ধাতু আৰু অধাতু|[Metals and Non-Metals]|Class 10 Science| Lesson 3 | SEBA

পাঠ-অন্তৰ্ভুক্ত প্রশ্নোত্তৰ

প্রশ্ন 1. ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু –

(i) সাধাৰণ উষ্ণতাত জুলীয়া। [HSLC 2017]

(ii) কটাৰীৰে সহজে কাটিব পাৰি।

(iii) তাপৰ আটাইতকৈ সুপৰিবাহী।

(iv) তাপৰ কম পৰিবাহী। [HSLC 2022]

উত্তৰঃ (i) পাৰা

(ii) লিথিয়াম

(iv) সীহ

(iii) ৰূপ

প্রশ্ন 2. ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বহলাই আলোচনা কৰা।

উত্তৰ : ধাতুক হাতুৰীৰে পিটি পাতল, চেপেটা পাতৰ আকৃতি দিব পাৰি।এই ধৰ্মক ধাতুৰ ঘাতসহনীয়তা বোলে। সোণ আৰু ৰূপ আটাইতকৈ ঘাত সহনশীল ধাতু। ধাতুবোৰক টানি সূক্ষ্ম তাঁৰলৈ ৰূপান্তৰিত কৰিব পাৰি। এই ধৰ্মক ধাতুৰ নমনীয়তা বোলে। সোণ আটাইতকৈ নমনীয় ধাতু।

প্রশ্ন 3. ছ’ডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয়? [HSLC 2015]

উত্তৰ: ছ’ডিয়াম এবিধ অতিকৈ সক্রিয় ধাতু, যি বায়ুৰ সংস্পৰ্শলৈ আহিলে বায়ুৰ অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰি জ্বলি উঠে। এইবাবে ইয়াক কেৰাচিন তেলত ডুবাই ৰখা হয় ।

প্রশ্ন 4 : তলৰ বিক্রিয়া বিলাকৰ ৰাসায়নিক সমীকৰণ লিখা-

(i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰণৰ বিক্রিয়া।

(ii) পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্রিয়া। [HSLC 2015,2022]

উত্তৰঃ (i) 3Fe + 4H2O (g) → Fe3O4 + 4H2

(ii) Ca + 2H2O → Ca(OH)2 + H2

2K + H2O → 2KOH + H2 + তাপশক্তি

প্রশ্ন 5 : A, B, C, D চাৰিটা ধাতু লৈ তলৰ দ্ৰৱণবিলাকত এটা এটাকৈ দিয়া হৈছিল। ফলাফলবিলাক তলৰ তালিকাত লিপিবদ্ধ কৰা হৈছে।

ধাতুআইৰন (II) ছালফেটকপাৰ (II) ছালফেটজিংক ছালফেটছিলভাৰ নাইট্রেট
Aবিক্রিয়া নহয়প্রতিস্থাপন
Bপ্রতিস্থাপনবিক্রিয়া নহয়
Cবিক্রিয়া নহয়বিক্রিয়া নহয়বিক্রিয়া নহয়প্রতিস্থাপন
Dবিক্রিয়া নহয়বিক্রিয়া নহয়বিক্রিয়া নহয়বিক্রিয়া নহয়

ওপৰৰ তালিকা ব্যৱহাৰ কৰি ABCD ধাতু সম্বন্ধে তলৰ প্রশ্নবিলাকৰ উত্তৰ দিয়া।

(i) আটাইতকৈ সক্রিয় ধাতু কোনটো?

(ii) কপাৰ (II) ছালফেট লৱণত B ধাতু দিলে কি হব?

(iii) A, B, C, D ধাতুক সক্ৰিয়তাৰ নিম্নক্ৰমত সজোৱা।

উত্তৰঃ (i) B

(ii) প্রতিস্থাপন বিক্রিয়া ঘটিব।

(iii) B>A>C> D

প্রশ্ন 6. লঘু হাইড্ৰ’ক্লৰিক এছিড (HCI) ত এটা সক্রিয় ধাতু দিলে কি গেছ উৎপন্ন হয়? আইৰনে লঘু_H2SO4 ৰ লগত কৰা বিক্ৰিয়াটোৰ সমীকৰণ লিখা। [HSLC 2022]

উত্তৰ : হাইড্ৰজেন গেছ উৎপন্ন হয়।

Fe + H2SO4 FeSO4 + H2

প্রশ্ন 7. আইৰণ (II) ছালফেট দ্ৰৱণত যিংক ধাতু দিলে কি দেখিবা? সংঘটিত হোৱা বিক্ৰিয়াটো লিখা। [HSLC 2018,2022]

উত্তৰ : যিংকে আইৰণ ছালফেটৰ পৰা আইৰণক অপসাৰিত কৰি যিংক ছালফেট আৰু আইৰণ উৎপন্ন কৰিব। ফলত আইৰণ ছালফেটৰ সেউজীয়া বৰণ ক্ৰমে নাইকিয়া হ’ব।

Zn + FeSO4 → ZnSO4 + Fe

প্রশ্ন ৪. (i) ছডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্রন বিন্দু গঠন লিখা।

(ii) ইলেক্ট্রন স্থানান্তৰৰ জৰিয়তে Na, O আৰু MgO ৰ গঠন লিখা।

(iii) এই যৌগ দুটাত থকা আয়নসমূহ কি কি ?

উত্তৰঃ (i) Na . .Ö. .Mg.

Z= 11 Z = 8 Z=12

(2.8.1) (2.6) (2.8.2)

(ii) Na + :O: + Na→ [Na]] [.Ö.] [Na]’

PHOTO

Mg + :0:-

[Mg]*[:] –

→ MgO

→ Na O

(iii) Na, O ত থকা আয়নসমূহ : Na’ আৰু O2

MgO ত থকা আয়নসমূহ: Mg2+ আৰু O2

প্রশ্ন 9 : আয়নীয় যৌগৰ গলনাংক কিয় বেছি? [HSLC 2017]

উত্তৰ: কাৰণ ইহঁতৰ আন্তঃআয়নীয় স্থিতিবৈদ্যুতিক আকর্ষণ বল অতি বেছি। সেয়েহে এই আকর্ষণ বল অতিক্ৰম কৰিবলৈ যথেষ্ট পৰিমাণৰ তাপশক্তিৰ প্ৰয়োজন হয়।

প্রশ্ন 10 : তলত দিয়াবোৰৰ সংজ্ঞা লিখা। [HSLC 2020]

(i) মণিক (ii) আকৰ (iii) খনিজমল

উত্তৰ: (i) মণিক : পৃথিৱীৰ খোলাটোত ধাতুসমূহক মৌল বা যৌগ অৱস্থাত পোৱা যায়। এই পদাৰ্থবোৰক খনিজ পদার্থ বা মণিক বোলে৷ যেনে – ফেল্ডস্পাৰ (Feldspar)

(ii) আকৰ : কিছুমান খনিজ পদার্থত কোনো এবিধ ধাতুৰ পৰিমাণ অধিক থাকে আৰু তাৰ পৰা ধাতুবিধ লাভজনকভাৱে আহৰণ কৰিব পাৰি। এনে খনিজ পদাৰ্থক ধাতুটোৰ আকৰ বা আকৰিক বোলে। যেনে – মাৰকিউৰিৰ আকৰ চিনাবাৰ।

-(iii) খনিজমল: খনিৰ পৰা আহৰণ কৰাৰ সময়ত আকৰ এটাৰ লগত বহুতো অশুদ্ধি যেনে— মাটি, বালি আদি মিহলি হৈ থাকে। এই অশুদ্ধিবোৰকে খনিজ মল বোলে।

প্রশ্ন 11. প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা। [HSLC 2017]

উত্তৰ : সোণ আৰু প্লেটিনাম।

প্রশ্ন 12. অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয়? [HSLC 2020]

উত্তৰ : বিজাৰণ।

প্রশ্ন 13: যিংক, মেগনেছিয়াম আৰু কপাৰৰ ধাতব অক্সাইড তলত দিয়া ধাতুবোৰৰ লগত উত্তপ্ত কৰা হ’ল।

ধাতুজিংকমেগনেছিয়ামকপাৰ
জিংক অক্সাইড
মেগনেছিয়াম অক্সাইড
কপাৰ অক্সাইড

কোনবিলাক ক্ষেত্ৰত বিক্রিয়া ঘটিব?

উত্তৰ :

ধাতুজিংকমেগনেছিয়ামকপাৰ
যিংক অক্সাইডনঘটেঘটিবনঘটে
মেগনেছিয়াম অক্সাইডনঘটেনঘটেনঘটে
কপাৰ অক্সাইডঘটিবঘটিবনঘটে

প্রশ্ন 14. কোনবোৰ ধাতু সহজে ক্ষয় নহয়?

উত্তৰ:নিষ্ক্রিয় ধাতু যেনে— সোণ আৰু প্লেটিনাম।

প্রশ্ন 15. সংকৰ ধাতু কি?

উত্তৰ: সংকৰ ধাতু হ’ল দুটা বা ততোধিক ধাতু নাইবা ধাতু আৰু অধাতুৰ সমসত্ব গোটা মিশ্রণ।

অনুশীলনীৰ প্ৰশ্নোত্তৰ

প্রশ্ন 1. তোমাক এটা হাতুৰী, এটা বেটাৰী, অলপ তাঁৰ আৰু এটা ছুইচ দিয়া হ’ল।

(a) এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা?

(b) ধাতু/অধাতুৰ চিনাক্তকৰণত এই পৰীক্ষাবোৰৰ উপযোগিতা মূল্যাঙ্কন কৰা।

[HSLC 2015,2019]

উত্তৰ: (a) হাতুৰীৰে পিটিলে পদাৰ্থটোই পাতল, চেপেটা পাতৰ আকৃতি ল’লে ইয়াক ধাতু বুলি চিনাক্ত কৰিব পৰা যাব। আনহাতে হাতুৰীৰে পিটিলে পদাৰ্থটো ভাঙি গুড়ি হৈ গ’লে পদাৰ্থটো অধাতু হ’ব। আনহাতে বেটাৰী, তাঁৰ আৰু ছুইচেৰে এটা বৰ্তনী তৈয়াৰ কৰি তাত পদাৰ্থবিধক শ্ৰেণীৱদ্ধভাৱে সংলগ্ন কৰিলে যদি বৰ্তনীটোৰ মাজেৰে বিদ্যুৎ প্রবাহ চালিত হয়, তেন্তে পদার্থবিধ ধাতু হ’ব, আনহাতে বিদ্যুৎ প্রবাহ চালিত নহ’লে পদার্থবিধ অধাতু হ’ব।

(b) ধাতু/অধাতুৰ চিনাক্তকৰণত হাতুৰীৰে কৰা পৰীক্ষাটো বেছি উপযোগী হ’ব। কাৰণ ধাতু ঘাত সহনশীল হয়; অর্থাৎ হাতুৰীৰে পিটিলে ইহঁতে পাতল, চেপেটা পাতৰ আকৃতি লয় ৷ আকৌ হাতুৰীৰে পিটিলে সকলো অধাতুই গুড়ি হয়। ইয়াৰ বিপৰীতে বেটাৰী, তাঁৰ আৰু ছুইচেৰে কৰা পৰীক্ষাটোৰ উপযোগিতা কম। কাৰণ সকলো ধাতুই বিদ্যুতৰ সুপৰিবাহী হোৱাৰ লগতে কার্বন অধাতু হৈও গ্ৰেফাইটৰ ৰূপত ই বিদ্যুৎ পৰিবহণ কৰে।

প্রশ্ন 2. উভধর্মী অক্সাইড কাক বোলে? দুটা উভধর্মী অক্সাইডৰ উদাহৰণ দিয়া। [HSLC 2019,2022]

উত্তৰ: যিবিলাক ধাতৱ অক্সাইডে আম্লিক আৰু ক্ষাৰকীয় দুয়োটা ধৰ্মই প্ৰদৰ্শন কৰে আৰু এচিড আৰু ক্ষাৰক উভয়ৰে লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে, সিহঁতক উভধর্মী অক্সাইড বোলে।

যেনে –এলুমিনিয়াম অক্সাইড (AI2O3), যিংক অক্সাইড (ZnO)

প্রশ্ন 3. দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এচিডৰ পৰা হাইড্ৰ’জেনক অপসৰণ কৰে আৰু যিয়ে নকৰে?

উত্তৰ: লঘু এচিডৰ পৰা হাইড্ৰ’জেনক অপসৰণ কৰা দুটা ধাতু হ’ল— মেগনেছিয়ান, আইৰণ আৰু লঘু এচিডৰ পৰা হাইড্ৰ’জেনক অপসৰণ নকৰা দুটা ধাতু হ’ল— কপাৰ, ছিলভাৰ।

প্রশ্ন 4. M ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এন’ড, কেথ’ড আৰু বিদ্যুৎ-বিশ্লেষ্য কি ল’ব লাগিব ?

উত্তৰ :

এনড → অশুদ্ধ M ধাতু

কেথ’ড → বিশুদ্ধ M ধাতুৰ পাত

বিদ্যুৎ-বিশ্লেষ্য → M ধাতুৰ লৱণৰ এটা দ্ৰৱ।

প্রশ্ন 5. প্রত্যুষে সৰু চামুচ এখনত ছালফাৰ গুড়ি লৈ উত্তাপিত কৰিলে। উদ্ভৱ হোৱা গেছটো তেওঁ কাষৰ চিত্ৰত দেখুওৱা ধৰণে এটা পৰীক্ষানলী ওভোটাকৈ ধৰি সংগ্ৰহ কৰিলে।

(a) (i) শুষ্ক লিটমাছ কাগজৰ লগত

(ii) সিক্ত লিটমাছ কাগজৰ লগত গেছটোৰ বিক্রিয়া কেনে হ’ব?

(b) ইয়াত বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণ লিখা। [HSLC 2017,2019]

উত্তৰ: (a)(i) শুষ্ক লিটমাছ কাগজৰ লগত গেছটোৱে ক্ৰিয়া নকৰে।

(ii) নীলা সিক্ত লিটমাছ কাগজৰ বৰণ গেছটোৱে ৰঙা কৰিব ৷

(b) S + O2 → SO2

SO2 + H2O → H2SO4

(ছালফিউৰাছ এচিড)

প্রশ্ন 6. লোত মামৰে ধৰা ৰোধ কৰিবলৈ দুটা উপায় উল্লেখ কৰা। [HSLC 2019]

উত্তৰ: (i) ৰং কৰা

(ii) তেল সনা।

প্রশ্ন 7. অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবোৰে কেনে অক্সাইড উৎপন্ন কৰে? [HSLC 2017]

উত্তৰঃ আম্লিক।

প্রশ্ন 8. কাৰণ দর্শোৱা:

(a) গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গ’ল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয় ।

(b) ছ’ডিয়াম, পটেছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়।

(c) এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

(d) ধাতু নিষ্কাশনৰ সময়ত কার্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়। [HSLC 2015, 2018]

উত্তৰঃ (a) কাৰণ ইহঁত অতিকৈ নিষ্ক্রিয় ধাতু আৰু সেয়েহে ইহঁতৰ সহজতে ক্ষয়ীভৱন নঘটে। ইয়াৰ উপৰিও এই ধাতুসমূহৰ পৃষ্ঠৰ এক আকর্ষণীয় ধাতৱীয় দ্যুতি থাকে। ১

(b) কাৰণ ইহঁত অতিকৈ সক্ৰিয় ধাতু আৰু মুক্ত বায়ুৰ সংস্পৰ্শলৈ আহিলে ইহঁতে তীব্ৰভাৱে বিক্ৰিয়া কৰি জ্বলি উঠে।

(c) কাৰণ এলুমিনিয়ামৰ দৰে কিছুমান ধাতুই সাধাৰণ উষ্ণতাত ইহঁতৰ পৃষ্ঠত ধাতৱীয় অক্সাইডৰ এখন পাতল আৱৰণীৰ সৃষ্টি কৰে। এই প্ৰতিৰোধী আৱৰণীখনে এনে ধাতুক পুনৰাই বায়ুত জাৰিত হোৱাৰ পৰা ৰক্ষা কৰে। ইয়াৰ উপৰিও এলুমিনিয়াম এবিধ তাপৰ সুপৰিবাহী ধাতু ।

(d) কাৰণ, ধাতু এটাক ইয়াৰ কাৰ্বনেট বা ছালফাইড যৌগৰ তুলনাত অক্সাইডৰ পৰা আহৰণ কৰাটো বেছি সহজ।

প্রশ্ন 9. চেকা লগা কপাৰৰ পাত্ৰ নেমু বা তেতেলী ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে?

পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় ব্যৱহাৰ কৰে? [HSLC 2020]

উত্তৰ : কাৰণ, টেঙাজাতীয় পদাৰ্থত এচিড থাকে। এই এচিডে কপাৰৰ ক্ষয়ীভৱনৰ ফলত কপাৰৰ পাত্ৰৰ পৃষ্ঠত সৃষ্টি হোৱা সেউজীয়া বৰণৰ কপাৰ কাৰ্বনেটক দ্ৰৱীভূত কৰে। ইয়াৰ ফলত কপাৰৰ পাত্ৰৰ পৃষ্ঠৰ পৰা চেকাবোৰ আঁতৰি যায় আৰু পাত্ৰবোৰ পৰিষ্কাৰ হৈ পৰে।

প্রশ্ন 10. ৰায়ায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা।

উত্তৰ : (i) ধাতুই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ক্ষাৰকীয় অক্সাইড উৎপন্ন কৰাৰ বিপৰীতে অধাতুই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি আম্লিক অক্সাইড উৎপন্ন কৰে।

(ii) ধাতুই এচিডৰ পৰা হাইড্ৰ’জেনক অপসাৰিত কৰে, কিন্তু অধাতুই এচিডৰ পৰা হাইড্ৰ’জেনক অপসাৰিত কৰিব নোৱাৰে।

(iii) ধাতুই পানীৰ পৰা হাইড্ৰজেনক অপসাবিত কৰে, কিন্তু অধাতুই পানীৰ লগত বিক্রিয়া নকৰে আৰু সেয়েহে পানীৰ পৰা হাইড্ৰ’জেনক অপসাৰিত কৰিব নোৱাৰে।

প্রশ্ন 11. এজন ভণ্ড মানুহ স্বর্ণকাৰৰ ভাও ধৰি ঘৰে ঘৰে ঘূৰি ফুৰিছিল। তেওঁ ম্লান পৰি যোৱা অলঙ্কাৰৰ চিকমিকনি পুনৰ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দি ফুৰিছিল। এগৰাকী মহিলাই কোনো সন্দেহ নকৰি হাতৰ খাৰুযোৰ খুলি তেওঁক দিছিল৷ মানুহজনে খাৰুযোৰ এটা বিশেষ দ্ৰাৱকত ডুবাই ধৰিছিল। খাৰুযোৰ নতুনৰ লেখিয়াকৈ উজ্জ্বল হৈ পৰিছিল, পিছে খাকযোৰৰ ওজন বহুখিনি কমি গৈছিল। মহিলাগৰাকী অপ্ৰস্তুত হৈ পৰিছিল আৰু অনৰ্থক বাক-বিতণ্ডাৰ মূৰত মানুহজন সেই ঠাইৰ পৰা পলাইছিল। মানুহজনে ব্যৱহাৰ কৰা দ্ৰাৱকটো কি আছিল ক’ব পাৰিবানে?

উত্তৰঃ অম্লৰাজ, যি 3:1 অনুপাতত প্ৰস্তুত কৰা গাঢ় হাইড্ৰ’ক্লবিক এচিড আৰু গাঢ় নাইট্রিক এচিডৰ এক মিশ্রণ। অম্লৰাজে সোণ দ্ৰৱীভূত কৰে।

প্রশ্ন 12. গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয়। কিন্তু ষ্টীল (আইৰণৰ সংকৰ ধাতু) ব্যৱহাৰ কৰা নহয়। কিয় ?

উত্তৰ : কাৰণ, কপাৰে ঠাণ্ডা পানী, গৰম পানী নাইবা জলীয় বাষ্প পানীৰ কোনো এটা অৱস্থাৰ লগতেই বিক্রিয়া নকৰে। কিন্তু ষ্টীলত থকা আইৰণে ঠাণ্ডা পানী বা গৰম পানীৰ লগত বিক্ৰিয়া নকৰিলেও তপত বাষ্পৰ লগত বিক্ৰিয়া কৰি ক্ষয়প্রাপ্ত হয়।

অতিৰিক্ত প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন 1. ধাতৱ দ্যুতি কি?

উত্তৰ : ধাতুৰ পৃষ্ঠৰ এক চিকমিকনি বা উজ্জ্বলতা থাকে। ইয়াক ধাতৱ দ্যুতি বোলে।

প্রশ্ন 2. ধাতুৰ ঘাতসহনীয়তা কি? [HSLC 2022]

উত্তৰ : ধাতুসমূহক হাতুৰীৰে পিটি পাতল, চেপেটা পাতৰ আকৃতি দিব পাৰি। এই ধৰ্মক ধাতুৰ ঘাত সহনীয়তা বোলে।

প্রশ্ন 3. ধাতুৰ নমনীয়তা কাক বোলে? [HSLC 2019]

উত্তৰ : ধাতুসমূহক টানি সূক্ষ্ম তাঁৰৰ আকৃতি দিব পাৰি। এই ধৰ্মক ধাতুৰ নমনীয়তা বোলে।

প্রশ্ন 4. ধাতুৰ কোন দুটা গুণৰ বাবে আমি সিহঁতক আমাৰ প্ৰয়োজন অনুসৰি বিভিন্ন আকৃতি দিব পাৰোঁ?

উত্তৰ : ধাতুৰ ঘাতসহনীয়তা আৰু নমনীয়তা।

প্রশ্ন 5. আটাইতকৈ ঘাত সহনশীল দুটা ধাতুৰ নাম লিখা।

উত্তৰ : সোণ আৰু ৰূপ।

প্রশ্ন 6. আটাইতকৈ নমনীয়তা ধাতু কি ?

উত্তৰ : সোণ।

প্রশ্ন 7. তাপৰ আটাইতকৈ সুপৰিবাহী দুটা ধাতুৰ নাম লিখা।

উত্তৰ : ৰূপ আৰু তাম।

প্রশ্ন ৪. তাপৰ কম পৰিবাহী দুটা ধাতুৰ নাম লিখা।

উত্তৰ : সীহ আৰু পাৰা।

প্রশ্ন 9. ধাতুৰ নিনাদী গুণ কি?

উত্তৰ : কঠিন পৃষ্ঠৰ লগত খুন্দা লাগিলে ধাতুই শব্দ উৎপন্ন কৰে। ইয়াক ধাতুৰ নিনাদী গুণ বোলে।

প্রশ্ন 10. তৰল অধাতুবিধ কি?

উত্তৰঃ ব্ৰ’মিন।

প্রশ্ন 11. সাধাৰণ উষ্ণতাত তৰল ধাতুবিধ কি? [HSLC 2017]

উত্তৰ : পাৰা।

প্রশ্ন 12. হাতৰ তলুৱাত ল’লে গলি যোৱা নিচেই কম গলনাংকৰ দুটা ধাতুৰ নাম লিখা।

উত্তৰ : গেলিয়াম আৰু চিজিয়ায়।

প্রশ্ন 13. দ্যুতি থকা অধাতুবিধ কি?

উত্তৰ : আয়’ডিন।

প্রশ্ন 14. বহুৰূপ কাক বোলে? উদাহৰণ দিয়া। [HSLC 2020,2022]

উত্তৰঃ কিছুমান মৌলই প্রকৃতিত বেলেগ বেলেগ অৱস্থাত থাকিব পাৰে। ইয়াৰ প্ৰতিটো অৱস্থাক মৌলটোৰ বহুৰূপ বোলে। যেনে কাৰ্বনৰ দুটা বহুৰূপ হ’ল হীৰা আৰু গ্রেফাইট।

প্রশ্ন 15. প্ৰকৃতিত সকলোতকৈ টান পদার্থবিধ কি?

উত্তৰঃ হীৰা ৷

প্রশ্ন 16. বিদ্যুতৰ সুপৰিবাহী এবিধ অধাতুৰ নাম লিখা।

উত্তৰঃ কাৰ্বন (গ্ৰেফাইটৰ ৰূপত)।

প্রশ্ন 17. কটাৰিৰে কাটিব পৰা অতিকৈ কোমল তিনিটা ধাতুৰ নাম লিখা।

উত্তৰ : লিথিয়াম, ছ’ডিয়াম আৰু পটেছিয়াম।

প্রশ্ন 18. ধাতৱ অক্সাইডবোৰ কি প্ৰকৃতিৰ ?

উত্তৰঃ ক্ষাৰকীয় প্ৰকৃতিৰ

প্রশ্ন 19. অধাতৱীয় অক্সাইডবোৰ কি প্ৰকৃতিৰ? [HSLC 2017]

উত্তৰ : আম্লিক প্ৰকৃতিৰ।

প্রশ্ন 20. এবিধ প্রশম অধাতবীয় অক্সাইডৰ নাম লিখা।

উত্তৰঃ পানী (H,O)।

প্রশ্ন 21. দুবিধ উভধর্মী ধাতৱ অক্সাইডৰ নাম লিখা। [HSLC 2019]

উত্তৰঃ এলুমিনিয়াম অক্সাইড (AI2O3), যিংক অক্সাইড (ZnO)

প্রশ্ন 22. পানীত দ্ৰৱণীয় দুবিধ ধাতৱ অক্সাইডৰ নাম লিখা। [HSLC 2020]

উত্তৰঃ ছ’ডিয়াম অক্সাইড (Na,O), পটেছিয়াম অক্সাইড (K,O)।

প্রশ্ন 23. উচ্চ উষ্ণতাতো অক্সিজেনৰ লগত বিক্রিয়া নকৰা দুটা ধাতুৰ নাম লিখা।

উত্তৰ : সোণ আৰু ৰূপ।

প্রশ্ন 24. ঠাণ্ডা অথবা গৰম পানীৰ লগত বিক্ৰিয়া নকৰা তিনিবিধ ধাতুৰ নাম লিখা, যিয়ে কেৱল উত্তপ্ত বাষ্পৰ সৈতে বিক্রিয়া কৰে।

উত্তৰঃ এলুমিনিয়াম, আইৰণ আৰু যিংক।

প্রশ্ন 25. পানীৰ লগত মুঠেই বিক্রিয়া নকৰা চাৰিটা ধাতুৰ নাম লিখা।

উত্তৰ : সোণ, ৰূপ, কপাৰ আৰু লেড।

প্রশ্ন 26. Zn, Fe, Al, Mg- এই ধাতুকেইটাক লঘু এচিডৰ লগত বিক্ৰিয়াবেগৰ নিম্নক্ৰমত সজোৱা৷

উত্তৰঃ Mg>Al> Zn > Fe

প্রশ্ন 27. ধাতুৰ সক্রিয়তা ক্রম কাক বোলে?

উত্তৰ : ধাতুবিলাকক সিহঁতৰ সক্ৰিয়তাৰ নিম্নক্ৰমত সজাই প্ৰস্তুত কৰা তালিকাখনক সক্রিয়তা ক্রম বোলে।

প্রশ্ন 28. তলত দিয়াবোৰৰ মাজৰ পৰা আটাইতকৈ বেছি সক্ৰিয় আৰু আটাইতকৈ কম সক্রিয় ধাতুবোৰ চিনাক্ত কৰা।

[HSLC 2020]

Al, K, Cu, Au

উত্তৰঃ আটাইতকৈ বেছি সক্রিয় ধাতু – K

আটাইতকৈ কম সক্রিয় ধাতু – Au

প্রশ্ন 29. আয়নীয় বা ইলেক্ট্র’যোজী যৌগ কাক বোলে?

উত্তৰ : ধাতুৰ পৰা অধাতুলৈ ইলেক্ট্ৰ’নৰ স্থানান্তৰণৰ ফলত সৃষ্টি হোৱা যৌগক আয়নীয় বা ইলেক্ট্র’যোজী যৌগ বোলে।

প্রশ্ন 30. দুবিধ আয়নীয় যৌগৰ উদাহৰণ দিয়া।

উত্তৰঃ ছ’ডিয়াম ক্ল’ৰাইড (NaCl), মেগনেছিয়াম ক্ল’ৰাইড (MgCl,)

প্রশ্ন 31. MgCl, ত থকা কেটায়ন আৰু এনায়ন দুটা কি?

উত্তৰঃ মেগনেছিয়াম আয়ন (Mg2+) আৰু ক্ল’ৰাইড আয়ন (CI)।

প্রশ্ন 32. তলৰ কোনবোৰ ধাতুই লঘু এচিডৰ পৰা হাইড্ৰ’জেনক অপসাৰণ কৰিব আৰু কোনবোৰে নকৰে?

Cu, Mg, Ag, Pb

উত্তৰ: অপসৰণ কৰিব – Mg, Pb

অপসৰণ নকৰে – Cu, Ag

প্রশ্ন 33. প্ৰকৃতিত মুক্ত অৱস্থাত থকা চাৰিটা ধাতুৰ নাম লিখা।

উত্তৰঃ গোল্ড, প্লেটিনাম, কপাৰ, ছিলভাৰ৷

প্রশ্ন 34. আকৰৰ গাঢ়ীকৰণ কি?

উত্তৰ : খনিৰ পৰা আহৰণ কৰাৰ সময়ত আকৰৰ লগত বহুতো অশুদ্ধি যেনে মাটি,বালি আদি মিহলি হৈ থাকে যাক খনিজ মল বোলে। ধাতু নিষ্কাশনৰ আগতে আকৰ এটাৰ পৰা এই অশুদ্ধিবোৰ আঁতৰ কৰা প্ৰক্ৰিয়াকে আকৰৰ গাঢ়ীকৰণ বোলে।

প্রশ্ন 35. ধাতুৰ শোধন কাক বোলে? [HSLC 2018]

উত্তৰঃ আকৰ এটাৰ পৰা আহৰণ কৰা ধাতুবিধৰ লগত বহুতো অশুদ্ধি মিহলি হৈ থাকে ৷ ধাতুটোৰ পৰা এই অশুদ্ধিবোৰ আঁতৰ কৰা প্ৰক্ৰিয়াটোকে ধাতুৰ শোধন বোলে।

প্রশ্ন 36. অশুদ্ধিযুক্ত ধাতু শোধন কৰিবলৈ বহুলভাৱে ব্যৱহাৰ হোৱা পদ্ধতিটো উল্লেখ কৰা। [HSLC 2018]

উত্তৰ : বৈদ্যুতিক পৰিশোধন পদ্ধতি।

প্রশ্ন 37. এন’ড বোকা কি? [HSLC 2018]

উত্তৰ : ধাতুৰ বৈদ্যুতিক পৰিশোধন পদ্ধতিত এন’ডত থকা অদ্ৰৱণীয় অশুদ্ধিবিলাক বৈদ্যুতিক কোষটোৰ তলিত গেদ হিচাপে জমা হয়। ইয়াক এন’ড বোকা বোলে।

প্রশ্ন 38. লোত মামৰে ধৰাৰ চৰ্তটো কি?

উত্তৰঃ বায়ু (অক্সিজেন) আৰু পানী উভয়ৰে সংস্পৰ্শলৈ অহা।

প্রশ্ন 39. দস্তালেপন কি?

উত্তৰ : দস্তালেপন হ’ল ষ্টীল আৰু লোত মামৰে নধৰিবৰ বাবে যিংকৰ আৱৰণ দিয়া এটা পদ্ধতি।

প্রশ্ন 40. এমালগাম কি?

উত্তৰ : সংকৰ ধাতুৰ এটা উপাদান পাৰা হ’লে তাক এমালগাম বোলে।

প্রশ্ন 41. বৈদ্যুতিক তাঁৰ জোৰা লগোৱাত ব্যৱহাৰ হোৱা সংকৰ ধাতুবিধ কি ?

উত্তৰঃ ছ’ল্ডাৰ (Solder) |

প্রশ্ন 42. কাৰ্বনৰ লগত উত্তপ্ত কৰি ছ’ডিয়াম, মেগনেছিয়াম, কেলছিয়াম, এলুমিনিয়াম আদিৰ ধাতৱ অক্সাইডৰ পৰা ধাতুবোৰ নিষ্কাশিত কৰিব নোৱাৰি কিয়?

উত্তৰ : কাৰণ এনে ধাতুৰ অক্সিজেনৰ প্ৰতি আসক্তি কার্বনতকৈ অধিক।

চমু প্রশ্নোত্তৰ

প্রশ্ন 1. ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্মৰ পাৰ্থক্যবোৰ লিখা।

উত্তৰ :

ধাতুঅধাতু
(i) ধাতুসমূহ ঘাত সহনশীল।(i) অধাতুসমূহ ঘাত সহনশীল নহয়।
(ii) ধাতুসমূহ নমনীয়।(ii) অধাতুসমূহ নমনীয় নহয়।
(iii) ধাতুসমূহ তাপৰ সুপৰিবাহী।(iii) অধাতুসমূহ তাপৰ কু-পৰিবাহী।
(iv) ধাতুসমূহ বিদ্যুতৰ সুপৰিবাহী।(iv) অধাতুসমূহ বিদ্যুতৰ কু-পৰিবাহী।
(v) ধাতুসমূহৰ দ্যুতি থাকে।(v) অধাতুসমূহৰ দ্যুতি নাথাকে।
(vi) ধাতুসমূহৰ নিনাদী গুণ থাকে।(iv) অধাতুসমূহৰ নিনাদী গুণ নাথাকে।

প্রশ্ন 2. বায়ুত ধাতুসমূহ দহন কৰিলে কি হয় ? উদাহৰণৰ সৈতে বুজাই লিখা।

উত্তৰঃ বায়ুত দহন কৰিলে ধাতুসমূহে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ধাতৱ অক্সাইড উৎপন্ন কৰে।

ধাতু + অক্সিজেন → ধাতৱ অক্সাইড

যেনে –

(i) 2Cu + O2 → 2CuO

(ii) 4Al + 302 → 2Al203

প্রশ্ন 4. উভধর্মী অক্সাইড হিচাপে এলুমিনিয়াম অক্সাইডে অম্ল আৰু ক্ষাৰৰ লগত কৰা বিক্ৰিয়াবোৰ লিখা।

C

উত্তৰঃ Al2O3 + 6HCl → 2AICI3 + 3H2O

Al2O3 + 2NaOH → 2NaAlO2 + H2O

(ছ’ডিয়াম এলুমিনেট)

প্রশ্ন 5. ছ’ডিয়াম অক্সাইড আৰু পটেছিয়াম অক্সাইডে পানীত দ্ৰৱীভূত হৈ কেনেদৰে ক্ষাৰ (এলকালি) উৎপন্ন কৰে বিক্ৰিয়াৰ সহায়ত দেখুওৱা।

উত্তৰঃ Na2O+ H2O → 2NaOH

K2O+ H2O → 2KOH

প্রশ্ন 6. মেগনেছিয়াম, এলুমিনিয়াম, যিংক আৰু লেডৰ দৰে ধাতুসমূহে বায়ুত অধিক জাৰিত হোৱাৰ পৰা কেনেদৰে প্ৰাকৃতিকভাৱে ৰক্ষা পৰে?

উত্তৰ : সাধাৰণ উষ্ণতাত মেগনেছিয়াম, এলুমিনিয়াম, যিংক আৰু লেডৰ দৰে ধাতুসমূহে ইহঁতৰ পৃষ্ঠত ধাতৱ অক্সাইডৰ এখন পাতল আৱৰণীৰ সৃষ্টি কৰে। এই প্ৰতিৰোধী আৱৰণীখনে ধাতুসমূহক বায়ুত অধিক জাৰিত হোৱাৰ পৰা ৰক্ষা কৰে। ফলত এনে ধাতুসমূহ অধিক ক্ষয়প্রাপ্ত হোৱাৰ পৰা ৰক্ষা পৰে।

প্রশ্ন 7. ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰিলে কি হয়? উপযুক্ত উদাৰ্বণসহ বুজাই লিখা।

উত্তৰঃ ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰি ধাতৱ অক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে ৷ পানীত দ্ৰৱণীয় ধাতৱ অক্সাইডবোৰে পানীত দ্ৰৱীভূত হৈ ধাতুৰ হাইড্ৰ’ক্সাইড উৎপন্ন কৰে।

ধাতু + পানী → ধাতৱ অক্সাইড + হাইড্ৰ’জেন

ধাতৱ অক্সাইড + পানী → ধাতৱ হাইড্ৰ’ক্সাইড

যেনে : 2K + 2H2O → 2KOH + H2 + তাপশক্তি

প্রশ্ন ৪. ঠাণ্ডা পানীত ছ’ডিয়ামৰ টুকুৰা এটা পেলাই দিলে জ্বলি উঠে কিয়?

উত্তৰঃ ছ’ডিয়াম আৰু পটেছিয়ামৰ দৰে ধাতুবোৰ অতিশয় সক্রিয় ধাতু আৰু ইহঁতে ঠাণ্ডা পানীৰ লগত প্ৰৱল বেগেৰে বিক্ৰিয়া কৰি ধাতৱ হাইড্ৰ’ক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। ছ’ডিয়াম বা পটেছিয়ামৰ ক্ষেত্ৰত বিক্ৰিয়াটো ইমান বেছি প্ৰবল আৰু তাপবৰ্জী যে উৎপন্ন হোৱা হাইড্ৰজেন গেছ নিমিষতে জ্বলি উঠে। ইয়াৰ ফলত এনে বিক্ৰিয়াত জুইৰ সৃষ্টি হয়। ছ’ডিয়াম আৰু ঠাণ্ডা পানীৰ মাজৰ বিক্ৰিয়াটো –

2Na + 2H2O → 2NaOH + H2 + তাপশক্তি

প্রশ্ন 9. মেগনেছিয়ামে গৰম পানীৰ লগত কেনেদৰে বিক্রিয়া কৰে? বিক্ৰিয়াটো লিখা। মেগনেছিয়াম আৰু কেলছিয়াম ধাতুই পানীৰ লগত বিক্ৰিয়া কৰিলে ধাতুটো পানীত ওপঙে কিয়?

উত্তৰঃ মেগনেছিয়ামে গৰম পানীৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰ’জেন উৎপন্ন কৰে।

Mg + 2H2O → Mg(OH)2 + H2

মেগনেছিয়াম আৰু কেলছিয়াম ধাতুই পানীৰ লগত বিক্ৰিয়া কৰিলে ধাতুটো পানীত ওপঙিবলৈ ধৰে, কাৰণ বিক্ৰিয়াত উৎপন্ন হোৱা হাইড্ৰ’জেন গেছৰ বুৰবুৰণি ধাতুটোৰ পৃষ্ঠতলত লাগি ধৰে।

প্রশ্ন 10. এলুমিনিয়ামে উতলা পানীৰ বাষ্পৰ লগত কেনেদৰে বিক্রিয়া কৰে? বিক্ৰিয়াৰ ৰাসায়নিক সমীকৰণ লিখা।

উত্তৰঃ এলুমিনিয়ামে উতলা পানীৰ বাষ্পৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম অক্সাইড আৰু হাইড্ৰ’জেন উৎপন্ন কৰে।

2Al + 3H2O(g) →AI203 +3H2

প্রশ্ন 11. এচিডৰ লগত ধাতুৰ বিক্রিয়া ঘটিলে কি হয়? এটা উদাহৰণৰ সৈতে বুজাই লিখা।

উত্তৰ : ধাতুৱে লঘু এচিডৰ লগত বিক্ৰিয়া কৰি ধাতুটোৰ লৱণ আৰু হাইড্ৰজেন উৎপন্ন কৰে।

ধাতু + লঘু এচিড → লৱণ + হাইড্ৰ’জেন

যেনে— Mg + 2HCl → MgCl2 + H2

প্রশ্ন 12. নাইট্ৰিক এচিডৰ লগত ধাতুৰ বিক্রিয়া ঘটিলে হাইড্ৰ’জেন গেছ নোলায় কিয়?

উত্তৰ : কাৰণ নাইট্ৰিক এচিড এবিধ শক্তিশালী জাৰক পদার্থ। ই বিক্ৰিয়াত উৎপন্ন হোৱা হাইড্ৰ’জেন গেছক পানী (H2O) লৈ জাৰিত কৰে আৰু নিজে নাইট্ৰ’জেনৰ যিকোনো এটা অক্সাইড (N2O, NO, NO2) লৈ বিজাৰিত হয়।

প্রশ্ন 13. ধাতুৱে আন ধাতুৰ লৱণৰ দ্ৰৱৰ লগত কেনেকৈ বিক্ৰিয়া কৰে? উদাহৰণ দিয়া।

উত্তৰঃ এটা বেছি সক্রিয় ধাতুৱে আন এটা কম সক্রিয় ধাতুক তাৰ লৱণৰ দ্ৰৱণৰ পৰা অপসাৰিত কৰে।

ধাতু A + B ধাতুৰ লৱণৰ দ্ৰৱ → A ধাতুৰ লৱণৰ দ্ৰৱ + ধাতু B

যেনে – Fe + CuSO4 → FeSO4 + Cu

প্রশ্ন 14. দুটা পৰীক্ষানল A আৰু Bত ক্ৰমে আইৰণ ছালফেট আৰু কপাৰ ছালফেট দ্ৰৱণ লোৱা। এতিয়া পৰিষ্কাৰ তামৰ তাঁৰ এডাল পৰীক্ষানল A ত আৰু লোৰ গজাল এটা পৰীক্ষানল B ত ডুবাই দিয়া।

(a) কোনটো পৰীক্ষানলত বিক্রিয়া ঘটা দেখিবা?

(b) কি ভিত্তিত বিক্রিয়া ঘটিছে?

(c) বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণ আৰু প্ৰকাৰ লিখা।

উত্তৰঃ (a) পৰীক্ষানল B ত

(b) বিক্ৰিয়াৰ ভিত্তি হ’ল আইৰণ কপাৰতকৈ বেছি সক্রিয়; সেয়েহে আইৰণে কপাৰ ছালফেটৰ পৰা কপাৰক অপসাৰিত কৰিছে।

(c) Fe + CuSO4 → FeSO4 + Cu

প্রশ্ন 15. এটা পৰীক্ষানলত CuSO4 ৰ এটা জলীয় দ্ৰৱ (নীলা বৰণ) লোৱা। CuSO4 ৰ দ্ৰৱটোত এটা পৰিষ্কাৰ লোৰ গজাল ডুবাই দিয়া। প্রায় 20 মিনিট লক্ষ্য কৰাৰ পাছত—

(i) গজালটোত হোৱা পৰিৱৰ্তন উল্লেখ কৰা।

(ii) বিক্ৰিয়াটোৰ এটা সন্তুলিত সমীকৰণ লিখা। [HSLC 2017]

উত্তৰ : (i) গজালটোৰ ওপৰত কপাৰ অৱক্ষিপ্ত হ’ব, যাৰ বাবে গজালৰ বৰণ মুগা হ’ব।

(ii) Fe + CuSO4 → FeSO4 + Cu

প্রশ্ন 16. ধাতুৱে অধাতুৰ লগত কেনেদৰে বিক্রিয়া কৰে? এটা উদাহৰণেৰে সৈতে বুজাই লিখা।

উত্তৰ : ৰাসায়নিক বিক্রিয়া এটাত ধাতু এটাই বহিৰতম কক্ষৰ পৰা ইলেক্ট্রন ত্যাগ কৰি কেটায়ন গঠন কৰে। আনহাতে ধাতুটোৱে এৰি দিয়া এটা, দুটা বা তিনিটা ইলেক্ট্রন অধাতু এটাই গ্ৰহণ কৰি এনায়ন উৎপন্ন কৰে। এই বিপৰীত আধানযুক্ত আয়নবোৰৰ মাজত শক্তিশালী স্থিতি-বৈদ্যুতিক বলৰ সৃষ্টি হৈ সিহঁত পৰস্পৰৰ লগত আকৰ্ষণী বলৰ দ্বাৰা বান্ধ খাই পৰে। এনেদৰে এই আয়নবোৰে ইলেক্ট’যোজী বা আয়নীয় যৌগ উৎপন্ন কৰে। উদাহৰণস্বৰূপে, ছ’ডিয়াম ধাতুৰ পৰমাণু এটাই ইয়াৰ বহিৰতম কক্ষৰ এটা ইলেক্ট্ৰন ত্যাগ কৰি ছ’ডিয়াম আয়ন (Na+) গঠন কৰে আৰু ক্ল’ৰিণৰ এটা পৰমাণুৱে এই ইলেক্ট্রনটো গ্ৰহণ কৰি ক্ল’ৰাইড আয়ন (Cl) উৎপন্ন কৰে। ইয়াৰ ফলত ছ’ডিয়াম আৰু ক্ল’ৰাইড আয়ন উভয়ৰে বহিৰতম কক্ষই সুস্থিৰ অষ্টক বিন্যাস লাভ কৰে। পিছত ছ’ডিয়াম আৰু ক্ল’ৰাইড আয়ন শক্তিশালী স্থিতিবৈদ্যুতিক আকৰ্ষণী বলৰ দ্বাৰা বান্ধ খাই ছ’ডিয়াম ক্ল’ৰাইড যৌগ গঠন কৰে।

Na → Na+ + e

2.8.1 2.8

Cl+e → Cl

2.8.7 2.8.8

PHOTO

Na + *CI

XX

→[Na] * [xci=] [*]] →

(2.8.1) (2.8.7)

(2.8) (2.8.8)

প্রশ্ন 17. NaCl যৌগটোত থকা আয়নবোৰ কি? [HSLC 2019]

উত্তৰ : ছ’ডিয়াম আয়ন (Na+), ক্ল’ৰাইড আয়ন (Cl)।

প্রশ্ন 18. মেগনেছিয়াম আৰু ক্ল’ৰিণৰ ইলেক্ট্রন বিন্দু গঠন লিখা। ইলেক্ট্রন স্থানান্তৰণৰ দ্বাৰা মেগনেছিয়াম ক্ল’ৰাইডৰ গঠন লিখা। এই যৌগটোত থকা আয়নসমূহ কি কি? [HSLC 2016]

উত্তৰ : মেগনেছিয়ামৰ ইলেক্ট্রন বিন্দু গঠন – Mg :

ক্ল’ৰিণৰ ইলেক্ট্রন বিন্দু গঠন –

মেগনেছিয়াম ক্ল’ৰাইড (MgCl2) ৰ গঠন :

X

*Clx + Mg + Clx

xx

xx

(2.8.7) (2.8.2) (2.8.7)

এই যৌগত থকা আয়নসমূহ – Mg2+

PHOTO

[] [MB] [17]>MgCl,

20

→ NaCl

(2.8.8) (2.8.)

Cl

Ci

(2.8.8)

প্রশ্ন 19. আয়নীয় যৌগৰ ধৰ্মসমূহ লিখা।

উত্তৰ: (i) আয়নীয় যৌগসমূহ টান, গোটা পদার্থ, কিন্তু ঠুনুকা।

(ii) আয়নীয় যৌগৰ গলনাংক আৰু উতলাংক বেছি।

(iii) আয়নীয় যৌগসমূহ পানীত দ্ৰৱণীয়, কিন্তু কেৰাচিন, পেট্র’ল আদিৰ দৰে জৈৱ দ্ৰাৱকত অদ্ৰৱণীয়।

(iv) গোটা অৱস্থাত আয়নীয় যৌগই বিদ্যুৎ পৰিবহণ নকৰে, কিন্তু বিগলিত বা দ্ৰৱীভূত অৱস্থাত কৰে।

প্রশ্ন 20. আয়নীয় যৌগসমূহ কঠিন কিন্তু ঠুনুকা। কাৰণ দৰ্শোৱা।

উত্তৰ : আয়নীয় যৌগসমূহ কেটায়ন আৰু এনায়নেৰে গঠিত। এই ধনাত্মক আৰু ঋণাত্মক আধানযুক্ত আয়নসমূহৰ মাজত থকা শক্তিশালী স্থিতিবৈদ্যুতিক বলৰ বাবে আয়নীয় যৌগসমূহ কঠিন পদার্থ। কিন্তু চাপ প্রয়োগ কৰিলে আয়নসমূহৰ পুনৰ্সজ্জাৰ ফলত একেজাতীয় আয়নবিলাক পৰস্পৰৰ ওচৰলৈ আহে, যাৰবাবে সিহঁতৰ মাজত বিকর্ষণ বলৰ সৃষ্টি হয় আৰু সেয়ে চাপ প্রয়োগ কৰিলে আয়নীয় যৌগসমূহ সহজে ভাগি যায়। এইবাবে ইহঁত ঠুনুকা বা চনকা ।

প্রশ্ন 21. আয়নীয় যৌগৰ গলনাংক আৰু উতলাংক উচ্চ হয় কিয়?

উত্তৰ : কাৰণ এনে যৌগৰ আন্তঃআয়নীয় স্থিতিবৈদ্যুতিক আকর্ষণ বল অতি প্রবল। ইয়াক অতিক্ৰম কৰি আয়নবোৰ পৃথক কৰিবলৈ যথেষ্ট পৰিমাণৰ তাপশক্তিৰ প্ৰয়োজন হয়।

প্রশ্ন 22. আয়নীয় যৌগই গোটা অৱস্থাত বিদ্যুৎ পৰিবহণ নকৰে, কিন্তু বিগলিত বা দ্ৰৱীভূত অৱস্থাত কৰে। কাৰণ দর্শোৱা।

উত্তৰ : কাৰণ গোটা অৱস্থাত আয়নীয় যৌগৰ আয়নসমূহে স্ফটিক লেটিছটোত দৃঢ়ভাৱে লাগি থাকে। যাৰবাবে বৈদ্যুতিক ক্ষেত্ৰ এখন স্থাপন কৰিলেও ইহঁতে মুক্তভাৱে বিচৰণ কৰিব নোৱাৰে আৰু সেয়ে বিদ্যুৎ পৰিবহণ কৰিব নোৱাৰে। আনহাতে দ্ৰৱীভূত বা বিগলিত অৱস্থাত আয়নবোৰ স্ফটিক লেটিছটোৰ পৰা এৰি পৰস্পৰৰ পৰা মুক্ত হৈ পৰে। সেয়েহে বৈদ্যুতিক ক্ষেত্ৰ এখন স্থাপন কৰিলে এই আয়নবোৰৰ চলাচলৰ দ্বাৰা আয়নীয় যৌগৰ দ্ৰৱীভূত বা বিগলিত অৱস্থাৰ মাজেৰে বিদ্যুৎ পৰিবহণ হয়।

প্রশ্ন 23. মণিক আৰু আকৰৰ পাৰ্থক্য লিখা। [HSLC 2017]

উত্তৰ:

মণিকআকৰ
(i) পৃথিৱীৰ খেলাটোত ধাতুসমূহক মৌল বা যৌগ অৱস্থাত পোৱা যায়৷ এনে পদার্থক খনিজ পদার্থ বা মণিক বোলে।
যেনে –ফেল্ডস্পাৰ (Feldspar)।

(ii) মণিকত থকা অশুদ্ধিৰ পৰিমাণ বেছি।

(iii) সকলো মণিকেই আকৰ নহয়।
(i) কিছুমান খনিজ পদাৰ্থত কোনো এবিধ ধাতুৰ পৰিমাণ অধিক থাকে আৰু তাৰ
পৰা ধাতুবিধ লাভজনকভাৱে আহৰণ কৰিব পাৰি। এনে খনিজ পদার্থক ধাতুটোৰ আকৰ বা আকৰিক বোলে।
যেনে – মাৰকিউৰিৰ আকৰ চিনাবাৰ।

(ii) আকৰত থকা অশুদ্ধিৰ পৰিমাণ কম।

(iii) সকলো আকৰেই মণিক।

প্রশ্ন 24. সৰহভাগ ধাতুৰে আকৰবোৰ সিহঁতৰ কিছুমান অক্সাইড। ইয়াৰ কাৰণবোৰ কি?

উত্তৰ: (i) অক্সিজেন এটা অতিশয় সক্রিয় মৌল।

(ii) অক্সিজেনক প্ৰকৃতিত পৰ্যাপ্ত পৰিমাণে পোৱা যায়।

প্রশ্ন 25. নিম্ন সক্ৰিয়তাৰ ধাতুসমূহ কেনেদৰে নিষ্কাশিত কৰা হয় এটা উদাহৰণসহ বুজাই লিখা।

উত্তৰ : সক্রিয়তা ক্ৰমৰ তলফালে থকা ধাতুসমূহ প্রায় নিষ্ক্রিয়। এইবিলাক ধাতুৰ অক্সাইড উত্তপ্ত কৰি ধাতুলৈ বিজাৰিত কৰিব পাৰি। যেনে— চিনাবাৰ (HgS) মাৰকিউৰিৰ এটা আকৰ। বায়ুৰ উপস্থিতিত ইয়াক উত্তপ্ত কৰিলে প্ৰথমতে মাৰকিউৰিক অক্সাইড (HgO) উৎপন্ন হয়। পিছত বায়ুৰ অনুপস্থিতিত উত্তপ্ত কৰিলে মাৰকিউৰিক অক্সাইড মাৰকিউৰিলৈ বিজাৰিত হয় ।

2HgS + 302 তাপ→ 2HgO + 2SO2

2HgO তাপ→ 2Hg + O2

প্রশ্ন 26. কপাৰৰ আকৰিক কেলক’চাইট (Cu2S) ৰ পৰা কপাৰ কেনেদৰে আহৰণ কৰা হয় ৰাসায়নিক বিক্ৰিয়াৰ সহায়ত দেখুওৱা।

উত্তৰ : বায়ুৰ উপস্থিতিত Cu2S উত্তপ্ত কৰিলে কিউপ্ৰাছ অক্সাইড (Cu2O) পোৱা যায়। পিছত বায়ুৰ অনুপস্থিতিত Cu2O, Cu2S ৰ লগত উত্তপ্ত কৰি কপাৰ ধাতু পোৱা যায়।

2Cu2S + 302 তাপ→ 2Cu2O + 2SO2

Cu2S + 2Cu2Oতাপ→ 6Cu + SO2

প্রশ্ন 27. মাৰকিউৰিক অক্সাইড (HgO) উত্তপ্ত কৰিলে কি ঘটে? ৰাসায়নিক সমীকৰণ লিখা। [HSLC 2017 ]

উত্তৰ: মাৰকিউৰি আৰু অক্সিজেন উৎপন্ন হয়।

2HgO তাপ→ 2Hg + O2

প্রশ্ন 28. ধাতু নিষ্কাশনৰ সময়ত কার্বনেট আৰু ছালফাইড আকৰ কিয় অক্সাইডলৈ ৰূপান্তৰ কৰা হয়? পদ্ধতিকেইটা লিখা। যিংক কার্বনেট আকৰৰ পৰা ধাতৱ মিংক কেনেকৈ আহৰণ কৰা হয় ? ৰাসায়নিক বিক্রিয়াকেইটা লিখা।

উত্তৰ: ধাতু নিষ্কাশনৰ সময়ত কার্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়, কাৰণ কাৰ্বনেট আৰু ছালফাইড আকৰৰ তুলনাত অক্সাইড আকৰৰ পৰা ধাতুটো আহৰণ কৰা বেছি সহজ। কার্বনেট আৰু ছালফাইড আক্ৰক অক্সাইডলৈ ৰূপান্তৰ কৰা পদ্ধতি দুটা হ’ল ক্ৰমে দগ্ধীকৰণ আৰু তাপজাৰণ।

দগ্ধীকৰণ : পৰিমিত বায়ুৰ পৰিৱেশত উচ্চ তাপত উত্তপ্ত কৰি কাৰ্বনেট আকৰক ধাতৱ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়। ইয়াকে দগ্ধীকৰণ বোলে।

তাপজাৰণ: অতিৰিক্ত বায়ুৰ পৰিৱেশত উচ্চ তাপত উত্তপ্ত কৰিলে ছালফাইড আকৰক ধাতৱ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়। ইয়াক তাপজাৰণ বোলে।

যিংক কার্বনেট আকৰক প্ৰথমতে গাঢ়ীকৰণ কৰি এই গাঢ় আকৰক পৰিমিত বায়ুৰ পৰিৱেশত উচ্চ তাপত উত্তপ্ত কৰি যিংক অক্সাইড (ZnO) লৈ ৰূপান্তৰিত কৰা হয়। এই প্ৰক্ৰিয়াক দগ্ধীকৰণ বোলে। পিচত যিংক অক্সাইডক উপযুক্ত বিজাৰক পদাৰ্থ যেনে কাৰ্বনৰ লগত উত্তপ্ত কৰি ধাতৱ যিংকলৈ বিজাৰিত কৰা হয়।

ZnCO3 তাপ→ ZnO + CO2

ZnO + C তাপ→ Zn + CO

প্রশ্ন 29. তাপজাৰণ কাক বোলে? ৰাসায়নিক সমীকৰণ এটাৰ দ্বাৰা ব্যাখ্যা কৰা। [HSLC 2016]

উত্তৰ : অতিৰিক্ত বায়ুৰ উপস্থিতিত উচ্চ তাপত উত্তপ্ত কৰি ছালফাইড আক্ৰক ধাতৱ অক্সাইডলৈ ৰূপান্তৰিত কৰা হয়। এই প্ৰক্ৰিয়াক তাপজাৰণ বোলে ৷

যেনে –

2ZnS + 302 তাপ→ 2ZnO + 2SO2

প্রশ্ন 30. দগ্ধীকৰণ কাক বোলে? এটা উদাহৰণৰ সৈতে বুজাই লিখা।

উত্তৰ : পৰিমিত বায়ুৰ পৰিৱেশত উচ্চ তাপত উত্তপ্ত কৰি কাৰ্বনেট আকৰক ধাতৱ অক্সাইডলৈ ৰূপান্তৰিত কৰা হয়। এই প্ৰক্ৰিয়াক দগ্ধীকৰণ বোলে।

যেনে –

ZnCO3 তাপ→ ZnO + CO2

প্রশ্ন 31. দগ্ধীকৰণ আৰু তাপজাৰণৰ পার্থক্য লিখা।

উত্তৰ :

দগ্ধীকৰণতাপজাৰণ
(i) আকৰটো পৰিমিত বায়ুৰ পৰিৱেশত উত্তপ্ত কৰা হয়।
(ii) কার্বনেট আকৰৰ দগ্ধীকৰণ কৰা হয়।
(i) আকৰটো অতিৰিক্ত বায়ুৰ পৰিৱেশত উত্তপ্ত কৰা হয়।
(ii) ছালফাইড আকবৰ তাপজাৰণ কৰা হয়।

প্রশ্ন 32. অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্রয়োগ কৰা হয়? উদাহৰণেৰে সৈতে ব্যাখ্যা কৰা। [HSLC 2020]

উত্তৰ : বিজাৰণ পদ্ধতি।

উদাহৰণস্বৰূপে, যিংক অক্সাইড কাৰ্বনৰ লগত উত্তপ্ত কৰিলে ধাতৱ যিংকলৈ বিজাৰিত

হয়।

ZnO + C তাপ→ Zn + CO

প্রশ্ন 33. মেংগানিজ ডাই অক্সাইডৰ পৰা মেংগানিজ আহৰণ কৰিবলৈ এলুমিনিয়াম ধাতুৰ দ্বাৰা প্ৰতিস্থাপন সংঘটিত কৰা হয়।

(a) জড়িত বিক্রিয়াটো লিখা।

(b) বিক্রিয়াটো তাপবর্জী নে তাপগ্রাহী ?

(c) এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদার্থ দুটা কি ?

উত্তৰ: (a) 3MnO2 + 4Al → 3Mn + 2Al203 + তাপ

(b) তাপবর্জী।

(c) জাৰিত পদাৰ্থ – Al

বিজাৰিত পদাৰ্থ – MnO2

প্রশ্ন 34. থার্মিট বিক্রিয়া কি? বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখা।

উত্তৰ : আইৰণ (III) অক্সাইড (Fe2O3) ৰ লগত এলুমিনিয়ামৰ বিক্ৰিয়াটো অতিশয় তাপবৰ্জী বিক্রিয়া আৰু বিক্ৰিয়াত উৎপন্ন হোৱা আইৰণ বিগলিত অৱস্থাত পোৱা যায়। এই বিক্ৰিয়াটো ৰেল লাইন জোৰা দিবলৈ বা যন্ত্ৰ-পাতিৰ ভগা অংশ জোৰা লগাবলৈ ব্যৱহাৰ কৰা হয় আৰু ইয়াক থামিট বিক্রিয়া বোলে।

Fe203 + 2Al → 2Fe + Al2O3+ তাপ

প্রশ্ন 35. উচ্চ সক্ৰিয়তাৰ ধাতুসমূহৰ নিষ্কাশন কেনেদৰে কৰা হয় ? এটা উদাহৰণেৰে সৈতে ব্যাখ্যা কৰা৷

উত্তৰ: সক্রিয়তা ক্ৰমৰ একেবাৰে ওপৰৰ ফালে থকা ধাতুসমূহ অতিকৈ সক্রিয়। সিহঁতৰ যৌগ কেৱল কাৰ্বনৰ লগত উত্তপ্ত কৰিলেই ধাতুটো পোৱা নাযায়। কার্বনে ছ’ডিয়াম, মেগনেছিয়াম, কেলছিয়াম, এলুমিনিয়াম আদিৰ অক্সাইডবোৰক ধাতুটোলৈ বিজাৰিত কৰিব নোৱাৰে। কাৰণ এইবোৰ ধাতুৰ কাৰ্বনতকৈ অক্সিজেনৰ প্ৰতি আসক্তি বেছি। সেয়েহে এইবোৰ ধাতু ইহঁতৰ আকৰৰ বিদ্যুৎ বিজাৰণৰ দ্বাৰাহে পোৱা যায়। বিদ্যুৎ বিজাৰণ পদ্ধতিত অতিকৈ সক্ৰিয় ধাতুসমূহৰ বিগলিত অক্সাইড বা ক্ল’ৰাইডৰ বিদ্যুৎ বিশ্লেষণৰ দ্বাৰা ধাতুটো আহৰণ কৰা হয়। এই পদ্ধতিত কেথ’ডত ধাতুটো জমা হয়। উদাহৰণস্বৰূপে বিগলিত ছ’ডিয়াম ক্ল’ৰাইডৰ বিদ্যুৎ বিশ্লেষণৰ ফলত কেথ’ডত ছ’ডিয়াম ধাতু সংগৃহীত হোৱাৰ বিপৰীতে এন’ডত ক্ল’ৰিণ গেছ মুক্ত হয়। বিক্ৰিয়াবোৰ—

কেথ’ডত : Na+ +e → Na

এন’উত : Cl → Cl + e

Cl + Cl → CI2

প্রশ্ন 36. কার্বন বিজাৰণ আৰু বিদ্যুৎ বিজাৰণৰ পাৰ্থক্য লিখা।

উত্তৰঃ

কার্বন বিজাৰণবিদ্যুৎ বিজাৰণ
(i) এই পদ্ধতিত ধাতৱ অক্সাইডক কাৰ্বনৰ লগত উত্তপ্ত কৰি ধাতুটোলৈ বিজাৰিত কৰা হয়।

(ii) সক্রিয়তা ক্ৰমৰ মধ্যম অংশৰ ধাতুসমূহ আহৰণ কৰিবলৈ এই পদ্ধতি ব্যৱহাৰ কৰা হয় ।
(i) এই পদ্ধতিত ধাতুৰ অক্সাইড আৰু ক্ল’ৰাইডৰ বিগলিত অৱস্থাৰ মাজেৰে বিদ্যুৎ প্রবাহিত কৰি ধাতুটো আহৰণ
কৰা হয় ।

(ii) সক্রিয়তা ক্ৰমৰ ওপৰৰ অংশৰ অতি সক্রিয় ধাতুসমূহ আহৰণ কৰিবলৈ এই পদ্ধতি ব্যৱহাৰ কৰা হয়।

প্রশ্ন 37. ধাতুৰ শোধনৰ বাবে ব্যৱহৃত বিদ্যুৎ পৰিশোধন পদ্ধতিটো ব্যাখ্যা কৰা। [HSLC 2020]

উত্তৰ: এই পদ্ধতিত অশুদ্ধ ধাতুৰ এন’ড আৰু বিশুদ্ধ ধাতুৰ পাত এচলা কেথ’ড হিচাপে ব্যৱহাৰ কৰা হয়। ধাতুটোৰ লৱণৰ দ্ৰৱ এটা বিদ্যুৎ-বিশ্লেষ্য হিচাপে লোৱা হয়। বিদ্যুৎ-বিশ্লেষ্যৰ মাজেৰে বিদ্যুৎ প্রবাহ চালিত কৰিলে এন’ড হিচাপে ব্যৱহাৰ কৰা অশুদ্ধ ধাতুৰ পাতৰ পৰা বিশুদ্ধ ধাতুখিনি বিদ্যুৎ-বিশ্লেষ্যত দ্ৰৱীভূত হয়। একে পৰিমাণৰ বিশুদ্ধ ধাতু বিদ্যুৎ-বিশ্লেষ্যৰ পৰা গৈ কেথ’ডত জমা হ’ব। দ্ৰৱণীয় অশুদ্ধিবোৰ দ্ৰৱত (বিদ্যুৎ- বিশ্লেষ্য) দ্রবীভূত হোৱাৰ বিপৰীতে এন’ডত থকা অদ্ৰৱণীয় অশুদ্ধিবোৰ বিদ্যুৎকোষটোৰ তলিত গেদ হিচাপে জমা হ’ব। এই গেদক এন’ড বোকা বোলে।

প্রশ্ন 38. কপাৰ ধাতু শোধনৰ বিদ্যুৎ পৰিশোধন পদ্ধতিটো চিহ্নিত চিত্ৰৰ সৈতে বর্ণনা কৰা। [HSLC 2016]

উত্তৰঃ

PHOTO

এই পদ্ধতিত অশুদ্ধ কপাৰ ধাতুক এন’ড হিচাপে আৰু বিশুদ্ধ কপাৰ ধাতুৰ পাত এচলাক কেথ’ড হিচাপে ব্যৱহাৰ কৰা হয়। কপাৰ ছালফেট (CuSO) ৰ দ্ৰৱ এটা বিদ্যুৎ- বিশ্লেষ্য হিচাপে লোৱা হয়। বিদ্যুৎ-বিশ্লেষ্যৰ মাজেৰে বিদ্যুৎ প্রবাহ চালিত কৰিলে এন’ড হিচাপে ব্যৱহাৰ কৰা অশুদ্ধ ধাতুৰ পাতৰ পৰা বিশুদ্ধ ধাতুখিনি বিদ্যুৎ-বিশ্লেষ্যত দ্ৰৱীভূত হয়। সম পৰিমাণৰ বিশুদ্ধ ধাতু বিদ্যুৎ-বিশ্লেষ্যৰ পৰা গৈ কেথ’ডত জমা হ’ব। এনডত থকা দ্ৰৱণীয় অশুদ্ধিবিলাক বিদ্যুৎ বিশ্লেষ্যত দ্ৰৱীভূত হোৱাৰ বিপৰীতে অদ্ৰৱণীয় অশুদ্ধিবিলাক বিদ্যুৎকোষটোৰ তলিত গেদ হিচাপে জমা হ’ব। এই গেদক এন’ড বোকা বোলে।

প্রশ্ন 39. ক্ষয়ীভৱন কাক বোলে? উদাহৰণ দিয়া। [HSLC 2015]

উত্তৰঃ যেতিয়া ধাতু এটা ইয়াৰ চৌপাশৰ বিভিন্ন পদার্থ যেনে জলীয় বাষ্প, এচিড আদিৰ দ্বাৰা আক্ৰান্ত হয়, তেতিয়া ইয়াৰ ক্ষয় ঘটা বুলি কোৱা হয় আৰু এই প্ৰক্ৰিয়াটোক ক্ষয়ীভৱন বোলে।

যেনে-

(i) লোত মামৰে ধৰা ৷

(ii) ছিলভাৰত ক’লা ৰঙৰ চামনি পৰা ।

(iii) কপাৰত সেউজীয়া ৰঙৰ চামনি পৰা ।

প্রশ্ন 40. কাৰণ দর্শোৱা :

(i) ছিলভাৰ অৰ্থাৎ ৰূপৰ পাত্ৰ বা গহনা বতাহৰ সংস্পৰ্শত কিছুসময় থ’লে কলা হৈ পৰে।

(ii) কপাৰে বতাহত থকা সেমেকা কার্বন-ডাইঅক্সাইডৰ লগত বিক্রিয়া কৰাৰ ফলত তাৰ উজ্জ্বল, মুগা ৰং পাতল হৈ শেষত সামান্য সেউজীয়া হৈ পৰে। [HSLC 2018 ]

উত্তৰঃ (i) কাৰণ, বায়ুৰ উপস্থিতিত ছিলভাবে ছালফাৰৰ সৈতে বিক্ৰিয়া কৰি ছিলভাৰ ছালফাইড (Ag2S) ৰ ক’লা আৱৰণৰ সৃষ্টি কৰে।

(ii) কাৰণ, কপাৰে বায়ুত থকা সেমেকা (আৰ্দ্ৰ) কার্বন-ডাইঅক্সাইডৰ লগত বিক্রিয়া কৰি কপাৰ কাৰ্বনেট (CuCO3) ৰ সেউজীয়া আৱৰণৰ সৃষ্টি কৰে।

প্রশ্ন 41. লোত মামৰে ধৰা ৰোধ কৰাৰ উপায়সমূহ লিখা।

উত্তৰ : ৰং কৰা, তেল সনা, গ্রীজ সনা, দস্তালেপন, ত্রু’মপ্লেটিং, এন ডকৰণ, সংকৰ ধাতু প্রস্তুতকৰণ।

[HSLC 2019]

প্রশ্ন 42. সংকৰ ধাতুৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰ : (i) সংকৰ ধাতুসমূহ টান আৰু দৃঢ়।

(ii) সংকৰ ধাতুত মামৰে নধৰে।

(iii) সংকৰ ধাতুৰ বিদ্যুৎ পৰিবাহিতা কম।

(iv) সংকৰ ধাতুৰ গলনাংক বিশুদ্ধ ধাতুতকৈ কম।

প্রশ্ন 43. তলৰ সংকৰ ধাতুসমূহৰ সংযুতি লিখা।

(a) পিতল (b) ব্রঞ্জ (c) ছল্ডাৰ

উত্তৰঃ (a) পিতল = কপাৰ + যিংক

(b) ব্ৰঞ্জ = কপাৰ + টিন

(c) ছ’ল্ডাৰ = লেড + টিন

1 thought on “ধাতু আৰু অধাতু|[Metals and Non-Metals]|Class 10 Science| Lesson 3 | SEBA”

Leave a Comment

error: Content is protected !!