সমাস আৰু ইয়াৰ প্ৰকাৰ | Assamese Grammar| Class 10 আৰু Class 9 ৰ বাবে

সমাস আৰু ইয়াৰ প্ৰকাৰ | Assamese Grammar| Class 10 আৰু Class 9 ৰ বাবে: আমাৰ ৱেবছাইটলৈ স্বাগতম! আপোনাৰ শৈক্ষিক যাত্ৰাৰ বাবে আপোনাক দশম শ্ৰেণীৰ Notes প্ৰদান কৰি আমি আনন্দিত।

দশম শ্ৰেণী শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ কিয়নো তেওঁলোকে আগন্তুক ব’ৰ্ড পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে, যি তেওঁলোকৰ শৈক্ষিক সফলতা নিৰ্ধাৰণ কৰিব।

আজি, এই প্ৰবন্ধটোত মই আপোনাৰ Class 10 আৰু Class 9 সমাস আৰু ইয়াৰ প্ৰকাৰৰ বিষয়ে  আলোচনা  কৰিছো।

আমাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আমি ইয়াত বিনামূলীয়াকৈ Notes সমূহ প্ৰদান কৰিছো। আমি আপোনাক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছো। যদি আপোনাৰ কোনো doubts আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।

Q.সমাস কাক বোলে?

উত্তৰ: পৰস্পৰ অৰ্থৰ সঙ্গতি থকা দুটা বা ততোধিক পদ লগ লাগি এটা পদ হোৱাকে সমাস বোলে ৷

->যেনেঃ—ধৰ্মা-ধৰ্ম, তল-সৰা, পীতাম্বৰ আদি।

সমাস বাক্য বা ব্যাস বাক্য: সমাস ভাঙোতে যি বাক্য বা বাক্যখণ্ড ব্যৱহাৰ কৰা হয়, তাকে সমাস বাক্য বা ব্যাস বাক্য বোলে।

->যেনেঃ—চক্র আছে পাণিত যাৰ তেৱেঁই-চক্রপাণি।

সমস্ত পদঃ—সমাস বাক্য বা ব্যাস বাক্যৰ সংকোচন কৰি যি পদ তৈয়াৰ কৰা হয় তাকে সমস্ত পদ বোলে। ওপৰৰ ‘চক্রপাণি’ পদটো সমস্ত পদ।

সমস্যমান পদ :—যিবোৰ পদ লগ লাগি সমাস হয়, তাকে সমস্যমান পদ বোলে। ওপৰৰ ‘চক্ৰ’ আৰু ‘পাণি’ পদ দুটা সমস্যমান পদ। ইয়াক ব্যস্ত পদ বুলিও কোৱা হয়।

Q. সমাসৰ কেই প্ৰকাৰৰ আৰু কি কি?

সমাস প্রধানতঃ ছয় প্ৰকাৰ

১। দ্বন্দ্ব সমাস,

২। দ্বিগু সমাস,

৩। বহুব্রীহি সমাস,

৪। কর্মধাৰয় সমাস,

৫। তৎপুৰুষ সমাস আৰু

৬। অব্যয়ীভাব সমাস।

১। দ্বন্দ্ব সমাস কাক বোলে?

দুটা বা ততোধিক পদ নিজ প্রাধান্য ৰক্ষা কৰি লগ হ’লে দ্বন্দ্ব সমাস হয়। এই সমাসত সমস্যমান পদবোৰক যোজক অব্যয়ে যোগ কৰে। সমাস সিদ্ধ হলে এই অব্যয় লোপ পায়।

স্বভাৱ-চৰিত্ৰ = স্বভাৱ আৰু চৰিত্ৰ।

গুৰু-শিষ্য = গুৰু আৰু শিষ্য।

ভাল-বেয়া = ভাল আৰু বেয়া।

সোণ-ৰূপ = সোণ আৰু ৰূপ।

অস্ত্র-শস্ত্ৰ = অস্ত্ৰ আৰু শস্ত্ৰ ।

তামোল-পাণ = তামোল আৰু পাণ।

দেৱাসুৰ = দেৱ আৰু অসুৰ।

তেল-পানী = তেল আৰু পানী।

ভাই-ভনী = ভাই আৰু ভনী।

দ্বন্দ্ব সমাস তিনিবিধ:

(ক) ইতৰেতৰ,

(খ) সমাহাৰ আৰু

(গ) একশেষ

>(ক) ইতৰেতৰ দ্বন্দ্ব কাক বোলে?:

যি দ্বন্দ্ব সমাসৰ সমস্ত পদে সমস্যমান পদবোৰৰ অৰ্থ প্ৰকাশ কৰে, তাকে ইতৰেতৰ দ্বন্দ্ব সমাস বোলে ।

যেনে–

ধেনু আৰু শৰ = ধেনু-শৰ,

আই আৰু বোপাই = আই-বোপাই,

জয় নাইবা পৰাজয় = জয়-পৰাজয়,

ধন আৰু জন = ধন-জন,

ৰজা আৰু মহাৰাজ = ৰজা-মহাৰাজ,

হৰ আৰু গৌৰী = হৰ -গৌৰী,

জায়া আৰু পতি = দম্পতি,

অহো আৰু ৰাত্ৰি = অহোৰাত্ৰ

(অহোৰাত্ৰি নহয়, কাৰণ ৰাত্ৰি, নিশা আদি অকাৰান্ত হয়)।

দুটা বা ততোধিক বিশেষ্য পদৰ দ্বন্দ্ব:—জন্ম-মৃত্যু, কৰ্ণার্জুন, হিন্দু-মুছলমান, জীৱন- মৰণ, নদ-নদী, গিৰি-বন, আচাৰ-ব্যৱহাৰ আদি ।

দুটা বিশেষণ পদৰ দ্বন্দ্ব : হিতাহিত, হতাহত, সহজ-সৰল, ধনী-গৰীৱ, যাতায়াত, সঁচা-মিছা, ন্যায়-অন্যায় আদি।

দুটা সৰ্বনাম পদৰ দ্বন্দ্ব: তুমি-আমি, যাকে-তাকে, যেই-সেই, যাৰ-তাৰ আদি !

দুটা ক্রিয়াপদৰ দ্বন্দ্ব : দেখা-শুনা, পঢ়া-শুনা আদি।

‘পতি’ শব্দৰ আগত জায়া শব্দ থাকিলে জায়াৰ ঠাইত দম বা জম হয়।

যেনে—

জায়া আৰু পতি = দম্পতি বা জম্পতি (দম্পতীও হয়)।

(খ) সমাহাৰ দ্বন্দ্ব

যি দ্বন্দ্ব সমাসত সমস্ত পদে ব্যস্ত পদৰ অৰ্থৰ উপৰিও সমাহাৰ বা সমষ্টি অৰ্থ প্ৰকাশ কৰে, তাকে সমাহাৰ দ্বন্দ্ব বোলে। যেনে–ভাত আৰু মাছ = ভাত-মাছ, তেল আৰু টেঙা = তেল- টেঙা, আম আৰু কঁঠাল = আম-কঁঠাল ।

পুঠিকে আদি কৰি মাছবোৰ = মাছ-পুঠি।

পইচাকে আদি কৰি মুদ্ৰাবোৰ = পা-পইচা।

ইয়াত ভাত-মাছ বোলোঁতে অন্যান্য বহুত ৰন্ধন সামগ্রী,

আম-কঁঠাল বোলোঁতে বাৰীৰ আন ফল-মূল, মাছ-পুঠি বোলোঁতে পুঠি মাছৰ বাহিৰেও আৰু আন আন মাছকো বুজাইছে।গতিকে এইবোৰ সমাহাৰ দ্বন্দ্ব।

(গ) একশেষ দ্বন্দ্ব

যি দ্বন্দ্ব সমাসত ব্যস্ত পদবোৰৰ ভিতৰত কেৱল প্ৰথম ব্যস্ত পদটোহে বহুবচন যুক্ত হয় আৰু বাকী ব্যস্ত পদবোৰ লোপ পায়, তাকে একশেষ দ্বন্দ্ব সমাস বোলে৷

ৰাম, হৰি, যদু, মধু আদি—ৰামহঁত,

মই, তুমি আৰু আমি—আমি।

দ্বন্দ্ব সমাসৰ আৰু কিছুমান উদাহৰণঃ—বাট-পথ, জল-স্থল, ফল-ফুল, দেনা-পাওনা,

খবৰ-বাতৰি, ঘৰ-বাৰী, মাটি-বাৰী, সেৱা-শুশ্রূষা ইত্যাদি।

২। দ্বিগু সমাস

সংখ্যাবাচক শব্দ আগত থাকি একেজাতীয় কিছুমান বস্তুৰ সমাহাৰ বুজালে দ্বিগু সমাস হয়।

পঞ্চবটৰ সমাহাৰ = পঞ্চবটী,

পঞ্চনদৰ সমাহাৰ = পঞ্চনদ,

ত্ৰিজগতৰ সমাহাৰ = ত্ৰিজগত,

নৱ ৰত্নৰ সমাহাৰ = নৱৰত্ন।

সেইদৰে—দোমাহী, দ্বিপদ, শতাব্দী, চতুষ্পদ, দ্বিপ্রহৰ, ত্রিসন্ধ্যা, ত্রিকূট, চতুর্ভুজ, পঞ্চৰাত্ৰ, পঞ্চদুৰ্গা, সপ্তর্ষি, ত্ৰিৱেণী, ত্ৰিলোক, ত্ৰিভুৱন ইত্যাদি।

৩। বহুব্রীহি সমাস

যি সমাসত সমস্ত পদে ব্যস্ত পদবোৰৰ অৰ্থ নুবুজাই এটা ভিন্ন অর্থ বুজায়, তাকে বহুব্রীহি সমাস বোলে।

যেনেঃ—বীণা পাণিত আছে যাৰ = বীণাপাণি। ইয়াত বীণা আৰু পাণি দুটা সমস্যমান পদ।

বীণা একপ্ৰকাৰ বাদ্যযন্ত্ৰ আৰু পাণি মানে হাত। ইয়াৰ অৰ্থ হ’ব লাগিছিল বীণা (যন্ত্ৰ) আৰু হাত। কিন্তু বীণাপাণি মানে সৰস্বতীক বুজাইছে। সেইবাবে বীণাপাণি বহুব্রীহি সমাস হৈছে।

সেইদৰে—

পীত অম্বৰ যাৰ—পীতাম্বৰ,

শূৰ্পৰ নিচিনা নখ যাৰ—শূর্পনখা,

কুলাৰ দৰে কাণ যাৰকুলাকণীয়া ইত্যাদি।

বহুব্রীহি সমাস প্রধানতঃ তিনিধি-

(ক) সমানাধিকৰণ, (খ) ব্যাধিকৰণ আৰু (গ) ব্যতিহাৰ বজ্ৰীহি।

(ক) সমানাধিকৰণ বহুব্রীহি :—বিশেষ্য আৰু বিশেষণ শব্দৰ সুসংযোগ ঘটি যিবোৰ বহুব্রীহি সমাস হয়, তাকে সমানাধিকৰণ বহুব্রীহি বোলে।

যেনে :—

মহৎ আশয় আছে যাৰ সি—মহাশয়,

নাৱৰ দৰে পেট আছে যাৰ সি—নাওপেটা,

বেজীৰ দৰে মুখ যাৰ সি—বেজীমুৱা ।

সেইদৰে—তীক্ষ্মবুদ্ধি, পাপমতি, সুশ্রী,মহামতি, নেউলমুৱা,বাঘনেজীয়া,কুকুৰনেচীয়া, বিপত্নীক, হতভাগ্য, হতবুদ্ধি, কৃতাঞ্জলি, জিতেন্দ্রিয়, কৃতবিদ্য ইত্যাদি।

(খ) ব্যাধিকৰণ বহুব্রীহি: যি বহুব্রীহি সমাসত উভয় পদ বিশেষ্য ; কিন্তু তাৰে এটা পদ সপ্তমী বিভক্তি যুক্ত (অধিকৰণ কাৰক), তাকে ব্যাধিকৰণ বহুব্রীহি বোলে।

যেনে :—

পদ্ম আছে নাভিত যাৰ তেওঁ—পদ্মনাভ,

বজ্ৰ আছে পাণিত যাৰ তেওঁ—বজ্ৰপাণি,

শূল আছে পাণিত যাৰ তেওঁ—–শূলপাণি।

পদ্মাসনা, শশাঙ্ক, পাপবুদ্ধি, সূর্যমুখী,অন্যমনস্ক,

সেইদৰে: খড়ড়্গহস্ত,নীলকণ্ঠ,চন্দ্রচূড়, কৃদন্ত, মাটিকঁঠাল, গছ-আলু ইত্যাদি।

(গ) ব্যতিহাৰ বহুব্রীহি: পৰস্পৰ একেবকমৰ কাৰ্য কৰা বুজালে ব্যতিহাৰ বহুব্রীহি সমাস হয়। এই সমাসৰ আগৰ ব্যস্ত পদত ‘আ’ আৰু পিছৰ ব্যস্ত পদত ‘ই’ যোগ হয়।

যেনেঃ—

পৰস্পৰে কাটি যি যুঁজ—কটা কটি,

হাতেহাতে যি যুদ্ধ সেয়ে—হাতা-হাতি,

চুলিয়ে চুলিয়ে ধৰি যি যুঁজ সেয়ে—চুলিয়াচুলি ৷

সেইদৰে—মুখা-মুখি, ৰক্তা-ৰক্তি, কিলা-কিলি, কোৱা-কুই, ঠেলাঠেলি, টনা-টনি, বকাবকি, নখা-নখি ইত্যাদি।

বহুব্রীহি সমাসৰ কেইটামান সাধাৰণ নিয়ম :

(ক) শেষ ব্যস্ত পদটো আ-কাৰান্ত হ’লে সমস্ত পদ অ-কাৰান্ত হয়। যেনে:কৃত হৈছে বিদ্যা যাৰ = কৃতবিদ্য (কৃতবিদ্যা নহয়)।

(খ) বহুব্রীহি সমাসত কৰ্ম আৰু ধৰ্ম শব্দ অন্ত পদ হ’লে, সি সংস্কৃতত ‘আ-কাৰান্ত’ আৰু অসমীয়াত ‘ঈ-কাৰান্ত’ হয়। যেনেঃ–কর্ম নকৰে যি= অকৰ্মা বা অকর্মী। বিগত হৈছে ধৰ্ম যাৰ—বিধৰ্মা, কিন্তু অসমীয়াত—বিধর্মী। সুন্দৰ ধৰ্ম আচৰণ কৰে যি সি—সুধৰ্মা (অসমীয়াত—সুধর্মী)।

(গ) অক্ষি আৰু নাভি শব্দৰ ঠাইত নাভ হয়। যেনেঃ—

পুন্ডৰীকৰ নিচিনা অক্ষি যাৰ = পুন্ডৰীকাক্ষ ।

পদ্ম আছে নাভিত যাৰ—পদ্মনাভ,

ঊর্ণ নাভিত আছে যাব—ঊর্ণনাভ।

(ঘ) বহুব্রীহি সমাসত সমান, সৈতে আৰু সহ শব্দৰ ঠাইত ‘স’ হয়। যেনে :—

সমান উদত জন্ম যাৰ– সোদৰ,

পৰিবাৰৰ সৈতে–সপৰিবাৰ,

শিষ্যৰ সৈতে—সশিষ্য।

সেইদৰে—সজাতি, সচিত্র, সতীর্থ, সপুত্রক, সগোত্র ইত্যাদি।

(ঙ) বহুব্রীহি সমাসত শেষৰ পদ যদি ব্যঞ্জনান্ত, ঋ-কাৰান্ত বা ঈ-কাৰান্ত (স্ত্ৰী-প্রত্যয়) হয়

তেন্তে তাৰ পাছত সাধাৰণতে ‘ক’ যোগ হয়। যেনে:

নদীয়ে মাতৃৰ দৰে য’ত—নদী-মাতৃক।

বিগত হৈছে পত্নী যাৰ—বিপত্নীক,

-বিপত্নীক,

(চ) সু শব্দৰ সৈতে গন্ধ শব্দৰ দুই ৰকমে বহুব্রীহি সমাস হয়। যেনে :—

স্বভাৱতে সুন্দৰ গন্ধ আছে যাৰ সি—সুগন্ধি,

সুন্দৰ গন্ধ যুক্ত যি সি—সুগন্ধ।

(সুগন্ধি ফুল, সুগন্ধ বতাহ)

(ছ) কৰ্তা আৰু ক্ৰিয়াৰ বহুব্রীহি সমাস হ’লে ক্ৰিয়া কৃদন্ত বিশেষণ হয় ; ক্রিয়া অকর্মক হ’লে কৰ্তাৰ বিভক্তি গুচে ; কিন্তু সকর্মক হ’লে নুগুচে।

যেনে—দুখ লাগে যি কথাত সি = দুখ লগা কথা, বাঘে খাইছে যাক

(অথবা বাঘে খোৱাৰ যোগ্য যি) = বাঘে খোৱা (পুং), (স্ত্রী—বাঘেখাঁতী)।

(জ) তুল্য অৰ্থত দুটা সংজ্ঞা শব্দৰ বহুব্রীহি সমাস হ’লৈ ব্যঞ্জনান্ত সমস্ত পদত ‘ঈয়া’

প্ৰত্যয় হয় ৷ যেনে—বাঁহৰ নিচিনা পাত যাৰ = বাঁহপতীয়া (বাঁহপাত + ঈয়া), কুকুৰনেজীয়া, বেঙেনাবুলীয়া ইত্যাদি।

৪। কর্মধাৰয় সমাস

বিশেষ্য আৰু বিশেষণ পদৰ যি সমাস হয়, তাকে কৰ্মধাৰয় সমাস বোলে। যেনে:—

পিতল বৰণৰ যি চকু সি–পিতল-চকু ৷ ইয়াত চকু বিশেষ্য পদৰ পিতল বিশেষণ ৰূপে ব্যৱহাৰ হৈছে। তেনেকৈ :–

চন্দ্ৰৰ নিচিনা মুখ–চন্দ্রমুখ,

মহান যি দেব—মহাদেব,

নিখিল যি ভাৰত—নিখিল-ভাৰত৷

এটা বস্তুৰ সৈতে আন এটাক ৰিজালে সিহঁত কর্মধাৰয় সমাস হয়। সমাস হ’লৈ ৰিজনীবোধক শব্দ (যেনে—তুল্য, নিচিনা, দৰে, সদৃশ আদি) লোপ পায়। সমাস হোৱা পদকেইটাৰ মাজত বা শেষত এইদৰে পদ লোপ পোৱা অনুযায়ী কর্মধাৰয় সমাসক দুটা ভাগত ভাগ কৰা হৈছে।

(ক) মধ্যপদলোপী আৰু (খ) অন্ত্যপদলোপী।

(ক) মধ্যপদলোপী কর্মধাৰয়ঃ যি কৰ্মধাৰয় সমাসত ব্যাস বাক্য কৰোঁতে ব্যৱহাৰ কৰা সমস্যমান পদৰ মাজৰ পদ লুপ্ত হয়, তাকে মধ্যপদলোপী কর্মধাৰয় বোলে ৷ যেনেঃ-

পদ্মৰ নিচিনা লোচন—পদ্মলোচন,

চন্দ্ৰৰ তুল্য বদন–চন্দ্ৰবদন,

ঘিঁউ মিহলি ভাত—ঘিঁউভাত,

বনত হোৱা ফুল—বনফুল,

সিংহ চিত্ৰিত দুৱাৰ—সিংহদুৱাৰ,

হাঁহি থকা মুখ—হাঁহিমুখ।

(খ) অন্ত্যপদলোপী কর্মধাৰয়: যি কৰ্মধাৰয় সমাসৰ ব্যাস বাক্যৰ শেষ পদ লোপ পায়, তাকে অন্ত্যপদলোপী কর্মধাৰয় সমাস বোলে। যেনেঃ—

মুখ চন্দ্ৰৰ নিচিনা—মুখচন্দ্ৰ,

জ্ঞান ৰত্নৰ তুল্য—জ্ঞানৰত্ন,

চিন্তা অনলৰ নিচিনা—চিন্তানল।

ৰিজনিৰ ফালৰপৰা কৰ্মধাৰয় সমাসক আৰু তিনি ভাগত ভগাব পাৰি৷

(ক) উপমান কর্মধাৰয়, (খ) উপমিত কর্মধাৰয় আৰু (গ) ৰূপক কর্মধাৰয়।

উপমান:—যি পদৰ লগত তুলনা কৰা হয়, তাকে উপমান পদ বোলে৷

উপমেয়:—যাক তুলনা কৰা হয়, তাকে উপমেয় পদ বোলে।

সাধাৰণ ধৰ্ম:—তুলনীয় গুণ, কর্ম, দোষ আদিক সাধাৰণ ধৰ্ম বোলা হয়।

(ক) উপমান কর্মধাৰয় সমাস:—উপমান পদৰ লগত সাধাৰণ কৰ্মবাচক শব্দৰ যি সমাস হয়, তাকে উপমান কর্মধাৰয় সমাস বোলে। যেনে :–

ঘনৰ দৰে শ্যাম—ঘনশ্যাম,

বজ্ৰৰ দৰে কঠিন—বজ্রকঠিন।

সেইদৰে—বিড়াল-তপস্বী, জলগম্ভীৰ, হিম-শীতল, সেন্দূৰ ৰঙা, শঙ্খধবল, বজ্রকঠোৰ, গজমূৰ্খ, তেজৰঙা ইত্যাদি।

(খ) উপমিত কর্মধাৰয় সমাসঃ—উপমান পদৰ লগত উপমেয় পদৰ যি সমাস হয়, তাকে উপমিত কর্মধাৰয় সমাস বোলে। যেনেঃ

চন্দ্ৰৰ দৰে সুন্দৰ মুখ—–চন্দ্রমুখ।

ইয়াত চন্দ্ৰ উপমান আৰু মুখ উপমেয়। উপমান আৰু উপমেয়ৰ সমাস হৈছে, গতিকে ‘চন্দ্ৰমুখ’ উপমিত কর্মধাৰয় সমাস। সেইদৰে—

মুখ পদ্মৰ নিচিনা—পদ্মমুখ,

পুৰুষ সিংহৰ তুল্য—সিংহপুৰুষ।

(গ) ৰূপক কর্মধাৰয়ঃ — যি কৰ্মধাৰয় সমাসত উপমান আৰু উপমেয়ক একেবাৰে অভেদ কল্পনা কৰা হয়, তাকে ৰূপক কর্মধাৰয় সমাস বোলে। যেনেঃ-

বিদ্যা ৰূপ ধন—বিদ্যাধন,

বিদ্যা ৰূপ সাগৰ—বিদ্যাসাগৰ,

ভৱ ৰূপ নদী—ভৱনদী।

সেইদৰে—বিদ্যাৰত্ন, আনন্দসাগৰ, শোকাগ্নি, ভৱসিন্ধু, দেৱমন্দিৰ, হৃদয়সাগৰ, জীৱন- প্ৰৱাহ ইত্যাদি ।

কর্মধাৰয় সমাসত ‘কু’ৰ পাছত পুৰুষ শব্দ থাকিলে ‘কু’ বিকল্পে কা হয়। যেনে—

কু যি পুৰুষ = (কাপুৰুষ বা কুপুৰুষ), স্বৰবৰ্ণ থাকিলে কদ্ হয়।

যেনে—কু আচাৰ = কদাচাৰ, আধা শব্দ আদ হয়। যেনে—আদ্বয়স, আদ্‌সেৰ ইত্যাদি।

৫। তৎপুৰুষ সমাস

যি সমাসত দুটা ব্যস্তপদৰ প্ৰথম পদ প্রথমা বিভক্তিৰ বাহিৰে আন বিভক্তিত থাকে আৰু শেষৰ পদৰ অৰ্থই প্ৰধান হয়, তাকে তৎপুৰুষ সমাস বোলে। যেনে:-

মাতৃক পূজা—মাতৃপূজা,

গুৰুলৈ সেৱা—গুৰু সেৱা,

ৰজাৰ গৃহ-ৰাজগৃহ,

গৃহত বন্দী—গৃহবন্দী (সংস্কৃত—গৃহবন্দি)

উঃন দন্ড –উদন্ড।

গৰ : নাই মিল—গৰমিল।

৬। অব্যয়ীভাব সমাস

যি সমাসত অব্যয় শব্দ আগত বহি সামীপ্য, অভাৱ, বীপ্সা, পর্যন্ত, সদৃশ, যোগ্যতা আদি অৰ্থ প্ৰকাশ কৰে, তাকে অব্যয়ীভাব সমাস বোলে।

সামীপ্য অৰ্থত :—কূলৰ উপ—উপকূল,

অভাৱ অৰ্থত :—ভিক্ষাৰ অভাৱ—দুর্ভিক্ষ,

কণ্ঠৰ সমীপ—উপকণ্ঠ।

মিলৰ অভাৱ—অমিল,

আমিষৰ অভাৱ—নিৰামিষ।

বীপ্সা (পুনঃপুনঃ ঘটে) অর্থত ঃ—দিনে দিনে—প্রতিদিনে,

ক্রমে ক্রমে—অনুক্রমে,

পর্যন্ত অৰ্থত :—জীৱন পর্যন্ত—আজীৱন,

মৰণ পৰ্যন্ত—আমৰণ ৷

সাদৃশ্য অৰ্থত :–ৰূপৰ সদৃশ–অনুৰূপ বা প্ৰতিৰূপ,

গ্ৰহৰ সদৃশ—উপগ্রহ,

নদীৰ সদৃশ—উপনদী।

সেইদৰে—উপমন্ত্ৰী,উপৰাষ্ট্রপতি, উপসাগৰ, উপৰিভাগ, উপাচার্য, উপাধ্যক্ষ, উপকথা আদি।

যোগ্য অৰ্থত : ৰূপৰ যোগ্য—অনুৰূপ বা প্ৰতিৰূপ, আকৃতিৰ যোগ্য—প্রতিকৃতি,

বিপৰীত অৰ্থত :-

দানৰ বিপৰীত—প্ৰতিদান,

ঘৰে ঘৰে: প্ৰতিঘৰে।

জানু পর্যন্ত: আজানু,

পশ্চাৎ (পিছত) অৰ্থত :- পাছে পাছে

ধাৱন—অনুধাৱন,

ক্ষুদ্ৰ অৰ্থত: অঙ্গৰ ক্ষুদ্ৰ—প্রত্যঙ্গ,

কুলৰ যোগ্য—অনুকূল।

ফলৰ বিপৰীত—প্ৰতিফল।

পাছে পাছে গমন—অনুগমন।

গ্ৰহৰ ক্ষুদ্ৰ—উপগ্রহ।

নিত্য সমাস:

যি সমাসত সমস্যমান পদবোৰ সদায় (নিত্য) সমাসৱদ্ধ হৈ থাকে আৰু সমস্যমান পদবোৰৰ দ্বাৰা ব্যাস বাক্য নহয়, ব্যাস বাক্য গঠনৰ বাবে আন পদৰ প্ৰয়োজন হয়, তাকে নিত্য সমাস বোলে।

যেনেঃ—

অন্য ভাষা—ভাষান্তৰ,

অন্য মনু — মন্বন্তৰ।

সমস্ত পদটো সদায় সমাসৱদ্ধ হৈ থকাটোৱে ইয়াৰ ঘাই কথা কাৰণে ‘বহল ব্যাকৰণ ‘ত (সত্যনাথ বৰা) তৎপুৰুষ সমাস আৰু উপসৰ্গৰ লগত সংযুক্ত পদকো নিত্য সমাস বুলি অভিহিত কৰিছে আৰু জলচৰ, কুম্ভকাৰ, প্ৰহাৰ আদি নিত্য সমাসৰ উদাহৰণ ৰূপে দাঙি ধৰিছে। দৰাচলতে ইয়াত ব্যাস বাক্য নাথাকেই বা ব্যাস বাক্য দি বুজাবলৈ গ’লে অৰ্থৰ বিকৃতিহে ঘটে। বৰগীত, বৰকাপোৰ, বৰকাহ আদিকো নিত্য সমাস বুলি ক’ব পাৰি।

Conclusion:

আমি বিশ্বাস কৰোঁ যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক বিষয়বোৰৰ বিষয়ে ভালদৰে বুজাবুজি বিকশিত কৰাত আৰু তেওঁলোকৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।

আমি নিশ্চিত যে এই টোকাবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি এই প্ৰবন্ধটো ভাল পায় আৰু সহায়ক হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব।

Leave a Comment

error: Content is protected !!