজাই লিখা :

(ক) কেনেকৈ চলিলে সুখে-সন্তোষে কাল নিয়াব পাৰি বুলি লিখকে কৈছে?

উত্তৰঃ যিবিলাক মানুহেৰে সৈতে সম্বন্ধ জন্মে বা যিবিলাকেৰে সংসাৰত সমাজপাতি থকা যায় সিবিলাক মানুহৰ ভিতৰত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে বা কেনেকৈ চলিব লাগে তাক সংসাৰ যাত্ৰীয়ে ভালদৰে জানিলে সুখে-সন্তোষেৰে কাল নিয়াব পাৰি। এই কথা ভালদৰে নজনাৰ কাৰণেই বহু মানুহে জীৱনত নানান কষ্ট ভুগিব লগাত পৰে। সেই কাৰণে মানুহে সুখে-সন্তোষেৰে কাল নিয়াবলৈ সজ ব্যৱহাৰৰ কথা ভালদৰে জনা উচিত। সজ ব্যৱহাৰত নম্ৰতা থাকিলে ইয়ে মানুহক আৰু আকৰ্ষিত কৰিব পাৰে।

(খ) “চৰিত্ৰ সজ হ’লেই ব্যৱহাৰ সজ হ’ব বুলি ভবা উচিত নহয়।” — কিয়?

উত্তৰঃ চৰিত্ৰ সজ হ’লেই ব্যৱহাৰ সজ হ’ব বুলি ভবা অনুচিত। কাৰণ অনেক চৰিত্ৰৱন্ত মানুহ ব্যৱহাৰৰ দোষত আনৰ হিংসা আৰু গৰিহণাৰ পাত্ৰ হয়। সজ চৰিত্ৰৰ মানুহো কর্কশ মাত-কথাৰ আৰু দু ব্যৱহাৰৰ হ’ব পাৰে। গতিকে তেনে চৰিত্ৰবন্ত লোকক সজ ব্যৱহাৰৰ লোক বুলি পৰিচয় দিব নোৱাৰে। আনহাতে অনেক কপটীয়া, ছলাহী, দুঃচৰিত্ৰৰ মানুহো সজ ব্যৱহাৰৰ গুণত আনৰ মৰমৰ পাত্ৰ হ’ব পাৰে।

প্রশ্ন ৭। অতি চমু উত্তৰ দিয়া

(ক) ‘অন্যৰ প্ৰতি ব্যৱহাৰ’ পাঠটিৰ লিখক কোন?

উত্তৰঃ সত্যনাথ বৰা।

(খ) সত্যনাথ বৰাৰ জন্ম আৰু মৃত্যু চন দুটা উল্লেখ কৰা।

উত্তৰঃ জন্ম ১৮৬০ চন আৰু মৃত্যু ১৯২৫ চন।

(গ) সত্যনাথ বৰাৰ দুখন উল্লেখযোগ্য গ্রন্থৰ নাম লিখা।

উত্তৰঃ ‘বহল ব্যাকৰণ’ আৰু ‘সাৰথি’।

(ঘ) অন্যৰ প্ৰতি ব্যৱহাৰ’ পাঠটি সত্যনাথ বৰাৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে?

উত্তৰঃ ‘সাৰথি’ গ্ৰন্থৰ পৰা।

(ঙ) সত্যনাথ বৰাই সম্পাদনা কৰা আলোচনীখনৰ নাম লিখা।

উত্তৰঃ গুৱাহাটীৰ পৰা ওলোৱা সময়ত ‘জোনাকী’ আলোচনী খন।

(চ) অন্যৰ প্ৰতি ব্যৱহাৰ’ পাঠটিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক কি বুজাবলৈ চেষ্টা কৰা হৈছে?

উত্তৰঃ জীৱন-যুদ্ধৰ আঁতি-গুৰি আৰু জীয়াই থকাৰ কৌশলবোৰ। তাৰোপৰি আনৰ অন্তৰ জয় কৰিবলৈ কেনে ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে।

(ছ) অনেক চৰিত্ৰৱন্ত মানুহ ব্যৱহাৰৰ দোষত কি হয়?

উত্তৰঃ আনৰ হিংসা-গৰিহণাৰ ভাজন হয়।

(জ) ব্যৱহাৰ প্ৰণালীৰ ঘাইমন্ত্ৰ কি?

উত্তৰঃ মিঠামাত।

(ঝ) সজ ব্যৱহাৰৰ মুখিয়াল উদ্দেশ্য কি ?

উত্তৰঃ নিজলৈ আনৰ মনৰ ভক্তি জন্মোৱা ।

(ঞ) ব্যৱহাৰৰ কলপ বা ৰহণৰ নিচিনা কি?

উত্তৰঃ মিঠা মাত।

(ট) গাত লক্ষ গুণ থাকিলেও কিহে সকলোকে ঢাকি পেলায় ?

উত্তৰঃ তিতা মাতে।

(ঠ) সজ ব্যৱহাৰৰ অনুপান কি ?

উত্তৰঃ নম্ৰতা।

1 thought on “Class 9 Assamese Chapter-6 | অন্যৰ প্ৰতি ব্যৱহাৰ |গদ্যাংশ”

Leave a Comment

error: Content is protected !!